নিজৰ বিদ্যালয়ৰ চৌহদতেই মিনি সুন্দৰবন গঢ়ি তোলা কৃতী শিক্ষক অলকেশ মৃধা

Story by  atv | Posted by  Munni Begum • 1 h ago
অলকেশ মৃধা
অলকেশ মৃধা
 
তৰুণ নন্দী / কলকাতা
 
সমগ্ৰ বিদ্যালয়খনতেই যেন চলিছে পৰিৱেশৰ পাঠ। মিনি সুন্দৰবনৰ পৰা আৰম্ভ কৰি ৰুফটপ একোৱাকালচাৰ (ছাদৰ ওপৰত জলজ খেতি), বৰষুণৰ পানী সংৰক্ষণ কৰিবলৈ কি কি কৰিব লাগিব- এই সকলো শিক্ষা ইয়াত শিকিব পাৰি। কিতাপৰ পাতৰ বাহিৰতো যে শিক্ষাৰ এক বিশাল জগত লুকাই আছে, তাৰেই সন্ধান দিলে সুন্দৰবন অঞ্চলৰ দাঁতিকাষৰীয়া উত্তৰ ২৪ পৰগনাৰ হিংগলগঞ্জৰ এখন দুৰ্গম গাঁৱৰ এজন শিক্ষকে।
 
সামাজিক বা আৰ্থিক প্ৰতিকূলতা অতিক্ৰম কৰি কেনেকৈ এখন সাধাৰণ বিদ্যালয়ক পৰিৱেশ শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয় মানৰ আৰ্হি (মডেল) হিচাপে গঢ়ি তুলিব পাৰি, তাৰেই বাস্তৱ নিদৰ্শন দাঙি ধৰিলে শিক্ষক অলকেশ মৃধাই। তেওঁৰ এই অসামান্য অৱদানৰ বাবেই তেওঁক ৰাজ্য চৰকাৰৰ মৰ্যাদাপূৰ্ণ ‘বিদ্যাসাগৰ শিক্ষা সন্মান ২০২৬’-ৰে সন্মানিত কৰে। এইগৰাকী ব্যক্তি যেতিয়া ৰাস্তাৰে খোজকাঢ়ি যায়, পথচাৰীসকলেও শ্ৰদ্ধাত তেওঁলৈ মূৰ দোৱায়।
 
 
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ আটাইতকৈ প্ৰিয় ছাৰ হ’ল এই অলকেশ বাবু। জানিব পৰা মতে, ২০০৫ চনত শ্ৰীচন্দা মহেন্দ্ৰনাথ মেম’ৰিয়েল ইনষ্টিটিউচনত সহকাৰী শিক্ষক হিচাপে শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিল অলকেশ মৃধাই। ২০১৮ চনৰ আগষ্ট মাহত সেইখন বিদ্যালয়তেই তেওঁ ভাৰপ্ৰাপ্ত শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পিছত ২০২০ চনত সন্তোষপুৰ বিদ্যামন্দিৰ ফৰ বয়জ স্কুলত প্ৰধান শিক্ষক হিচাপে যোগদান কৰে।
 
প্ৰধান শিক্ষক হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰাই বিদ্যালয়খনক কেৱল পুথিগত শিক্ষাৰ স্থান হিচাপে আৱদ্ধ নাৰাখি পৰিৱেশ আৰু প্ৰকৃতিক আগত ৰাখি হাতে-কামে শিক্ষা দিয়াৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ উদ্যোগ লয় তেওঁ। হিংগলগঞ্জৰ পৰিৱেশ তন্ত্ৰ ৰক্ষা কৰাৰ বাবে শাৰী শাৰীকৈ ৰোপণ কৰা হৈছে মেনগ্ৰোভ। হিংগলগঞ্জৰ ভৌগোলিক পৰিৱেশৰ সৈতে সামঞ্জস্য ৰাখি হাতত লোৱা এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক সুন্দৰবনৰ পৰিৱেশ তন্ত্ৰক অতি ওচৰৰ পৰা বুজাৰ সুযোগ প্ৰদান কৰিছে।
 
ইয়াতেই শেষ নহয়, বিদ্যালয়খনৰ ছাদলৈ গ’লে দেখা যাব ৰুফটপ একোৱাকালচাৰ বা ছাদৰ ওপৰত জলজ খেতি। বৰষুণৰ পানী ধৰি ৰাখিবলৈ ‘ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং’ আৰু ভূগৰ্ভস্থ পানীৰ স্তৰ ঘূৰাই আনিবলৈ গঢ়ি তোলা হ’ল ‘গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ চিষ্টেম’। যিয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতাৰ মনোভাৱ বৃদ্ধি কৰাত সহায় কৰিছে। তদুপৰি বিৰল প্ৰজাতিৰ গছৰ বীজ সংৰক্ষণৰ পদ্ধতিও ছাত্ৰ-ছাত্ৰীসকলে আয়ত্ত কৰিছে। সৰ্বোপৰি বিদ্যালয়খন দেখিলে এনে অনুভৱ হ’ব যেন এয়া পৰিৱেশ সজাগতাৰ এক জীৱন্ত গৱেষণাগাৰহে।
 
অলকেশ মৃধা
 
শিক্ষকগৰাকীৰ অভিনৱ প্ৰচেষ্টাত বিদ্যালয়খনৰ এই পৰিৱৰ্তনৰ ফল হাতে-নাতে পোৱা গৈছে। এসময়ত এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২৩৫ জনতেই আৱদ্ধ আছিল। ২০২৬ চনত সেইখন বিদ্যালয়তেই ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই ৬৫৫ জন হৈছেগৈ। ক’ব পাৰি যে, পৰিৱেশ সজাগতাৰ লগতে নীতি-শিক্ষা আৰু সহপাঠ্যক্ৰমিক কাৰ্যকলাপৰ জৰিয়তে এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজি নিজৰ যোগ্যতাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজলাবলৈ সক্ষম হৈছে। সেয়েহে শিক্ষা ক্ষেত্ৰখনলৈ আগবঢ়োৱা তেওঁৰ দীৰ্ঘদিনীয়া অৱদানৰ স্বীকৃতি স্বৰূপেই শিক্ষক দিৱসৰ দিনা ৰাজ্য চৰকাৰে তেওঁলৈ আগবঢ়ায় ‘বিদ্যাসাগৰ শিক্ষা সন্মান ২০২৬’।
 
হিংগলগঞ্জৰ দৰে দুৰ্গম অঞ্চলত থাকিয়েই অলকেশ মৃধাই সমগ্ৰ সমাজক বুজাই দিলে যে, সদিচ্ছা আৰু উদ্ভাৱনী চিন্তা থাকিলে এখন সাধাৰণ বিদ্যালয়কো দেশৰ একেবাৰে আগশাৰীলৈ লৈ যোৱাটো সম্ভৱ। তেওঁলৈ আগবঢ়োৱা এই সন্মান প্ৰকৃততে কেৱল এজন ব্যক্তিৰ নহয়, বৰং এখন বিদ্যালয়ৰ পৰিৱেশবান্ধৱ শিক্ষা-চিন্তাৰো এক অনন্য স্বীকৃতি।