কাঠমাণ্ডু
নেপালৰ শ্বে-ফোকচুণ্ডো ৰাষ্ট্ৰীয় উদ্যান অঞ্চলত প্ৰচণ্ড তুষাৰপাতৰ ফলত শনিবাৰে বিয়লিৰ পৰা আবদ্ধ হৈ আছে ছয়গৰাকী ভাৰতীয় পৰ্যটক। ইয়াৰে দুগৰাকী মহিলা। আবদ্ধ পৰ্যটকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। দেওবাৰে এই কথা প্ৰকাশ কৰিছে নেপালৰ প্ৰশাসনিক বিষয়াসকলে।
ডোলপা জিলাৰ মুখ্য জিলা বিষয়া জুনু ঢাকালৰ মতে, ভাৰতীয় পৰ্যটকসকল শ্বে-ফোকচুণ্ডো গ্ৰাম্য পৌৰসভাৰ ৮নং ৱাৰ্ডৰ ধো অঞ্চললৈ গৈছিল। অঞ্চলটো প্ৰচণ্ড তুষাৰপাতৰ ফলত সম্পূৰ্ণৰূপে বৰফেৰে ঢাক খাই পৰে, যাৰ বাবে পৰ্যটকসকল তাতেই আবদ্ধ হৈ পৰে।
উল্লেখযোগ্য যে, এই অঞ্চলতে অৱস্থিত নেপালৰ আটাইতকৈ গভীৰ হ্ৰদ শ্বে-ফোকচুণ্ডো। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৩,৬০০ মিটাৰ উচ্চতাত অৱস্থিত হ্ৰদটোৰ গভীৰতা প্ৰায় ১৪৫ মিটাৰ।
পৰ্যটকসকলৰ উদ্ধাৰ অভিযান সন্দৰ্ভত জুনু ঢাকালে সংবাদ সংস্থা পিটিআইক কয়, "তেওঁলোক কোনটো অঞ্চলত আবদ্ধ হৈ আছে, সেয়া আমি চিনাক্ত কৰিবলৈ সক্ষম হৈছোঁ। উদ্ধাৰৰ বাবে সেনাবাহিনীৰ এখন হেলিকপ্টাৰ আহি আছে। অতি সোনকালে তেওঁলোকক উদ্ধাৰ কৰিব পৰা যাব বুলি আমি আশা কৰিছোঁ।"
প্ৰশাসনৰ তথ্য অনুসৰি, নিৰাপত্তাৰক্ষী আৰু তেওঁলোকৰ সৈতে থকা নেপালী গাইডে প্ৰতিকূল বতৰৰ বাবে আগলৈ যাত্ৰা নকৰিবলৈ সকীয়াই দিছিল। কিন্তু সেই সতৰ্কবাণী উপেক্ষা কৰিয়েই ভাৰতীয় পৰ্যটকসকলে হ্ৰদৰ দিশে যাত্ৰা অব্যাহত ৰাখিছিল।
জুনু ঢাকালে জনোৱা মতে, পৰ্যটকসকলে গাইডজনক এৰি প্ৰচণ্ড তুষাৰপাতৰ মাজেৰেই হ্ৰদৰ দিশে আগবাঢ়ি গৈছিল। শনিবাৰে নিশাৰ পৰা তেওঁলোকৰ সৈতে যোগাযোগত ব্যাঘাত জন্মে।
শনিবাৰে সন্ধিয়া নেপালী গাইডজনে ডোলপা জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি পৰ্যটকসকল প্ৰচণ্ড তুষাৰপাতৰ বাবে আবদ্ধ হৈ পৰাৰ আশংকা প্ৰকাশ কৰিছিল। অৱশ্যে দেওবাৰে পুৱাৰ পৰা তেওঁলোকৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে।
এই সন্দৰ্ভত জুনু ঢাকালে স্পষ্ট কৰি কয় যে, পৰ্যটকসকলক সন্ধানহীন বুলি ক’ব নোৱাৰি, কিয়নো তেওঁলোক আবদ্ধ হৈ থকা অঞ্চলটো ইতিমধ্যে চিনাক্ত কৰা হৈছে।
ডোলপা জিলা প্ৰশাসনে প্ৰকাশ কৰা এক সংবাদ বিজ্ঞপ্তি অনুসৰি, আবদ্ধ হৈ থকা ছয়গৰাকী ভাৰতীয় পৰ্যটক হৈছে মৌমিতা হালদাৰ, পিয়ালী কোলেই, জাজলা ত্ৰিবেদী কুমাৰ, আদিত্য সিংহ, দিপলিনা বিশ্বাস আৰু ৰাজেশ দে।
প্ৰশাসনে জনোৱা মতে, পৰ্যটকসকলক উদ্ধাৰৰ বাবে নিৰাপত্তাৰক্ষীক অভিযানত নিয়োজিত কৰা হৈছে। লগতে উদ্ধাৰকাৰ্যত সহায় কৰিবলৈ সেনাবাহিনীৰ হেলিকপ্টাৰৰ ব্যৱস্থা কৰা হৈছে।
প্ৰচণ্ড তুষাৰপাত আৰু যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ বাবে উদ্ধাৰ অভিযানত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে যদিও আবদ্ধ পৰ্যটকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবে নেপাল প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে।