আৰিফুল ইছলাম/গুৱাহাটী
বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে কৃষি নষ্ট বা জন্তু-মানৱ সংকটৰ অজুহাত দি কোনো ৰাজ্যই হাতীৰ পৰম্পৰাগত পুৰণি চাল-চলনৰ পথ বা হস্তীদণ্ডি বন্ধ কৰিব নোৱাৰিব। এই নিৰ্দেশনা প্ৰকাশ পোৱাৰ পিছতেই প্ৰখ্যাত অভিনেতা আদিল হুছেইনে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনায় অভিনেতাগৰাকীয়ে কাজিৰঙাৰ ইকো-ছেনছিটিভ জ’ন হ্ৰাস কৰা অসম চৰকাৰৰ সিদ্ধান্তক গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ আহ্বান জনায়।
উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনা জাৰি হোৱাৰ পিছত অভিনেতা আদিল হুছেইনে সামাজিক মাধ্যমত লিখিছে যে, "মোৰ আশা, সকলো চৰকাৰে, বিশেষকৈ কাযিৰঙাৰ ক্ষেত্রত থকা পূৰ্বৰ ১০ কিলোমিটাৰৰ স্বাভাৱিক সংৰক্ষিত এলেকা ১ কিলোমিটাৰলৈ হ্ৰাস কৰিবলৈ পৰিকল্পনা কৰা অসম চৰকাৰে কোনো সিদ্ধান্ত লোৱাৰ আগতে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাক অতি গুৰুত্বসহকাৰে বিবেচনা কৰিব।"
সোমবাৰে দেশৰ মুখ্য ন্যায়াধীশ সূর্য কান্তৰ বিচাৰপীঠে ৰাজ্যসমূহলৈ এই কঠোৰ নিৰ্দেশ জাৰি কৰে। লগতে হাতীক ভয় খুৱাবলৈ অগ্নিশিখা বা যাঠি আদি ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও নির্দেশনাটোত কোৱা হৈছে। ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাক লৈ গঠিত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে লগতে হস্তীদণ্ডিত থকা বাধা আঁতৰোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক এক ৰাষ্ট্ৰব্যাপী জৰীপ চলাবলৈও নির্দেশ দিয়ে।
ৰায়টোত মুখ্য ন্যায়াধীশে এই বুলি মন্তব্য কৰে কোনো ৰাজ্যই হাতীৰ বিচৰণৰ পথ বন্ধ কৰিব নোৱাৰিব। হস্তীদণ্ডিত প্রতিৰোধ সৃষ্টি জন্তু-মানৱ সংঘাত নিৰাময়ৰ সমাধান হ'ব নোৱাৰে। হাতীয়ে বহু ৰাজ্য পৰিভ্ৰমণ কৰে। কোনো ৰাজ্যই তেওঁলোকৰ পথৰ হেঙাৰ হ'ব নোৱাৰিব আৰু পৰম্পৰাগত চাল-চলনৰ পথ বন্ধ কৰিব নোৱাৰিব। জন্তু-মানৱ সংঘাতৰ সমাধান সম্পূর্ণরূপে পৃথক কার্য প্রতিবন্ধকতা সৃষ্টি কৰিলেই সমস্যাৰ সমাধান নহয়।
ইফালে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱিকভাৱে স্পৰ্শকাতৰ অঞ্চল অর্থাৎ ইক’ ছেনচিটিভ জ’ন সন্দৰ্ভত বহুলোকে নুবুজাকৈ মন্তব্য কৰি আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। তেওঁ কয়, যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ লোকেই কাজিৰঙাক সুৰক্ষা কৰিব। ইক’ ছেনচিটিভ জনৈক লৈ একাংশ লোকে নুবুজাকৈ ভ্ৰান্ত তথ্য প্ৰচাৰ কৰি আছে বুলিও মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰে।
তাৰোপৰি, ৰাষ্ট্ৰীয় উদ্যানখনৰ ইক’ ছেনচিটিভ জ’নৰ পৰিসৰ বৰ্তমানৰ ১০ কিলোমিটাৰৰ পৰিৱৰ্তে এক কিলোমিটাৰলৈ হ্ৰাস কৰাক লৈ বিভিন্ন দল-সংগঠনে প্রতিবাদ সাব্যস্ত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় উদ্যানখনৰ এই পৰিসৰ হ্ৰাস সন্দৰ্ভত অসম চৰকাৰক এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে বিশিষ্ট পৰিৱেশবিদ, বিশেষজ্ঞ আৰু স্থানীয় লোকৰ সৈতে আলোচনামৰ্মে সিদ্ধান্ত ল’বলৈ আহ্বান জনাইছে। চি পি আই দলে এটা বিবৃতিযোগে চৰকাৰক ইক’ ছেনচিটিভ জ’ন সংকুচিত কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়।
উল্লেখযোগ্য যে, চৰকাৰৰ এই প্ৰস্তাৱক সমর্থন জনাই বৃহত্তৰ কাজিৰঙাত কালি স্থানীয় ৰাইজে সমদল উলিয়ায়। কলিয়াবৰৰ কুঠৰীত আৰম্ভ হোৱা এই সমদলত বাগৰি, কুঠৰিকে ধৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া ভালেমান অঞ্চলৰ লোকে অংশগ্ৰহণ কৰে। দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত ১০ কিলোমিটাৰৰ পৰিৱৰ্তে ইক’ ছেনচিটিভ জ’নৰ পৰিসৰ এক কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে কলিয়াবৰ সমজিলা আয়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ ইক’ ছেনচিটিভ জ’নৰ পৰিসৰ এক কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক মিচিং ছাত্ৰ সংগঠন টি এম পি কেও সমর্থন জনাইছে। মিছিং জিৰণিচৰাত আয়োজিত এখন সংবাদমেলত সংগঠনটোৱে ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তই কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি প্ৰকাশ কৰে।