ৰাজীৱ নাৰায়ণ
ভুৱা বা মিছা খবৰ এতিয়া আৰু কেৱল এক সামাজিক ব্যাধিয়েই হৈ থকা নাই। ই বৰ্তমান এক অন্ধকাৰ অথচ অতি লাভজনক উদ্যোগলৈ ৰূপান্তৰিত হৈছে, য’ত এলগৰিথম, কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু মানৱীয় মনস্তত্ত্বৰ একত্ৰীকৰণেৰে নীতিহীনতাক এক অভূতপূৰ্ব পৰ্যায়ত ব্যৱসায়িক ৰূপ দিয়া হৈছে। প্ৰতাৰণা এতিয়া সস্তা, ব্যাপকভাৱে সম্প্ৰসাৰণযোগ্য আৰু সত্যৰ পৰা ইয়াক পৃথক কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে।
এসময়ত নিজ চকুৰে দেখাটোৱেই আছিল বিশ্বাসৰ মূল আধাৰ। এখন আলোকচিত্ৰ বা ফটোক প্ৰমাণ হিচাপে গণ্য কৰা হৈছিল। এটা ভিডিঅ’ ক্লিপ আছিল সত্যতাৰ দলিল। ৰেকৰ্ড কৰা মাত এটাৰে যিকোনো তৰ্কৰ অৱসান ঘটিছিল। কিন্তু এতিয়া আৰু সেই দিন নাই। আজিৰ দিনত প্ৰতিখন ছবিকেই বিকৃত কৰিব পাৰি, প্ৰতিটো মাত অবিকলভাৱে নকল কৰিব পাৰি আৰু যিকোনো ভাষণক আশ্চৰ্যজনক বাস্তৱিকতাৰে সজাই তুলিব পাৰি। কৃত্ৰিম বুদ্ধিমত্তাই সত্য আৰু কল্পনাৰ মাজৰ সীমা ৰেখাডাল এনেদৰে ম্লান কৰি পেলাইছে যে এতিয়া স্বয়ং সত্যৰো প্ৰমাণৰ প্ৰয়োজন হৈ পৰিছে।
প্ৰতিনিধিত্বমুলক ফটো
যদি এই কথাখিনি অতিৰঞ্জিত যেন লাগিছে, তেন্তে এই কথালৈ মন কৰক। শীৰ্ষ বিষয়াবৰ্গ, আনকি স্বয়ং প্ৰধানমন্ত্ৰীৰো মন্তব্য থকা বুলি দাবী কৰা ভুৱা ভিডিঅ’ আৰু বিকৃত ৰেকৰ্ডিং সঘনাই ইণ্টাৰনেটত বিয়পি পৰিছে। যদিও ইয়াৰে বহুতো পাছলৈ ভুৱা বুলি প্ৰমাণিত হৈছে, তথাপি সেইবোৰৰ সত্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ আগতেই বা সেইবোৰ আঁতৰাই পেলোৱাৰ আগতেই কোটি কোটি মানুহৰ মাজলৈ বিয়পি পৰে। ইয়াৰ উদ্দেশ্য সদায় ৰাজনৈতিক নহয়। কেতিয়াবা জনমতক প্ৰভাৱিত কৰিবলৈ, কেতিয়াবা ধন ঘটিবলৈ, আকৌ কেতিয়াবা বিত্তীয় প্ৰৱঞ্চনা আৰু সুসংগঠিত চাইবাৰ অপৰাধৰ পথ প্ৰশস্ত কৰিবলৈকো এনে কৰা হয়।
আজিৰ প্ৰকৃত কাহিনী
কৃত্ৰিম বুদ্ধিমত্তাই মিছা কথা কোৱাটো আৱিষ্কাৰ কৰা নাই সঁচা, কিন্তু ই নিশ্চিতভাৱে ইয়াক ব্যাপক ৰূপত সম্প্ৰসাৰিত কৰি তুলিছে। বছৰ বছৰ ধৰি ভুল তথ্যক ইণ্টাৰনেটৰ এক দুৰ্ভাগ্যজনক পাৰ্শ্বক্ৰিয়া বুলি উলাই কৰি অহা হৈছিল: যেনে- ক’ৰবাত এটা উৰাবাতৰি, ক’ৰবাত এখন বিকৃত ফটো, বা ক্লিক বৃদ্ধি কৰিবলৈ দিয়া কোনো অতিৰঞ্জিত শিৰোনাম। এইবোৰ বিৰক্তিকৰ আৰু বিপদজনক আছিল যদিও, ইয়াক কেৱল একাংশ দায়িত্বহীন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ কাম বুলিয়েই গণ্য কৰা হৈছিল। কিন্তু এতিয়া আৰু সেই ধাৰণা প্ৰযোজ্য নহয়।
ভুল তথ্য বা মিছা খবৰ এতিয়া কেৱল বিয়পি থকা নাই; ইয়াক 'নিৰ্মাণ' কৰা হৈছে। ই এতিয়া এক সুসংগঠিত উদ্যোগত পৰিণত হৈছে, য’ত প্ৰযোজক, বিতৰক, প্ৰযুক্তি প্ৰদানকাৰী, ৰাজহৰ আৰ্হি আৰু উপভোক্তা সকলোৱেই জড়িত হৈ আছে। যি যুগত মানুহৰ মনোযোগেই হৈছে আটাইতকৈ ডাঙৰ মুদ্ৰা, সেই যুগত প্ৰতাৰণা এক লাভজনক ব্যৱসায় হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে, মিছাৰ পৰা লাভান্বিত হোৱা এই উদ্যোগটোৰ লগত এতিয়া স্বয়ং সত্যই প্ৰতিযোগিতাত নামিবলগীয়া হৈছে।
এই সমস্যাৰ পৰিসৰ অতি বিশাল। ৱৰ্ল্ড ইকনমিক ফ’ৰামে ‘ভুল তথ্য আৰু অপপ্ৰচাৰ’ক এক গুৰুতৰ বিপদ হিচাপে চিহ্নিত কৰি সতৰ্ক কৰি দিছে যে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি কৰা সমলসমূহে সত্য আৰু কল্পনাৰ মাজৰ পাৰ্থক্য বিচাৰি উলিওৱাটো কঠিন কৰি তুলিছে। আমেৰিকাৰ FBI-ৰ মতে, ২০২৪ চনত ইণ্টাৰনেটৰ জৰিয়তে সংঘটিত অপৰাধৰ ফলত ১৬ বিলিয়ন মাৰ্কিন ডলাৰতকৈও অধিক লোকচান হৈছে, যিটো বাৰ্ষিক ৩৩ শতাংশ বৃদ্ধি। ইয়াৰ ভিতৰত ছদ্মৱেশ ধাৰণ, ফিছিং আৰু বিনিয়োগৰ নামত প্ৰৱঞ্চনাই আছিল প্ৰধান।
প্ৰতিনিধিত্বমুলক ফটো
ভাৰতেও ইয়াৰ প্ৰভাৱ অনুভৱ কৰিছে। দেশৰ ডিজিটেল উত্থানৰ সমান্তৰালভাৱে, AI প্ৰযুক্তিৰে ছদ্মৱেশ ধাৰণ, ভুৱা পৰিচয় আৰু ছ’চিয়েল ইঞ্জিনীয়াৰিঙৰ সহায়ত সংঘটিত বৃহৎ ধনৰাশিৰ চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনাও অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। যিসময়ত যাক কেৱল ফেক নিউজ অৰ্থাৎ ‘ভুৱা খবৰ’ বুলি উলাই কৰা হৈছিল, সেয়া আজি বাস্তৱিক বিত্তীয় ক্ষতিৰ সৈতে এক অপৰাধমূলক অৰ্থনীতিলৈ পৰিণত হৈছে।
এক লাভজনক ব্যৱসায়
প্ৰতিটো উদ্যোগেই জীয়াই থাকে কাৰণ তাৰ পৰা কোনোবাই ধন উপাৰ্জন কৰে। মিছা খবৰৰ ব্যৱসায়টোও ইয়াৰ ব্যতিক্ৰম নহয়। ভুৱা পোষ্টবোৰত উচটনিমূলক কথা থাকে কাৰণ মানুহৰ ক্ষোভ বা আৱেগে অধিক ৰাজহ আকৰ্ষণ কৰে। ধূৰ্ত ফাণ্ড মেনেজাৰসকলে বজাৰত ভুৱা সুযোগ সৃষ্টি কৰে, কাৰণ তেওঁলোকে জানে যে মানুহৰ লোভৰ পৰা লাভালাভ আদায় কৰিব পাৰি। ৰাজনীতিবিদসকলে জনমতক প্ৰভাৱিত কৰিবলৈ কথাবোৰ নিজৰ সুবিধা অনুযায়ী সলনি কৰে আৰু প্ৰচাৰ চলায়। আনহাতে, বহুতো ৱেবছাইটে ভুৱা কাহিনী প্ৰকাশ কৰে কাৰণ যিমানে ভিউজ বাঢ়িব, সিমানেই টকা আহিব।
ইণ্টাৰনেটে এনে এখন বজাৰৰ সৃষ্টি কৰিছে য’ত মানুহৰ মনোযোগেই হৈছে আটাইতকৈ মূল্যৱান সামগ্ৰী। এই মনোযোগ সত্যৰ পৰা পোৱা গৈছে নে মিছাৰ পৰা, সেয়া ধন উপাৰ্জন কৰাসকলৰ বাবে একেবাৰেই গুৰুত্বপূৰ্ণ নহয়। এনে পৰিৱেশত, খবৰৰ সঠিকতা এতিয়া আৰু প্ৰাথমিক উদ্দেশ্য হৈ থকা নাই। মূল উদ্দেশ্য হৈছে খবৰটো 'ভাইৰেল' কৰাটোহে।
AI-এ সলনি কৰিছে নীতি-নিয়ম
Generative AI-ৰ আগমনে মিছা খবৰৰ অৰ্থনীতিত আমূল পৰিৱৰ্তন আনিছে। যি কামৰ বাবে আগতে বিশেষ ছফ্টৱেৰ আৰু দক্ষতাৰ প্ৰয়োজন আছিল, সেয়া এতিয়া নিমিষতে কৰিব পাৰি। কেৱল এটা text prompt-ৰ জৰিয়তে এখন বিশ্বাসযোগ্য ছবি সৃষ্টি কৰিব পাৰি। এজন ৰাজনীতিবিদৰ কণ্ঠস্বৰ আশ্চৰ্যজনক নিভূলতাৰে নকল কৰিব পাৰি। কেতিয়াও নঘটা ঘটনা এটাকো ভিডিঅ’ বিকৃত কৰি সঁচাৰ দৰে দেখুৱাব পাৰি। মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে ভুৱা বাতৰি প্ৰস্তুত কৰি উলিয়াব পাৰি।
হয়তো আটাইতকৈ উদ্বেগজনক কথাটো হ'ল যে এই প্ৰযুক্তিসমূহ ক্ৰমাৎ উন্নত হোৱাৰ লগতে সকলোৰে বাবে সহজলভ্যও হৈ পৰিছে। বিশ্বাসযোগ্য প্ৰতাৰণা সৃষ্টি কৰাৰ পথত থকা বাধাসমূহ প্ৰায় নাইকিয়া হৈ গৈছে। ইয়াৰ অৰ্থ হ’ল, মিছা খবৰ এতিয়া আৰু ধেমালি কৰা লোক বা সুসংগঠিত ট্ৰ'ল ফেক্টৰীৰ মাজতে আৱদ্ধ হৈ থকা নাই। সাধাৰণ কাৰিকৰী জ্ঞান আৰু এআই সঁজুলিৰ সুবিধা থকা যিকোনো ব্যক্তিয়েই একেবাৰে সঁচা যেন লগা সমল সৃষ্টি কৰি লাখ লাখ, আনকি কেতিয়াবা কোটি কোটি মানুহক প্ৰতাৰণা কৰিব পাৰে।
প্ৰতিনিধিত্বমুলক ফটো
নিৰ্বাচনৰ গণ্ডী পাৰ হৈ
ৰাজহুৱা বিতৰ্কত প্ৰায়ে ভুৱা খবৰক নিৰ্বাচনৰ সৈতে সাঙোৰা হয়। কথাটো বোধগম্য, কিন্তু ই অসম্পূৰ্ণ। মিছা খবৰৰ লক্ষ্য বিত্তীয় বজাৰ, স্বাস্থ্যসেৱা, ব্যৱসায়, শিক্ষানুষ্ঠান আৰু সাধাৰণ পৰিয়ালসমূহো হ'ব পাৰে। কোনো এটা বেংকৰ বিত্তীয় অৱস্থাৰ বিষয়ে প্ৰচাৰিত ভুৱা বাৰ্তাই গ্ৰাহকৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি ধন উলিওৱাৰ ঢল আনিব পাৰে। এটা ভুৱা কৰ্পোৰেট ঘোষণাই শ্বেয়াৰ বজাৰৰ মূল্যত প্ৰভাৱ পেলাব পাৰে। Deepfake কণ্ঠই বৃদ্ধ পিতৃ-মাতৃক পতিয়ন নিয়াব পাৰে যে তেওঁলোকৰ পৰিয়ালৰ কোনো সদস্যক জৰুৰীভাৱে টকাৰ প্ৰয়োজন।
আনকি বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো ইয়াৰ পৰা হাত সাৰিব পৰা নাই; ভুৱা জাননী, পৰীক্ষাৰ ভুৱা খবৰ আৰু বিপথে পৰিচালিত কৰা তথ্য ইণ্টাৰনেটত ভয় লগা ধৰণে প্ৰচাৰ হয়। ইয়াৰ পৰিণতি এতিয়া কেৱল ৰাজনৈতিক হৈ থকা নাই, ই হৈ পৰিছে অৰ্থনৈতিক।
কোনেও সুৰক্ষিত নহয়
এই সমস্যাটো কিমান গুৰুতৰ হৈ পৰিছে তাৰ এক স্পষ্ট নিদৰ্শন হ’ল যে আনকি সৰ্বোচ্চ ৰাজহুৱা কাৰ্যালয়সমূহো ইয়াৰ পৰা ৰক্ষা পৰা নাই। শীৰ্ষ ৰাজনৈতিক নেতাসকলক সাঙুৰি এআই-ৰ জৰিয়তে নিৰ্মিত ভুৱা ভিডিঅ’ আৰু বিকৃত ৰেকৰ্ডিং ইণ্টাৰনেটত বিয়পি পৰিছে, যিবোৰৰ সত্যতাক লৈ প্ৰশ্ন উঠাৰ বা আঁতৰাই পেলোৱাৰ আগতেই লাখ লাখ মানুহে চাই পেলায়। প্ৰকৃততে সমস্যাটো কোনো ব্যক্তি বিশেষ বা ৰাজনৈতিক দলৰ নহয়। সমস্যাটো হ’ল ৰাইজৰ আস্থা বা বিশ্বাসৰ অৱক্ষয়।
যদি নাগৰিকসকলে প্ৰতিটো ভাষণ, প্ৰতিখন ফটো আৰু প্ৰতিটো ঘোষণাকেই সন্দেহ কৰিবলৈ আৰম্ভ কৰে, তেন্তে বিশ্বাস নামৰ বস্তুটোৰেই মৃত্যু ঘটিব। এখন গণতন্ত্ৰ কেৱল মানুহে ভোট দিয়াৰ বাবেই বৰ্তি নাথাকে, ই বৰ্তি থাকে কাৰণ মানুহে তেওঁলোকৰ বাস্তৱতাক ঐকমত্যৰে স্বীকাৰ কৰে। যেতিয়াই সেই বুজাবুজি খণ্ডিত হ’বলৈ ধৰে, তেতিয়াই শাসন ব্যৱস্থা আৰু অধিক কঠিন হৈ পৰে। একেই বিপদ ন্যায়াধীশ, সামৰিক বাহিনী, ব্যৱসায়িক বিষয়া আৰু সাংবাদিকসকলৰ প্ৰতিও আহি পৰিছে। এআইৰ জৰিয়তে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে কাৰোবাৰ সন্মান লাঘৱ কৰিব পাৰি আৰু যেতিয়ালৈকে ইয়াৰ শুদ্ধিকৰণ কৰা হয়, তেতিয়ালৈকে যি ক্ষতি হ’বলগীয়া আছিল সেয়া হৈয়েই যায়।
কেৱল নীতি-নিয়মেই জয়ী হ'ব নোৱাৰে
সমগ্ৰ বিশ্বৰ চৰকাৰসমূহে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ প্ৰতিযোগিতাত নামিছে। আনকি ভাৰতেও একাংশ দুষ্কৃতিকাৰী বা যন্ত্ৰৰ দ্বাৰা পোষ্ট কৰা পৰ্বতসম ভুৱা সমলৰ বিৰুদ্ধে যুঁজ দি আছে। আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ সৈতে ফেৰ মাৰিবলৈ আইনসমূহো সংগ্ৰাম কৰিবলগীয়া হৈছে – যদিও আইনৰ প্ৰয়োজন আছে, কিন্তু সেয়া কোনো পৰ্যায়েৰেই পৰ্যাপ্ত নহয়।
প্ৰযুক্তি প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ দায়িত্ব বৃদ্ধি কৰি ভুৱা তথ্য চিনাক্তকৰণ আৰু প্ৰমাণীকৰণৰ সঁজুলি নিৰ্মাণ কৰিব লাগিব। শিক্ষানুষ্ঠানসমূহে ‘ডিজিটেল’ জ্ঞানক নতুন সাক্ষৰতা হিচাপে স্বীকৃতি দি আগভাগ ল’ব লাগিব। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে নিজৰ কৰ্মচাৰীসকলক এআই-ৰ জৰিয়তে হোৱা প্ৰৱঞ্চনা চিনাক্ত কৰিব পৰাকৈ প্ৰস্তুত কৰিব লাগিব। আনকি প্ৰথমে বাতৰি প্ৰকাশ কৰাৰ তীব্ৰ হেঁচাৰ মাজতো সংবাদ মাধ্যমসমূহে তথ্যৰ সত্যতা নিৰূপণ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰিব লাগিব।
প্ৰতিনিধিত্বমুলক ফটো
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, নাগৰিকসকলে সন্দেহ কৰাৰ অভ্যাসটো পুনৰুদ্ধাৰ কৰিব লাগিব। যি যুগত নিজ চকুৰে দেখিলেও বিশ্বাস কৰিব নোৱাৰি, সেই যুগত তথ্যৰ সত্যতা নিৰূপণ কৰাটো এক নাগৰিক দায়িত্ব হৈ পৰিছে।
বিশ্বাস হেৰুওৱাৰ মূল্য
ভুৱা খবৰৰ বিৰুদ্ধে যুঁজখন কেৱল কেইটামান ভুৱা পোষ্ট আঁতৰোৱা বা একাউণ্ট বাতিল কৰাতেই সীমাবদ্ধ থাকিব নোৱাৰে। প্ৰত্যাহ্বানটো তাতোকৈ গভীৰ। ই বজাৰৰ সততা, প্ৰতিষ্ঠানসমূহৰ বিশ্বাসযোগ্যতা, বিত্তীয় ব্যৱস্থাৰ নিৰাপত্তা আৰু স্বয়ং গণতন্ত্ৰৰ স্থায়িত্বৰ সৈতে জড়িত।
ইয়াত এক স্ববিৰোধিতাও আছেঃ ভাৰতে প্ৰতিমাহে ১৮ বিলিয়ন UPI লেনদেন সম্পন্ন কৰে, যিয়ে ইয়াক বিশ্বৰ আটাইতকৈ উন্নত বাস্তৱিক-সময়ৰ ডিজিটেল পেমেণ্ট পৰিৱেশতন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে। যি ডিজিটেল আন্তঃগাঁথনিয়ে বাণিজ্যক গণতান্ত্ৰিক ৰূপ দিছে, সেই একেই আন্তঃগাঁথনিয়ে প্ৰৱঞ্চকসকলৰ বাবে আক্ৰমণৰ পৰিসৰো বৃদ্ধি কৰিছে। এআই-ৰ যুগত বিশ্বাসেই হৈ পৰিছে আটাইতকৈ মূল্যৱান (আৰু আটাইতকৈ স্পৰ্শকাতৰ) মুদ্ৰা।
ভুৱা খবৰৰ ৰাজত্ব চলিছে কাৰণ প্ৰতাৰণা এতিয়া সস্তা হৈ পৰিছে আৰু মানুহৰ মনোযোগ লাভজনক হৈ পৰিছে। যেতিয়ালৈকে আমি এই সমীকৰণটো সলনি কৰাৰ উপায় বিচাৰি উলিয়াব নোৱাৰিম, তেতিয়ালৈকে মিছাই এক অন্যায় সুবিধা ভোগ কৰি থাকিব। আটাইতকৈ ডাঙৰ বিপদটো এয়া নহয় যে মানুহে প্ৰতিটো মিছাকে বিশ্বাস কৰিবলৈ ল’ব; প্ৰকৃত ভয়ংকৰ বিপদটো হ’ল- এদিন হয়তো মানুহে কোনো এটা কথাতেই বিশ্বাস কৰিবলৈ এৰি দিব।
(লেখক এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু যোগাযোগ বিশেষজ্ঞ)