২৬৪ কিঃমিঃ যাত্ৰা কৰি বানাক্ৰান্তৰ ওচৰত ১০৩ বছৰীয়া কনকলতা দাস; দান কৰিলে জীৱনজোৰা সঞ্চয়

Story by  Ariful Islam | Posted by  [email protected] • 1 d ago
কনকলতা দাস (চকীত বহি থকা গৰাকী)
কনকলতা দাস (চকীত বহি থকা গৰাকী)
 
আৰিফুল ইছলাম/গুৱাহাটী
 
সাধাৰণতে ৬০ বছৰ বয়সত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত অধিকাংশ লোকেই নিশ্চিন্ত মনে বিশ্ৰাম কৰে। কিন্তু বয়সৰ সোণালী জয়ন্তী পাৰ কৰা এগৰাকী আইতাই দেখুৱাইছে মহানুভৱতা। বৃদ্ধা গৰাকীৰ নাম কনকলতা দাস। ১০৩ বছৰ বয়সত কনকলতা দাসে উজনিৰ বানপীড়িতসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।
 
শোণিতপুৰস্থিত নিজৰ ঘৰখনৰ পৰা তেওঁ নিজৰ জীৱনজোৰা সঞ্চয় একত্ৰিত কৰি বানপীড়িত পৰিয়ালসমূহৰ ওচৰত থিয় দিলে। বানপীড়িতসকলৰ দুখ-কষ্ট পাতল কৰাৰ দৃঢ় সংকল্পৰে শিৱসাগৰলৈ ২৬৪ কিলোমিটাৰ যাত্ৰাৰ বাবে আগবাঢ়ি আহিল। তেওঁৰ ১.৫৪ লাখ টকাৰ সাহায্য কেৱল ধনেই নাছিল; ই আছিল মানৱতাৰ আশীৰ্বাদ। যিয়ে সোঁৱৰাই দিয়ে যে দয়ালু হোৱাৰ কোনো বয়স নাথাকে আৰু মৰম-চেনেহৰ উৰ্দ্ধত একো হ'ব নোৱাৰে।
 
চিৰাজুলিৰ মাজৰৈমাৰি গাঁৱৰ বাসিন্দা কনকলতা দাসে শিৱসাগৰত শেহতীয়া বানপানীৰ পিছত বাসিন্দাসকলে সন্মুখীন হোৱা তীব্ৰ কষ্টৰ কথা জানিব পাৰি কেবল দূৰৈৰ পৰা সমবেদনা জ্ঞাপনকাৰী হৈ নাথাকিল। বয়সক হৰুৱাই তেওঁ সোমবাৰে দুৰ্দশাগ্ৰস্তসকলৰ কাষত থিয় হোৱাৰ দৃঢ় প্ৰতিজ্ঞাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ত ব্যক্তিগতভাৱে উপস্থিত হৈ চিৰাজুলিৰ পৰা শিৱসাগৰলৈ এই যাত্ৰা কৰে।
 
জিলা আয়ুক্ত মৃদুল যাদৱে কনকলতা দাসৰ আশীৰ্বাদ লৈছে
 
তাত তেওঁ জিলা আয়ুক্ত মৃদুল যাদৱক সাক্ষাৎ কৰে আৰু ৭৭ টা বানপীড়িত পৰিয়ালক এককালীনভাৱে ২,০০০ টকাকৈ বিত্তীয় সাহায্য আগবঢ়ায়। যি ধন তেওঁ সমগ্ৰ জীৱন কালত সযতনে জমা কৰা সঞ্চয়ৰ পৰা দিছিল।
 
তেওঁৰ এই মহান কাৰ্যই সকলোকে গভীৰভাৱে ভাবুক কৰি তুলিছে। এগৰাকী এশ বছৰীয়া বৃদ্ধাই অচিনাকি মানুহৰ দুখ ভগাই ল’বলৈ ইমান দীঘলীয়া বাট যাত্ৰা কৰি দশক দশক ধৰি জমা কৰি ৰখা ধন আগবঢ়োৱাৰ কাৰ্যই বিষয়াসকল আৰু প্ৰত্যক্ষদৰ্শীসকলক আবেগিক কৰি তুলিছে।
 
তেওঁৰ উদাৰতাত অভিভূত হৈ জিলা আয়ুক্ত যাদৱে এই অৱদান গ্ৰহণ কৰাৰ আগতে তেওঁৰ আশীৰ্বাদ ল’বলৈ প্ৰণাম জনায় আৰু ভৰি চুই আশীৰ্বাদ লয়।
 
সংবাদ মাধ্যমৰ আগত জিলা আয়ুক্ত যাদৱে কয়, "মোৰ সমগ্ৰ চাকৰি জীৱনত মই মানৱতাৰ এনে পবিত্ৰ আৰু স্বাৰ্থহীন কাৰ্য দেখা নাছিলোঁ। কনকলতা দাসে আমাক প্ৰকৃত সহানুভূতি আৰু নাগৰিৰ কৰ্তব্যৰ অৰ্থ শিকাইছে। আজি তেওঁৰ আশীৰ্বাদ ল'লোঁ। তেওঁৰ আশীৰ্বাদ মই পাব পৰা যিকোনো সন্মানতকৈও অধিক মূল্যবান।"
 
কনকলতা দাসৰ এই মহান কাৰ্যৰ খবৰ জিলাখনৰ উপৰিও বাহিৰলৈও বিয়পি পৰিছে, যাক নম্ৰতা, উদাৰতা আৰু নাগৰিক দায়িত্বৰ এক শিক্ষা হিচাপে প্ৰশংসা কৰা হৈছে।
 
এজন প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰে যে, "বয়স কেৱল এটা সংখ্যাহে, আৰু কনকলতা দাসে প্ৰমাণ কৰিলে যে মানৱতাই হৈছে আটাইতকৈ সত্য ধৰ্ম। দীঘলীয়া জীৱনৰ শেষছোৱাতো মানুহৰ আত্মাই অন্য একো নিবিচাৰি দান কৰাৰ পথ বাছি ল'ব পাৰে।
 
উল্লেখযোগ্য যে, কনকলতা দাসৰ এই দান কেৱল দানেই নহয়, ই মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। মানৱ সভ্যতাক আৰু এখোপ ওপৰলৈ লৈ যোৱাৰ এক সুন্দৰ প্ৰয়াস।