তৰুণ নন্দী / কলকাতা
আধুনিক প্ৰযুক্তি আৰু ডিজিটেল যুগত য’ত ছপাশাল বা কম্পিউটাৰ অবিহনে এখন গ্ৰন্থ প্ৰকাশৰ কথা ভাবিবই নোৱাৰি, তেনে সময়তে কেৱল স্ৰষ্টাৰ প্ৰতি থকা অগাধ প্ৰেম আৰু বিশ্বাসক সম্বল কৰি এক অসাধ্য সাধন কৰিলে বছিৰহাটৰ এগৰাকী যুৱতীয়ে। কোনো যন্ত্ৰৰ সহায় নোলোৱাকৈ নিজ হাতেৰে সম্পূৰ্ণ পৱিত্ৰ কোৰান শ্বৰীফ লিখি এক বিৰল নজিৰ গঢ়িলে বছিৰহাটৰ হাফেজা আলেমা আমামা ছুলতানাই।
পাঁচ মাহৰ অক্লান্ত পৰিশ্ৰম আৰু একান্ত একাগ্রতাৰ ফচল এই হাতে লিখা কোৰান। যুৱতীগৰাকীৰ এই মহৎ কীৰ্তিক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে, ধৰ্মপ্ৰাণ ৰাইজৰ মাজত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ।
মালতীপুৰ দক্ষিণপাৰাৰ বাসিন্দা আমামা ছুলতানা হৈছে মালতীপুৰ মাদ্ৰাছা 'মাহাদ-ই-ছাফিয়াহ লিল বানাট'ৰ প্ৰাক্তন ছাত্ৰী আৰু বৰ্তমান সেই একেখন প্ৰতিষ্ঠানৰেই শিক্ষয়িত্ৰী। এইগৰাকী কৃতি শিক্ষয়িত্ৰীৰ সৈতে কথা পাতি জানিব পৰা গ’ল যে, সৰুৰে পৰাই মনৰ কোণত এটা সুপ্ত সপোন পুহি ৰাখিছিল তেওঁ। সময় আৰু সুযোগ পালে নিজৰ হাতেৰে আল্লাৰ বাণী লিপিবদ্ধ কৰাৰ এক প্ৰবল ইচ্ছা আছিল তেওঁৰ। অৱশেষত আৰম্ভ হ’ল সেই অগ্নিপৰীক্ষা।
যোৱা পাঁচটা মাহ ধৰি পাৰ্থিৱ জগতৰ সকলো কোলাহল আৰু ব্যস্ততাৰ পৰা নিজকে আঁতৰাই ৰাখিছিল তেওঁ। প্ৰতিদিনে নিয়মীয়াকৈ নিজৰ লক্ষ্য পূৰণৰ বাবে মেজৰ সন্মুখত বহিছিল আমামা। এটা আখৰ বা এটা কথাও যাতে ভুল নহয়, তাৰ বাবে প্ৰতিটো পৃষ্ঠা লিখাৰ পিছত বাৰে বাৰে মিলাই চাইছিল। উল্লেখ্য যে, তাজবীদৰ নিখুঁত নিয়ম মানি প্ৰতিটো আয়াতৰ নান্দনিক সৌন্দৰ্য বজাই ৰাখি বগা পাতত ক'লা চিয়াহীৰ আঁচোৰেৰে তেওঁ পৱিত্ৰ কোৰানৰ ৩০টা আয়াত লিপিবদ্ধ কৰিছে। আমামাৰ ভাষাত, "এয়া কেৱল কোনো সাধাৰণ লেখা-মেলা নাছিল, এয়া আছিল মোৰ জীৱনৰ শ্ৰেষ্ঠ ইবাদত।"
আটাইতকৈ ডাঙৰ কথাটো হ’ল, আমামাই নিজৰ কঠোৰ পৰিশ্ৰমেৰে প্ৰস্তুত কৰা এই অমূল্য কোৰান শ্বৰীফ কিন্তু নিজৰ হাতত ৰাখি নিদিলে। তেওঁ এই অনবদ্য সৃষ্টি উপহাৰ হিচাপে তুলি দিলে হিফজ সম্পন্ন কৰা এজন ক্ষুদ্ৰ হাফিজ, মহম্মদ বিন মুনিৰৰ হাতত। এগৰাকী হাফেজাৰ হাতৰ পৰম মমতাৰে লিখা কোৰান যেতিয়া আন এজন ক্ষুদ্ৰ হাফিজৰ বুকুত আশ্ৰয় ল’লে, তেতিয়া তাত উপস্থিত থকা মাদ্ৰাছা সমিতিৰ কৰ্মকৰ্তা, বিশিষ্ট আলেম-উলামা আৰু সাধাৰণ ৰাইজে এই কৃতি জীয়ৰীগৰাকীক অভিনন্দন জনালে।
হাফিজা আলিমা আমামা চুলতানাই নিজে লিখা কোৰাণ শ্বৰীফ
প্ৰতিগৰাকী ব্যক্তিয়েই আলেমা আমামা ছুলতানাক ভূয়সী প্ৰশংসা কৰিলে। মাদ্ৰাছাখনৰ সম্পাদক কাৰী মাহমুদে গৌৰৱেৰে কৈ উঠিল যে, আমামা কেৱল তেওঁলোকৰ মাদ্ৰাছাৰেই গৌৰৱ নহয়, তেওঁ সমগ্ৰ বছিৰহাটৰ ৰাইজৰ মুখ উজলাই তুলিছে। তেওঁৰ এই ধৈৰ্য আৰু একাগ্রতা বৰ্তমান প্ৰজন্মৰ বাবে এক জ্বলন্ত অনুপ্ৰেৰণা হৈ ৰ’ব।
আমামাৰ এই অবিশ্বাস্য কৃতিত্বৰ চৰ্চা এতিয়া অঞ্চলটোৰ অলিয়ে-গলিয়ে শুনা গৈছে। ইণ্টাৰনেট আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ এই যুগত থিয় দিও আমামা ছুলতানাই প্ৰমাণ কৰি দিলে যে, মনত একাগ্ৰতা, নিষ্ঠা আৰু অদম্য ইচ্ছা শক্তি থাকিলে ইতিহাসৰ পাততো নিজৰ নাম খোদিত কৰিব পাৰি। প্ৰয়োজন কেৱল লক্ষ্য স্থিৰ কৰি কামত আত্মনিয়োগ কৰাৰ। ধৰ্মপ্ৰাণ ৰাইজৰ মতে, তেওঁৰ এই হাতে লিখা পৱিত্ৰ কোৰান শ্বৰীফে ইতিমধ্যে সমগ্ৰ জিলাখনতে যে এক অনন্য দৃষ্টান্ত স্থাপন কৰিছে, সেই কথা দুনাই কোৱাৰ প্ৰয়োজন নাই। নিষ্ঠা আৰু প্ৰেমৰ এই অপূৰ্ব নিদর্শনে অনাগত দিনতো বহুজনক অনুপ্ৰাণিত কৰি যাব।