নতুন দিল্লী
কৰ্মব্যস্ততাৰ মাজতে অলপ অৱসৰ বিচাৰি বালিলৈ যোৱা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী নুছৰত ভাৰুচা এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে। জানিব পৰা মতে, বালিত সংঘটিত এই অনাকাংক্ষিত দুৰ্ঘটনাটোত অভিনেত্ৰীগৰাকীৰ মেৰুদণ্ডত গুৰুতৰভাৱে আঘাত লাগে। শুকুৰবাৰে অভিনেত্ৰীগৰাকীৰ মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত এই দুখজনক খবৰটো আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে।
মুখপাত্ৰগৰাকীয়ে জনোৱা অনুসৰি, নুছৰত ভাৰুচাই কামৰ লগতে কিছু সময় জিৰণি লোৱাৰ উদ্দেশ্যে বালিলৈ গৈছিল, কিন্তু তাতেই তেওঁ এই দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হয়। দুৰ্ঘটনাৰ পিছতেই তেওঁক ততাতৈয়াকৈ বালিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ বিশদ পৰীক্ষা কৰাৰ পিছত মেৰুদণ্ডত অস্ত্ৰোপচাৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰে। পৰিস্থিতিৰ গুৰুত্বলৈ লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে অভিনেত্ৰীগৰাকীক ততাতৈয়াকৈ এখন এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে বালিৰ পৰা মুম্বাইলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হয়। মুম্বাইতে তেওঁৰ এই গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে।
শেহতীয়া খবৰ অনুসৰি, নুছৰতক ইতিমধ্যে মুম্বাইলৈ ঘূৰাই অনা হৈছে। মুম্বাইত বিমান অৱতৰণ কৰাৰ পিছতে তেওঁক এখন এম্বুলেঞ্চত ষ্ট্ৰেচাৰত তুলি চিকিৎসালয়লৈ লৈ যোৱা দৃশ্য পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমত প্ৰকাশ পোৱা এটা ভিডিঅ’ত অভিনেত্ৰীগৰাকীক চিকিৎসালয়ৰ পোছাকত দেখা গৈছে। তেওঁৰ হাতত আইভি ড্ৰিপ আৰু নাকত এটা সৰু টিউব লগোৱা অৱস্থাত দেখা গৈছে। মুখপাত্ৰগৰাকীয়ে স্পষ্ট কৰি দিছে যে বৰ্তমান সময়ত নুছৰতৰ স্বাস্থ্যৰ যতন লোৱাটোৱেই তেওঁলোকৰ প্ৰধান লক্ষ্য।
অস্ত্ৰোপচাৰৰ পিছত অভিনেত্ৰীগৰাকীয়ে সম্পূৰ্ণ আৰোগ্য লাভ কৰিবলৈ যথেষ্ট দিন বিশ্ৰাম ল’ব লাগিব। যাৰ ফলত আগন্তুক কেইটামান সপ্তাহৰ বাবে তেওঁৰ পূৰ্বনিৰ্ধাৰিত সকলো কামৰ সূচীত প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই স্পৰ্শকাতৰ সময়ছোৱাত মুখপাত্ৰগৰাকীয়ে অনুৰাগী আৰু সংবাদ মাধ্যমক নুছৰতৰ গোপনীয়তাৰ প্ৰতি সন্মান জনাবলৈ অনুৰোধ কৰিছে। লগতে, তেওঁৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰয়োজনীয় সময় আৰু নিৰিবিলি পৰিৱেশ প্ৰদান কৰিবলৈ সকলোকে আহ্বান জনাইছে।
উল্লেখ্য যে, ২০০৬ চনত মুক্তিপ্ৰাপ্ত ‘জয় সন্তোষী মা’ ছবিখনৰ জৰিয়তে বলীউডত খোজ পেলোৱা নুছৰত ভাৰুচাই ২০১০ চনত ‘লাভ চেক্স আওৰ ধ'কা’ আৰু ২০১১ চনত কাৰ্তিক আৰিয়ানৰ বিপৰীতে ‘প্যাৰ কা পাঞ্চনামা’ ছবিত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল। সমগ্ৰ অনুৰাগী মহলে এতিয়া প্ৰিয় অভিনেত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।