আশ্বাৰ আলম / নতুন দিল্লী
হুমায়ুন মুজাম্মিল ভাট কাশ্মীৰৰ আন এজন সুযোগ্য সন্তান, যিয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজি নিজৰ প্ৰাণ আহুতি দিছিল। এক অত্যন্ত কঠিন পৰিস্থিতিত প্ৰদৰ্শন কৰা অসাধাৰণ সাহসৰ বাবে কৃতজ্ঞ জাতিয়ে তেওঁক শান্তিৰ সময়ত প্ৰদান কৰা দ্বিতীয় সৰ্বোচ্চ বীৰত্বৰ বঁটা 'কীৰ্তি চক্ৰ'ৰে সন্মানিত কৰিছে। ১৯৯১ চনত জন্মগ্ৰহণ কৰা আৰু অনন্তনাগত উপ-আৰক্ষী অধীক্ষক (DySP) হিচাপে কৰ্মৰত ভাটে ২০২৩ চনৰ ১৩ ছেপ্টেম্বৰত অনন্তনাগ জিলাত সংঘটিত এক ভয়ংকৰ সংঘৰ্ষত শ্বহীদ হোৱাৰ দিনালৈকে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ আগশাৰীৰ বিষয়া হিচাপে দেশৰ হৈ সেৱা আগবঢ়াইছিল।
মাত্ৰ ৩২ বছৰ বয়সতে লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীৰ সৈতে যুঁজ দি ভাটে নিজৰ প্ৰাণ বিসৰ্জন দিয়ে আৰু এৰি থৈ যায় বীৰত্বৰ এক এনে গৌৰৱময় অধ্যায়, যিয়ে বৰ্তমানো আইন-শৃংখলা ৰক্ষাকাৰী বাহিনীৰ লগতে সমগ্ৰ দেশবাসীক অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ কাহিনীয়ে কাশ্মীৰৰ দৰে প্ৰতিকূল পৰিস্থিতিৰ মাজতো শান্তি বজাই ৰখাৰ ক্ষেত্ৰত দ্বিতীয় প্ৰজন্মৰ আৰক্ষী বিষয়াসকলৰ গভীৰ দায়বদ্ধতাৰ প্ৰতিফলন ঘটায়।
২০১৮ চনত জম্মু-কাশ্মীৰ আৰক্ষীত যোগদান কৰা ভাটে নিজৰ নেতৃত্ব প্ৰদানৰ গুণ আৰু কৌশলগত বিচক্ষণতাৰ বাবে অতি কম সময়ৰ ভিতৰতে পদোন্নতি লাভ কৰিবলৈ সক্ষম হৈছিল। নিজৰ পাঁচ বছৰীয়া কাৰ্যকালত তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ এক সুকীয়া সুনাম অৰ্জন কৰিছিল, ঠিক তেওঁৰ পিতৃৰ দৰেই- যিগৰাকী পিতৃ আইন-শৃংখলা অটুট ৰাখি উগ্ৰবাদৰ বিৰুদ্ধে সাহসেৰে থিয় দিয়াৰ বাবে পৰিচিত আছিল।
সহকৰ্মীসকলৰ মতে, তেওঁ আছিল এগৰাকী নম্ৰ, বুদ্ধিমান আৰু দূৰদৰ্শী ব্যক্তি, যাৰ আৰক্ষীৰ কাম-কাজত নতুনত্ব অনাৰ প্ৰতি আছিল তীব্ৰ আগ্ৰহ। আৰক্ষী বাহিনীত যোগদান কৰাৰ পূৰ্বে সমাজ কল্যাণ বিভাগত কটোৱা তেওঁৰ চমু কাৰ্যকালেও জনকল্যাণৰ প্ৰতি থকা তেওঁৰ গভীৰ দায়বদ্ধতাকে প্ৰতিপন্ন কৰিছিল, কিন্তু সশস্ত্ৰ বাহিনীৰ ইউনিফৰ্মৰ মাজতেই তেওঁ নিজৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য বিচাৰি পাইছিল।
২০২৩ চনৰ ১৩ ছেপ্টেম্বৰত অনন্তনাগ জিলাৰ কোকৰনাগৰ গাডুল গাঁৱৰ গভীৰ অৰণ্যত সন্ত্ৰাসবাদ বিৰোধী এক যুটীয়া অভিযানত ভাটে অংশগ্ৰহণ কৰিছিল। লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডাৰ উজাইৰ খান আৰু তাৰ সহযোগীসকলক লক্ষ্য কৰি চলোৱা এই অভিযানটোৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল যেতিয়া সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলাইছিল।
ভাটৰ পেটত গুলী লাগিছিল আৰু সেয়া আছিল মাৰাত্মক। তথাপি তেওঁ সাহস নেহেৰুৱাই পিতৃক ১৩ ছেকেণ্ডৰ এটা ফোন কল কৰি কৈছিলঃ "পাপা, মোৰ গুলী লাগিছে। মোৰ পেটত গুলী লাগিছে। আপুনি ভয় নাখাব।" পত্নীলৈ দিয়া তেওঁৰ অন্তিম বাৰ্তাও আছিল সমানেই হৃদয়স্পৰ্শীঃ "মোক ক্ষমা কৰি দিবা। আশ্বাৰৰ যত্ন ল'বা।"
তেওঁক উদ্ধাৰ কৰাৰ সকলো প্ৰচেষ্টা সত্ত্বেও শ্ৰীনগৰৰ ৯২ বেছ হাস্পতালত ভাটে শেষ নিশ্বাস ত্যাগ কৰে। কৰ্নেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোঞ্চক আৰু চিপাহী প্ৰদীপ সিঙৰ লগতে শ্বহীদ হোৱা চাৰিগৰাকী নিৰাপত্তাৰক্ষীৰ ভিতৰত তেওঁ আছিল অন্যতম। বুদগামত অনুষ্ঠিত তেওঁৰ শেষকৃত্যত জ্যেষ্ঠ বিষয়াসকলৰ লগতে শ শ লোকৰ সমাগম ঘটিছিল, যিয়ে তেওঁৰ বলিদানৰ প্ৰতি মানুহৰ গভীৰ শ্ৰদ্ধা প্ৰতিফলিত কৰে।
ভাটৰ পৰিয়ালটোৰ আইন-শৃংখলা ৰক্ষাকাৰী বিভাগত এক গৌৰৱময় ইতিহাস আছে। তেওঁৰ পিতৃ গোলাম হাছান ভাট এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী মহাপৰিদৰ্শক (IGP), যিয়ে ৩৪ বছৰ ধৰি সেৱা আগবঢ়োৱাৰ অন্তত পুত্ৰৰ মৃত্যুৰ মাত্ৰ কেইমাহমান পূৰ্বে ২০২৩ চনৰ জুন মাহত অৱসৰ গ্ৰহণ কৰিছিল।
পৰিয়ালৰ এই গৌৰৱময় পটভূমিয়ে হুমায়ুনৰ মনত কৰ্তব্য আৰু সততাৰ এক গভীৰ অনুভূতি জগাই তুলিছিল। তেওঁৰ মাতৃ হালীমা ভাটে সদায় তেওঁক সমৰ্থন আগবঢ়াইছিল; আনহাতে তেওঁৰ ভাতৃ, পেছাত পশু চিকিৎসক ড০ হানান ভাট আৰু ভগ্নীক লৈ তেওঁলোকৰ আছিল এক নিবিড় আৰু সুখৰ পৰিয়াল। ২০২২ চনত কাশ্মীৰ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী ফাটিমা আলীৰ সৈতে ভাট বিবাহপাশত আৱদ্ধ হয় আৰু ২০২৩ চনৰ আগষ্ট মাহত, সেই দুৰ্ভাগ্যজনক সংঘৰ্ষৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বে- দম্পতীহালে তেওঁলোকৰ পুত্ৰ আশ্বাৰক আদৰণি জনায়। জীৱনৰ এই গুৰুত্বপূৰ্ণ ব্যক্তিগত আনন্দৰ মুহূৰ্তবোৰৰ মাজতো ভাট নিজৰ বৃত্তিমূলক দায়িত্বৰ প্ৰতি অবিচল আছিল।
অনন্তনাগৰ সংঘৰ্ষত প্ৰদৰ্শন কৰা অসাধাৰণ বীৰত্বৰ বাবে ২০২৪ চনৰ স্বাধীনতা দিৱসত ঘোষণা কৰা অনুসৰি ভাটক মৰণোত্তৰভাৱে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা 'কীৰ্তি চক্ৰ' প্ৰদান কৰা হয়। তদুপৰি, ২০২১ চনৰ শ্ৰীনগৰৰ এক অভিযানৰ বাবে ২০২৫ চনৰ গণৰাজ্য দিৱসত তেওঁক বীৰত্বৰ বাবে 'ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক'ৰেও সন্মানিত কৰা হয়। তেওঁলৈ দেশবাসীৰ শ্ৰদ্ধাঞ্জলি অব্যাহত আছে আৰু ২০২৫ চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে।
ভাটৰ পত্নী ফাটিমাই গভীৰ শোকৰ মাজতো এক গৌৰৱ অনুভৱ কৰি নিজৰ পুত্ৰকো দেউতাকৰ দৰেই একেই সততা আৰু আদৰ্শৰে ডাঙৰ-দীঘল কৰাৰ কথা প্ৰকাশ কৰিছে। প্ৰতি বছৰে তেওঁৰ জন্ম আৰু শ্বহীদ দিৱসত চৰকাৰী বিষয়াৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতালৈকে সকলোৱে তেওঁৰ অৱদানক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। হুমায়ুন ভাট মাথোঁ এটা নাম নহয়, তেওঁ হৈছে দেশপ্ৰেম আৰু নিঃস্বাৰ্থ বলিদানৰ এক উজ্জ্বল প্ৰতীক। তেওঁৰ এই অমৰ গাঁথাই অনাগত প্ৰজন্মক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আৰু দেশমাতৃৰ সেৱা কৰিবলৈ চিৰদিন অনুপ্ৰাণিত কৰি যাব।