হোজাই জিলাৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হ'ব মহচিনা ইমতিয়াজ লস্কৰ

Story by  atv | Posted by  Munni Begum • 48 m ago
মহচিনা ইমতিয়াজ লস্কৰ
মহচিনা ইমতিয়াজ লস্কৰ
 
বিপ্লব দেব / হোজাই
 
ইচ্ছা আৰু একাগ্ৰতা থাকিলে কোনো লক্ষ্যই যে অসম্ভৱ নহয়, তাকেই পুনৰ প্ৰমাণ কৰি দেখুৱালে এগৰাকী সুযোগ্য জীয়ৰীয়ে। হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই অসম ন্যায়িক সেৱাৰ পৰীক্ষাত এক চমকপ্ৰদ সাফল্য অৰ্জন কৰিছে নীলবাগানৰ মহচিনা ইমতিয়াজ লস্কৰে। হোজাই জিলাৰ ইতিহাসত প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে পৰিগণিত হ’বলৈ গৈ আছে মহচিনা ইমতিয়াজ লস্কৰ। 
 
অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা অসম ন্যায়িক সেৱা (AJS) পৰীক্ষা–২০২৬ৰ ফলাফলত মহচিনা ইমতিয়াজ লস্কৰে এক ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে। এই পৰীক্ষাত তেওঁ গ্ৰেড–III ন্যায়িক সেৱাৰ নিযুক্তিৰ বাবে মনোনীত হৈছে। প্ৰকাশিত ফলাফল অনুসৰি, সমগ্ৰ ৰাজ্যৰ মেধাৰ ভিত্তিত নিৰ্বাচিত হোৱা ২২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহচিনাই লাভ কৰিছে ষষ্ঠ স্থান। 
 
 
মহচিনাৰ এই সাফল্য কেৱল তেওঁৰ ব্যক্তিগত কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুটি নহয়, আজমল শিক্ষানুষ্ঠানৰ বাবেও ই এক বিশেষ গৌৰৱৰ বিষয়। কাৰণ ছাত্ৰী হিচাপে আজমল আইন মহাবিদ্যালয়ৰ সৈতে আৰম্ভ হোৱা তেওঁৰ সম্পৰ্ক পৰৱৰ্তী সময়ত সহকাৰী অধ্যাপিকা হিচাপে পেছাদাৰী জীৱনলৈ বিস্তৃত হয় আৰু এতিয়া ন্যায়িক সেৱাত প্ৰৱেশৰ জৰিয়তে নতুন অধ্যায়ত উপনীত হৈছে।
 
সংবাদ মাধ্যমৰ সন্মুখত মহচিনা ইমতিয়াজ লস্কৰে কয়; "আজমল আইন মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পৰাই এইটো মোৰ সপোন আছিল। মই প্ৰথমতে মৌলানা বদৰুদ্দিন আজমল চাহেব আৰু চিৰাজুদ্দিন আজমল চাহেবক ধন্যবাদ দিব বিচাৰিছোঁ। কাৰণ তেওঁলোকে আর্থিক ভাবে দুৰ্বল আৰু দুৰ্গম অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ ভাল সুবিধা প্ৰদান কৰিছে। তাৰপিছত আমাৰ শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকৰ বাবেই মই এই পৰ্যায় পাবলৈ সক্ষম হৈছোঁ।"
 
মহচিনা ইমতিয়াজ লস্কৰে ২০২৩ চনত আজমল আইন মহাবিদ্যালয়ৰ পৰা এলএলবি সম্পূৰ্ণ কৰে। ইয়াৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত এলএলএম অধ্যয়ন কৰে আৰু ২০২৫ চনত এলএলএম পৰীক্ষাত প্ৰথম শ্ৰেণীত প্ৰথম স্থান লাভ কৰে।
 
শিক্ষাজীৱনত এই কৃতিত্ব অৰ্জন কৰাৰ পিছত মহচিনাই শিক্ষকতাৰ ক্ষেত্ৰতো নিজকে প্ৰতিষ্ঠা কৰে। বৰ্তমান তেওঁ আজমল আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হিচাপে দায়িত্ব পালন কৰি আছে।
 
শিক্ষা আৰু শিক্ষকতাৰ ক্ষেত্ৰত সফলতাৰ পিছত মহচিনাৰ লক্ষ্য আছিল ন্যায়িক সেৱাত প্ৰৱেশ কৰা। অসম ন্যায়িক সেৱা পৰীক্ষাত সফলতা অৰ্জন কৰি তেওঁ সেই লক্ষ্য পূৰণ কৰে।
 
মহচিনা ইমতিয়াজ লস্কৰ ছাত্ৰীসকলৰ সৈতে
 
প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ হিচাপে উত্তীৰ্ণ হোৱাটো মহচিনাৰ কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ সাফল্য। আইন শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চশিক্ষাত কৃতিত্ব, তাৰ পিছত অধ্যাপনা আৰু অৱশেষত ন্যায়িক সেৱাত প্ৰৱেশ- এই ধাৰাবাহিকতাই তেওঁৰ কেৰিয়াৰ যাত্ৰাক বিশেষ তাৎপৰ্য প্ৰদান কৰিছে।
 
মহচিনাৰ এই সাফল্যৰ খবৰ বিয়পি পৰাৰ পিছত আজমল পৰিয়ালৰ লগতে আজমল শিক্ষানুষ্ঠানৰ বিষয়া-কৰ্মচাৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দৰ পৰিৱেশ সৃষ্টি হয়।
 
এই সফলতাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে বিয়লি আজমল আইন মহাবিদ্যালয়ৰ প্ৰাংগণত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে আজমল আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এক শোভাযাত্ৰাৰ জৰিয়তে মহচিনা ইমতিয়াজ লস্কৰক মহাবিদ্যালয়লৈ আদৰি আনে। প্ৰাক্তন ছাত্ৰী আৰু বৰ্তমানৰ সহকাৰী অধ্যাপিকাগৰাকীয়ে ন্যায়িক সেৱা পৰীক্ষাত সফলতা লাভ কৰাৰ পিছত নিজৰ শিক্ষানুষ্ঠানলৈ উভতি অহাৰ এই মুহূৰ্তটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ আনন্দৰ বিষয় হৈ পৰে।
 
ইয়াৰ পিছতে মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় মূল সম্বৰ্ধনা সভা। মহচিনাক মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
 
মহচিনা ইমতিয়াজ লস্কৰে এক অনুষ্ঠানত ভাষণ প্ৰদান কৰাৰ এক দৃশ্য
 
সম্বৰ্ধনা অনুষ্ঠানত আজমল ফাউণ্ডেশ্যনৰ পৰিচালন সঞ্চালক ড° খুছৰুল ইছলামে মহচিনাক অভিনন্দন জনায়। তেওঁ মহচিনাৰ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু মেধাৰ প্ৰশংসা কৰি কয় যে তেওঁৰ এই সাফল্য আগন্তুক প্ৰজন্মৰ শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰিব।
 
ইফালে আজমল ফাউণ্ডেশ্যনৰ ট্ৰাষ্টী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলেও মহচিনা ইমতিয়াজ লস্কৰৰ এই গৌৰৱময় সফলতাৰ বাবে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।
 
নীলবাগানৰ জীয়ৰী মহচিনা ইমতিয়াজ লস্কৰৰ এই সফলতাই হোজাইৰ শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মৰ বাবেও এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। বিশেষকৈ আইন শিক্ষাৰ সৈতে জড়িত শিক্ষাৰ্থীসকলৰ বাবে তেওঁৰ যাত্ৰা এক বাস্তৱ উদাহৰণ—শিক্ষাৰ পৰা শিক্ষকতা আৰু শিক্ষকতাৰ পৰা ন্যায়িক সেৱালৈ আগবাঢ়িব পাৰি।
 
মহচিনা ইমতিয়াজ লস্কৰৰ কাহিনী সেয়েহে কেৱল এটা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাহিনী নহয়; ই নীলবাগানৰ পৰা আৰম্ভ কৰি শিক্ষা, অধ্যাপনা আৰু ন্যায়িক সেৱাৰ মাজেৰে গঢ় লৈ উঠা এক সফল কেৰিয়াৰৰ কাহিনী।


শেহতীয়া খবৰ