প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দেশৰ প্ৰতি সেৱা আগবঢ়োৱা ত্ৰিপুৰাৰ এটি পৰিয়ালৰ অনন্য কাহিনী

Story by  atv | Posted by  Munni Begum • 6 h ago
ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসত পতাকা উত্তোলনৰ এক মুহূৰ্ত
ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসত পতাকা উত্তোলনৰ এক মুহূৰ্ত
 
নূৰুল হক / আগৰতলা
 
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ এখন সৰু পাহাৰীয়া ৰাজ্য ত্ৰিপুৰা। এই ৰাজ্যখনৰ ৰাজধানী আগৰতলাৰ ৰামনগৰৰ এটা পৰিয়ালে আজি দেশৰ প্ৰতি নিষ্ঠা, কৰ্তব্যবোধ আৰু দেশপ্ৰেমৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। একেটা পৰিয়ালৰ কেইবাগৰাকীও সদস্য ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী (BSF), ত্ৰিপুৰা আৰক্ষী, ত্ৰিপুৰা ষ্টেট ৰাইফলছ আৰু হোম গাৰ্ডৰ দৰে বিভিন্ন নিৰাপত্তা বাহিনীত যোগদান কৰি দেশসেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছে আৰু বৰ্তমানেও সেৱা আগবঢ়াই আহিছে।
 
এই পৰিয়ালটোৰ জ্যেষ্ঠ সদস্য লেফটেনেণ্ট সুৰজ মিঞা আছিল প্ৰাক্তন বি এছ এফৰ পূৰ্বৰ ৯৩ নং বেটেলিয়নৰ সহকাৰী কামাণ্ডেণ্ট। ১৯৭১ চনৰ ঐতিহাসিক মুক্তিযুদ্ধৰ সময়ত তেওঁ ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল। তেওঁৰ দেশসেৱাৰ আদৰ্শই যেন পৰৱৰ্তী প্ৰজন্মৰ বাবে প্ৰেৰণাৰ এক শক্তিশালী উৎস হৈ পৰিছিল।
 
ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসত পতাকা উত্তোলনৰ এক মুহূৰ্ত
 
সূৰজ মিঞাৰ পৰিয়ালৰ আন সদস্যসকলৰ মাজতো আছে দীৰ্ঘদিনীয়া নিৰাপত্তা সেৱাৰ এক গৌৰৱময় পৰম্পৰা। পৰিয়ালৰ সদস্য লেফটেনেণ্ট আব্দুল লতিফে বি এছ এফৰ নৱম বেটেলিয়নত আৰু লেফটেনেণ্ট আব্দুল শ্বহীদে ৭৮  নং বেটেলিয়নত সেৱা আগবঢ়াইছিল। আনহাতে, লেফটেনেণ্ট আলী আকবৰে ত্ৰিপুৰা আৰক্ষীৰ প্ৰথম বেটেলিয়নত আৰু আবু কালামে ত্ৰিপুৰা হোম গাৰ্ডৰ প্ৰথম বেটেলিয়নত কৰ্তব্য পালন কৰিছিল। 
 
ইয়াৰ উপৰি মহম্মদ আবু তাহেৰ প্ৰাক্তন  বি এছ এফৰ ৩৮ নং বেটেলিয়নৰ এ এছ আই , মহম্মদ আবু ছায়েদ ৭৫ নং বেটেলিয়নৰ হেড কনষ্টেবল, আবু হাছান ৫৬ নং বেটেলিয়নৰ হেড কনষ্টেবল আৰু লেফটেনেণ্ট আবু হুছেইন ত্ৰিপুৰা আৰক্ষীৰ এমটিএফ বেটেলিয়নত এএছআই হিচাপে সেৱা আগবঢ়াইছিল।
 
পৰিয়ালটোৰ দেশসেৱাৰ এই ধাৰাবাহিকতা পৰৱৰ্তী প্ৰজন্মতো থমকি ৰোৱা নাই। মহম্মদ আবু জামালে বিএছএফৰ ১৪৫ নং বেটেলিয়নত এএছআই হিচাপে কৰ্তব্য পালন কৰি আছে। আবু বকৰ ছিদ্দিকী ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ ৭ নম্বৰ বেটেলিয়নত কৰ্মৰত। আনহাতে, হুমায়ুন কবীৰ বি এছ এফৰ ১৭০ নং বেটেলিয়নৰ কনষ্টেবল আৰু আৰ্শ্বাদ আলী বেগ বি এছ এফৰ ৭১ নং বেটেলিয়নৰ কনষ্টেবল হিচাপে দেশসেৱা আগবঢ়াই আছে।    
 
বিশেষ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, হুমায়ুন কবীৰ আৰু আৰ্শ্বাদ আলী বেগ সূৰজ মিঞাৰ নাতি। অৰ্থাৎ, এটা প্ৰজন্মই দেশসেৱাৰ যি আদৰ্শ স্থাপন কৰিছিল, সেই আদৰ্শ পৰৱৰ্তী প্ৰজন্মলৈও একেদৰেই প্ৰবাহিত হৈ আছে। 
 
ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসত পতাকা উত্তোলনৰ এক মুহূৰ্ত
 
ধৰ্ম, ভাষা অথবা পৰিচয়ৰ ঊৰ্ধ্বত উঠি এই পৰিয়ালৰ সদস্যসকলে দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ শপত গ্ৰহণ কৰিছে। সীমান্ত সুৰক্ষাৰ পৰা আৰম্ভ কৰি আভ্যন্তৰীণ নিৰাপত্তালৈকে বিভিন্ন দায়িত্বত তেওঁলোকে ভাৰতীয় জাতীয় পতাকাৰ মৰ্যাদা ৰক্ষাৰ বাবে নিজৰ কৰ্তব্য পালন কৰি আহিছে।
 
দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পৰিয়ালটোৰ এই গৌৰৱময় কাহিনী সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে বহু লোকে তেওঁলোকক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে। কাৰণ, এয়া কেৱল এটা পৰিয়ালৰ কাহিনী নহয়; এয়া সেই ভাৰতীয় চেতনাৰ কাহিনী, য’ত প্ৰজন্মৰ পিছত প্ৰজন্মই দেশক নিজৰ স্বাৰ্থৰ ওপৰত স্থান দিয়াৰ শিক্ষা কঢ়িয়াই লৈ যায়।
 
ৰামনগৰৰ এই পৰিয়ালটোৱে যেন আমাক সোঁৱৰাই দিয়ে, দেশপ্ৰেম কেৱল কথাৰ মাজতে সীমাবদ্ধ নহয়। দেশপ্ৰেমৰ প্ৰকৃত পৰিচয় পোৱা যায় কৰ্তব্য, ত্যাগ আৰু দেশৰ প্ৰতি নিৰলস সেৱাৰ মাজেৰে পোৱা যায়। 
 
ত্ৰিপুৰাৰ ভূমিৰ এই পৰিয়ালটোৱে সেয়ে আজিৰ দিনত এক অনন্য বাৰ্তা বহন কৰি আহিছে যে, "পৰিয়ালৰ গৌৰৱ যেতিয়া দেশৰ গৌৰৱ হৈ পৰে, তেতিয়া সেই দেশসেৱা প্ৰজন্ম অতিক্ৰম কৰি ইতিহাসৰ অংশ হৈ পৰে।"