নতুন দিল্লী
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে (আই এম এফ) ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ পূৰ্বানুমান ৬.৪ শতাংশৰ পৰা বৃদ্ধি কৰি ৭ শতাংশলৈ উন্নীত কৰিছে। ইয়াৰ পূৰ্বে জুলাই মাহত সংস্থাটোৱে ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ ৬.৪ শতাংশ হ’ব বুলি অনুমান কৰিছিল।
দেশৰ অৰ্থনীতিয়ে পূৰ্বানুমানতকৈ অধিক শক্তিশালী গতি লাভ কৰাৰ লগতে ঘৰুৱা চাহিদাৰ স্থিতিশীলতা আৰু সেৱা খণ্ডৰ শক্তিশালী প্ৰদৰ্শনৰ বাবেই এই সংশোধন কৰা হৈছে। উল্লেখযোগ্য যে, ইয়াৰ মাত্ৰ এসপ্তাহ পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকেও (আৰ বি আই) চলিত বিত্তীয় বৰ্ষৰ বাবে দেশৰ জিডিপি বৃদ্ধিৰ পূৰ্বানুমান ৭.১ শতাংশলৈ বৃদ্ধি কৰিছিল।
আই এম এফে নিজৰ গুৰুত্বপূৰ্ণ প্ৰতিবেদন ‘ৱৰ্ল্ড ইকনমিক আউটলুক’ৰ শেহতীয়া সংস্কৰণত কয়, “ভাৰতৰ অৰ্থনীতিৰ ক্ষেত্ৰত বৃদ্ধিৰ পূৰ্বানুমান ঊৰ্ধ্বমুখী কৰা হৈছে। ইয়াৰ আঁৰত আছে অৰ্থনৈতিক বিকাশৰ অব্যাহত গতি আৰু অধিক শক্তিশালী বৃদ্ধিৰ সম্ভাৱনাৰ প্ৰমাণ। অনুকূল জনগাঁথনিগত পৰিস্থিতি, বৃহৎ আৰু ক্ৰমবৰ্ধমান ঘৰুৱা বজাৰ তথা অব্যাহত গাঁথনিগত সংস্কাৰে ভাৰতৰ এই সম্ভাৱনাক শক্তিশালী কৰিছে।”
একেদৰে, ২০২৭-২৮ বিত্তীয় বৰ্ষৰ বাবেও ভাৰতৰ জিডিপি বৃদ্ধিৰ পূৰ্বানুমান ৭ শতাংশলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে জুলাই মাহত এই হাৰ ৬.৭ শতাংশ হ’ব বুলি অনুমান কৰা হৈছিল।
মন কৰিবলগীয়া যে, আমেৰিকা-ইৰান যুদ্ধ আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ দৰে ভূ-ৰাজনৈতিক অনিশ্চয়তা অব্যাহত থকাৰ পাছতো ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান বৃদ্ধি কৰা হৈছে। শক্তিৰ উৎসৰ বাবে আমদানিৰ ওপৰত নিৰ্ভৰশীল ভাৰতৰ দৰে দেশৰ বাবে এনে সংঘাতৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ। এই সন্দৰ্ভত আই এম এফে কয়, "বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ পাছতো ঘৰুৱা চাহিদা আৰু সেৱা খণ্ডৰ শক্তিশালী প্ৰদৰ্শনৰ ফলত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ গতি অটুট আছে।"
আই এম এফৰ পূৰ্বানুমান অনুসৰি, ২০২৬ চনত ব্ৰেণ্ট, ডুবাই ফাটেহ আৰু ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েটৰ গড় মূল্যৰ ভিত্তিত খাৰুৱা তেলৰ প্ৰতি বেৰেলৰ মূল্য ৯৫.৭৪ মাৰ্কিন ডলাৰ হ'ব পাৰে। ২০২৫ চনৰ তুলনাত এয়া প্ৰায় ৪১ শতাংশ অধিক। অৱশ্যে, ২০২৭ চনত খাৰুৱা তেলৰ মূল্য প্ৰায় ৯ শতাংশ হ্ৰাস পাই প্ৰতি বেৰেলত ৮৭.৩৯ মাৰ্কিন ডলাৰ হ’ব বুলি অনুমান কৰা হৈছে।
বিশ্ব অৰ্থনীতিৰ বিকাশৰ চালিকাশক্তি হৈ থাকিব ভাৰত
উল্লেখযোগ্য যে, বিশ্বৰ অৰ্থনৈতিক বিকাশত ভাৰতৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। দেশখনৰ জিডিপি বৃদ্ধিৰ পূৰ্বানুমান যথেষ্ট বৃদ্ধি পোৱাৰ বিপৰীতে বিশ্ব অৰ্থনীতিৰ সামগ্ৰিক বিকাশৰ গতি তুলনামূলকভাৱে মন্থৰ হৈ থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আই এম এফে।
সংস্থাটোৰ অনুমান অনুসৰি, ২০২৬ চনত বিশ্ব অৰ্থনীতিৰ বিকাশৰ হাৰ ৩.১ শতাংশ হ’ব। জুলাই মাহৰ পূৰ্বানুমানত এই হাৰ ৩ শতাংশ বুলি উল্লেখ কৰা হৈছিল। আনহাতে, ২০২৭ চনৰ বাবে বিশ্ব অৰ্থনীতিৰ বিকাশৰ পূৰ্বানুমান ৩.৪ শতাংশতে অপৰিৱৰ্তিত ৰখা হৈছে।
ইয়াৰ পূৰ্বে যোৱা মাহত এছিয়ান ডেভেলপমেণ্ট বেংক (এ ডি বি), অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থা (অ’ ই চি ডি) তথা এছ এণ্ড পি আৰু ফিট্ছৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাইও ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ জিডিপি বৃদ্ধিৰ পূৰ্বানুমান প্ৰায় ৭ শতাংশলৈ বৃদ্ধি কৰিছিল। জুন মাহত সমাপ্ত হোৱা ত্ৰৈমাসিকত দেশৰ অৰ্থনৈতিক কাৰ্যকলাপৰ শক্তিশালী প্ৰদৰ্শন আৰু মধ্যপ্ৰাচ্যৰ সংঘাতৰ মাজতো ঘৰুৱা চাহিদা স্থিৰ হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই সংশোধন কৰা হৈছিল।
চীন, ৰাছিয়াৰ অৰ্থনৈতিক বিকাশ মন্থৰ হোৱাৰ সম্ভাৱনা
আনহাতে, বিশ্বৰ কেইবাখনো উন্নত অৰ্থনীতিৰ ক্ষেত্ৰত আই এম এফে পূৰ্বতকৈ অধিক আশাবাদী দৃষ্টিভংগী প্ৰকাশ কৰিছে। জাৰ্মানীৰ অৰ্থনীতি ২০২৬ চনত ১.৩ শতাংশ হাৰত বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। জুলাই মাহত এই পূৰ্বানুমান ০.৭ শতাংশ আছিল। একেদৰে, ব্ৰিটেইনৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান পূৰ্বৰ ১ শতাংশৰ পৰা বৃদ্ধি কৰি ১.৩ শতাংশ কৰা হৈছে।
সামগ্ৰিকভাৱে, উন্নত অৰ্থনীতিসমূহৰ বিকাশৰ হাৰ ২০২৬ চনত ২.১ শতাংশ হ’ব বুলি আই এম এফে অনুমান কৰিছে। জুলাই মাহত এই হাৰ ১.৭ শতাংশ হ’ব বুলি পূৰ্বানুমান কৰা হৈছিল।
ইয়াৰ বিপৰীতে, উদীয়মান বজাৰ আৰু উন্নয়নশীল অৰ্থনীতিসমূহৰ ক্ষেত্ৰত বিকাশৰ সম্ভাৱনা কিছু হ্ৰাস পাইছে। আই এম এফৰ শেহতীয়া অনুমান অনুসৰি, ২০২৬ চনত এই দেশসমূহৰ অৰ্থনীতিৰ বিকাশৰ হাৰ ৩.৭ শতাংশ হ’ব পাৰে। জুলাই মাহত এই হাৰ ৩.৮ শতাংশ হ’ব বুলি অনুমান কৰা হৈছিল। ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান যথেষ্ট বৃদ্ধি পোৱাৰ পাছতো এই পৰিৱৰ্তন দেখা গৈছে।
আই এম এফৰ মতে, চীন, ৰাছিয়া আৰু ব্ৰাজিলৰ দৰে দেশৰ লগতে মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশৰ অৰ্থনৈতিক বিকাশৰ গতি মন্থৰ হোৱাৰ সম্ভাৱনাই ইয়াৰ মূল কাৰণ। এই দেশসমূহৰ কিছুমানৰ অৰ্থনৈতিক বিকাশ হ্ৰাস পোৱাৰ বিপৰীতে আন কিছুমানৰ অৰ্থনীতি সংকুচিত হোৱাৰো আশংকা আছে। ইয়াৰ ফলত সামগ্ৰিকভাৱে উদীয়মান বজাৰ আৰু উন্নয়নশীল অৰ্থনীতিসমূহৰ বিকাশৰ পূৰ্বানুমানত নেতিবাচক প্ৰভাৱ পৰিছে।