নীলম গুপ্তা
চকুৰ জিলিকনি আৰু মুখমণ্ডলত বিৰাজিত গভীৰ আত্মসন্তুষ্টিৰ চাৱনি লৈ ডাঃ শ্বাইস্তা আঞ্জুমে নিজৰ সুমধুৰ কণ্ঠৰে মাত্ৰ কেইটামান বাক্যতে নিজৰ জীৱনৰ কাহিনী বৰ্ণনা কৰি যায়। তেওঁ কয়ঃ 'মই ডাক্তৰ হোৱাটো মোৰ মাৰ সপোন আছিল। MBBS পাছ কৰাৰ পাছত মই যাতে MS-ও কৰিব পাৰোঁ, তাৰ বাবে মোৰ স্বামীয়ে মোক আগলৈ পঢ়িবলৈ জোৰ দিছিল আৰু মোৰ শাহুৱেকে কেৱল মোৰ ছোৱালীজনীকে চোৱা-চিতা কৰা নাছিল, আজিও তেওঁৰ চেষ্টা থাকে যাতে মই ঘৰৰ কোনো কাম কৰিবলগীয়া নহয়। যদি এই তিনিগৰাকী ব্যক্তি মোৰ জীৱনত নাথাকিলহেঁতেন, তেন্তে মই নাজানো আজি মই কি কৰি থাকিলোঁহেঁতেন।'
শ্বাইস্তাৰ ডাক্তৰ হোৱাৰ কাহিনীটো এনে এটা পৰিয়ালৰ কাহিনী যিয়ে পুনৰবাৰ প্ৰমাণ কৰি দিয়ে যে দৰিদ্ৰ মানুহে কেৱল ডাঙৰ সপোন দেখিয়েই ক্ষান্ত নাথাকে, তাক পূৰণো কৰি দেখুৱায়। কিন্তু ইয়াত এই কাহিনী কেৱল শ্বাইস্তাৰে নহয়, তেওঁৰ সমান্তৰালকৈ তেওঁৰ মাতৃ আৰু শাহুৱেকৰ সংগ্ৰাম তথা সপোনৰো কাহিনী।
শ্বাইস্তা আঞ্জুম তেওঁৰ পৰিয়ালৰ সৈতে
ৰাজস্থানৰ দক্ষিণ-পূব দিশৰ কোটাৰ পৰা প্ৰায় সাত কিলোমিটাৰ দূৰৈৰ বৰাঁ (বৰ্তমান এটা মহকুমা) চহৰত ছাইস্তাৰ পৰিয়ালটো বাস কৰিছিল। দেউতাকৰ এখন গেলামালৰ দোকান আছিল আৰু মাকে বিড়ি বনোৱাৰ কাম কৰিছিল। শ্বাইস্তাই কয়ঃ "মোৰ মা হছৰত বানুৱে বিড়ি বনাইছিল। আমি তিনিজনী ভনীয়েক আৰু দুজন ককায়েক-ভায়েক আছিলোঁ। মই পঢ়া-শুনাত আটাইতকৈ চোকা আছিলোঁ। মাৰ বিশ্বাস আছিল যে মই ডাক্তৰ হ'ব পাৰিম। সেয়েহে তেওঁ প্ৰস্তুতিৰ বাবে মোক কোটাৰ 'Allen’ কোচিং চেণ্টাৰলৈ পঠিয়াইছিল। তাত মই কঠোৰ পৰিশ্ৰম কৰিলোঁ। মেডিকেলৰ পৰীক্ষা দিলোঁ আৰু উত্তীৰ্ণ হ'লোঁ। বৰাঁৰ পৰা কিছু দূৰত থকা ঝালাৱাড়ৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ইণ্টাৰ্নশ্বিপ কৰিলোঁ আৰু তাৰ পাছত এম বি বি এছ সম্পূৰ্ণ হোৱাত ওচৰৰে পিণ্ডাৱৰ গাঁৱৰ স্বাস্থ্য কেন্দ্ৰত মোৰ চাকৰি হ'ল। ৰাজস্থানত মেডিকেল ডিগ্ৰী লোৱাৰ পাছত প্ৰথম দুবছৰ গাঁৱত চাকৰি কৰাটো বাধ্যতামূলক। চাকৰিৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ আগতেই পেছাত উকীল মোৰ স্বামী ছৈয়দ ইমৰান আলীয়ে মোৰ ওপৰত হেঁচা দিবলৈ আৰম্ভ কৰিলে যাতে মই Master of Surgery-ৰ পঢ়াও এতিয়াই কৰি লওঁ। ইণ্টাৰ্নশ্বিপ কৰি থকা অৱস্থাতে ঝালাৱাড়তে তেওঁৰ সৈতে মোৰ বিয়া হৈছিল। তেওঁ ধেমালিতে মোক কৈছিল যে সকলোৱে ক'ব যে ময়েই হেনো তোমাক আগলৈ পঢ়িবলৈ নিদিলোঁ; মই এই অপবাদ নিজৰ মূৰত ল'ব নিবিচাৰোঁ। ২০১৫ চনত আমাৰ বিয়া হৈছিল। গাঁৱত চাকৰিৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ পাছত মই ঝালাৱাড়ৰ চৰকাৰী চিকিৎসালয়লৈ আহিলোঁ। ২০২০ চনত মই এম এছৰ প্ৰস্তুতিৰ বাবে দিল্লীৰ এটা কোচিং এজেন্সীৰ পৰা অনলাইন কোচিং লৈছিলোঁ। দিনটোৰ চাকৰিৰ অন্তত কেৱল ৰাতিহে এই ক্লাছবোৰ কৰিব পাৰিছিলোঁ। ইয়াৰ মাজতে মোৰ এজনী ছোৱালী জন্ম হৈছিল। তাইক মোৰ শাহুৱেকে বেছিকৈ চোৱা-চিতা কৰিছিল। মই বাৰে বাৰে পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ যদিও নম্বৰ বৰ ভাল অহা নাছিল। এনাচথেছিয়াৰ বাহিৰে আন কোনো বিভাগত নামভৰ্তিৰ সুবিধা পোৱা নাছিলোঁ। কিন্তু মই সেইটো পঢ়িব বিচৰা নাছিলোঁ। তৃতীয়বাৰৰ পৰীক্ষাত মোৰ ইমানেই ভাল নম্বৰ আহিল যে মই যিকোনো বিভাগ বাছি ল'ব পাৰিলোঁহেঁতেন। কিন্তু মই গাইন'ক'লজী (স্ত্ৰীৰোগ) বিভাগটো বাছি ল'লোঁ। ইয়াৰ কাৰণ আছিল, মোৰ মায়ে সদায় কৈছিল যে মহিলাসকলে বহুত কষ্ট সহ্য কৰিবলগীয়া হয়, তুমি তেওঁলোকৰ জীৱনটো অলপ সহজ কৰি তুলিবা।"
তেওঁ পুনৰ কয়ঃ "শুনোতে আপোনালোকৰ হয়তো এনে লাগিব পাৰে যে সকলোবোৰ কিমান সহজেই হৈ গ'ল। কিন্তু নহয়, ইয়াৰ আঁৰত আছে মোৰ মাতৃ খাতুন বেগমৰ এক কঠোৰ সংগ্ৰাম। দেউতাকৰ এখন সৰু গেলামালৰ দোকান আছিল। তাৰে ঘৰৰ খৰচ নোজোৰে। মাকে বিড়ি বনাইছিল। তাৰ পৰা যে উপাৰ্জন বুলি কিবা এটা হৈছিল তেনে নহয়, তথাপি যি দুপইচা হাতলৈ আহিছিল তাৰে ঘৰ চলাত অলপ সহায় হৈছিল। আমি আটাইকেইজন ভাই-ভনীয়ে চৰকাৰী স্কুলত পঢ়িছিলোঁ যদিও কিতাপ-পত্ৰ আৰু কাপোৰ-কানিৰ খৰচতো হয়েই। সেই খৰচ বহুবাৰ মোৰ ককাদেউতাৰ ঘৰৰ পৰা পূৰণ হৈছিল। আৰু যেতিয়া মই কোটাত কোচিং লৈ আছিলোঁ, তেতিয়া মোৰ মায়ে গুলাকত (মাটিৰ বেংকত) দহ টকা, পাঁচ টকাকৈ সাঁচি থৈ মোক পঠিয়াইছিল। তেওঁৰ নিজৰ বাবে খৰচ কৰিবলৈ আগতেও একো নাছিল, কিন্তু এতিয়া ঘৰৰ খৰচো কমাই দিছিল। তেওঁৰ এটাই মাত্ৰ ইচ্ছা আছিল যে যিকোনো প্ৰকাৰে মোৰ ছোৱালীজনী ডাক্তৰ হওক। মই আল্লাহৰ ওচৰত কৃতজ্ঞ যে তেওঁ মোক ইমানখিনি যোগ্যতা দিলে যাৰ বাবে মই মোৰ মাৰ সপোন পূৰণ কৰিব পাৰিলোঁ। এই সপোন তেওঁৰ চকুৱে নহয়, তেওঁৰ আত্মাই দেখিছিল। আচলতে কথাটো আছিল যে, মোৰ ককাদেউতাৰ তিনিজনী ছোৱালী আৰু দুজন ল'ৰা আছিল। তেওঁ ছোৱালীকেইজনীক মাত্ৰ পঞ্চম শ্ৰেণীলৈকেহে পঢ়ুৱাইছিল আৰু ল'ৰা দুজনক উচ্চ শিক্ষা দিছিল। এজন ল'ৰা ডাক্তৰ হ'ল।

শ্বাইস্তা আঞ্জুম তেওঁৰ মাতৃ আৰু কন্যাৰ সৈতে
মায়ে কয় যে আমি তিনিওজনী ভনীয়েকে ভাবিছিলোঁ আব্বুৱে আমাক কিয় আগলৈ পঢ়োৱা নাই। আমি অনুৰোধো কৰিছিলোঁ কিন্তু তেওঁ মান্তি নহ'ল। তেওঁ কৈছিল, ছোৱালীক বেছি পঢ়োৱা নহয়। আমি ঘৰৰ কাম তো কৰিবলগীয়া হৈছিলেই, লগতে ডাক্তৰী পঢ়ি থকা ককায়েকৰ বাবে ঘনে ঘনে চাহ বনোৱাৰ দায়িত্বও আমাৰ ওপৰতেই আছিল। সেইদিনাই মায়ে মনতে ঠিৰাং কৰিছিল যে নিজৰ ছোৱালীক ডাক্তৰ বনাম। আৰু বনায়েই এৰিলে। কষ্ট ভুগিলে যদিও সপোন পূৰণ কৰিলে। একপ্ৰকাৰে এয়া কেৱল এটা সপোনই নাছিল, তেওঁৰ বুকুত বিন্ধি থকা এক জেদ আছিল যিটো মোৰ ডাক্তৰ হোৱাৰ পাছতহে মলমৰ দৰে শান্ত হ'ল।"
"মই মোৰ মাৰ সংগ্ৰাম দেখিছিলোঁ। বিয়া হৈ শহুৰৰ ঘৰলৈ অহাৰ পাছত গম পালোঁ যে মোৰ শাহুৱেক হছৰত বানোৰ সংগ্ৰাম তাতকৈয়ো বহুত বেছি কঠোৰ আছিল। তেওঁ এটা মধ্যবিত্ত পৰিয়ালৰ আছিল। কিন্তু স্বামীয়ে দ্বিতীয় বিবাহ কৰাই তেওঁক এৰি থৈ গ'ল। তেওঁ নিজৰ ছবছৰীয়া পুত্ৰক লৈ মাকৰ ঘৰলৈ গুচি আহিল, কিন্তু ককায়েক-বৌয়েকৰ ব্যৱহাৰ ভাল নাছিল। তেওঁলোক ঝালাৱাড়তে আছিল। দেউতাকৰ মৃত্যুৰ পাছত মাকে তেওঁলোকৰ লগত বেলেগকৈ থাকিবলৈ ল'লে। তেওঁৰ সন্মুখত আছিল সন্তানটো আৰু গোটেই জীৱনটো। মাকৰ বাবে থাকিবলৈ ঠাইকণ পালে ঠিকেই, কিন্তু খোৱাৰ কি হ'ব! বিড়ি বনাবলৈ আৰম্ভ কৰিলে। তাৰে খৰচ নোজোৰাত ঘৰে ঘৰে গৈ কাপোৰ বিক্ৰী কৰিবলৈ ধৰিলে। তাৰ পাছত মণিহাৰী বস্তুও (খাৰু, নেইলপলিছ, লিপষ্টিক আদি) লগত ৰাখিবলৈ ল'লে। সকলো বস্তু কোটাৰ পৰা কিনি আনিছিল। তাৰ পাছত ঝালাৱাড়ৰ পৰা ১৫ কিলোমিটাৰ দূৰৰ সুকেত নামৰ গাঁওখনলৈ গৈ ফেৰীৱালাৰ দৰে ঘূৰি ঘূৰি বিক্ৰী কৰিছিল। ঝালাৱাড়ত নকৰাৰ কাৰণ আছিল আত্মীয়-স্বজনে কি ক'ব, বদনাম হ'ব। এনেদৰেই গোটেই দিনটো ঘৰৰ বাহিৰত দৌৰাদৌৰি কৰি একো-একোপইচাকৈ ঘটি পুতেকক পঢ়ুৱাইছিল। আজি তেওঁ এজন উকীল। বিয়াৰ পাছত মই যেতিয়া এই ঘৰখনলৈ আহিছিলোঁ, তেতিয়া ঘৰত ফ্ৰীজ বা টিভি একোৱেই নাছিল। মাত্ৰ এখন কাঁহী আৰু চাৰিখন বাতি আছিল। আমি তিনিওজনে একেখন কাঁহীতে ভাত খাইছিলোঁ। কিন্তু আজি আমাৰ নিজৰ গাড়ী আছে। পকী ঘৰ আছে। মোৰ মাৰ ঘৰতো মোৰ ভাইহঁতে ভাল উপাৰ্জন কৰে। এতিয়া মোৰ মা আৰু শাহুমা কোনোৱে বিড়ি বনাব লগা নহয়।"

শ্বাইস্তা আঞ্জুম তেওঁৰ স্বামীৰ সৈতে
শ্বাইস্তাই আগলৈ কয় যে এম এছ কৰাৰ পাছত মোৰ পষ্টিং আকৌ এখন গাঁৱত হ'ল। ঘৰৰ পৰা ১২৫ কিলোমিটাৰ দূৰৈৰ ডগচৌমেলাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত। সৰু ছোৱালীজনীৰ সৈতে বহুত অসুবিধা হৈছিল। সেইবাবে মই ছিনিয়ৰ ৰেছিডেন্সিৰ বাবে আবেদন কৰিলোঁ আৰু আল্লাহৰ কৃপাত নিৰ্বাচিত হ'লোঁ। ইয়াৰ ফলত মোৰ পষ্টিং চৰকাৰী চিকিৎসা মহাবিদ্যালয় ঝালাৱাড়লৈ আহিল। এম এছ পঢ়াৰ বাবে মই তিনি বছৰৰ ষ্টাডী লীভ লৈছিলোঁ। ২০২৬ চনৰ জানুৱাৰী মাহতেই মই পুনৰ জইন কৰিছোঁ। আজি মোৰ মা আমাৰ মাজত নাই। কিন্তু মই আজি যি পৰ্যায়ত আছোঁ সেয়া কেৱল তেওঁৰ বাবেই। গোটেই বংশটোতে মোৰ মান-সন্মান আৰু সুখ্যাতি আছে, কাৰণ নিজৰ বংশৰ ময়েই প্ৰথমগৰাকী ছোৱালী আছিলোঁ যিয়ে ঘৰৰ বাহিৰলৈ ওলাই গৈ শিক্ষা গ্ৰহণ কৰিছিল আৰু এটা সুউচ্চ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
ডাঃ শ্বাইস্তা আঞ্জুমৰ এই কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে যে কঠোৰ পৰিশ্ৰম আৰু মাতৃৰ নিঃস্বাৰ্থ ত্যাগে যিকোনো কঠিন পথকো সুগম কৰি তুলিব পাৰে। এয়া কেৱল এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰেই সফলতাৰ কাহিনী নহয়, সমাজৰ প্ৰতিবন্ধকতাক নেওচি দুগৰাকী মাতৃয়ে নিজৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে দেখা এক সাকাৰ সপোনৰ জীৱন্ত দলিল। ইচ্ছা আৰু সাহস থাকিলে দৰিদ্ৰতা কেতিয়াও সপোন পূৰণৰ বাটত হেঙাৰ হ'ব নোৱাৰে।