গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মজয়ন্তীত সশ্ৰদ্ধ সোঁৱৰণ

Story by  atv | Posted by  [email protected] • 3 h ago
লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে
লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে
 
গুৱাহাটী
 
আজি গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী, 'হস্তীৰ কন্যা' খ্যাত প্ৰতিমা বৰুৱা পাণ্ডেৰ পৱিত্ৰ জন্মজয়ন্তী। অসমৰ লোকসংগীতৰ ভঁৰাললৈ অনবদ্য অৱদান আগবঢ়াই যোৱা এইগৰাকী মহান শিল্পীক আজিৰ দিনটোত সমগ্ৰ ৰাজ্যবাসীয়ে সশ্ৰদ্ধ সোঁৱৰণ কৰিছে।
 
১৯৩৪ চনৰ ৩ অক্টোবৰ তাৰিখে কলিকতাত জন্মগ্ৰহণ কৰা প্ৰতিমা বৰুৱা পাণ্ডেৰ পাৰিবাৰিক পটভূমি আছিল অতিশয় ঐতিহ্যমণ্ডিত। তেখেতৰ পিতৃ আছিল প্ৰকৃতিশ চন্দ্ৰ বৰুৱা (লালজী) আৰু খুড়াক আছিল ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম পথিকৃৎ তথা কালজয়ী ছবি 'দেৱদাস'ৰ নিৰ্মাতা প্ৰমথেশ বৰুৱা। এনে এক সম্ভ্ৰান্ত পৰিৱেশত জন্মগ্ৰহণ কৰিও তেখেতে মাটি আৰু মানুহৰ গানক নিজৰ প্ৰাণত আঁকোৱালি লৈছিল।
 
ড° ভূপেন হাজৰিকাৰ 'এৰা বাটৰ সুৰ' নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে সংগীত জগতত আত্মপ্ৰকাশ কৰা প্ৰতিমা বৰুৱা পাণ্ডেই গোৱালপৰীয়া লোকগীতক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। বিশেষকৈ "হস্তীৰ কন্যা" গীতটিৰে তেখেতে শ্ৰোতাৰ হৃদয়ত চিৰস্থায়ী আসন গঢ়িবলৈ সক্ষম হয়। তেখেতৰ যাদুকৰী কণ্ঠৰ পৰাই নিগৰি আহিছিল "আজি দানৰাও কলা", "বেইল মাচে খেলি কৰে", "ডুং নৰি ডুং", "এক বাৰ হৰি ব'লৌ ৰসনা", "কমলা সুন্দৰী নাচে", "অ' বিৰিখ", আৰু "মাটিৰ মানুস" আদিৰ দৰে বহুতো কালজয়ী গীত। তেখেতৰ এই অনবদ্য সৃষ্টিৰাজিয়ে গোৱালপৰীয়া লোকগীতৰ জগতখনক এক চহকী উপহাৰ দি গৈছে।
 
অসমীয়া লোকসংগীতলৈ আজীৱন আগবঢ়োৱা এই অসামান্য অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেখেতক 'পদ্মশ্ৰী' সন্মানেৰে বিভূষিত কৰিছিল। ইয়াৰ উপৰিও তেখেতে 'সংগীত নাটক একাডেমী' বঁটাকে ধৰি কেইবাটাও মৰ্যাদাপূৰ্ণ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
 
উল্লেখযোগ্য যে, ২০০২ চনৰ ২৭ ডিচেম্বৰ তাৰিখে এইগৰাকী মহান শিল্পীয়ে ইহলীলা সম্বৰণ কৰে যদিও তেখেতৰ সৃষ্টিৰাজি আৰু গোৱালপৰীয়া লোকগীতৰ সেই অমিয়া সুৰে অসমীয়া জনজীৱনত তেখেতক চিৰদিনৰ বাবে অমৰ কৰি ৰাখিব।