এলিনা দাউদানী: শিশুৰ খাদ্যক লৈ মাতৃসকলৰ বিভ্ৰান্তি দূৰ কৰা এগৰাকী পুষ্টিবিদ

Story by  atv | Posted by  [email protected] • 1 d ago
এলিনা দাউদানী
এলিনা দাউদানী
 
বিদুষী গৌৰ/ নতুন দিল্লী
 
মুম্বাইৰ এলিনা দাউদানীয়ে মাতৃসকলৰ বাবে শিশুৰ পুষ্টি আৰু প্ৰাৰম্ভিক যত্নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শিশুৰ প্ৰথম খাদ্যৰ পৰা আৰম্ভ কৰি স্তনপান, উইনিং (Weaning)আৰু উপযুক্ত খাদ্য নিৰ্বাচনলৈকে এগৰাকী নতুন মাতৃৰ মনত অসংখ্য প্ৰশ্ন উদয় হয়। আত্মীয়-স্বজন, সামাজিক মাধ্যম, বিজ্ঞাপন আৰু শুভাকাংক্ষীসকলৰ পৰা পোৱা বিভিন্ন পৰামৰ্শৰ মাজত কোনটো তথ্য বিশ্বাসযোগ্য আৰু কোনটো কেৱল প্ৰচলিত ধাৰণা বা ভুল ধাৰণা, সেয়া বুজি পোৱাটো বহু সময়ত কঠিন হৈ পৰে।
 
মাতৃসকলক প্ৰয়োজন হোৱা সঠিক তথ্য আৰু তেওঁলোকে সাধাৰণতে লাভ কৰা পৰামৰ্শৰ মাজত থকা এই ব্যৱধানেই এলিনা দাউদানীক ‘Momfunda’ নামৰ এক প্লেটফৰ্ম গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিছিল। ভাৰতভিত্তিক এই প্লেটফৰ্মটোৱে শিশুৰ পুষ্টি আৰু প্ৰাৰম্ভিক যত্ন সম্পৰ্কে অভিভাৱকসকলক অধিক সচেতন আৰু তথ্যভিত্তিক সিদ্ধান্ত লোৱাত সহায় কৰে।
 
এলিনাৰ বিশ্বাস যে, এটি শিশুৰ যত্ন লোৱাৰ ক্ষেত্ৰত কেৱল বৈজ্ঞানিক জ্ঞানেই যথেষ্ট নহয়; তাৰ সৈতে অভিভাৱকত্বৰ বাস্তৱ অভিজ্ঞতা, অনুভূতি আৰু ব্যৱহাৰিক দিশসমূহো সমানেই গুৰুত্বপূৰ্ণ। পুষ্টিবিজ্ঞানৰ অধ্যয়নৰ পৰা মাতৃসকলৰ বাবে এক শিক্ষামূলক প্লেটফৰ্ম গঢ়ি তোলালৈকে এলিনাৰ এই যাত্ৰাই দেখুৱাইছে যে, বিশেষজ্ঞ জ্ঞান কেনেদৰে সমাজৰ বাবে এক মূল্যৱান সম্পদত পৰিণত হ'ব পাৰে।
 
এলিনা দাউদানী
 
এলিনাই ডায়েটেটিক্স, মেটাৰ্নেল এণ্ড চাইল্ড নিউট্ৰিচন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। বৰ্তমান তেওঁ আমেৰিকাৰ ইণ্ডিয়ানা ৰাজ্যৰ পাৰ্ডু বিশ্ববিদ্যালয়ত পুষ্টিবিজ্ঞান বিষয়ত পিএইচডি কৰি আছে। তেওঁৰ শৈক্ষিক অভিজ্ঞতাই মাতৃ আৰু শিশুৰ পুষ্টিৰ প্ৰয়োজনীয়তা গভীৰভাৱে বুজিবলৈ এক শক্তিশালী ভেটি প্ৰদান কৰিছে। একে সময়তে অভিভাৱকসকলৰ সৈতে কৰা কামৰ অভিজ্ঞতাই তেওঁক জটিল পুষ্টিবিজ্ঞানৰ কথাবোৰ সহজ ভাষাত আৰু পৰিয়ালসমূহে দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব পৰাকৈ উপস্থাপন কৰাত সহায় কৰিছে। এই বিজ্ঞান আৰু দৈনন্দিন অভিভাৱকত্বৰ সংযোগস্থলৰ পৰাই Momfundaৰ জন্ম  হৈছিল।
 
কেৱল শিশুৰ বাবে ৰেচিপি বা কোনটো খাদ্য খাব লাগে তাৰ তালিকাতে সীমাবদ্ধ নাথাকি, Momfunda প্লেটফৰ্মটোৱে শিশু আৰু সৰু ল’ৰা-ছোৱালীৰ খাদ্য আৰু পুষ্টিৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত আলোকপাত কৰে। ‘দ্য এবিচিছ অৱ ফিডিং ৰাইট’ৰ দৰে তেওঁলোকৰ পাঠ্যক্ৰমৰ লক্ষ্য হৈছে মাতৃসকলক কেৱল কি কৰিব লাগে সেই কথা কোৱাৰ পৰিৱৰ্তে খাদ্য আৰু পুষ্টিৰ বিষয়ে প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰা।
 
এই পাৰ্থক্যটো যথেষ্ট গুৰুত্বপূৰ্ণ। শিশুক খাদ্য খুৱোৱাৰ ক্ষেত্ৰত অভিভাৱকসকলৰ ওপৰত প্ৰায়ে যথেষ্ট মানসিক চাপ থাকে। শিশুৱে কোনো এটা খাদ্য খাবলৈ অস্বীকাৰ কৰিলে, এগৰাকী মাতৃয়ে স্তনপান কৰোৱাত অসুবিধাৰ সন্মুখীন হ’লে অথবা নতুন খাদ্য কেতিয়া আৰু কেনেকৈ শিশুৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, সেই লৈ অনিশ্চয়তা থাকিলে, সেয়া সহজেই উদ্বেগৰ কাৰণ হৈ পৰিব পাৰে।
 
এলিনা দাউদানীৰ পদ্ধতিয়ে এই অনিশ্চয়তা আৰু উদ্বেগৰ কিছু অংশ বৈজ্ঞানিক তথ্য আৰু প্ৰমাণভিত্তিক জ্ঞানৰ জৰিয়তে দূৰ কৰাৰ চেষ্টা কৰি আহিছে। তেওঁৰ লক্ষ্য হৈছে মাতৃসকলক কেৱল পৰামৰ্শ দিয়াই নহয়, বৰং শিশুৰ পুষ্টিৰ বিষয়ে সঠিক জ্ঞান দি তেওঁলোকক আত্মবিশ্বাসেৰে সিদ্ধান্ত ল’বলৈ সক্ষম কৰি তোলা।
 
এলিনা দাউদানী
 
এলিনাৰ এই দৃষ্টিভংগী কেৱল পুষ্টিৰ মাজতে সীমাবদ্ধ নহয়। Momfundaত নৱজাতকৰ যত্ন, অভিভাৱকত্ব, বেবী-ৱেয়াৰিং, কাপোৰৰ ডায়েপাৰ ব্যৱহাৰ, বিভিন্ন সামগ্ৰীৰ পৰ্যালোচনা আৰু শিশুৰ প্ৰাৰম্ভিক বিকাশৰ সৈতে জড়িত আন বহুতো বিষয় সামৰি লোৱা হৈছে। প্লেটফৰ্মটোৰ এই বিস্তৃত পৰিসৰে এলিনাৰ সেই বিশ্বাসক প্ৰতিফলিত কৰি আহিছে যে, এটি শিশুৰ সামগ্ৰিক কল্যাণক কেৱল পৃথক পৃথক শ্ৰেণীত ভাগ কৰি চাব নোৱাৰি। খাদ্য, যত্ন, দৈনন্দিন ৰুটিন, মাতৃৰ সুস্থতা আৰু শিশুৰ বিকাশ সম্পৰ্কে পৰিয়ালটোৰ জ্ঞান  আদি সকলোবোৰ ইটোৰ সৈতে সিটো গভীৰভাৱে জড়িত।
 
এলিনাৰ উল্লেখযোগ্য অৱদানসমূহৰ ভিতৰত অন্যতম হৈছে 'ইণ্ডিয়ান গেলেক্টাগ'গছ' (Indian Galactagogues) নামৰ গ্ৰন্থখন। স্তনপানত সহায়ক বুলি পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা ভাৰতীয় খাদ্য আৰু বিভিন্ন উপাদানক কেন্দ্ৰ কৰি গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে। বিশেষকৈ প্ৰসৱৰ পিছৰ সময়ছোৱাত স্তনপান কৰোৱা মাতৃসকলৰ বাবে এই গ্ৰন্থখন এক উপযোগী তথ্যসূত্ৰ হিচাপে পৰিগণিত হৈছে। এই কামৰ জৰিয়তে এলিনাই ভাৰতীয় খাদ্য-পৰম্পৰাৰ সৈতে জড়িত সাংস্কৃতিক পৰিচিতিক পুষ্টিবিজ্ঞানভিত্তিক দৃষ্টিভংগীৰ সৈতে একত্ৰিত কৰিছে।
 
ভাৰতৰ দৰে এখন দেশত এলিনাৰ এই কাম বিশেষভাৱে প্ৰাসংগিক। কাৰণ ইয়াত খাদ্য কেৱল পুষ্টিৰ বিষয় নহয়; খাদ্যৰ সৈতে পৰিয়ালৰ পৰম্পৰা, সংস্কৃতি আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা বিশ্বাস গভীৰভাৱে জড়িত। আইতা, মাক আৰু সমাজৰ জ্যেষ্ঠসকলে নতুন মাতৃ বা শিশুৱে কি খাব লাগে, কি খাব নালাগে এই বিষয়ে বহু পুৰণি জ্ঞান আৰু অভিজ্ঞতা পৰৱৰ্তী প্ৰজন্মলৈ আগবঢ়াই আহিছে। এই জ্ঞানৰ কিছু অংশ নিঃসন্দেহে মূল্যৱান, কিন্তু কিছুমান প্ৰচলিত ধাৰণা বৈজ্ঞানিক পৰীক্ষাৰ সন্মুখত টিকি নাথাকিবও পাৰে।
 
এলিনাৰ কামে মাতৃসকলক এনে পৰম্পৰাগত পদ্ধতিসমূহক অন্ধভাৱে গ্ৰহণ বা সম্পূৰ্ণৰূপে নাকচ কৰাৰ পৰিৱৰ্তে পুষ্টিবিজ্ঞানৰ দৃষ্টিৰে পৰীক্ষা কৰি চোৱাৰ এক সুযোগ প্ৰদান কৰে। পৰম্পৰাগত জ্ঞান আৰু আধুনিক গৱেষণাক একেলগে সংযোগ কৰাৰ এই ক্ষমতাই এগৰাকী পুষ্টি বিশেষজ্ঞ হিচাপে এলিনাৰ পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে।
 
এলিনা দাউদানী
 
একে সময়তে এলিনাৰ এই যাত্ৰাই দেখুৱাইছে যে, শৈক্ষিক জ্ঞান আৰু বিশেষজ্ঞতাক উদ্যোগী চিন্তাধাৰাৰ সৈতে সংযোগ কৰি মহিলাসকলে কেনেদৰে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰে। Momfunda কেৱল এটা ৱেবছাইট নহয়; ই হৈছে বিশেষজ্ঞ জ্ঞানক শ্ৰেণীকোঠা, চিকিৎসালয় বা শিক্ষানুষ্ঠানৰ সীমাৰ বাহিৰলৈ লৈ গৈ সাধাৰণ মানুহৰ বাবে সহজলভ্য কৰি তোলাৰ এক প্ৰয়াস।
 
ডিজিটেল যুগত মহিলাৰ ভূমিকা কেনেদৰে সলনি হৈছে, এলিনাৰ কামে তাৰ এক সুন্দৰ উদাহৰণ দাঙি ধৰিছে। ইণ্টাৰনেটৰ জৰিয়তে বিশেষ জ্ঞান আৰু দক্ষতা থকা পেছাদাৰীসকলে নিজৰ সীমিত পৰিসৰৰ বাহিৰলৈ গৈ বৃহৎ সংখ্যক লোকৰ ওচৰলৈ সহজে নিজৰ জ্ঞান আগবঢ়াব পাৰিছে।
 
এলিনাৰ বাবে ডিজিটেল শিক্ষাই এনে মাতৃসকলৰ কাষ চাপিবলৈ এক নতুন পথ মুকলি কৰিছে, যিসকলে হয়তো নিশা দুটা বজাত শিশুক লৈ কোনো বিশ্বাসযোগ্য উত্তৰৰ সন্ধানত ইণ্টাৰনেটত বিচৰণ কৰিছে, শিশুৰ জন্মৰ প্ৰথম কেইটামান মাহৰ অনিশ্চয়তাৰ মাজেৰে আগবাঢ়িছে অথবা কেৱল নিজৰ শিশুৰ বাবে সঠিক আৰু স্বাস্থ্যকৰ পুষ্টি আচলতে কি, সেয়া বুজিবলৈ চেষ্টা কৰি আছে।
 
এলিনাৰ পেৰামেডিকেল ক্ষেত্ৰৰ অভিজ্ঞতাই তেওঁৰ কামৰ ব্যৱহাৰিক দিশটোও অধিক শক্তিশালী কৰিছে। পুষ্টিক এক সুকীয়া বিষয় হিচাপে নেদেখি তেওঁ শিশুৰ লালন-পালনক এক বৃহত্তৰ প্ৰক্ৰিয়া হিচাপে গ্ৰহণ কৰিছে, য’ত জ্ঞান, শিশুৰ আচৰণ লক্ষ্য কৰা আৰু দৈনন্দিন যত্ন আদি সকলোবোৰে একেলগে কাম কৰিব লাগে।
 

এলিনাই বাছি লোৱা বিষয়টোৰ সৈতে এক গভীৰ মানৱীয় দিশো জড়িত হৈ আছে। এগৰাকী মাতৃয়ে যেতিয়া নিজৰ শিশুক খাদ্য খুৱায়, তেতিয়া তেওঁ কেৱল শিশুটিক কেলৰি বা পুষ্টি যোগান ধৰা কামেই নকৰে। তেওঁ শিশুৰ খাদ্যাভ্যাস গঢ়ি তোলে, শিশুৰ পছন্দ-অপছন্দৰ প্ৰতি সঁহাৰি জনায়, শিশুৱে দিয়া বিভিন্ন সংকেত চিনাক্ত কৰিবলৈ শিকে আৰু খাদ্যৰ সৈতে শিশুৰ জীৱনৰ আৰম্ভণিৰ কিছু গুৰুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলে। সেয়েহে, মাতৃসকলক এই প্ৰক্ৰিয়াটো বুজিবলৈ সহায় কৰাটোৱে কেৱল কোনো আহাৰ বা কোনো খাদ্যৰ ক্ষেত্ৰতে নহয়, সমগ্ৰ পৰিয়ালৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব পাৰে।
 
এলিনা দাউদানীৰ কাহিনী মূলতঃ জ্ঞানক আত্মবিশ্বাস আৰু ক্ষমতায়নত ৰূপান্তৰিত কৰাৰ কাহিনী। তেওঁৰ শৈক্ষিক যাত্ৰাই তেওঁক বৈজ্ঞানিক ভেটি প্ৰদান কৰিছে, মাতৃ আৰু শিশুৰ পুষ্টিৰ প্ৰতি থকা আগ্ৰহে সেই জ্ঞানৰ উদ্দেশ্য নিৰ্ধাৰণ কৰিছে আৰু Momfundaই সেই জ্ঞানক মানুহৰ ওচৰলৈ লৈ যোৱাৰ এক শক্তিশালী মঞ্চ প্ৰদান কৰিছে।
 
তেওঁৰ অভিজ্ঞতাই প্ৰমাণ কৰি দেখুৱাইছে যে, উদ্যোগী হোৱাৰ আৰম্ভণি সদায় এক ব্যৱসায়িক পৰিকল্পনা বা বাণিজ্যিক সুযোগৰ পৰাই হ’ব লাগিব বুলি কোনো কথা নাই। কেতিয়াবা ইয়াৰ আৰম্ভণি হয় এটা সৰু প্ৰশ্নৰ পৰা যেনে, "মই আন কাৰোবাৰ বাবে কোনো এটা কাম কেনেকৈ অলপ সহজ কৰি তুলিব পাৰোঁ?" এলিনাৰ ক্ষেত্ৰত সেই প্ৰশ্নই তেওঁক মাতৃ আৰু শিশুৰ বাবে উৎসৰ্গিত এটা প্লেটফৰ্ম গঢ়ি তোলাৰ পথ দেখুৱাইছিল।
 
বৰ্তমান আমেৰিকাৰ পাৰ্ডু বিশ্ববিদ্যালয়ত পুষ্টি বিজ্ঞান বিষয়ত পিএইচডি অধ্যয়ন অব্যাহত ৰখা এলিনাৰ এই যাত্ৰা শিক্ষা, উদ্যোগী চিন্তা আৰু সমাজৰ প্ৰতি সেৱা, এই তিনিওটা দিশত কেনেদৰে একেলগে আগবাঢ়িব পাৰে তাৰ এক সুন্দৰ উদাহৰণ হৈ ৰৈছে। তেওঁৰ গ্ৰন্থ, পাঠ্যক্ৰম আৰু ডিজিটেল সমলৰ জৰিয়তে তেওঁ মাতৃসকলক জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ দায়িত্ব ক্ৰমে, শিশুৰ যত্ন আৰু পুষ্টি, অধিক জ্ঞান আৰু আত্মবিশ্বাসেৰে পালন কৰাত সহায় কৰি আহিছে।
 
এইদৰে এলিনা দাউদানীয়ে কেৱল এগৰাকী পুষ্টিবিদ হিচাপে নিজৰ পৰিচয় গঢ়ি তোলা নাই। তেওঁ পুষ্টিবিজ্ঞান আৰু মাতৃত্বৰ দৈনন্দিন বাস্তৱ জীৱনৰ মাজত এক শক্তিশালী সেতু নিৰ্মাণ কৰিছে। য’ত সঠিক জ্ঞানৰ ভিত্তিত লোৱা সচেতন সিদ্ধান্তই এটি শিশুৰ সুস্থ আৰু সবল ভৱিষ্যতৰ আৰম্ভণি গঢ়ি তুলিব পাৰে।