একালত দুবেলা দুমুঠি ভাতৰ বাবে চিন্তা কৰিবলগীয়া হোৱা ফিৰদৌছ খান কেনেকৈ চাৰ্জেনিক্স হেল্থকেয়াৰৰ CEO হৈ পৰিল

Story by  atv | Posted by  Munni Begum • 53 m ago
ফিৰদৌছ খান
ফিৰদৌছ খান
 
অৰ্ছলা খান / নতুন দিল্লী
 
ৰাজস্থানৰ আজমেৰৰ সৰু গলিৰ পৰা আৰম্ভ কৰি দেশৰ এক আগশাৰীৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানৰ গুৰি ধৰালৈকে, ফিৰদৌছ খানৰ জীৱন পৰিক্ৰমা হৈছে অদম্য সাহস, দৃঢ় সংকল্প আৰু এক মহান উদ্দেশ্যৰ জীৱন্ত নিদৰ্শন। আৰ্থিক অনাটন, সামাজিক প্ৰত্যাহ্বান আৰু পাৰিবাৰিক দায়িত্বৰ বোজা থকাৰ পাছতো তেওঁ নিজৰ বাবে এক সুকীয়া পথ নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল। বৰ্তমান তেওঁ উন্নত স্বাস্থ্যসেৱাক সৰ্বসাধাৰণৰ বাবে সহজলভ্য কৰি তোলাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা ‘ছাৰ্জেনিক্স হেল্থকেয়াৰ’-ৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
 
ফিৰদৌছে তেওঁৰ শৈশৱ অতিবাহিত কৰিছিল আজমেৰত। তিনিজন ভাতৃৰ একমাত্ৰ জ্যেষ্ঠ ভগ্নী হিচাপে ডাঙৰ-দীঘল হোৱা ফিৰদৌছে সৰুৰে পৰাই পৰিয়ালৰ সংগ্ৰাম আৰু ঘাত-প্ৰতিঘাতবোৰ অতি কাষৰ পৰা দেখিছিল। তেওঁৰ পিতৃয়ে এজন ৱেইটাৰ হিচাপে কাম কৰিছিল আৰু মাতৃয়ে ঘৰুৱা দায়িত্ব চম্ভালিছিল। আৰ্থিক সংকট তেওঁলোকৰ দৈনন্দিন জীৱনৰ এক কঢ়া বাস্তৱ আছিল আৰু এনে বহু সময় আহিছিল যেতিয়া পৰিয়ালটোৰ দুবেলা-দুমুঠিৰ খৰচ যোগাৰ কৰাটোও কঠিন হৈ পৰিছিল। কিন্তু, এই সকলোবোৰ কষ্টই তেওঁক নিৰাশ কৰাৰ পৰিৱৰ্তে তেওঁৰ মনৰ দৃঢ়তাক অধিক শক্তিশালীহে কৰি তুলিছিল।
 
ফিৰদৌছ খান
 
পিতৃ-মাতৃক সকাহ দিয়াৰ উদ্দেশ্যেৰে ফিৰদৌছে অতি কম বয়সৰ পৰাই কাম কৰিবলৈ আৰম্ভ কৰে। পৰিয়ালৰ উপাৰ্জনত বৰঙনি যোগাবলৈ তেওঁ হাতেৰে বনোৱা খাৰু তৈয়াৰ কৰি বিক্ৰী কৰাৰ লগতে চিলাই আৰু বোৱা কামো হাতত লৈছিল। যদিও আৰ্থিক দুৰৱস্থাই বাৰে বাৰে তেওঁৰ সপোনৰ বাটত হেঙাৰ হৈ থিয় দিছিল, তথাপি তেওঁ সেই বাধাবোৰক কেতিয়াও নিজৰ ভৱিষ্যত নিৰ্ণয় কৰিবলৈ দিয়া নাছিল। তেওঁৰ অটল বিশ্বাস আছিল যে দৃঢ় সংকল্পৰে যিকোনো কঠিন পৰিস্থিতিকো জয় কৰিব পাৰি।
 
তেওঁৰ জীৱনলৈ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন তেতিয়া আহিছিল, যেতিয়া তেওঁ নিজৰ বৃদ্ধ ককাকক চিকিৎসা সেৱা লাভ কৰিবলৈ গৈ সংগ্ৰাম কৰিবলগীয়া হোৱা দেখিছিল। তেওঁ দেখিছিল কেনেদৰে ককাকে চিকিৎসালয়ৰ দীঘলীয়া শাৰীত থিয় দি ঘণ্টাৰ পিছত ঘণ্টা অতিবাহিত কৰিবলগীয়া হৈছিল, চিকিৎসকৰ পৰামৰ্শ লাভ কৰাত পলম হৈছিল আৰু সমগ্ৰ চিকিৎসা প্ৰক্ৰিয়াটোত সঠিক মাৰ্গদৰ্শনৰ অভাৱ হৈছিল। এই অভিজ্ঞতাবোৰে তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল আৰু তেওঁৰ মনত এক নতুন চিন্তাধাৰাৰ জন্ম দিছিল- সেয়া আছিল স্বাস্থ্যসেৱাক অধিক সৰল, সহজলভ্য আৰু ৰোগীৰ বাবে অনুকূল কৰি তোলাৰ চিন্তা। কালক্ৰমত তেওঁৰ এই দূৰদৰ্শী চিন্তায়েই 'ছেৰ্জেনিক্স হেল্থকেয়াৰ'ৰ ভেটি গঢ়ি তোলে।
 
দ্বাদশ শ্ৰেণীৰ শিক্ষা সাং কৰাৰ পিছত, ফিৰদৌছে ডাঙৰ সপোন পূৰ সিদ্ধান্ত লয়। তেওঁ দিল্লীলৈ যাব বিচাৰিছিল, কিন্তু প্ৰথম অৱস্থাত তেওঁৰ পৰিয়াল সন্মত হোৱা নাছিল। এখন সৰু চহৰৰ এগৰাকী যুৱতীয়ে এখন মহানগৰীত অকলে থকা আৰু কাম কৰাটো পৰিয়ালৰ বাবে মানি ল'বলৈ কঠিন আছিল। অৱশ্যে, ফিৰদৌছ নিজৰ সিদ্ধান্তত অটল আছিল। অৱশেষত, তাই পৰিয়ালক এটা চাকৰি পোৱা বুলি পতিয়ন নিয়াই দিল্লীলৈ যাত্ৰা কৰিলে- যিটো সিদ্ধান্ত পিছলৈ তেওঁৰ জীৱনৰ আটাইতকৈ সাহসী পদক্ষেপ হিচাপে প্ৰমাণিত হ'ল।
 
দিল্লীত তেওঁ এটা বেচৰকাৰী সংস্থা (NGO)ৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে, য'ত তেওঁৰ মূল দায়িত্ব আছিল ঋতুস্ৰাৱজনিত স্বাস্থ্যৰ বিষয়ে সজাগতা বিয়পোৱা। এই কামৰ সুবাদতে তেওঁ দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰে, যাৰ ফলত তেওঁ বিভিন্ন পটভূমিৰ মহিলাসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকে সন্মুখীন হোৱা স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহ গভীৰভাৱে বুজি উঠিবলৈ সক্ষম হয়।
 
তেওঁ অনুভৱ কৰিলে যে আজিও বহু মহিলাই প্ৰাথমিক স্বাস্থ্যসেৱা আৰু সঠিক চিকিৎসা সম্পৰ্কীয় তথ্যৰ পৰা বঞ্চিত। বহুতৰ বাবে সময়মতে চিকিৎসাৰ পৰামৰ্শ পোৱাটো এক ঢুকি নোপোৱা সপোন, আনহাতে চিকিৎসা প্ৰক্ৰিয়াও প্ৰায়েই জটিল আৰু ব্যয়বহুল হৈ পৰে।
 
এই অভিজ্ঞতাসমূহে সমাজসেৱাৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাক অধিক সুদৃঢ় কৰিলে। তেওঁ ঋতুস্ৰাৱৰ স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি 'পেড যাত্ৰা' নামৰ এক সজাগতা অভিযান আৰম্ভ কৰে। কেইবাখনো চহৰ ভ্ৰমণ কৰি তেওঁ মহিলাসকলক ঋতুস্ৰাৱৰ যতন, পৰিচ্ছন্নতা আৰু সঠিক চিকিৎসা সেৱা গ্ৰহণৰ গুৰুত্বৰ বিষয়ে শিক্ষিত কৰে। ইয়াৰ উপৰিও তেওঁ 'পিৰিয়ডছ ফেষ্ট' নামৰ অনুষ্ঠানৰ আয়োজন কৰিছিল, যিয়ে এনে এক নিৰাপদ পৰিৱেশ গঢ়ি তুলিছিল য'ত মহিলাসকলে দীৰ্ঘদিন ধৰি সমাজত 'টেবু' হিচাপে গণ্য কৰা বিষয়বোৰৰ ওপৰত মুকলিকৈ আলোচনা কৰিব পাৰিছিল।
 
এই পদক্ষেপসমূহৰ নেতৃত্ব দি থকাৰ সময়তে, ফিৰদৌছে এই কথাও উপলব্ধি কৰিলে যে কেৱল সজাগতাৰ জৰিয়তে স্বাস্থ্যসেৱা খণ্ডৰ সকলো সুৰুঙা পূৰণ কৰিব নোৱাৰি। বহুতো ৰোগীয়ে সঠিক চিকিৎসক বিচাৰি উলিওৱাত, সঠিক চিকিৎসালয় নিৰ্বাচন কৰাত বা চিকিৎসা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি যোৱাত সংগ্ৰাম কৰিবলগীয়া হয়। তেওঁ অনুভৱ কৰিলে যে এনে এখন নিৰ্ভৰযোগ্য মঞ্চৰ প্ৰয়োজন আছে, যিয়ে ৰোগ নিৰ্ণয়ৰ পৰা আৰম্ভ কৰি আৰোগ্য লাভলৈকে ৰোগীসকলক সঠিক পথ প্ৰদৰ্শন কৰিব পাৰে। এই উপলব্ধিয়েই 'ছাৰ্জেনিক্স হেল্থকেয়াৰ' প্ৰতিষ্ঠাৰ মূল আধাৰ হৈ পৰিছিল।
 
ফিৰদৌছ খান
 
চিকিৎসা ব্যৱস্থাক অধিক সহজলভ্য, স্বচ্ছ আৰু ৰোগী-কেন্দ্ৰিক কৰি তোলাৰ লক্ষ্যৰে ফিৰদৌছে এই স্বাস্থ্যসেৱা মঞ্চখন প্ৰতিষ্ঠা কৰে। এই প্ৰতিষ্ঠানটোৱে ৰোগীসকলক অভিজ্ঞ বিশেষজ্ঞৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে, সমগ্ৰ চিকিৎসা প্ৰক্ৰিয়াটোত সঠিক পথ প্ৰদৰ্শন কৰে আৰু স্বাস্থ্য সম্পৰ্কীয় সিদ্ধান্তসমূহ সৰল কৰি তোলে।
 
ছাৰ্জেনিক্স হেল্থকেয়াৰক কিহৰ বাবে ব্যতিক্ৰম বুলি কোৱা হয়?
 
কোম্পানীটোৰ অন্যতম প্ৰধান বৈশিষ্ট্য হৈছে ৰোগীৰ যতনৰ প্ৰতি থকা ইয়াৰ ব্যাপক পদ্ধতি। কেৱলমাত্ৰ চিকিৎসাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে, ছাৰ্জেনিক্স হেল্থকেয়াৰে ৰোগীসকলক তেওঁলোকৰ সমগ্ৰ চিকিৎসা যাত্ৰাত- প্ৰাথমিক পৰামৰ্শৰ পৰা আৰম্ভ কৰি চিকিৎসাৰ পিছৰ আৰোগ্য লাভলৈকে সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়। ইয়াৰ সেৱাসমূহ চাৰিটা মূল পৰ্যায়ত বিভক্ত কৰা হৈছে।
 
প্ৰথম পৰ্যায়ত অভিজ্ঞ পৰামৰ্শদাতাৰ পৰা ব্যক্তিগত মাৰ্গদৰ্শন প্ৰদান কৰা হয়, যিয়ে প্ৰতিজন ৰোগীৰ প্ৰয়োজনীয়তাসমূহ মূল্যাংকন কৰে আৰু উপযুক্ত চিকিৎসাৰ বিকল্পসমূহৰ পৰামৰ্শ দিয়ে।
 
দ্বিতীয় পৰ্যায়ত বিশেষজ্ঞ চিকিৎসকৰ সৈতে বিনামূলীয়া পৰামৰ্শৰ সুবিধা আগবঢ়োৱা হয়, যাতে ৰোগীসকলে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা আৰু উপলব্ধ চিকিৎসাৰ বিকল্পসমূহ ভালদৰে বুজি পাব পাৰে।
 
তৃতীয় পৰ্যায়ত ৰোগীসকলক দেশৰ আগশাৰীৰ চিকিৎসালয় আৰু অভিজ্ঞ চিকিৎসা পেছাদাৰীসকলৰ জৰিয়তে চিকিৎসাৰ সুবিধা প্ৰদান কৰি উন্নত মানৰ স্বাস্থ্যসেৱা সুনিশ্চিত কৰা হয়।
 
চূড়ান্ত পৰ্যায়টোত চিকিৎসাৰ পিছৰ ব্যক্তিগত পৰিচৰ্যা আৰু সমৰ্থনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, যিয়ে ৰোগীসকলক আৰামদায়কভাৱে আৰোগ্য লাভ কৰাত সহায় কৰাৰ লগতে চিকিৎসা প্ৰক্ৰিয়াৰ পিছতো ধাৰাবাহিক নিৰ্দেশনা প্ৰদান কৰা হয়।
 
ফিৰদৌছ খান
 
এখন ৰোগী-কেন্দ্ৰিক স্বাস্থ্যসেৱা মঞ্চ
 
ছাৰ্জেনিক্স হেল্থকেয়াৰে বিভিন্ন চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ বিশেষ চিকিৎসা পেকেজৰো সুবিধা আগবঢ়ায়। এই পেকেজসমূহে ৰোগীসকলক চিকিৎসাৰ ব্যয়ৰ বিষয়ে ভালদৰে বুজাত সহায় কৰে আৰু অধিক আত্মবিশ্বাসেৰে তেওঁলোকৰ স্বাস্থ্যসেৱা যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ সাহস যোগায়।
 
কেৱল চিকিৎসা সেৱা প্ৰদান কৰাতে কোম্পানীটোৰ লক্ষ্য সীমাবদ্ধ নহয়। সমগ্ৰ চিকিৎসা প্ৰক্ৰিয়াৰ সময়ছোৱাত ৰোগী আৰু তেওঁলোকৰ পৰিয়াল দুয়োকে আশ্বাস, স্বচ্ছতা আৰু নিৰন্তৰ সমৰ্থন আগবঢ়োৱাটোৱেই হৈছে ইয়াৰ মূল উদ্দেশ্য।
 
আজি ফিৰদৌছ খানৰ জীৱন গাঁথা হাজাৰ হাজাৰ তৰুণ-তৰুণীৰ বাবে, বিশেষকৈ সীমিত সম্পদৰ মাজতো এক অৰ্থপূৰ্ণ কেৰিয়াৰ গঢ়াৰ সপোন দেখা সৰু চহৰৰ ছোৱালীবিলাকৰ বাবে অনুপ্ৰেৰণাৰ এক অৱিৰত উৎস হৈ পৰিছে।
 
তেওঁৰ যাত্ৰাই প্ৰমাণ কৰে যে সপোনৰ কোনো ভৌগোলিক সীমাৱদ্ধতা নাথাকে, ই আৰ্থিক অৱস্থা বা সামাজিক প্ৰত্যাশাৰ গণ্ডীত আৱদ্ধ নহয়। একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু সাহসেৰে আটাইতকৈ কঠিন বাধাবোৰকো সফলতাৰ সোপানলৈ ৰূপান্তৰিত কৰিব পাৰি।
 
আজমেৰৰ এগৰাকী সাধাৰণ ছোৱালীৰ পৰা ছাৰ্জেনিক্স হেল্থকেয়াৰৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) হোৱালৈকে, ফিৰদৌছ খানে সমগ্ৰ বিশ্বক দেখুৱাই দিছে যে অসাধাৰণ পৰিৱৰ্তন আনিবলৈ অসাধাৰণ সম্পদৰ প্ৰয়োজন নাই- প্ৰয়োজন কেৱল অসাধাৰণ সংকল্পৰ। তেওঁৰ জীৱন সংগ্ৰাম প্ৰতিটো ক্ষণতে অগণন যুৱপ্ৰজন্মক নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ আৰু অসীম আত্মবিশ্বাসেৰে নিজৰ সপোনৰ পিছত দৌৰিবলৈ অনুপ্ৰাণিত কৰি যাব।


শেহতীয়া খবৰ