ভাৰত-আজাৰবাইজানৰ সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে বাকুত চিত্ৰ প্ৰদৰ্শনী আৰু সাহিত্য পাঠৰ অনুষ্ঠান

Story by  atv | Posted by  Munni Begum • 1 h ago
ভাৰত-আজাৰবাইজানৰ সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে বাকুত চিত্ৰ প্ৰদৰ্শনী আৰু সাহিত্য পাঠৰ অনুষ্ঠান
ভাৰত-আজাৰবাইজানৰ সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে বাকুত চিত্ৰ প্ৰদৰ্শনী আৰু সাহিত্য পাঠৰ অনুষ্ঠান
 
বাকু
 
ভাৰত আৰু আজাৰবাইজানৰ মাজত দীৰ্ঘদিনীয়া সাংস্কৃতিক সম্পৰ্ক তথা উমৈহতীয়া ঐতিহ্য উদযাপনৰ উদ্দেশ্যে আজাৰবাইজানৰ ৰাজধানী বাকুত থকা ভাৰতীয় দূতাবাসে এখন বিশেষ চিত্ৰ প্ৰদৰ্শনী আৰু সাহিত্য পাঠৰ অনুষ্ঠানৰ আয়োজন কৰিছে।
 
দেওবাৰে দূতাবাসৰ চৌহদত আয়োজিত এই অনুষ্ঠানত ‘এক বন্ধুত্ব, দুখন দেশঃ ভাৰত আৰু আজাৰবাইজান’ শীৰ্ষক এখন বিশেষ চিত্ৰ প্ৰদৰ্শনীৰ লগতে ভাৰতীয় সাহিত্যৰ কালজয়ী গ্ৰন্থ ‘পঞ্চতন্ত্ৰ’ৰ কাহিনী পাঠৰ ব্যৱস্থা কৰা হয়। অনুষ্ঠানত বিভিন্ন বয়সৰ আজাৰবাইজানৰ ছাত্ৰ-ছাত্ৰী আৰু উদীয়মান শিল্পীসকলে অংশগ্ৰহণ কৰি চিত্ৰকলা, সাহিত্য, সংগীত আৰু সাংস্কৃতিক আদান-প্ৰদানৰ এক মনোমোহা পৰিৱেশ সৃষ্টি কৰিছে।
 
অনুষ্ঠানত উপস্থিত লোকসকলক সম্বোধন কৰি আজাৰবাইজানত নিযুক্ত ভাৰতৰ ৰাষ্ট্ৰদূত অভয় কুমাৰে স্থানীয় ছাত্ৰ-ছাত্ৰী আৰু যুৱ শিল্পীসকলৰ উৎসাহজনক অংশগ্ৰহণত সন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ কয় যে, বহু সময়ত শব্দৰ জৰিয়তে যি সম্পৰ্ক গঢ়ি তোলা সম্ভৱ নহয়, শিল্পকলাই সেই সম্পৰ্ক সহজেই গঢ়ি তুলিব পাৰে। 
 
ৰাষ্ট্ৰদূতগৰাকীয়ে উল্লেখ কৰে যে, ভাৰত আৰু আজাৰবাইজান দুয়োখন দেশেই চহকী ইতিহাস, বৈচিত্ৰ্যময় সংস্কৃতি আৰু কলাত্মক ঐতিহ্যৰ ভঁৰাল। আজাৰবাইজানৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱ শিল্পীসকলৰ শিল্পকলাৰ প্ৰতি থকা আগ্ৰহৰ প্ৰশংসা কৰি তেওঁ কয় যে, তেওঁলোকৰ সৃষ্টিশীলতা আৰু উৎসাহে ভৱিষ্যৎ প্ৰজন্মকো সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি আকৰ্ষিত কৰি ৰাখিব।
 
চিত্ৰ প্ৰদৰ্শনীৰ ‘এক বন্ধুত্ব, দুখন দেশঃ ভাৰত আৰু আজাৰবাইজান’ শীৰ্ষক বিষয়বস্তুৰ কথা উল্লেখ কৰি অভয় কুমাৰে কয় যে, এই বিষয়বস্তু অত্যন্ত তাৎপৰ্যপূৰ্ণ। কিয়নো ভাৰত আৰু আজাৰবাইজানৰ মাজৰ সম্পৰ্কৰ ভেটি হৈছে শতিকাজোৰা সাংস্কৃতিক আদান-প্ৰদান আৰু পৰস্পৰৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা।
 
দুয়োখন দেশৰ মাজৰ ঐতিহাসিক সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ বাকুৰ ঐতিহাসিক আতেশগাহ মন্দিৰৰ প্ৰসংগ উত্থাপন কৰে। এই মন্দিৰত স্বস্তিক চিহ্ন, দেৱনাগৰী লিপিৰ শিলালিপিৰ লগতে ভগৱান গণেশ আৰু নটৰাজকে ধৰি ভাৰতীয় ধৰ্মীয় তথা সাংস্কৃতিক পৰম্পৰাৰ বিভিন্ন নিদৰ্শন পোৱা যায়। 
 
ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে, এনে ঐতিহাসিক সম্পৰ্কসমূহ সংৰক্ষণ আৰু উদযাপন কৰাটো অত্যন্ত জৰুৰী। বিশেষকৈ নতুন প্ৰজন্মৰ মাজত শিল্পকলা, সাহিত্য আৰু পৰম্পৰাৰ আদান-প্ৰদানৰ জৰিয়তে এই সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব পাৰি।
 
অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল ৰাষ্ট্ৰদূত অভয় কুমাৰে নিজেই পৰিচালনা কৰা পঞ্চতন্ত্ৰৰ কাহিনী পাঠৰ এক বিশেষ পৰ্ব। ভাৰতীয় সাহিত্যৰ এই কালজয়ী গ্ৰন্থখনৰ কেইবাটাও কাহিনী তেওঁ উপস্থিত কণ কণ ছাত্ৰ-ছাত্ৰীসকলক পাঠ কৰি শুনায়। যুগ যুগ ধৰি বিভিন্ন দেশ আৰু সংস্কৃতিৰ মাজেৰে প্ৰচাৰ লাভ কৰা এই কাহিনীসমূহে আজাৰবাইজানৰ শিশু আৰু যুৱ শ্ৰোতাসকলৰ মাজত বিশেষ সমাদৰ লাভ কৰে।
 
উল্লেখযোগ্য যে, আজাৰবাইজানত পঞ্চতন্ত্ৰ ‘কালিলা ৱা দিমনা’ নামেৰে পৰিচিত। জ্ঞান, বুদ্ধিমত্তা, বন্ধুত্ব আৰু মানৱীয় সম্পৰ্কৰ বিভিন্ন শিক্ষা সন্নিৱিষ্ট এই সাহিত্যকৰ্মই দীৰ্ঘদিন ধৰি দেশখনৰ পাঠকসকলৰ মাজত জনপ্ৰিয়তা লাভ কৰি আহিছে। বিশেষকৈ ইয়াৰ চিৰন্তন নৈতিক শিক্ষাই আজিও নৱপ্ৰজন্মক আকৰ্ষণ কৰি আহিছে।
 
অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰদূত অভয় কুমাৰে চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা শিল্পীসকলৰ সৈতেও মত-বিনিময় কৰে। তেওঁ শিল্পীসকলৰ চিত্ৰসমূহ পৰিদৰ্শন কৰি ভাৰত আৰু আজাৰবাইজানৰ মাজৰ ঐতিহাসিক তথা সভ্যতাগত সম্পৰ্কক শিল্পৰ মাধ্যমেৰে প্ৰকাশ কৰা তেওঁলোকৰ সৃষ্টিশীলতাৰ প্ৰশংসা কৰে। এই প্ৰদৰ্শনীয়ে আজাৰবাইজানৰ যুৱ শিল্পীসকলক ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি থকা শ্ৰদ্ধা আৰু আগ্ৰহ চিত্ৰকলাৰ মাধ্যমেৰে প্ৰকাশ কৰাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰে।
 
ইয়াৰ উপৰি, অনুষ্ঠানৰ অংশ হিচাপে ৰাষ্ট্ৰদূতগৰাকীয়ে অংশগ্ৰহণকাৰীসকলক দূতাবাসত স্থায়ীভাৱে স্থাপন কৰা ভাৰতৰ ইউনেস্ক’ স্বীকৃত বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰায়। এই পৰিদৰ্শনৰ জৰিয়তে তেওঁলোকক ভাৰতৰ চহকী ইতিহাস, স্থাপত্যশৈলীৰ অনন্য নিদৰ্শন আৰু বৈচিত্ৰ্যময় সাংস্কৃতিক ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দিয়া হয়। 
 
অনুষ্ঠানত আজাৰবাইজানৰ এগৰাকী শিল্পীয়ে ভাৰতীয় সংগীত আৰু নৃত্য পৰিৱেশন কৰি উপস্থিত দৰ্শকসকলক আপ্লুত কৰে। আনহাতে, শিল্পকলাৰ প্ৰতি আগ্ৰহ আৰু সৃষ্টিশীল অৱদানৰ স্বীকৃতিস্বৰূপে অংশগ্ৰহণ কৰা সকলো যুৱ শিল্পীক প্ৰশংসা-পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে তেওঁলোকক ভৱিষ্যতেও শিল্পকলা আৰু ভাৰতীয় সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰা হয়। 
 
এই পদক্ষেপৰ জৰিয়তে ভাৰতীয় দূতাবাসে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত পাৰস্পৰিক যোগাযোগ আৰু সাংস্কৃতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ ব্যক্ত কৰে। বিশেষকৈ নৱপ্ৰজন্মৰ মাজত সাংস্কৃতিক বুজাবুজি আৰু বন্ধুত্বৰ বান্ধোন সুদৃঢ় কৰাৰ ক্ষেত্ৰত এনে অনুষ্ঠানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়।
 
চিত্ৰকলা, সাহিত্য, কাহিনী কথন আৰু সাংস্কৃতিক আদান-প্ৰদানৰ সমন্বয়েৰে আয়োজিত এই অনুষ্ঠানে ভাৰত আৰু আজাৰবাইজানৰ মাজৰ ঐতিহাসিক বন্ধুত্বক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে দুয়োখন দেশৰ সংস্কৃতিক অধিক ওচৰ চপাই অনাৰ এক সুন্দৰ মঞ্চ হিচাপে পৰিগণিত হয়।


শেহতীয়া খবৰ