নতুন দিল্লী
অব্যাহত থকা মূল্যবৃদ্ধিয়ে দেশৰ গ্ৰাম্য অৰ্থনীতিত গভীৰ প্ৰভাৱ পেলাইছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ ফলত গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ সঞ্চয়ৰ পৰিমাণ ক্ৰমাগতভাৱে হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পাইছে ঋণৰ বোজা। নেচনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট (নাবাৰ্ড)ৰ শেহতীয়া সমীক্ষাত গ্ৰাম্য পৰিয়ালসমূহৰ এই উদ্বেগজনক আৰ্থিক পৰিস্থিতিৰ তথ্য পোহৰলৈ আহিছে।
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি জুলাই মাহত গ্ৰাম্য মুদ্ৰাস্ফীতিৰ হাৰ ৪.৮৪ শতাংশ আৰু আগষ্টত ৫.২৪ শতাংশ থকাৰ বিপৰীতে ছেপ্টেম্বৰ মাহত এই হাৰ বৃদ্ধি পাই ৬.০৮ শতাংশত উপনীত হয়। এনে পৰিস্থিতিত নাবাৰ্ডৰ অৰ্থনৈতিক বিশ্লেষণ আৰু গৱেষণা বিভাগে প্ৰস্তুত কৰা ‘ৰুৰেল ইকনমিক কণ্ডিচনছ এণ্ড চেণ্টিমেণ্টছ ছাৰ্ভে’ৰ ত্ৰয়োদশ সংস্কৰণত গ্ৰাম্য অৰ্থনীতিৰ এক মিশ্ৰিত ছবি প্ৰতিফলিত হৈছে।
দেশৰ ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ ৬০০খন গাঁৱৰ ৬,০০০টা পৰিয়ালক সামৰি চলোৱা এই সমীক্ষাত অনিয়মিত বৰষুণ, খাৰিফ শস্যৰ খেতিৰ পৰিসৰ হ্ৰাস আৰু বৰ্ধিত জীৱন-যাপনৰ ব্যয়ৰ প্ৰভাৱ বিশ্লেষণ কৰা হৈছে। প্ৰতিবেদনখনত গ্ৰাম্য অৰ্থনৈতিক পৰিস্থিতিক ‘মিশ্ৰিত যদিও সামগ্ৰিকভাৱে স্থিতিস্থাপক’ বুলি অভিহিত কৰা হৈছে।
সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি, বিগত এবছৰত মাত্ৰ ২৭.১ শতাংশ গ্ৰাম্য পৰিয়ালৰ আয় বৃদ্ধি পাইছে। সমীক্ষা আৰম্ভ হোৱাৰ পাছৰে পৰা এয়া আয় বৃদ্ধিৰ ক্ষেত্ৰত সৰ্বনিম্ন হাৰ। আনহাতে, ২০.৫ শতাংশ পৰিয়ালৰ আয় হ্ৰাস পোৱাৰ বিপৰীতে ৫২.৪ শতাংশ পৰিয়ালৰ আয় অপৰিৱৰ্তিত হৈ আছে। ইয়াৰ পৰা স্পষ্ট হৈছে যে মূল্যবৃদ্ধিৰ তুলনাত গ্ৰাম্য জনসাধাৰণৰ উপাৰ্জন আশানুৰূপ বৃদ্ধি পোৱা নাই।
বিশেষকৈ মুদ্ৰাস্ফীতিৰ প্ৰভাৱ পৰিছে পৰিয়ালসমূহৰ সঞ্চয়ৰ ওপৰত। বৰ্তমান গ্ৰাম্য পৰিয়ালসমূহে তেওঁলোকৰ মাহিলি আয়ৰ মাত্ৰ ১২.৬ শতাংশহে সঞ্চয় কৰিবলৈ সক্ষম হৈছে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত সমীক্ষা আৰম্ভ হোৱাৰ পাছৰে পৰা এয়া সঞ্চয়ৰ সৰ্বনিম্ন হাৰ। সংগৃহীত তথ্য অনুসৰি, গ্ৰাম্য পৰিয়ালসমূহৰ মাহিলি আয়ৰ প্ৰায় ৬৫ শতাংশ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী আৰু অন্যান্য খৰচত ব্যয় হোৱাৰ বিপৰীতে ১৩.২ শতাংশ ঋণৰ কিস্তি পৰিশোধত খৰচ হৈছে।
ইফালে, প্ৰায় ৩২.১ শতাংশ পৰিয়ালে তেওঁলোকৰ আৰ্থিক সঞ্চয় পূৰ্বৰ তুলনাত হ্ৰাস পোৱা বুলি প্ৰকাশ কৰিছে। একে সময়তে ঋণ গ্ৰহণ কৰা পৰিয়ালৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। জুলাই মাহত ২৮.৭ শতাংশ পৰিয়ালে ঋণ গ্ৰহণ কৰাৰ বিপৰীতে এই হাৰ বৃদ্ধি পাই ৩২.৪ শতাংশ হৈছে।
ঋণৰ উৎসৰ ক্ষেত্ৰতো সমীক্ষাত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে। প্ৰায় ৫২.৬ শতাংশ গ্ৰাম্য পৰিয়ালে বেংক আৰু অন্যান্য আনুষ্ঠানিক বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰাৰ বিপৰীতে ২২.১ শতাংশ পৰিয়াল এতিয়াও মহাজন তথা অনানুষ্ঠানিক ঋণ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। এনে অনানুষ্ঠানিক ঋণৰ ক্ষেত্ৰত গড় বাৰ্ষিক সুতৰ হাৰ ১৮.৩ শতাংশ পৰ্যন্ত হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ফলত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ ওপৰত ঋণ পৰিশোধৰ অতিৰিক্ত চাপ সৃষ্টি হৈছে।
আনহাতে, গ্ৰাম্য পৰিয়ালসমূহৰ অত্যাৱশ্যকীয় মাহিলি ব্যয়ৰ সৰ্বাধিক অংশ খাদ্য সামগ্ৰী ক্ৰয়ত খৰচ হৈছে। সমীক্ষা অনুসৰি, প্ৰয়োজনীয় ব্যয়ৰ ৫৩.৫ শতাংশ খাদ্য সামগ্ৰীত, ২৪.১ শতাংশ শিক্ষা আৰু স্বাস্থ্যসেৱাত তথা ১৬.৬ শতাংশ ৰন্ধন ইন্ধন আৰু পৰিবহণত ব্যয় কৰা হৈছে। খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে গ্ৰাম্য পৰিয়ালসমূহৰ আৰ্থিক পৰিস্থিতি অধিক জটিল কৰি তোলাৰ কথাও এই তথ্যই প্ৰতিফলিত কৰিছে।
গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত জনসাধাৰণৰ অগ্ৰাধিকাৰৰ বিষয়টোও সমীক্ষাত উল্লেখ কৰা হৈছে। প্ৰায় ৪৫.৩ শতাংশ পৰিয়ালে উন্নত বাট-পথক গ্ৰাম্য উন্নয়নৰ অন্যতম প্ৰধান প্ৰয়োজন হিচাপে চিহ্নিত কৰিছে। ইয়াৰ পাছতে শিক্ষা আৰু নিৰৱচ্ছিন্ন বিদ্যুৎ যোগানৰ সুবিধাক গুৰুত্ব দিয়া হৈছে।
প্ৰতিবেদনখনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ দৰে চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ ভূমিকা উল্লেখ কৰা হৈছে। লগতে, ডিজিটেল ব্যৱস্থাৰ জৰিয়তে চৰকাৰী সাহায্য যাতে প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ সময়মতে আৰু সঠিকভাৱে পৌঁছে, তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
সামগ্ৰিকভাৱে গ্ৰাম্য অৰ্থনীতিৰ ভৱিষ্যৎ সন্দৰ্ভত জনসাধাৰণৰ মাজত কিছু আশাবাদ অব্যাহত থাকিলেও মূল্যবৃদ্ধিৰ আশংকাই তেওঁলোকক উদ্বিগ্ন কৰি ৰাখিছে। বিশেষকৈ আয় বৃদ্ধিৰ মন্থৰ গতি, সঞ্চয় হ্ৰাস আৰু ঋণৰ ওপৰত ক্ৰমবৰ্ধমান নিৰ্ভৰশীলতাই অনাগত দিনত গ্ৰাম্য পৰিয়ালসমূহৰ আৰ্থিক স্থিতিশীলতাৰ সন্মুখত অধিক প্ৰত্যাহ্বান সৃষ্টি কৰাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।