উত্তৰ-পূৰ্বাঞ্চলৰ বিমান যাত্ৰীৰ বাবে সুখবৰঃ গুৱাহাটীৰ পৰা অৰুণাচলৰ হোলংগীলৈ আৰম্ভ ইণ্ডিগ’ৰ প্ৰথমখন বিমান সেৱা

Story by  atv | Posted by  Nikunja Nath • 46 m ago
উত্তৰ-পূৰ্বাঞ্চলৰ বিমান যাত্ৰীৰ বাবে সুখবৰঃ গুৱাহাটীৰ পৰা অৰুণাচলৰ হোলংগীলৈ আৰম্ভ ইণ্ডিগ’ৰ প্ৰথমখন বিমান সেৱা
উত্তৰ-পূৰ্বাঞ্চলৰ বিমান যাত্ৰীৰ বাবে সুখবৰঃ গুৱাহাটীৰ পৰা অৰুণাচলৰ হোলংগীলৈ আৰম্ভ ইণ্ডিগ’ৰ প্ৰথমখন বিমান সেৱা
 
গুৱাহাটী
 
উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থালৈ এক নতুন আৰু গুৰুত্বপূৰ্ণ সংযোজন ঘটিছে। উত্তৰ-পূবৰ বিমান যাত্ৰীসকলৰ বাবে এক ডাঙৰ সুখবৰ কঢ়িয়াই আনি দেশৰ অগ্ৰণী বিমান পৰিবহণ সংস্থা 'ইণ্ডিগ'ই (IndiGo) গুৱাহাটীৰ পৰা অৰুণাচল প্ৰদেশৰ হোলংগীলৈ নিজৰ প্ৰথমখন বিমান সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰিছে।
 
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা অৰুণাচল প্ৰদেশৰ ইটানগৰৰ সমীপৱৰ্তী হোলংগীস্থিত 'দন্যি প'ল' বিমান বন্দৰলৈ' এই পোনপটীয়া বিমান সেৱা মুকলি কৰা হৈছে। এইটোৱেই হৈছে ইণ্ডিগ'ৰ দ্বাৰা গুৱাহাটী আৰু হোলংগীৰ মাজত পৰিচালিত প্ৰথমখন যাত্ৰীবাহী বিমান। 
 
এই বিশেষ দিনটো উদযাপন কৰাৰ উদ্দেশ্যে গুৱাহাটী বিমান বন্দৰত প্ৰথমখন উৰণৰ যাত্ৰীসকলক অতি উষ্ম আৰু আন্তৰিকতাৰে আদৰণি জনোৱা হয়। বিমান বন্দৰ কৰ্তৃপক্ষ আৰু ইণ্ডিগ'ৰ বিষয়ববীয়াসকলৰ এই পদক্ষেপে যাত্ৰীসকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি কৰে। 
 
অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত আৰম্ভ হোৱা এই নতুন বিমান সেৱাই দুয়োখন ৰাজ্যৰ বাবে কেইবাটাও দিশত সুফল কঢ়িয়াই আনিব৷ পথ-পৰিবহণেৰে গুৱাহাটীৰ পৰা ইটানগৰলৈ যোৱাৰ দীঘলীয়া আৰু ভাগৰুৱা যাত্ৰাৰ অৱসান ঘটিব। এতিয়া যাত্ৰীসকলে মাত্ৰ ৫৫ মিনিট মানৰ ভিতৰতে আকাশীমাৰ্গেৰে দুয়োখন চহৰৰ মাজত যাতায়াত কৰিব পাৰিব।
 
অৰুণাচল প্ৰদেশৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা দেশী-বিদেশী পৰ্যটকসকলৰ বাবে গুৱাহাটীৰ পৰা থকা এই পোনপটীয়া যাতায়াত ব্যৱস্থা এক ডাঙৰ সুবিধা হিচাপে পৰিগণিত হ'ব। আনহাতে, ব্যৱসায়-বাণিজ্য, চিকিৎসা তথা অন্যান্য জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰতো এই বিমান সংযোগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
 
সামগ্ৰিকভাৱে, গুৱাহাটী আৰু হোলংগীৰ মাজত আৰম্ভ হোৱা এই বিমান সেৱাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আকাশীমাৰ্গৰ যাতায়াত ব্যৱস্থাত এক নতুন অধ্যায়ৰ সূচনা কৰিছে, যিয়ে ভৱিষ্যতে অঞ্চলটোৰ উন্নয়নত বিশেষ বৰঙণি যোগাব।