১ জানুৱাৰীৰ পৰা সলনি হ’ব টেলিকম আন্তঃসংযোগৰ নিয়ম: কলৰ মান উন্নত কৰিবলৈ TRAIৰ নতুন পদক্ষেপ

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
দেশৰ টেলিকম আন্তঃগাঁথনি আধুনিকীকৰণ, ফোন কলৰ মান উন্নত আৰু বিভিন্ন টেলিকম নেটৱৰ্কৰ মাজত সংযোগ অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই (TRAI) নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। সেই অনুসৰি টেলিকমিউনিকেচন আন্তঃসংযোগ (তৃতীয় সংশোধনী) নিয়মাৱলী, ২০২৬ জাৰি কৰিছে। অহা ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা এই নতুন নিয়মাৱলী কাৰ্যকৰী হ'ব।
 
এই নতুন পদক্ষেপৰ লক্ষ্য হৈছে টেলিকম অপাৰেটৰসমূহৰ মাজত নেটৱৰ্ক সংযোগ আৰু কল আৰু অন্যান্য ট্ৰেফিক বিনিময় সৰল কৰা। ইয়াৰ লগতে ইণ্টাৰনেট প্ৰট'কল (আইপি) বাধ্যতামূলক কৰা হ'ব। ইফালে ২০২৭ চনৰ ১ জানুৱাৰীৰ পাছত স্থাপন কৰা সকলো নতুন আন্তঃসংযোগ ব্যৱস্থা আইপিভিত্তিক প্ৰযুক্তিৰে গঢ়ি তুলিব লাগিব। পুৰণি প্ৰযুক্তিৰে চলি থকা সংযোগসমূহে পৰৱৰ্তী ৩ বছৰৰ ভিতৰত আইপিভিত্তিক ব্যৱস্থালৈ ৰূপান্তৰ কৰিব লাগিব। 
 
ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ মতে এই পৰিৱৰ্তনৰ ফলত নেটৱৰ্ক বেণ্ডউইথৰ ব্যৱহাৰ অধিক সহজ হ'ব, কলৰ গুণগত মান উন্নত হ'ব আৰু সামগ্ৰিক নেটৱৰ্ক কাৰ্যক্ষমতা বৃদ্ধি পাব। ক্ৰমবৰ্ধমান মোবাইল ডাটা আৰু ডিজিটেল যোগাযোগৰ চাহিদা পূৰণতো সহায়ক হ'ব।
 
টেলিকম নেটৱৰ্কৰ সংযোগ ব্যৱস্থাত পৰিৱৰ্তন অনা হ'ব। বৰ্তমান লং ডিষ্টেন্স চাৰ্জিং এৰিয়া (Long Distance Charging Area) আৰু শ্বৰ্ট ডিষ্টেন্স চাৰ্জিং এৰিয়া (Short Distance Charging Area) পৰ্যায়ত থকা আন্তঃসংযোগ ব্যৱস্থাসমূহ পৰৱৰ্তী ৩ বছৰৰ ভিতৰত 'Licensed Service Area' পৰ্যায়ৰ পইণ্টছ অৱ ইণ্টাৰকানেকচন (Points of Interconnection) লৈ ৰূপান্তৰ কৰা হ'ব।
 
পইণ্টছ অৱ ইণ্টাৰকানেকচন (পিঅ'আই) হৈছে এটা নিৰ্দিষ্ট স্থান য'ত দুটা টেলিকম নেটৱৰ্ক সংযুক্ত হৈ কল আৰু অন্যান্য যোগাযোগৰ তথ্য আদান প্ৰদান কৰে। নতুন নিয়মে কল ৰাউটিং অধিক সৰল কৰাৰ লগতে টেলিকম কোম্পানীসমূহৰ কাৰিকৰী আৰু পৰিচালনাৰ জটিলতা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।
 
নিয়ম অনুসৰি পিঅ'আই জমা দিব বিচৰা অপাৰেটৰসকলৰ বাবেও এক সুকীয়া পদ্ধতি প্ৰৱৰ্তন কৰা হৈছে। পূৰ্বৰ কাঠামোত মূলতঃ সেৱা প্ৰদানকাৰীৰ মাজত বিবাদৰ দৰে ব্যতিক্ৰমী পৰিস্থিতিকে ধৰি সংযোগ বিচ্ছিন্ন কৰাৰ ব্যৱস্থা কৰা হৈছিল যদিও সংশোধিত নিয়মসমূহে অপাৰেটৰসকলক তেওঁলোকৰ আৰু প্ৰয়োজন নোহোৱা সংযোগসমূহ স্বেচ্ছাই আত্মসমৰ্পণ কৰাৰ অনুমতি দিয়ে। এই ব্যৱস্থাই অপাৰেটৰসকলক তেওঁলোকৰ নেটৱৰ্কসমূহ অধিক কাৰ্যক্ষমভাৱে পৰিচালনা কৰাত সহায় কৰিব আৰু অপ্ৰয়োজনীয় আন্তঃগাঁথনিৰ খৰচ কমাব বুলি আশা কৰা হৈছে।
 
আন্তঃসংযোগৰ সৈতে জড়িত বেংক গ্যেৰাণ্টি আৰু ধন পৰিশোধৰ নিয়মতো সংশোধন কৰা হৈছে। পুনৰ মূল্যায়নৰ পাছত দাখিল কৰা বেংক গ্যেৰাণ্টি বৈধতাৰ সময়সীমা ৬ মাহৰ পৰা ১২ মাহলৈ বৃদ্ধি কৰা হৈছে। একেদৰে আন্তঃসংযোগ মাচুল পৰিশোধত পলম হ'লে প্ৰযোজ্য সুতৰ হাৰ টেলিকম অপাৰেটৰসমূহে পাৰস্পৰিক আলোচনাৰ মাধ্যমেৰে নিৰ্ধাৰণ কৰিব পাৰিব। অৱশ্যে এই হাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এবছৰীয়া প্ৰান্তীয় ধন ব্যয় ভিত্তিক ঋণৰ হাৰৰ (এমচিএলআৰ) সৈতে অতিৰিক্ত ২ শতাংশতকৈ অধিব হ'ব নোৱাৰিব।
 
ইফালে নিয়ম উলংঘা কৰা অপাৰেটৰসমূহৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে আৰ্থিক জৰিমনাৰ ব্যৱস্থাও এই নতুন নিয়মাৱলীত কৰা হৈছে। একেদৰে নিয়ম সঠিকভাৱে পালন কৰা হৈছে নে নাই সেয়া চাবলৈ বাধ্যতামূলক প্ৰতিবেদন দাখিলৰো ব্যৱস্থা কৰা হৈছে।
 
গ্ৰাহকৰ বাবে এই পৰিৱৰ্তনৰ মূল লক্ষ্য হৈছে নতুন সেৱা প্ৰৱৰ্তন নকৰি অন্তৰ্নিহিত টেলিকম আন্তঃগাঁথনি উন্নত কৰা। আইপি-ভিত্তিক সংযোগ আৰু সৰলীকৃত নেটৱৰ্ক ব্যৱস্থালৈ পৰিৱৰ্তনে কল নিয়ন্ত্ৰণ, নেটৱৰ্ক দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা উন্নত কৰিব বুলি আশা কৰা হৈছে। কিন্তু প্ৰকৃত সুবিধা নিৰ্ভৰ কৰিব টেলিকম অপাৰেটৰসকলে নতুন কাঠামোটো কিমান ফলপ্ৰসূভাৱে ৰূপায়ণ কৰে।