শতানন্দ ভট্টাচাৰ্য
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী অসমৰ ছোৱালীক বঁটা প্ৰদান কৰা হৈছে। দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ‘উন্নয়নশীল দেশৰ শিক্ষা বঁটা’ লাভ কৰি দেশৰ লগতে অসম আৰু বৰাক উপত্যকাৰ মুখখন উজ্জ্বল কৰি তুলিছে চিকিৎসক ডাঃ অস্মিতা শুক্লাই। শেহতীয়াকৈ দক্ষিণ কোৰিয়াত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি তেওঁৰ গৱেষণা বিষয়ক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। জানিব পৰা মতে, তেওঁৰ গৱেষণা আৰু উপস্থাপনৰ স্বীকৃতি স্বৰূপে এই সন্মান প্ৰদান কৰা হৈছে।
ডাঃ অস্মিতাৰ গৱেষণাৰ বিষয় আছিল – ‘থাইমোমা-সংলগ্ন মায়াষ্টেনিয়া গ্ৰেভিছত ইমিউন ইমবেলেন্স – এ ডিজিটেল ইমেজ এনালাইছিছ-এচিষ্টেড ক্লিনিকোপেথ’লজিকেল ষ্টাডি।’ সন্মিলনত এই গুৰুত্বপূৰ্ণ বিষয়টোৰ বিভিন্ন দিশৰ ওপৰত বিশদ ভাষণ প্ৰদান কৰে। আন্তঃৰাষ্ট্ৰীয় সমাজত তেওঁৰ গৱেষণামূলক কামৰ বিশেষ প্ৰশংসা লাভ কৰিছিল।
ডাঃ অস্মিতাৰ আন্তঃৰাষ্ট্ৰীয় সফলতাই সমগ্ৰ অসম তথা বৰাক উপত্যকাৰ চিকিৎসা সমাজ, শিক্ষাবিদ আৰু সাধাৰণ জনতাৰ মাজত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। বিশেষকৈ তাইৰ পূৰ্বপুৰুষৰ ঘৰ শ্ৰীভূমি জিলাৰ মাস্কিপুৰ গাঁৱত সুখৰ জোৱাৰ। আন্তৰ্জাতিক মঞ্চত শ্ৰীভূমিৰ এগৰাকী কন্যাৰ এই সফলতাক লৈ গাঁওখনৰ ৰাইজেও গৌৰৱ অনুভৱ কৰিছে।
বঁটা লাভ কৰা মুহূৰ্তত ডাঃ অস্মিতা শুক্লা
ডাঃ অস্মিতাৰ শৈক্ষিক জীৱনত ইটোৰ পিছত সিটো সফলতা। ২০২১ চনত প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিলচৰ মেডিকেল কলেজৰ এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰি সফলতাৰে এম বি বি এছ সম্পূৰ্ণ কৰে। পৰৱৰ্তী সময়ত ২০২৫ চনত নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ৰ পৰা এম ডি ডিগ্ৰী লাভ কৰে।
ইয়াৰ পিছত এম ডিৰ পিছৰ ছুপাৰ স্পেচিয়েলিটি অংক’লজী পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত ডাঃ অস্মিতাই প্ৰথম স্থান লাভ কৰে। ইতিমধ্যে তেওঁৰ অবিৰত সফলতাই চিকিৎসা আৰু শৈক্ষিক মহলত বিশেষ প্ৰশংসা লাভ কৰিছে। ডাঃ অস্মিতাৰ প্ৰাথমিক শিক্ষাও আছিল শিলচৰত। শিলচৰ ছেইণ্ট কেপিটেনিঅ’ স্কুলৰ পৰা মাধ্যমিক বিদ্যালয় আৰু শিলচৰ মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তীৰ্ণ হয়।
যদিও বৰ্তমান ডাঃ অস্মিতা শিলচৰ চহৰত বাস কৰে, তথাপিও তেওঁৰ পূৰ্বপুৰুষৰ ঘৰ শ্ৰীভূমি জিলাৰ মাস্কিপুৰত। শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অস্ত্ৰোপচাৰ বিভাগৰ অধ্যাপিকা ডাঃ আশুতোষ শুক্লবৈদ্য আৰু উৎপলা শুক্লবৈদ্যৰ জ্যেষ্ঠ কন্যা। বৰাক উপত্যকাৰ বিভিন্ন শ্ৰেণীৰ লোকে চিকিৎসা সমাজ, শিক্ষক-শিক্ষয়িত্ৰীকে ধৰি তেওঁক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ডাঃ অস্মিতাৰ সফলতাত মাস্কিপুৰ গাঁৱৰ বাসিন্দাসকলো গৌৰৱ আৰু সুখী। তেওঁলোকৰ মতে শ্ৰীভূমি মাটিৰ এইগৰাকী কন্যাৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত এনে সফলতা পৰৱৰ্তী প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিব।
মন কৰিবলগীয়া যে এই সন্মিলনত ভাৰতৰ পৰা ডাঃ অস্মিতাই একমাত্ৰ অংশগ্ৰহণ কৰিছে। তেওঁৰ লগতে ফিলিপাইনছ, জৰ্ডান, নাইজেৰিয়া, ব্ৰাজিল আৰু চীনৰ চিকিৎসকেও এই সন্মিলনত অংশগ্ৰহণ কৰি বিভিন্ন গৱেষণাৰ বাবে বঁটা লাভ কৰে।