আৰিফুল ইছলাম/গুৱাহাটী
২০২৫ চনৰ আজিৰ দিনটোতেই পঞ্চভূতত বিলীন হৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গ। সময়ৰ সোঁতত এটা সম্পূৰ্ণ বছৰ পাৰ হৈ গ'ল, কিন্তু অসমীয়াৰ বুকুৰ শূন্যতা আজিও পূৰণ হোৱা নাই। অসমৰ প্ৰাণৰ শিল্পী, সকলোৰে মৰমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গবিহীন এইটো এটা সম্পূৰ্ণ বছৰ। হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাবে নাই যদিও সদায় অসমবাসীয়ে তেওঁক মৰমেৰে স্মৰণ কৰে। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁক শ্রদ্ধাৰে সুৱৰে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় টেলিভিছনত সম্প্ৰচাৰ হোৱা 'বিগ বছ'ৰ মঞ্চত দুই প্ৰতিযোগিয়ে জুবিন গাৰ্গৰ বিষয়ে আলোচনা কৰি থকা মুহূৰ্ত এটা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।
চলিত ২০ সংখ্যক বিগ বছৰৰ ঘৰৰ ভিতৰত প্ৰতিযোগীসকলে অসম আৰু অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জীৱন আৰু সংগীতৰ কথাবোৰ আৱেগিক হৈ মনত পেলায়। তেওঁলোকে জুবিনৰ সুৱদী মাত, তেওঁৰ ব্যাপক জনপ্ৰিয়তা আৰু অসমীয়া গানলৈ তেওঁ আগবঢ়োৱা ডাঙৰ অৱদানৰ কথা আলোচনা কৰে। সমগ্ৰ অসমৰ মানুহে জুবিনক আজিও কিমান বেছি মৰম কৰে, সেয়াও তেওঁলোকৰ কথাত ফুটি উঠে।
শ্ব’টোৰ অন্যতম জনপ্ৰিয় প্ৰতিযোগী কাজী তৌকীৰ আৰু সকলোৰে মাজত ‘গুল্লু’ নামেৰে পৰিচিত কুশল তনৱাৰে জুবিন গাৰ্গৰ অতুলনীয় জনপ্ৰিয়তা আৰু তেওঁৰ সংগীতৰ যাদু সন্দৰ্ভত বাৰ্তালাপ কৰে। এই বিশেষ কথা-বতৰাৰ সময়ত তেওঁলোকৰ সমীপতে বহি আছিল আন দুগৰাকী প্ৰতিযোগী ক্ৰমে মাহী ভিজ আৰু অৰিশ্বফা খান। কাজী আৰু গুল্লুৰ মুখত জুবিন গাৰ্গৰ বিষয়ে শুনি তেওঁলোকো এইগৰাকী মহান শিল্পীৰ বিষয়ে অধিক জানিবলৈ বিশেষভাৱে আগ্ৰহী হৈ পৰা পৰিলক্ষিত হয়।
বিগ বছত জুবিন গাৰ্গৰ বিষয়ে আলোচনা কৰা মুহূৰ্তত
কথা-প্ৰসংগত কাজী তৌকীৰে নিজৰ অসম ভ্ৰমণৰ মধুৰ স্মৃতিৰোমন্থন কৰে। তেওঁ উল্লেখ কৰে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিখন ঠাইতে দৰ্শকে কেৱল জুবিন গাৰ্গৰ গীত শুনিবলৈহে বিচাৰে। অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ তেওঁ কেনেদৰে প্ৰতিটো মুহূৰ্ততে দৰ্শকৰ পৰা জুবিনৰ গীতৰ বাবে অহৰহ অনুৰোধ লাভ কৰিছিল, সেই কথা কাজীয়ে আৱেগেৰে স্মৰণ কৰে। জুবিনৰ সংগীতৰ প্ৰতি অসমীয়া ৰাইজৰ যি এক সুকীয়া উন্মাদনা আৰু আৱেগ আছে, সেয়া যে সঁচাকৈয়ে বৃহৎ আৰু অতুলনীয়, সেয়া কাজীৰ কথাত স্পষ্টকৈ প্ৰতিফলিত হয়।
কাজী আৰু গুল্লুৱে লগ হৈ অসমীয়া সংগীত জগতলৈ জুবিন গাৰ্গৰ অৱদানৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰে। সাধাৰণ ৰাইজৰ সৈতে জুবিনৰ যি এক আত্মিক আৰু গভীৰ সংযোগ আছে, সেয়া সঁচাকৈয়ে বিৰল। নিজৰ অসাধাৰণ কৰ্মৰাজি আৰু মানৱীয় প্ৰমূল্যবোধৰ জৰিয়তে জুবিনে অনুৰাগীৰ হৃদয়ত এক ঈশ্বৰীয় মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে বুলি দুয়োগৰাকী প্ৰতিযোগীয়ে একমত প্ৰকাশ কৰে। ঘৰৰ ভিতৰত হোৱা এই আন্তৰিক কথা-বতৰাই শিল্পীগৰাকীৰ অপৰিসীম কৃতিত্ব আৰু জনপ্ৰিয়তাক বাৰুকৈয়ে ফুটাই তুলিছিল। এই আলোচনাৰ ভিডিঅ’টি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে সমগ্ৰ অসমীয়া দৰ্শকৰ হৃদয় আৱেগত উথলি উঠে।
জুবিন গাৰ্গৰ জনপ্ৰিয়তাৰ প্ৰসংগত গুল্লুৱে অতি সুন্দৰকৈ কয়, "আপুনি মাত্ৰ এবাৰ অসমলৈ গৈ 'জয় জুবিন দা' বুলি চিঞৰি দিয়ক, দেখিব অসমীয়া মানুহ কেনেকৈ আনন্দত আত্মহাৰা হৈ পৰে। অসমত মানুহে তেওঁক সঁচাকৈয়ে ভগৱানৰ দৰে গণ্য কৰে।" ইয়াৰ সমান্তৰালকৈ কাজীয়ে কয় যে, "যেতিয়াই মই গান গাবলৈ মঞ্চত উঠোঁ, অনুৰাগীয়ে লগে লগে অনুৰোধ কৰিবলৈ আৰম্ভ কৰে ‘য়া আলী গাওক, য়া আলী’। জুবিনৰ মাত্ৰ এটা গান গালেই অসমৰ মানুহ একেবাৰে মন্ত্ৰমুগ্ধ হৈ পৰে।" কথাৰ মাজতে কাজীয়ে জুবিন গাৰ্গলৈ শ্ৰদ্ধা আৰু মৰম যাচি কয়, "জুবিন দা, আমি আপোনাক সদায় মনত পেলাওঁ আৰু আপোনাক বহুত ভাল পাওঁ।"
কাজীয়ে লগতে কয়, "মই অনুষ্ঠান পৰিৱেশন কৰিবলৈ বহুবাৰ অসমলৈ গৈছোঁ। তাত মোৰ নিজৰো বহু অনুৰাগী আছে। মই অসমৰ বহু ভিতৰুৱা গাঁৱলৈকো গৈছোঁ, কিন্তু তাতো সকলোৱে মোক একেটাই অনুৰোধ কৰে— ‘কাজী দাদা, জুবিন দাৰ গান গাওক’। তেওঁ প্ৰকৃতাৰ্থত মানুহৰ অন্তৰত বাস কৰা এজন ব্যক্তি।" কথাৰ প্ৰসংগতে কাজীয়ে জুবিনৰ জনপ্ৰিয় গীত ‘মায়াবিনী’ৰ কথাও উল্লেখ কৰে, যিটো গীত অনুৰাগীৰ বাবে প্ৰায় প্ৰাৰ্থনাস্বৰূপ হৈ পৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে।