সফল মহিলা উদ্যোগী শ্বাবানা ফাইজল কেৱল ব্যৱসায়েই নহয়; সমাজ পৰিৱৰ্তনৰো বাটকটীয়া

Story by  atv | Posted by  Munni Begum • 6 h ago
শ্বাবানা ফাইজল
শ্বাবানা ফাইজল
 
অৰ্ছলা খান
 
সমাজত নিজৰ সুকীয়া পৰিচয় গঢ়ি তোলাৰ লগতে মানৱ কল্যাণৰ বাবে নিজকে উছৰ্গা কৰা নাৰীৰ সংখ্যা বিৰল। তেনে এগৰাকী ব্যতিক্ৰমী আৰু অনুপ্ৰেৰণাদায়ক নাৰী হৈছে শ্বাবানা ফাইজল, যিয়ে কেৱল ব্যৱসায়িক জগততেই খোপনি পোতা নাই, সমাজ পৰিৱৰ্তনৰো এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
 
ছিংগাপুৰৰ প্ৰখ্যাত কোম্পানী 'KEF Holdings'ৰ সহ-প্ৰতিষ্ঠাপক তথা উপ-সভানেত্ৰী শ্বাবানা ফাইজল এনে এগৰাকী নাৰী যিয়ে ব্যৱসায়ৰ পৃথিৱীখনত নিজৰ এক সুকীয়া স্থান দখল কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ 'Faizal and Shabana Foundation'ৰ জৰিয়তে শিক্ষা, স্বাস্থ্য আৰু সমাজ সেৱাৰ ক্ষেত্ৰখনতো অহোপুৰুষাৰ্থ কৰি আহিছে।
 
শ্বাবানা ফৈজালতেওঁৰ স্বামীৰ সৈতে
 
শ্বাবানাৰ স্বামী ফাইজল ই. কোটিকোলোন হৈছে 'KEF Holdings'ৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ। এই কোম্পানীটোৱে আন্তঃগাঁথনি, শিক্ষা, কৃষি, ধাতু আৰু বিনিয়োগ আদি বিভিন্ন ক্ষেত্ৰত কাম কৰে। আধুনিক প্ৰযুক্তিৰ সহায়ত নিৰ্মাণ কাৰ্যৰ নতুন আৰু উন্নত পদ্ধতিৰ বিকাশ সাধন কৰাটোৱেই হৈছে কোম্পানীটোৰ অন্যতম প্ৰধান কাম।
 
সৰু ব্যৱসায়ৰ পৰা আৰম্ভ হোৱা এক বিশাল যাত্ৰা
 
১৯৯৫ চনত সংযুক্ত আৰৱ আমিৰশ্বাহীত 'KEF Holdings'ৰ আৰম্ভণি হৈছিল। এটি সৰু 'স্ক্ৰেপ মেটেল ট্ৰেডিং' (পেলনীয়া ধাতুৰ ব্যৱসায়) আৰু ৰিচাইক্লিং কোম্পানী হিচাপে ইয়াৰ যাত্ৰা আৰম্ভ হৈছিল। লাহে লাহে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি পাবলৈ ধৰে আৰু কোম্পানীটোৱে বিভিন্ন নতুন ক্ষেত্ৰত নিজৰ কাম-কাজ সম্প্ৰসাৰিত কৰে।
 
বৰ্তমান এই কোম্পানীটো এক বিশাল ব্যৱসায়িক গোষ্ঠী হিচাপে পৰিচিত। ব্যৱসায়ৰ লগতে কোম্পানীটোৱে সমাজ সেৱাৰ প্ৰতিও সমানেই গুৰুত্ব প্ৰদান কৰি আহিছে। ২০১৪ চনত 'KEF Holdings'-এ ভাৰতত তেওঁলোকৰ বিভিন্ন ব্যৱসায়িক প্ৰকল্পত ১,৫০০ কোটি টকাতকৈও অধিক ধন বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছিল।
 
পুৰুষৰ আধিপত্য থকা ক্ষেত্ৰখনতো নিজৰ স্থান দখল
 
শ্বাবানা ফাইজলৰ কৰ্মজীৱনো যথেষ্ট বৈচিত্ৰময়। যি সময়ত ষ্টীল মিল বা তীখাৰ কাৰখানাত মহিলাৰ সংখ্যা তেনেই নগণ্য আছিল, তেনে সময়তে তেওঁ তাত কাম কৰিছিল। ইয়াৰ উপৰি তেওঁ ডাটা এণ্ট্ৰিৰ কামো কৰিছিল।
 
তেওঁ মাংগালোৰৰ ছেইণ্ট এগনেছ কলেজৰ পৰা মনোবিজ্ঞান বিষয়ত অধ্যয়ন কৰিছিল। ইয়াৰ পাছত ডুবাইৰ নেচনেল ইনষ্টিটিউট অৱ ফেছন ডিজাইন (NIFT)ৰ পৰা ফেছন ডিজাইন আৰু মাৰ্চেণ্ডাইজিঙৰ ওপৰত ডিপ্লমা গ্ৰহণ কৰে।
 
ৰতন টাটাৰ সৈতে শ্বাবানা ফৈজাল আৰু ফৈছাল ই কট্টিকোলন
 
বিয়াৰ পাছত তেওঁ চাৰিটি সন্তানৰ মাতৃ হয়, কিন্তু কাম কৰাৰ আৰু নতুন কিবা এটা কৰাৰ প্ৰবল ইচ্ছা তেওঁৰ মনৰ পৰা কেতিয়াও শেষ হোৱা নাছিল। সন্তান আৰু সংসাৰৰ দায়িত্বৰ মাজতো তেওঁ নিজৰ বাবে কিবা এটা সুকীয়া কাম কৰিব বিচাৰিছিল।
 
স্বামীৰ ব্যৱসায়ৰ সৈতে তেওঁ কেনেদৰেই জড়িত হৈ পৰিল?
 
যেতিয়া 'KEF Holdings'-এ শ্বাৰজাহত এটা বৃহৎ মেনুফেকচাৰিং ফেক্টৰী বা নিৰ্মাণ কাৰখানা আৰম্ভ কৰিছিল, তেতিয়া শ্বাবানাই তাৰ ইণ্টেৰিয়ৰ ডিজাইনৰ (অন্তৰ্ভাগৰ সাজ-সজ্জা) কামত সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰে। ইয়াৰ পৰাই তেওঁ স্বামীৰ ব্যৱসায়ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে।
 
ইয়াৰ পিছত তেওঁ কোম্পানীটোৰ মানৱ সম্পদ বিভাগটোক শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁৰ বিশ্বাস আছিল যে যিকোনো কোম্পানীৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে ইয়াৰ কৰ্মচাৰীসকল।
 
তেওঁ কৰ্মচাৰীসকলৰ সুবিধাৰ্থে এটি 'কমিউনিটী চেণ্টাৰ' বা সামূহিক কেন্দ্ৰ নিৰ্মাণ কৰাত সহায় কৰিছিল। ইয়াত কোম্পানীটোৰ প্ৰতিগৰাকী কৰ্মচাৰীকেই সমান সুবিধা প্ৰদান কৰা হৈছিল। ৱৰ্কশ্বপত কাম কৰা সাধাৰণ শ্ৰমিকেই হওক বা উচ্চ পদস্থ বিষয়াই হওক, সকলোৰে বাবে খাদ্য আৰু অন্যান্য সা-সুবিধাৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য ৰখা হোৱা নাছিল। কৰ্মচাৰীসকলক নতুন দক্ষতা শিকোৱাৰ লগতে ইংৰাজী ভাষা, স্বাস্থ্য আৰু চাফ-চিকুণতাৰ বিষয়েও প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰা হৈছিল।
 
সমাজ সেৱাক কৰি ল’লে জীৱনৰ এক অবিচ্ছেদ্য অংশ
 
শ্বাবানা ফাইজলে বিশ্বাস কৰে যে যিসকল লোকৰ সমাজৰ বাবে কিবা এটা কৰাৰ সামৰ্থ্য আছে, তেওঁলোক আগবাঢ়ি আহি সহায়ৰ হাত আগবঢ়োৱা উচিত। এই চিন্তাৰে উদ্বুদ্ধ হৈ তেওঁ আৰু তেওঁৰ পৰিয়ালে সমাজ সেৱাৰ বহু কাৰ্যসূচী হাতত লয়।
 
'Faizal and Shabana Foundation'ৰ জৰিয়তে শিক্ষা, স্বাস্থ্য আৰু আৰ্তজনৰ সহায়ৰ বাবে বহু প্ৰকল্প পৰিচালনা কৰা হৈছে। কেৰালাৰ মাহেস্থিত 'KE Safiya Autism Centre'লৈ সাহায্য প্ৰদান কৰা আৰু কোঝিকোডৰ নাদাক্কাভুত অৱস্থিত চৰকাৰী বালিকা বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ কামো ইয়াৰেই এক অংশ আছিল।
 
অষ্ট্ৰেলিয়াত শ্বাবানা ফাইজাল আৰু ফাইজাল ই কট্টিকলন
 
এখন চৰকাৰী বিদ্যালয়ৰ সলনি হোৱা ছবি
 
যেতিয়া শ্বাবানা আৰু তেওঁৰ দলে নাডাক্কাভুৰ চৰকাৰী বিদ্যালয়খনৰ বাবে কাম আৰম্ভ কৰিছিল, তেতিয়া তাত বহুত প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱ আছিল। বিদ্যালয়খনত পৰিষ্কাৰ শৌচাগাৰ, পৰীক্ষাগাৰ আৰু অন্যান্য প্ৰাথমিক সা-সুবিধাসমূহৰ অৱস্থা একেবাৰেই শোচনীয় আছিল।
 
প্ৰায় ২,০০০ গৰাকী ছাত্ৰী অধ্যয়নৰত সেই বিদ্যালয়খনত সেই সময়ত মাত্ৰ ৯টাহে ব্যৱহাৰযোগ্য শৌচাগাৰ আছিল। তেওঁলোকৰ প্ৰচেষ্টাত বিদ্যালয়ৰ ভৱন আৰু অন্যান্য সা-সুবিধাসমূহ উন্নত কৰা হ’ল। ইয়াৰ লগতে শিক্ষকসকলকো নতুন প্ৰশিক্ষণ প্ৰদান কৰা হ’ল।
 
এই ইতিবাচক পৰিৱৰ্তনৰ প্ৰভাৱ ছাত্ৰীসকলৰ শৈক্ষিক দিশতো স্পষ্টকৈ পৰিলক্ষিত হ’ল। বিদ্যালয়ত ছাত্ৰীৰ উপস্থিতি বৃদ্ধি পোৱাৰ লগতে পৰীক্ষাৰ ফলাফলতো যথেষ্ট উন্নতি ঘটিল।
 
শ্বাবানাৰ মতে ভাৰতৰ প্ৰতিটো প্ৰান্তৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ। সেয়েহে সমগ্ৰ দেশতে একেটা আৰ্হিয়েই প্ৰয়োগ কৰিব নোৱাৰি। কিন্তু চৰকাৰ, ব্যক্তিগত খণ্ডৰ কোম্পানী আৰু স্থানীয় ৰাইজে যদি একেলগে মিলি কাম কৰে, তেন্তে শিক্ষাৰ ক্ষেত্ৰখনত এক আমূল পৰিৱৰ্তন আনিব পৰা যাব।
 
শ্বাবানা ফাইজলে কয়ঃ “সমাজলৈ কিবা এটা ঘূৰাই দিয়াৰ চিন্তা আমাৰ মনত সদায়েই আছিল। আমি মানুহ আৰু আমাৰ সমাজখনৰ যত্ন লোৱা উচিত। এই কামটোৱেই মোক আটাইতকৈ বেছি সন্তুষ্টি দিয়ে। জীৱনটো প্ৰত্যাহ্বানৰে ভৰা আৰু সেয়াই স্বাভাৱিক। সেয়েহে পৰিৱৰ্তনৰ আৰম্ভণি আমি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কৰিবই লাগিব, নহয় জানো?”
 
কৰ্মৰ জৰিয়তেহে বিশ্বাস গঢ় লৈ উঠে
 
সমাজ সেৱাৰ কাম কৰিবলৈ যাওঁতে শ্বাবানাই প্ৰায়ে মানুহৰ অনাস্থাৰো সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু তেওঁ বিশ্বাস কৰে যে যেতিয়া মানুহে ভাল কামৰ ফলাফল নিজ চকুত পৰে, তেতিয়া তেওঁলোকৰ বিশ্বাস আপোনা-আপুনি বাঢ়িবলৈ ধৰে।
 
তেওঁৰ মতে, দেশৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ কোম্পানী উভয়েই হাতে হাত ধৰি আগবাঢ়িব লাগিব। ইয়াৰ লগতে সমাজৰ মানুহেও ইয়াত নিজৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। তেওঁলোকৰ ফাউণ্ডেচনে ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত সহায় কৰাৰ উপৰি স্তন কৰ্কট আৰু আলঝেইমাৰৰ দৰে গুৰুতৰ ৰোগৰ সৈতে জড়িত চিকিৎসা গৱেষণাতো সহযোগিতা আগবঢ়াইছে।
 
মহিলাসকলৰ বাবে এক আদৰ্শ
 
পৰিয়ালৰ দায়িত্ব পালন কৰাৰ লগতে নিজৰ সপোন বাস্তৱায়িত কৰিব বিচৰা প্ৰতিগৰাকী মহিলাৰ বাবেই শ্বাবানা ফাইজলৰ কাহিনী এক বৃহৎ অনুপ্ৰেৰণা। পৰিয়ালৰ চোৱা-চিতা কৰাৰ সমান্তৰালকৈ তেওঁ ব্যৱসায়িক জগতখনতো নিজৰ স্থান সুৰক্ষিত কৰিলে আৰু সমাজ সেৱাৰ ক্ষেত্ৰখনতো উল্লেখযোগ্য বৰঙণি যোগালে। তেওঁৰ মতে, জীৱনত প্ৰত্যাহ্বান সদায়েই থাকিব, কিন্তু পৰিৱৰ্তনৰ যাত্ৰা ক'ৰবাৰ পৰা আৰম্ভ কৰিবই লাগিব।
 
শ্বাবানাৰ বাবে সমাজলৈ কিবা এটা অৱদান আগবঢ়োৱাই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ আনন্দ। তেওঁৰ কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে যে সফলতা মানে কেৱল এক বিশাল ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তোলাই নহয়; প্ৰকৃত সফলতা তেতিয়াহে লাভ কৰা যায়, যেতিয়া আপোনাৰ কঠোৰ পৰিশ্ৰমে আন দহজনৰ জীৱনলৈ পোহৰ কঢ়িয়াই আনে। 
 
শ্বাবানা ফাইজলৰ এই বৰ্ণিল যাত্ৰা এই কথাৰেই এক উৎকৃষ্ট নিদৰ্শন যে ব্যৱসায় আৰু সমাজ সেৱা দুয়োটা একেলগে চলিব পাৰে আৰু এই দুয়োটাৰ জৰিয়তে সমাজত এক ইতিবাচক আৰু স্থায়ী পৰিৱৰ্তন আনিব পাৰি।