অসমত বহনক্ষম যাতায়াত ব্যৱস্থাৰ এক নতুন অধ্যায়: বাঁহেৰে নিৰ্মিত চাইকেল আনুষ্ঠানিকভাৱে মুকলি মুখ্যমন্ত্ৰীৰ

Story by  atv | Posted by  Munni Begum • 2 h ago
বাঁহেৰে নিৰ্মিত চাইকেল আনুষ্ঠানিকভাৱে মুকলি মুখ্যমন্ত্ৰীৰ
বাঁহেৰে নিৰ্মিত চাইকেল আনুষ্ঠানিকভাৱে মুকলি মুখ্যমন্ত্ৰীৰ
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো
 
গুৱাহাটী বহনক্ষম যাতায়াত ব্যৱস্থাৰ দিশত অসমে ল’লে এক নতুন পদক্ষেপ। পৰিৱেশবান্ধৱ আৰু স্থানীয় সম্পদক কেন্দ্ৰ কৰি ৰাজ্যত উদ্যোগ বিকাশৰ সম্ভাৱনাক অধিক শক্তিশালী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনা গুৱাহাটীৰ উজান বজাৰস্থিত সতী ৰাধিকা শান্তি উদ্যানত অসমৰ বাঁহেৰে নিৰ্মিত চাইকেল আনুষ্ঠানিকভাৱে মুকলি কৰে। পুণেৰ 'বেম্বো ইণ্ডিয়া প্ৰাইভেট লিমিটেড'এ গ্ৰহণ কৰা এই উদ্যোগে বাঁহভিত্তিক উদ্যোগ, স্থানীয় কেঁচামালৰ ব্যৱহাৰ আৰু পৰিৱেশবান্ধৱ যাতায়াতৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ আশা কৰা হৈছে। 
 
অসমক বাঁহেৰে চাইকেল নিৰ্মাণৰ লগতে বহনক্ষম যাতায়াত ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই প্ৰকল্পত প্ৰায় ১৫ কোটি টকা বিনিয়োগ কৰা হৈছে। প্ৰকল্পটোৰ জৰিয়তে প্ৰথম বছৰত ৫০ৰ পৰা ১০০টা পৰ্যন্ত প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। প্ৰাৰম্ভিক পৰ্যায়ত প্ৰতিমাহে প্ৰায় ১ হাজাৰখন বাঁহৰ চাইকেল নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে বেম্বো ইণ্ডিয়া প্ৰাইভেট লিমিটেডে। 
 
বাঁহেৰে নিৰ্মিত চাইকেল আনুষ্ঠানিকভাৱে মুকলি মুখ্যমন্ত্ৰীৰ
 
চাইকেল মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গান্ধী জয়ন্তীৰ দৰে পৱিত্ৰ দিনত বাঁহৰ দৰে প্ৰাকৃতিক সম্পদক ব্যৱহাৰ কৰি চাইকেল নিৰ্মাণৰ নতুন প্ৰয়োগ আৰম্ভ কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে, পুণেস্থিত বেম্বো ইণ্ডিয়া প্ৰাইভেট লিমিটেডে ইতিমধ্যে অসমৰ বাঁহ ব্যৱহাৰ কৰি টুথব্ৰাছ, ফণিকে ধৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি আহিছে।
 
অসমৰ বাঁহক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি অহা প্ৰতিষ্ঠানটোক ৰাজ্য চৰকাৰে অসমতে এটা উদ্যোগ স্থাপন কৰিবলৈ আহ্বান জনাইছিল। মুখ্যমন্ত্ৰীৰ মতে, ৰাজ্য চৰকাৰৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰতিষ্ঠানটোৱে বাঁহেৰে চাইকেল নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়ায়। সেই অনুসৰি ছয়গাঁওস্থিত বেম্বো পাৰ্কত চাইকেল নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। 
 
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, অনুষ্ঠানৰ জৰিয়তে মুকলি কৰা বাঁহৰ চাইকেলসমূহ গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যানত প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ মূল উদ্দেশ্য হৈছে সৰ্বসাধাৰণ লোকৰ মতামত সংগ্ৰহ কৰা। জনসাধাৰণৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিলে ভৱিষ্যতে ৰাজ্য চৰকাৰে বাঁহৰ চাইকেল নিৰ্মাণ উদ্যোগলৈ অধিক পৃষ্ঠপোষকতা আগবঢ়োৱাৰ কথাও তেওঁ উল্লেখ কৰে। 
 
চাইকেলসমূহৰ গুণগত মান আৰু সুৰক্ষাৰ বিষয়টোতো গুৰুত্ব আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে, "নিৰ্মিত চাইকেলসমূহৰ গুণগত মান আৰু সুৰক্ষা ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (BIS)-ৰ দৰে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানে প্ৰমাণীকৰণ কৰিছে। ফলত বাঁহেৰে নিৰ্মিত হ’লেও এই চাইকেলসমূহৰ সুৰক্ষা আৰু মানদণ্ডৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰা হৈছে।"
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অসমৰ প্ৰচুৰ বাঁহ সম্পদক কেন্দ্ৰ কৰি ৰাজ্যখনত বিভিন্ন ধৰণৰ উদ্যোগ স্থাপনৰ ব্যাপক সম্ভাৱনাৰ কথাও উল্লেখ কৰে। তেওঁৰ মতে, বাঁহক কেন্দ্ৰ কৰি নতুন নতুন প্ৰযুক্তি আৰু সামগ্ৰী বিকাশৰ ক্ষেত্ৰত যথেষ্ট সুযোগ আছে। বাঁহৰ পৰা প্ৰায় ৮০০ বিধ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিব পৰা যায় বুলিও তেওঁ উল্লেখ কৰে।
 
মুখ্যমন্ত্ৰীয়ে কয় যে, "বাঁহৰ পৰা উন্নত মানৰ টাইলছ, মিথানল, ইথানলৰ লগতে বিমানৰ বাবে ব্যৱহাৰযোগ্য বহনক্ষম ইন্ধনো উৎপাদন কৰাৰ সম্ভাৱনা আছে। বিশ্বজুৰি বাঁহক লৈ চলি থকা গৱেষণা আৰু নতুন প্ৰযুক্তিৰ বিকাশৰ ফলত আগন্তুক দশকত বাঁহ অধিক মূল্যৱান সম্পদলৈ পৰিণত হ’ব পাৰে। ইয়াৰ ফলত অসমৰ বাঁহ খেতিয়কসকলেও অৰ্থনৈতিকভাৱে লাভান্বিত হোৱাৰ সম্ভাৱনা আছে।"
 
উল্লেখ্য যে, বাঁহক কেন্দ্ৰ কৰি উদ্যোগ স্থাপনৰ ক্ষেত্ৰত দেশত ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে, "বাঁহক গছৰ পৰিৱৰ্তে ঘাঁহ হিচাপে শ্ৰেণীভুক্ত কৰাৰ পাছৰে পৰা বাঁহভিত্তিক উদ্যোগ আৰু বাঁহৰ পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণৰ কাম বৃদ্ধি পাইছে।"
 
বাঁহেৰে চাইকেল নিৰ্মাণৰ এই নতুন প্ৰয়োগ সফল হ’লে অসমৰ বাবে ই এক উল্লেখনীয় উদ্যোগ হিচাপে পৰিগণিত হ’ব পাৰে। একে সময়তে স্থানীয় বাঁহৰ চাহিদা বৃদ্ধি, নতুন কৰ্মসংস্থাপন সৃষ্টি, বাঁহ খেতিয়কৰ আয় বৃদ্ধিৰ সুযোগ আৰু পৰিৱেশবান্ধৱ যাতায়াত ব্যৱস্থাৰ বিকাশতো এই প্ৰকল্পই ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
 
শুকুৰবাৰৰ এই অনুষ্ঠানত অসমৰ মুখ্য সচিব ড° ৰবি কোটা, ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ উপ সঞ্চালক প্ৰধান ড° মীনাক্ষী গণেশন, বেম্বো ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক যোগেশ সুৰেশ সিন্দেকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।