তেওঁৰ এই মন্তব্যই বিজয়ী ভাষণত এক বিশেষ মুহূৰ্তৰ সৃষ্টি কৰে। বুধবাৰে এক প্ৰতিবেদনত মিচিগানৰ ছেনেট নিৰ্বাচনত এল-ছায়েদৰ জয় নিশ্চিত কৰে। তেওঁ পৰাস্ত কৰা মাইক ৰজাৰ্ছ এগৰাকী প্ৰাক্তন এফবিআই বিষয়া আৰু সাতবাৰকৈ আমেৰিকাৰ কংগ্ৰেছলৈ নিৰ্বাচিত হোৱা ৰাজনীতিবিদ।
এই জয়ৰ ফলত মিচিগানৰ ছেনেট আসনখন ডেম'ক্ৰেটিক পাৰ্টিৰ হাততেই থাকিল। ডেম'ক্ৰেটিক ছেনেটৰ গেৰী পিটাৰ্ছে অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত আসনখনক লৈ তীব্ৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আৰম্ভ হৈছিল।
৩ নৱেম্বৰত অনুষ্ঠিত মধ্যৱৰ্তী নিৰ্বাচনত ডেম'ক্ৰেটিক পাৰ্টিয়ে লাভ কৰা ব্যাপক সফলতাৰ মাজতেই এল-ছায়েদে এই ঐতিহাসিক বিজয় লাভ কৰিছে। এই নিৰ্বাচনত ৰিপাব্লিকান দলৰ পৰা প্ৰতিনিধি সভা আৰু ছেনেট দুয়োটাৰে নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিবলৈ সক্ষম হয় ডেম'ক্ৰেটিক পাৰ্টি। অৱশ্যে এল-ছায়েদৰ বাবে নিৰ্বাচনী যুঁজখন সহজ নাছিল। প্ৰচাৰৰ আৰম্ভণিৰ পৰাই তেওঁৰ ধৰ্মীয় পৰিচয়, বৈদেশিক নীতি সম্পৰ্কীয় মতামত আৰু প্ৰগতিশীল ৰাজনৈতিক আদৰ্শক লৈ ৰিপাব্লিকান নেতাসকলে সৰৱ হৈ উঠিছিল।
ৰাষ্ট্ৰপতি ট্ৰাম্পেও এল-ছায়েদক লক্ষ্য কৰি কেইবাটাও বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ এল-ছায়েদক ‘জিহাদী' বুলি অভিহিত কৰাৰ লগতে ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰসংগ উত্থাপন কৰি মিচিগানৰ ভোটাৰসকলক তেওঁৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনাইছিল।
আনহাতে, ৰিপাব্লিকান ছেনেটৰ টেড ক্ৰুজে এল-ছায়েদৰ সৈতে মুছলিম ব্ৰাদাৰহুড সংগঠনৰ সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰিছিল। কিন্তু এই অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে এল-ছায়েদে। তেওঁ স্পষ্টকৈ কয় যে, তেওঁ কেতিয়াও সংগঠনটোৰ সদস্য নাছিল আৰু ভৱিষ্যতেও নহয়।
ইজিপ্তৰ পৰা আমেৰিকালৈ প্ৰব্ৰজন কৰা এক পৰিয়ালৰ সন্তান এল-ছায়েদে পূৰ্বতে জনস্বাস্থ্য বিভাগত কাম কৰিছিল। তেওঁ ৱেইন কাউণ্টীৰ স্বাস্থ্য, মানৱ আৰু প্ৰাক্তন সৈনিক সেৱা বিভাগৰ সঞ্চালক হিচাপেও দায়িত্ব পালন কৰিছিল। পৰৱৰ্তী সময়ত মিচিগানৰ ৰাজনীতিত এগৰাকী উল্লেখযোগ্য প্ৰগতিশীল নেতা হিচাপে আত্মপ্ৰকাশ কৰে এল-ছায়েদে।
তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত আছিল সকলোৰে বাবে স্বাস্থ্যসেৱা নিশ্চিত কৰা, নিৰ্বাচনত বৃহৎ কোম্পানীসমূহৰ ধনৰ প্ৰভাৱ হ্ৰাস কৰা আৰু অৰ্থনৈতিক বৈষম্য দূৰ কৰা। ইয়াৰ উপৰি তেওঁ বিদেশৰ যুদ্ধত আমেৰিকাৰ ধন ব্যয় কৰাৰ পৰিৱৰ্তে সেই ধন দেশৰ স্বাস্থ্য, শিক্ষা আৰু আন্তঃগাঁথনি উন্নয়নত ব্যৱহাৰ কৰাৰ পক্ষত মত প্ৰকাশ কৰিছিল।
ইজৰাইলৰ সামৰিক অভিযানলৈ আমেৰিকাই আগবঢ়োৱা সমৰ্থনৰো সমালোচনা কৰিছিল এল-ছায়েদে। বিদেশৰ যুদ্ধৰ বাবে আমেৰিকাৰ আৰ্থিক সাহায্য বন্ধ কৰাৰ দাবীও আছিল তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ অন্যতম বিষয়। উল্লেখযোগ্য যে, আগষ্ট মাহত অনুষ্ঠিত ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাথমিক নিৰ্বাচনত প্ৰতিনিধি হেলী ষ্টিভেন্সক পৰাস্ত কৰি দলীয় প্ৰাৰ্থিত্ব লাভ কৰিছিল এল-ছায়েদে।
সেই প্ৰাথমিক নিৰ্বাচন আছিল যথেষ্ট প্ৰতিদ্বন্দ্বিতাপূৰ্ণ আৰু ব্যয়বহুল। দলৰ একাংশ প্ৰভাৱশালী নেতাৰ বিৰোধিতাৰ সন্মুখীন হৈয়ো এল-ছায়েদে নিজৰ স্থান সুদৃঢ় কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে সাধাৰণ নিৰ্বাচনৰ কিছুদিন পূৰ্বে হেলী ষ্টিভেন্সে ৰিপাব্লিকান প্ৰাৰ্থী মাইক ৰজাৰ্ছক সমৰ্থন জনোৱাত ডেম'ক্ৰেটিক পাৰ্টিৰ ভিতৰতো মতভেদ স্পষ্ট হৈ পৰে।
বিশেষকৈ ইজৰাইল সম্পৰ্কে এল-ছায়েদৰ স্থিতি আৰু ৰাজনৈতিক ভাষ্যকাৰ হাছান পাইকাৰৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ দলৰ ভিতৰতে বিতৰ্কৰ সৃষ্টি হৈছিল। আনহাতে, ৰিপাব্লিকান প্ৰাৰ্থী মাইক ৰজাৰ্ছে এল-ছায়েদক মিচিগানৰ বাবে অত্যধিক বাওঁপন্থী নেতা হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু এই সকলো ৰাজনৈতিক প্ৰত্যাহ্বান অতিক্ৰম কৰি অৱশেষত বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয় এল-ছায়েদে।
তেওঁৰ এই জয়ক আমেৰিকাৰ ৰাজনীতিত মুছলমান সমাজৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে। একেদৰে, নিৰ্বাচনী প্ৰচাৰৰ সময়ত নিজৰ বিৰুদ্ধে হোৱা ব্যক্তিগত আৰু ৰাজনৈতিক আক্ৰমণৰ উত্তৰ বিজয়ী ভাষণত ৰসিকতাৰে দিয়াৰ বাবে বিশেষ চৰ্চালৈ আহিছে এল-ছায়েদ।
ইফালে, আব্দুল এল-ছায়েদৰ বিজয়ী ভাষণত কৰা কটাক্ষৰ পিছত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ কোনো প্ৰত্যক্ষ প্ৰতিক্ৰিয়া এতিয়ালৈকে প্ৰকাশ পোৱা নাই। অৱশ্যে নিৰ্বাচনৰ পূৰ্বে এল-ছায়েদৰ বিৰুদ্ধে যথেষ্ট সৰৱ আছিল ট্ৰাম্প। ৩ নৱেম্বৰত নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম 'ট্ৰুথ ছ'চিয়েল'ত তেওঁ অভিযোগ কৰিছিল যে, এল-ছায়েদে ইহুদী, কৃষ্ণাংগ আৰু শ্বেতাংগ লোকসকলক ঘৃণা কৰে। আনকি এল-ছায়েদক ভোট দিয়া লোকসকলকো কঠোৰ ভাষাৰে সমালোচনা কৰিছিল ৰাষ্ট্ৰপতিগৰাকীয়ে।
ইয়াৰ পূৰ্বে মিচিগানৰ এক নিৰ্বাচনী সভাত এল-ছায়েদক 'জিহাদী' বুলি অভিহিত কৰি তেওঁৰ দেশপ্ৰেমক লৈও প্ৰশ্ন উত্থাপন কৰিছিল ট্ৰাম্পে। অৱশ্যে এল-ছায়েদে এনে অভিযোগ অস্বীকাৰ কৰিছিল। এই সকলো আক্ৰমণৰ মাজতো নিৰ্বাচনত জয়লাভ কৰি ট্ৰাম্পক উদ্দেশ্যি এল-ছায়েদে কয় যে, এতিয়াৰ পৰা তেওঁক কেৱল 'ছেনেটৰ' বুলিয়েই সম্বোধন কৰিব পাৰিব।