প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ; মাইক্ৰ’ছফ্টৰ বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীলৈ স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ

Story by  atv | Posted by  [email protected] • 3 h ago
মাইক্ৰ’ছফ্টৰ বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীলৈ স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ
মাইক্ৰ’ছফ্টৰ বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীলৈ স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ
 
নতুন দিল্লী
 
খৰচ নিয়ন্ত্ৰণৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত বিনিয়োগ বৃদ্ধি কৰাৰ সুদূৰপ্ৰসাৰী লক্ষ্যৰে আমেৰিকান বহুজাতিক প্ৰযুক্তি প্ৰতিষ্ঠান মাইক্ৰ’ছফ্টে সমগ্ৰ বিশ্বৰ প্ৰায় ৬০ হাজাৰ কৰ্মচাৰীক সামৰি এক স্বেচ্ছামূলক অৱসৰ আঁচনি ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন আৰু কানাডাত নিৰ্দিষ্ট বিভাগসমূহত কৰ্মৰত ৭০ আৰু তাতকৈ তলৰ পৰ্যায়ৰ কৰ্মচাৰীসকলক আৰ্থিক সাহায্য আৰু কেৰিয়াৰ পৰিকল্পনাৰ সুবিধাৰে প্ৰতিষ্ঠানটোৰ পৰা বিদায় লোৱাৰ সুযোগ প্ৰদান কৰা হৈছে। অৱশ্যে, ডাটা চেন্টাৰ, বিক্ৰী আৰু বিপণনৰ দৰে কেইটামান নিৰ্দিষ্ট বিভাগত কৰ্মৰত কৰ্মচাৰীসকলক এই আঁচনিৰ পৰা বাহিৰত ৰখা হৈছে।
 
মাইক্ৰ’ছফ্টৰ মানৱ সম্পদ বিভাগৰ মুখ্য বিষয়া এমি ক’লমেনে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, এই আঁচনিয়ে প্ৰতিষ্ঠানটোৰ বাহিৰত নিজৰ ভৱিষ্যত গঢ়িব বিচৰা কৰ্মচাৰীসকলক এক নতুন সুযোগ প্ৰদান কৰিব আৰু সমান্তৰালভাৱে অংশগ্ৰহণকাৰী বিভাগসমূহকো নিজৰ প্ৰয়োজনীয়তা অনুসৰি কৰ্মশক্তি সলনি কৰাত সহায় কৰিব। এই স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে চাকৰিৰ প্ৰতিটো সম্পূৰ্ণ বছৰৰ বাবে এমাহৰ মূল দৰমহাৰ লগতে স্বাস্থ্য বীমা আৰু কেৰিয়াৰ পৰিৱৰ্তনৰ সহায় লাভ কৰিব।
 
উল্লেখযোগ্য যে চলিত বৰ্ষত মাইক্ৰ’ছফ্টে কৰ্মচাৰীসকলক আগবঢ়োৱা এইটো হৈছে দ্বিতীয়টো স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত আমেৰিকাত প্ৰতিষ্ঠানটোৰ প্ৰায় সাত শতাংশ কৰ্মচাৰীক আগতীয়া অৱসৰৰ বিকল্প দিয়া হৈছিল, যাৰ প্ৰায় ৩০ শতাংশই এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল।
 
ভাৰতৰ প্ৰেক্ষাপটত চাবলৈ গ'লে, কৰ্মৰত মাইক্ৰ’ছফ্টৰ প্ৰায় ২৩ হাজাৰ কৰ্মচাৰীৰ মাজৰ কিমানগৰাকী কৰ্মচাৰী এই আঁচনিৰ বাবে যোগ্য বিবেচিত হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। যোগ্য বিবেচিত কৰ্মচাৰীসকলে এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ সন্দৰ্ভত অহা ১ ডিচেম্বৰৰ ভিতৰত নিজৰ সিদ্ধান্ত জনাব লাগিব। অৱশ্যে, এই আঁচনিয়ে মাইক্ৰ’ছফ্টৰ ভাৰতীয় পৰিকল্পনাত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি প্ৰতিষ্ঠানটোৱে স্পষ্ট কৰিছে। প্ৰতিষ্ঠানটোৰ মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ২০২৫-২০২৯ বৰ্ষৰ ভিতৰত ক্লাউড আৰু এআই আন্তঃগাঁথনিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ২০.৫ বিলিয়ন ডলাৰৰ বিনিয়োগ পূৰ্বৰ দৰেই অব্যাহত থাকিব আৰু ২০৩০ চনৰ ভিতৰত ২ কোটি ভাৰতীয়ক এআইৰ প্ৰশিক্ষণ দিয়াৰ লক্ষ্যত উপনীত হ’ব।
 
আমেৰিকাত বিদেশী শ্ৰমিক নিয়োগ আৰু ভিছা সম্পৰ্কীয় নীতি-নিয়মৰ তদাৰক বৃদ্ধি পোৱাৰ সময়তে মাইক্ৰ’ছফ্টৰ এই স্বেচ্ছামূলক অৱসৰ আঁচনিৰ ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে। অৱশ্যে প্ৰতিষ্ঠানটোৱে ইয়াৰ ভিছা নীতিক সমৰ্থন কৰি স্পষ্ট কৰি দিছে যে তেওঁলোকৰ বেছিভাগ কৰ্মচাৰীয়েই হৈছে আমেৰিকান নাগৰিক আৰু যোৱা বিত্তীয় বৰ্ষত দাখিল কৰা প্ৰায় ৬ হাজাৰ এইচ-১বি ভিছাৰ আবেদনৰ ৮০ শতাংশই বৰ্তমানৰ কৰ্মচাৰীৰ ভিছাৰ ম্যাদ বৃদ্ধিৰ সৈতেহে জড়িত। ইয়াৰ পূৰ্বে জুলাই মাহত বাৰ্ষিক পুনৰ্গঠনৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৱে প্ৰায় ৪,৮০০ টা পদ বিলুপ্ত কৰাৰ লগতে যোৱা এবছৰত ৪ হাজাৰৰো অধিক কৰ্মচাৰীক নতুন পদত সংস্থাপিত কৰিছিল। মাইক্ৰ’ছফ্টৰ এই শেহতীয়া স্বেচ্ছামূলক অৱসৰ আঁচনিয়ে এআইৰ দ্ৰুত বিকাশৰ সমান্তৰালভাৱে ভৱিষ্যতৰ কৰ্মসংস্কৃতি আৰু প্ৰযুক্তি খণ্ডৰ নিয়োগৰ স্থায়িত্বক লৈ নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে।


শেহতীয়া খবৰ