পুনৰ বৃদ্ধি পালে মাদাৰ ডেইৰীৰ গাখীৰৰ মূল্য, প্ৰতি লিটাৰত ২ৰ পৰা ৪ টকালৈ দাম বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 6 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী 
 
দেশৰ অন্যতম আগশাৰীৰ দুগ্ধ উৎপাদনকাৰী প্ৰতিষ্ঠান মাদাৰ ডেইৰীয়ে গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ৰ পৰা ৪ টকালৈ বৃদ্ধি কৰিছে। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি, বৰ্ধিত উৎপাদন আৰু সংগ্ৰহ ব্যয়ৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা এই নতুন মূল্য বৃহস্পতিবাৰ, ১২ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব।
 
দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (NCR) সৰ্ববৃহৎ গাখীৰ যোগানকাৰী প্ৰতিষ্ঠান মাদাৰ ডেইৰীয়ে ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১৪ মে'ত গাখীৰৰ মূল্য বৃদ্ধি কৰিছিল। তাৰ আগতে ২০২৫ চনৰ এপ্ৰিল মাহত প্ৰতিষ্ঠানটোৱে গাখীৰৰ দাম সংশোধন কৰিছিল।
 
পিটিআইৰ সূত্ৰই জনোৱা অনুসৰি, মাদাৰ ডেইৰীয়ে বিভিন্ন প্ৰকাৰৰ তৰল গাখীৰৰ খুচুৰা মূল্য প্ৰতি লিটাৰত ২ৰ পৰা ৪ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে, এই মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো মন্তব্য প্ৰকাশ কৰা নাই।
 
সূত্ৰৰ মতে, শেহতীয়াকৈ দুগ্ধ উৎপাদক কৃষকসকলৰ পৰা গাখীৰ সংগ্ৰহৰ ব্যয় বৃদ্ধি পাইছে। ফলত বৰ্ধিত ব্যয়ৰ একাংশ গ্ৰাহকৰ ওপৰত আৰোপ কৰিবলৈ বাধ্য হৈছে প্ৰতিষ্ঠানটো। উল্লেখযোগ্য যে, মাদাৰ ডেইৰীয়ে গাখীৰ বিক্ৰীৰ পৰা লাভ কৰা ধনৰ প্ৰায় ৭৫ৰ পৰা ৮০ শতাংশ দুগ্ধ উৎপাদক কৃষকসকলক প্ৰদান কৰে।
 
নতুন মূল্য অনুসৰি, দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত খোলা বিক্ৰী ব্যৱস্থাৰ জৰিয়তে যোগান ধৰা টনড গাখীৰৰ দাম প্ৰতি লিটাৰত ৫৮ টকাৰ পৰা ৬০ টকালৈ বৃদ্ধি পাইছে।
 
আনহাতে, পেকেটজাত ফুল ক্ৰীম গাখীৰৰ মূল্য প্ৰতি লিটাৰত ৭২ টকাৰ পৰা ৭৬ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে পেকেটজাত টনড গাখীৰৰ দাম ৬০ টকাৰ পৰা ৬২ টকালৈ আৰু ডাবল টনড গাখীৰৰ দাম ৫৪ টকাৰ পৰা ৫৬ টকালৈ বৃদ্ধি পাইছে। গৰুৰ গাখীৰৰ মূল্যও প্ৰতি লিটাৰত ৬২ টকাৰ পৰা ৬৫ টকালৈ বৃদ্ধি কৰা হৈছে।
 
উল্লেখযোগ্য যে, মাদাৰ ডেইৰীয়ে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত নিজা বিক্ৰী কেন্দ্ৰ, সাধাৰণ বিপণী আৰু ই-কমাৰ্চ মাধ্যমৰ জৰিয়তে দৈনিক প্ৰায় ৩৫ লাখ লিটাৰ গাখীৰ বিক্ৰী কৰে। সামগ্ৰিকভাৱে প্ৰতিষ্ঠানটোৱে প্ৰতিদিনে ৫০ লাখ লিটাৰতকৈও অধিক গাখীৰ বিক্ৰী কৰি আহিছে।
 
ইফালে, গাখীৰজাত সামগ্ৰী আৰু খাদ্য প্ৰস্তুতকৰণত ব্যৱহৃত তেলৰ চাহিদা বৃদ্ধিৰ ফলত বিগত বিত্তীয় বৰ্ষত মাদাৰ ডেইৰীৰ ব্যৱসায়িক আয় ১৭ শতাংশ বৃদ্ধি পাই ২০,৩০০ কোটি টকাত উপনীত হৈছে। 
 
১৯৭৪ চনত স্থাপিত মাদাৰ ডেইৰী হৈছে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ (NDDB) সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান। কোম্পানীটোৱে ‘মাদাৰ ডেইৰী’ ব্ৰেণ্ডৰ অধীনত গাখীৰ আৰু গাখীৰজাত সামগ্ৰী বিক্ৰী কৰাৰ লগতে ‘ধাৰা’ ব্ৰেণ্ডৰ অধীনত খাদ্যত ব্যৱহৃত তেল বজাৰত উপলব্ধ কৰি আহিছে। 
 
ইয়াৰ উপৰি ‘সফল’ ব্ৰেণ্ডৰ অধীনত সতেজ ফল-মূল, শাক-পাচলি, হিমায়িত শাক-পাচলি, জলপানৰ সামগ্ৰী, ফলৰ মণ্ড আৰু ঘনীভূত ফলজাত সামগ্ৰী বিক্ৰী কৰে।
 
বৰ্তমান মাদাৰ ডেইৰীৰ নিজা ৯ টা দুগ্ধ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ আৰু ৪ টা উদ্যানশস্য প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ আছে। ইয়াৰ লগতে খাদ্যত ব্যৱহৃত তেলৰ ব্যৱসায়ৰ বাবে প্ৰতিষ্ঠানটোৱে ১৬টা সহযোগী কাৰখানাৰ জৰিয়তে কাম-কাজ চলাই আহিছে।