বিশ্ব দৰবাৰত জিলিকিব অসমঃ বিহু, মাজুলী আৰু আহোমৰ ৰাজধানী ৰংপুৰলৈ UNESCO-ৰ স্বীকৃতিৰ প্ৰয়াস

Story by  Nikunja Nath | Posted by  Nikunja Nath • 3 h ago
বিশ্ব দৰবাৰত জিলিকিব অসমঃ বিহু, মাজুলী আৰু আহোমৰ ৰাজধানী ৰংপুৰলৈ UNESCO-ৰ স্বীকৃতিৰ প্ৰয়াস
বিশ্ব দৰবাৰত জিলিকিব অসমঃ বিহু, মাজুলী আৰু আহোমৰ ৰাজধানী ৰংপুৰলৈ UNESCO-ৰ স্বীকৃতিৰ প্ৰয়াস
 
নিকুঞ্জ নাথ / গুৱাহাটী
 
গৌৰৱোজ্জ্বল ইতিহাস আৰু চহকী সংস্কৃতিৰে মহীয়ান অসম। শেহতীয়াকৈ চৰাইদেউৰ মৈদামে ইউনেস্কো (UNESCO)ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰি অসমৰ নাম বিশ্বৰ ইতিহাসত সোণালী আখৰেৰে খোদিত কৰিছে। এই অভূতপূৰ্ব সফলতাৰ পিছতে এতিয়া ৰাজ্যৰ আন কেইবাটিও অমূল্য সাংস্কৃতিক আৰু ঐতিহাসিক সম্পদক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে এক অভিলাষী যাত্ৰা আৰম্ভ কৰিছে অসম চৰকাৰে।
 
যোৱা ১০ জুলাইত অসম বিধানসভাত ২০২৬-২৭ বৰ্ষৰ ৰাজ্যিক বাজেট দাখিল কৰি বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে চৰকাৰে অসমৰ ঐতিহ্যক সাংস্কৃতিক, প্ৰাকৃতিক আৰু অস্পৰ্শযোগ্য ঐতিহ্যৰ শিতানত ইউনেস্কোৰ স্বীকৃতি প্ৰদান কৰোৱাৰ বাবে প্ৰচেষ্টা চলাব।
 
AI-ৰ জৰিয়তে সৃষ্ট প্ৰতিনিধিত্বমূলক ফটো
 
অসমৰ চহকী ঐতিহ্য সংৰক্ষণৰ লগতে ইয়াৰ গোলকীয় স্বীকৃতি বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে পৰ্যায়ক্ৰমে গ্ৰহণ কৰিবলগীয়া প্ৰস্তাৱসমূহৰ ভিতৰত মাজুলীৰ বৈষ্ণৱ সংস্কৃতি, বিহু আৰু শিৱসাগৰত অৱস্থিত আহোমৰ ৰাজধানী ৰংপুৰ অন্তৰ্ভুক্ত কৰা হৈছে।
 
মন্ত্ৰীগৰাকীয়ে কয়, "অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা, ইয়াৰ সংৰক্ষণ ব্যৱস্থাক অধিক শক্তিশালী কৰা আৰু সাংস্কৃতিক পৰ্যটনৰ প্ৰসাৰ কৰাই হৈছে এই প্ৰচেষ্টাৰ মূল লক্ষ্য।"
চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লাভ কৰা ঐতিহাসিক স্বীকৃতিৰ পিছতেই এই কথা ঘোষণা কৰা হৈছে, যিটো আছিল এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এই সফলতাই বিশ্বৰ সাংস্কৃতিক মানচিত্ৰত অসমৰ মৰ্যাদা উল্লেখনীয়ভাৱে বৃদ্ধি কৰিছে।
 
অসমৰ ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ উদ্দেশ্যে বাজেটে আন কেবাটাও পদক্ষেপৰ ৰূপৰেখা দাঙি ধৰিছে। চৰকাৰে ৰংঘৰ সংৰক্ষণ প্ৰকল্পৰ কাম দ্ৰুতগতিত সম্পূৰ্ণ কৰিব আৰু ৰাজ্যৰ অন্যতম দুটা গুৰুত্বপূৰ্ণ আহোম যুগৰ কীৰ্তিচিহ্ন- কাৰেং ঘৰৰ পুনৰুদ্ধাৰ, সংৰক্ষণ আৰু দৰ্শনাৰ্থীৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত ল'ব।
 
AI-ৰ জৰিয়তে সৃষ্ট প্ৰতিনিধিত্বমূলক ফটো
 
শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়ছোৱা কটোৱা মধুপুৰ সত্ৰৰ ধৰ্মীয় আৰু ঐতিহাসিক গুৰুত্বলৈ লক্ষ্য ৰাখি চৰকাৰে এই সত্ৰৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে পৰ্যাপ্ত পুঁজি আৱণ্টন দিয়াৰ কথা ঘোষণা কৰিছে। ইয়াৰ ভিতৰত ঐতিহ্য সংৰক্ষণ, তীৰ্থযাত্ৰীৰ বাবে সা-সুবিধা আৰু সাংস্কৃতিক আন্তঃগাঁথনিৰ উন্নয়নো অন্তৰ্ভুক্ত থাকিব।
 
আনহাতে, অসমৰ বৈষ্ণৱ পৰম্পৰালৈ প্ৰতিষ্ঠানিক সমৰ্থন সুদৃঢ় কৰাৰ উদ্দেশ্যে চৰকাৰে 'অসম সত্ৰ আয়োগ' গঠন কৰি ইয়াক ক্ষমতা প্ৰদান কৰিব।
ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সংস্কৃতি প্ৰদৰ্শনৰ প্ৰচেষ্টাৰ অংশ হিচাপে চৰকাৰে নতুন দিল্লীত এক বিশাল বিহু উদযাপনৰ আয়োজন কৰিব, যাৰ জৰিয়তে ৰাজ্যৰ এই প্ৰধান উৎসৱটোক ৰাষ্ট্ৰীয় মঞ্চত তুলি ধৰা হ'ব।
 
ইয়াৰ উপৰি, বীৰ লাচিত বৰফুকন আৰু স্বাধীনতা সংগ্ৰামী ছহীদ কুশল কোঁৱৰৰ অনুপ্ৰেৰণাদায়ক কাহিনীসমূহক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে তেওঁলোকৰ জীৱনৰ আধাৰত বিশ্বমানৰ বাণিজ্যিক কাহিনীচিত্ৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ কথাও বাজেটত ঘোষণা কৰা হৈছে। লগতে, সংগীত, মানৱীয়তা আৰু ৰাষ্ট্ৰীয় সংহতিৰ ক্ষেত্ৰত এক চিৰস্থায়ী অৱদান আগবঢ়াই যোৱা সাংস্কৃতিক মহীৰূহ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক সন্মান জনাই ৰাজ্য চৰকাৰে নতুন দিল্লীত তেখেতৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ এক বিশাল সামৰণি অনুষ্ঠানৰো আয়োজন কৰিব।
ঐতিহ্যকেন্দ্ৰিক এই পদক্ষেপসমূহ হৈছে অসম চৰকাৰৰ এক বহল ৰণনীতিৰ অংশ, যাৰ জৰিয়তে ৰাজ্যখনৰ সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ ৰখাৰ লগতে ইয়াক ঐতিহ্য আৰু সাংস্কৃতিক পৰ্যটনৰ এক প্ৰধান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে।
 
অসম চৰকাৰৰ এই বাজেট কেৱল অৰ্থনীতিৰ এক দলিল নহয়, ই হৈছে অসমীয়া জাতিৰ সাংস্কৃতিক আৱেগ, ইতিহাস আৰু ঐতিহ্যক বিশ্বৰ দৰবাৰত সগৌৰৱে প্ৰতিষ্ঠা কৰাৰ এক সুদূৰপ্ৰসাৰী সপোন। যদিহে এই পৰিকল্পনাসমূহ বাস্তৱায়িত হয়, তেন্তে আগন্তুক দিনত অসমে বিশ্বৰ মানচিত্ৰত এক অনন্য আৰু সুকীয়া সাংস্কৃতিক পৰিচয় গঢ়ি তোলাটো নিশ্চিত।