ভাৰতীয় মুছলমানৰ ভৱিষ্যতঃ কেৱল অস্তিত্ব ৰক্ষাই শেষ কথা নহয়

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
এছ ৱাই কুৰেশ্বী
 
দশক দশক ধৰি ভাৰতীয় মুছলমানসকলক লৈ চলা মূল চৰ্চাসমূহ কেৱল আনৰ দৃষ্টিভংগীৰ মাজতেই আৱদ্ধ হৈ আছে— আনে তেওঁলোকৰ বিষয়ে কি ভাবে, কি কয় বা তেওঁলোকৰ সৈতে কেনে আচৰণ কৰে। কিন্তু এতিয়া হয়তো এক সুকীয়া প্ৰশ্ন উত্থাপন কৰাৰ সময় আহি পৰিছেঃ ভাৰতীয় মুছলমানসকলে নিজৰ বিষয়ে কি ভাবে আৰু তেওঁলোকে নিজৰ বাবে কেনেকুৱা এখন ভৱিষ্যত গঢ়িব বিচাৰে?
 
এই প্ৰশ্নটো এনে এক অস্বাভাৱিক কঠিন সময়ত উত্থাপিত হৈছে, যিটো সময়ত সম্প্ৰদায়টোৰ এক বৃহৎ অংশই নিজৰ ভৱিষ্যতক লৈ উদ্বিগ্নতা আৰু অনিশ্চয়তাত ভুগিছে- এই কথা কোনেও অস্বীকাৰ নকৰিব।
 
 
বছৰ বছৰ ধৰি বৃদ্ধি পোৱা মেৰুকৰণ, সঘনাই হোৱা বিদ্বেষমূলক ভাষণ, উন্মত্ত জনতাৰ হিংসা আৰু প্ৰায়ে বৈষম্যমূলক বা বৰ্জনমূলক বুলি গণ্য কৰা চৰকাৰী কাৰ্যপন্থাই বহু মুছলমানক ক্ৰমান্বয়ে নিৰাপত্তাহীন আৰু অকলশৰীয়া অনুভৱ কৰাইছে। ইয়াৰ লগতে অৰ্থনৈতিক সুযোগৰ সংকোচন, সংখ্যালঘু-কেন্দ্ৰিক কেইবাখনো শৈক্ষিক আৰু কল্যাণমূলক আঁচনিৰ পৰিৱৰ্তন বা প্ৰত্যাহাৰ আৰু আগবাঢ়ি যোৱাৰ পথবোৰ পূৰ্বতকৈ সংকুচিত হৈ অহা বুলি সৃষ্টি হোৱা ব্যাপক ধাৰণাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে।
 
এই সকলোবোৰ ধাৰণা বস্তুনিষ্ঠভাৱে যুক্তিসংগত হয় নে নহয়, সেয়া বেলেগ কথা। কিন্তু এই অনুভৱসমূহ একেবাৰেই সঁচা। ই এক শংকা আৰু নীৰৱ প্ৰত্যাহাৰৰ পৰিৱেশ সৃষ্টি কৰিছে। পৰিয়ালবোৰে এতিয়া উচ্চাকাংক্ষাৰ পৰিৱৰ্তে নিৰাপত্তাৰ কথাহে বেছিকৈ পাতে। পিতৃ-মাতৃসকল নিজৰ সন্তানক নেতৃত্বৰ বাবে প্ৰস্তুত কৰাতকৈ তেওঁলোকৰ সুৰক্ষাক লৈহে অধিক চিন্তিত। 
 
ড্ৰয়িং ৰুমেই হওক, মছজিদেই হওক বা ছ’চিয়েল মিডিয়াই হওক- সম্প্ৰদায়টোৰ মাজত হোৱা আলোচনাসমূহ কেৱল শেহতীয়া বিতৰ্ক, শেহতীয়া বিদ্বেষমূলক ভাষণ, শেহতীয়া গ্ৰেপ্তাৰ, শেহতীয়া উচ্ছেদ বা শেহতীয়া ৰাজনৈতিক বিপৰ্যয়ৰ আশে-পাশে ঘূৰি থাকে।
 
এই উদ্বেগবোৰ কাল্পনিকো নহয় বা তুচ্ছও নহয়। ইয়াক অতি সততাৰে স্বীকাৰ কৰা উচিত। একেদৰে মই এই প্ৰবন্ধটো আচলতে কি নহয়, সেই বিষয়েও স্পষ্ট কৰিব বিচাৰোঁ। এইটো এনে কোনো যুক্তি নহয় যে ভাৰতীয় মুছলমানসকলে ৰাষ্ট্ৰক কঠোৰ প্ৰশ্ন সোধা বন্ধ কৰিব লাগে, বা ক্ষোভৰ ঠাইত কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে। সাংবিধানিক অধিকাৰসমূহ সজ আচৰণৰ বিনিময়ত পোৱা কোনো অনুগ্ৰহ নহয়; এইবোৰ হৈছে নিশ্চিত অধিকাৰ আৰু ইয়াক ন্যায়ালয়ত, সংসদত আৰু ৰাজহুৱা আলোচনাত দৃঢ়তাৰে, শান্তিপূৰ্ণভাৱে আৰু গণতান্ত্ৰিকভাৱে ৰক্ষা কৰি যাব লাগিব। 
 
তলত উল্লেখ কৰা কোনো কথাৰ অৰ্থ এইটো নহয় যে সেই দাবীসমূহক দুৰ্বল কৰা হৈছে বা পৰিৱৰ্তনৰ দায়িত্ব কেৱল সম্প্ৰদায়টোৰ ওপৰতেই জাপি দিয়া হৈছে। তেনে একেবাৰেই নহয়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
তথাপিও, বৈষম্য আৰু অৱহেলাৰ বিপদৰ বাহিৰেও আন এক ভয়ংকৰ বিপদ আহি পৰিছে। সেয়া হ'ল- আমাৰ সামূহিক কল্পনাশক্তি সংকুচিত হৈ আহিছে। যেতিয়া এটা সম্প্ৰদায়ে কেৱল তেওঁলোকৰ লগত কি ঘটি আছে তাৰ ওপৰত ভিত্তি কৰি নিজৰ পৰিচয় গঢ়িবলৈ লয়, তেতিয়া তেওঁলোকে ভৱিষ্যতে কি হ'ব বিচাৰে সেই বিষয়ে চিন্তা কৰাৰ ক্ষমতা লাহে লাহে হেৰুৱাই পেলায়। 
 
তেওঁলোকে এটা খবৰৰ পৰা আন এটা খবৰলৈ জীয়াই থাকিবলৈ আৰম্ভ কৰে। তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, প্ৰতিবাদ কৰে, চিন্তা কৰে আৰু কেৱল বৰ্তি থাকে- কিন্তু সপোন দেখিবলৈ এৰি দিয়ে। আকৌ থিয় দিয়াৰ নিজা যি সামৰ্থ্য আছে, তাক তেওঁলোকে পাহৰি পেলায়।
 
ৰাষ্ট্ৰক জবাবদিহি কৰা আৰু নিজৰ ভৱিষ্যত গঢ়ি তোলা- এই দুটা পৰস্পৰবিৰোধী কাম নহয়। যিটো সম্প্ৰদায়ে কেৱল প্ৰথমটো কৰি দ্বিতীয়টোক অৱহেলা কৰে, তেওঁলোকে কোনো একক চৰকাৰী নীতিয়ে কাঢ়ি নিব পৰাতকৈয়ো অধিক নিজৰ ভৱিষ্যত আনৰ হাতত তুলি দিয়ে।
 
নিৰাপত্তাহীনতাৰ সময়ছোৱাই সাধাৰণতে দুটা প্ৰৱণতাৰ জন্ম দিয়ে। প্ৰথমটো হৈছে প্ৰত্যাহাৰ: ক্ষোভত ডুব যোৱা, অতীতৰ স্মৃতি ৰোমন্থন কৰা আৰু এটা বিতৰ্কৰ পৰা আনটোলৈ জীয়াই থকা। দ্বিতীয়টো হৈছে নৱজাগৰণ: নিজৰ অধিকাৰ বা আশা বিসৰ্জন নিদিয়াকৈ এটা সম্প্ৰদায়ে নিজকে ভিতৰৰ পৰা কেনেকৈ শক্তিশালী কৰিব পাৰে সেই প্ৰশ্নৰ উত্তৰ বিচৰা। এই দুটা এটা আনটোৰ বিকল্প নহয়। এটা সম্প্ৰদায়ে ন্যায়ৰ বাবে দাবী জনাই থাকিব পাৰে আৰু একে সময়তে কেৱল ন্যায়ৰ অভাৱৰ দ্বাৰাই নিজৰ পৰিচয় গঢ়াৰ পৰাও বিৰত থাকিব পাৰে।
 
ভৱিষ্যত গঢ়াৰ আত্মবিশ্বাস কেৱল ৰাজনৈতিক প্ৰতিশ্ৰুতি বা ন্যায়ালয়ৰ বিজয়ৰ পৰাই নাহে, যদিওবা সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ। এই বিশ্বাস সমাজৰ ভিতৰৰ পৰাই- পৰিয়াল, চুবুৰীয়া, মছজিদ, পেছাদাৰী নেটৱৰ্ক আৰু জনকল্যাণমূলক প্ৰতিষ্ঠানসমূহৰ পৰা জাগ্ৰত হ'ব লাগিব। যুগ যুগ ধৰি 'জাকাত' আৰু 'ৱাকফ'ক কৰুণা আৰু সহায়ৰ আহিলা হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। হয়তো এতিয়া এইবোৰক অধিক উচ্চাকাংক্ষাৰে কল্পনা কৰাৰ সময় আহি পৰিছে: কেৱল দুৰ্দশাগ্ৰস্তসকলৰ সহায়ৰ মাধ্যম হিচাপে নহয়, ভৱিষ্যতৰ বাবে এক বিনিয়োগ হিচাপে।
 
জলপানি, পুথিভঁৰাল, দক্ষতা বিকাশ কেন্দ্ৰ, গৱেষণা ফেল'শ্বিপ, ডিজিটেল লাৰ্নিং প্লেটফৰ্ম আৰু বৃত্তিমূলক প্ৰতিষ্ঠানসমূহে এনে কিছুমান সুযোগ সৃষ্টি কৰিব পাৰে যিবোৰ আজিৰ বিতৰ্কবোৰ মাৰ যোৱাৰ বহুকালৰ পিছতো জীয়াই থাকিব।
 
প্ৰতিনিধিত্বমূলক ছবি
 
যিসকল ইতিমধ্যে জীৱনত সফল হৈছে, তেওঁলোকৰ ভূমিকাও সমানেই গুৰুত্বপূৰ্ণ। প্ৰতিটো স্বচ্ছল পৰিয়াল, প্ৰতিগৰাকী প্ৰতিষ্ঠিত পেছাদাৰী আৰু সফল উদ্যোগীয়ে অন্ততঃ এটা শিশু বা যুৱ শিক্ষাৰ্থীৰ দায়িত্ব লৈ তেওঁলোকৰ জীৱন সলনি কৰিব পাৰে- সেয়া স্কুলৰ মাচুল দিয়াই হওক, মাৰ্গদৰ্শন কৰাই হওক, বৃত্তিমূলক প্ৰশিক্ষণ দিয়াই হওক বা পেছাদাৰী জীৱনলৈ পৰিৱৰ্তনৰ ক্ষেত্ৰতেই হওক। চৰকাৰৰ কোনো আঁচনিয়েই এনে নিযুত নীৰৱ একতাৰ শক্তিৰ সমকক্ষ হ'ব নোৱাৰে।
 
আমাৰ সন্মুখৰ প্ৰত্যাহ্বানটো কেৱল শৈক্ষিক বা অৰ্থনৈতিক নহয়; ই মানসিকো। উদ্বিগ্নতাৰ মাজত ডাঙৰ হোৱা প্ৰজন্ম এটাই উত্তৰাধিকাৰ সূত্ৰে কেৱল উদ্বিগ্নতা পাব নালাগে। তেওঁলোকে উচ্চাকাংক্ষা লাভ কৰিব লাগিব। 
 
এই প্ৰয়াসত শিক্ষা কেন্দ্ৰবিন্দু হ'ব লাগিব- কেৱল শ্ল’গান হিচাপে নহয়, এক নিৰন্তৰ সাধনা হিচাপে। অভিজ্ঞতাই বাৰে বাৰে প্ৰমাণ কৰিছে যে সম্প্ৰদায়সমূহে কেৱল ৰাজনৈতিক একত্ৰীকৰণৰ জৰিয়তে নহয়, বৰং ধৈৰ্যৰে জ্ঞান, দক্ষতা আৰু উৎকৰ্ষতা অৰ্জনৰ জৰিয়তেহে প্ৰতিকূলতাক অতিক্ৰম কৰিব পাৰে।
 
স্কুল আৰু কলেজীয়া শিক্ষাক কেৱল ডিগ্ৰী অৰ্জনৰ মাধ্যম হিচাপে গণ্য কৰিব নালাগে; ই পাৰদৰ্শিতা, অনুসন্ধিৎসা আৰু বৌদ্ধিক আত্মবিশ্বাসৰ এক অন্বেষণ হ'ব লাগিব। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ সম্প্ৰদায়টোৱে তেওঁলোকৰ কাৰিকৰী দক্ষতা, উদ্যোগ আৰু বৃত্তিমূলক দক্ষতাৰ সুদীৰ্ঘ তথা গৌৰৱময় পৰম্পৰাক নৱৰূপ দিব লাগিব।
 
কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল প্ৰযুক্তি আৰু দ্ৰুতগতিত সলনি হোৱা বজাৰৰ দ্বাৰা পৰিচালিত এই যুগত দক্ষতা বিকাশ কেৱল পৰম্পৰাগত বৃত্তিৰ মাজতে আৱদ্ধ থাকিব নোৱাৰে। যুৱ মুছলমানসকলক নতুন প্ৰযুক্তি, আধুনিক ব্যৱসায়িক পদ্ধতি আৰু সমসাময়িক বিপণন পদ্ধতি আঁকোৱালি ল'বলৈ উৎসাহিত কৰিব লাগিব, যাতে তেওঁলোকে এনে সুযোগৰ বাবে নিজকে সাজু কৰিব পাৰে যিবোৰ এপুৰুষৰ আগলৈকে অস্তিত্বতেই নাছিল।
 
উৎকৰ্ষতাৰ ওপৰত নিৰ্মিত যিকোনো যুক্তিৰ ক্ষেত্ৰত এটা যুক্তিসংগত আপত্তি থাকিব পাৰে: ই বৈষম্যৰ বলি হোৱা লোকসকলক কেৱল বেছিকৈ পৰিশ্ৰম কৰিবলৈ কোৱাৰ দৰে হ'ব পাৰে, যেন পক্ষপাতিত্ব কেৱল অপৰ্যাপ্ত মেধাৰহে সমস্যা। কিন্তু ইয়াত তেনে কোনো দাবী কৰা হোৱা নাই। 
 
উৎকৰ্ষতাই পক্ষপাতিত্ব দূৰ কৰিব নোৱাৰে আৰু সমতাৰ অধিকাৰ পাবলৈ কোনেও আনতকৈ দুগুণ ভাল হোৱাৰ প্ৰয়োজন নাই। কিন্তু ন্যায়ৰ বাবে প্ৰতিটো ন্যায্য দাবী উত্থাপন কৰাৰ পিছত যিখিনি ঠাই বাকী থাকে, তাত উৎকৰ্ষতা হৈছে এনে একমাত্ৰ শক্তি যিটো এটা সম্প্ৰদায়ে আন কাৰো অনুমতিৰ প্ৰয়োজন নোহোৱাকৈ সম্পূৰ্ণ নিজৰ চৰ্তত গঢ়ি তুলিব পাৰে।
 
ই অধিকাৰৰ যুঁজখনক পৰিপূৰ্ণতাহে প্ৰদান কৰে; ইয়াৰ বিকল্প নহয়। ছাত্ৰ-ছাত্ৰীসকলে কেৱল অৰ্হতা অৰ্জন কৰাই নহয়, নিজৰ নিৰ্বাচিত ক্ষেত্ৰখনত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ লক্ষ্য ৰাখিব লাগে। কাৰণ সন্মান আৰু প্ৰভাৱ কেৱল সংখ্যা বা ৰাজনৈতিক ক্ষমতাৰ পৰাই নাহে, ই আহে দক্ষতা, সততা আৰু প্ৰমাণিত কৃতিত্বৰ পৰা।
 
এই উচ্চাকাংক্ষা কেৱল সফলতাৰ পৰম্পৰাগত ধাৰণাৰ বাহিৰলৈ যাব লাগিব। ভৱিষ্যত সেই সমাজবোৰৰেই হ'ব যিয়ে নতুন প্ৰযুক্তিক আঁকোৱালি ল'ব পাৰে, প্ৰতিষ্ঠান গঢ়ি তুলিব পাৰে আৰু প্ৰতিটো ক্ষেত্ৰতে প্ৰতিভাৰ বিকাশ ঘটাব পাৰে। ভাৰতীয় মুছলমানসকলৰ পাণ্ডিত্য, উদ্যোগ আৰু সমাজ সেৱাৰ এক সুদীৰ্ঘ গৌৰৱময় ইতিহাস আছে। তেওঁলোকৰ সন্মুখৰ কামটো অতীতক পুনৰ সৃষ্টি কৰা নহয়, বৰং এক নতুন প্ৰজন্মক এখন একেবাৰে সুকীয়া ভাৰতত বিকশিত হ'বলৈ সাজু কৰাটোহে।
 
উৎসাহজনক লক্ষণসমূহ ইতিমধ্যেই দৃশ্যমান হৈছে, যদিও কোনো এটা নিৰ্দিষ্ট উদাহৰণ ব্যাপক ধাৰণাৰ প্ৰমাণতকৈ কেৱল এক দৃষ্টান্তহে। শেহতীয়াকৈ দিল্লীৰ এটা অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত স্থানীয় মুছলমান দোকানীসকলে ভিতৰত আৱদ্ধ হৈ থকাসকলক বচাবলৈ গাদী আৰু কম্বল পাৰি সহায়ৰ হাত আগবঢ়াইছিল। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
সমগ্ৰ দেশজুৰি মাজে মাজে এনে আৱেগিক কাহিনী দেখিবলৈ পোৱা যায় য'ত মুছলমানসকলে দুৰ্ঘটনা, প্ৰাকৃতিক দুৰ্যোগ বা ব্যক্তিগত সংকটৰ সময়ত হিন্দু চুবুৰীয়াসকলক সহায় কৰে আৰু বিনিময়ত কৃতজ্ঞতা আৰু সদিচ্ছা লাভ কৰে।
 
এনে মুহূৰ্তবোৰে ভাৰতৰ সাম্প্ৰদায়িক সম্পৰ্কৰ অৱস্থাক লৈ চলা বৃহৎ বিতৰ্কবোৰৰ অৱসান নঘটায়। কিন্তু এইবোৰে মনত পেলাই দিয়ে যে ৰাজনীতি আৰু ছ’চিয়েল মিডিয়াৰ কোলাহলৰ মাজতো মানৱতা সম্ভৱ, আৰু প্ৰতিটো খবৰৰ আঁৰত ভাৰতীয় মুছলমানসকলে তিল তিলকৈ কেনেধৰণৰ এখন সমাজ গঢ়িব পাৰে তাৰ উমান দিয়ে।
 
হয়তো, তেতিয়া সম্প্ৰদায়টোৰ সন্মুখৰ কামটো কেৱল নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাতকৈয়ো অধিক বৃহৎ হৈ পৰিব। বিদ্যালয়, চিকিৎসালয়, জলপানি, সাহায্যৰ কাম, পৰিৱেশ অভিযান, ৰক্তদান শিবিৰ আৰু চুবুৰীয়াৰ পদক্ষেপসমূহে কেৱল মুছলমানসকলক নহয়, সমগ্ৰ সমাজখনক সেৱা আগবঢ়োৱা উচিত। যিকোনো প্ৰতিষ্ঠানে তেতিয়াহে সন্মান লাভ কৰে যেতিয়া ই সাম্প্ৰদায়িক সীমা অতিক্ৰম কৰে।
 
আজি বিদ্যালয়ত প্ৰৱেশ কৰা শিশুকেইটি ভাৰতীয় সংবিধানৰ শতবাৰ্ষিকীৰ সময়ছোৱাত গৈ প্ৰাপ্তবয়স্ক হ'ব। সেই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হয়তো এইটো নহ'ব যে তেওঁলোকৰ পিতৃ-মাতৃয়ে কিমান বৈষম্যৰ সন্মুখীন হৈছিল, বৰং এইটোহে হ'ব যে ইয়াৰ পিছতো আৰু ন্যায়ৰ দাবীৰ সমান্তৰালকৈ তেওঁলোকে কি গঢ়ি তুলিছিল: তেওঁলোকে কি কি প্ৰতিষ্ঠান নিৰ্মাণ কৰিলে, কিমান সুযোগৰ সম্প্ৰসাৰণ ঘটালে, কি কি অধিকাৰ ৰক্ষা কৰিলে আৰু পৰৱৰ্তী প্ৰজন্মক কিমান আত্মবিশ্বাস প্ৰদান কৰি গ'ল।
 
শত্ৰুতা কেতিয়াবা ওপৰৰ পৰা সৃষ্টি কৰিব পাৰি, কিন্তু বিশ্বাস গঢ়ি উঠে তলৰ পৰা- অগণন সেৱা, উদাৰতা আৰু উমৈহতীয়া উদ্দেশ্যৰ জৰিয়তে। সম্প্ৰদায়সমূহক সংযোগ কৰা বান্ধোনক শক্তিশালী কৰি ভাৰতীয় মুছলমানসকলে কেৱল নিজৰ ভাৱমূৰ্তিয়েই উন্নত নকৰিব; তেওঁলোকে ভাৰতৰ বহুত্ববাদী আৰু মানৱীয় ধাৰণাটোক সংৰক্ষণ কৰাতো সহায় কৰিব।
 
এনে এক সময়ত, যেতিয়া দেশে ক্ৰমান্বয়ে আত্মনিৰ্ভৰ ভাৰত- স্বাৱলম্বিতা, উদ্যোগশীলতা আৰু উদ্ভাৱনৰ কথা কৈছে, তেতিয়া ভাৰতীয় মুছলমানসকলৰ সন্মুখত প্ৰত্যাহ্বানটো হ'ল- সংবিধানে প্ৰদান কৰা অধিকাৰসমূহৰ ওপৰত কোনো আপোচ নকৰাকৈ নিজৰ দানশীলতা, শিক্ষা আৰু প্ৰতিষ্ঠান নিৰ্মাণৰ পৰম্পৰাক সৱলীকৰণৰ আহিলালৈ ৰূপান্তৰিত কৰা। প্ৰকৃত স্বাৱলম্বিতা কেৱল অৰ্থনৈতিক নহয়; ই বৌদ্ধিক, শৈক্ষিক আৰু নৈতিকো। দ্ৰুতগতিত সলনি হোৱা পৃথিৱীখনত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ আৰু শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ জ্ঞান, দক্ষতা আৰু আত্মবিশ্বাসেৰে সুসজ্জিত প্ৰজন্মক লালন-পালন কৰাৰ মাজতেই ই নিহিত হৈ আছে।
 
সেয়েহে ভাৰতীয় মুছলমানসকলৰ বাবে এতিয়া কৰণীয় কামটো কেৱল প্ৰতিকূলতা সহ্য কৰাই নহয় বা কেৱল ইয়াৰ অন্ত পেলাবলৈ দাবী জনোৱায়েই নহয়— এই দুয়োটা কাম কৰাৰ লগতে ইয়াক নৱজাগৰণৰ এক উৎসলৈ ৰূপান্তৰিত কৰাটোও সমানেই প্ৰয়োজনীয়। পৰিস্থিতি অনুকূল হ'লেহে যে সম্প্ৰদায়সমূহ আগবাঢ়ি যায়, তেনে নহয়। বৰং বেছিভাগ সময়তেই তেওঁলোক এইবাবেই আগুৱাই যায়, কাৰণ তেওঁলোকে সংকল্প লয় যে প্ৰতিকূলতা যিমানেই বেদনাদায়ক আৰু অন্যায় নহওক কিয়, সেয়াই কেতিয়াও শেষ কথা হ'ব নোৱাৰে।
 
নিজৰ অধিকাৰ ৰক্ষা কৰি, শিক্ষাত বিনিয়োগ কৰি, নতুন দক্ষতা আয়ত্ত কৰি, উৎকৰ্ষতাৰ সন্ধান কৰি আৰু সমগ্ৰ সমাজখনক সেৱা আগবঢ়াই ভাৰতীয় মুছলমানসকলে কেৱল নিজৰ ভৱিষ্যতেই সুৰক্ষিত নকৰিব; তেওঁলোকে সংবিধানে আকাংক্ষা কৰা বহুত্ববাদী, মানৱীয় আৰু আত্মবিশ্বাসী ভাৰতবৰ্ষ গঢ়ি তোলাতো উল্লেখনীয় বৰঙণি যোগাব।
 
(লেখক ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত আৰু 'INDIA and I - A Hundred Memories, Not a Memoir' গ্ৰন্থৰ ৰচক)