দশক দশক ধৰি ভাৰতীয় মুছলমানসকলক লৈ চলা মূল চৰ্চাসমূহ কেৱল আনৰ দৃষ্টিভংগীৰ মাজতেই আৱদ্ধ হৈ আছে— আনে তেওঁলোকৰ বিষয়ে কি ভাবে, কি কয় বা তেওঁলোকৰ সৈতে কেনে আচৰণ কৰে। কিন্তু এতিয়া হয়তো এক সুকীয়া প্ৰশ্ন উত্থাপন কৰাৰ সময় আহি পৰিছেঃ ভাৰতীয় মুছলমানসকলে নিজৰ বিষয়ে কি ভাবে আৰু তেওঁলোকে নিজৰ বাবে কেনেকুৱা এখন ভৱিষ্যত গঢ়িব বিচাৰে?
এই প্ৰশ্নটো এনে এক অস্বাভাৱিক কঠিন সময়ত উত্থাপিত হৈছে, যিটো সময়ত সম্প্ৰদায়টোৰ এক বৃহৎ অংশই নিজৰ ভৱিষ্যতক লৈ উদ্বিগ্নতা আৰু অনিশ্চয়তাত ভুগিছে- এই কথা কোনেও অস্বীকাৰ নকৰিব।
বছৰ বছৰ ধৰি বৃদ্ধি পোৱা মেৰুকৰণ, সঘনাই হোৱা বিদ্বেষমূলক ভাষণ, উন্মত্ত জনতাৰ হিংসা আৰু প্ৰায়ে বৈষম্যমূলক বা বৰ্জনমূলক বুলি গণ্য কৰা চৰকাৰী কাৰ্যপন্থাই বহু মুছলমানক ক্ৰমান্বয়ে নিৰাপত্তাহীন আৰু অকলশৰীয়া অনুভৱ কৰাইছে। ইয়াৰ লগতে অৰ্থনৈতিক সুযোগৰ সংকোচন, সংখ্যালঘু-কেন্দ্ৰিক কেইবাখনো শৈক্ষিক আৰু কল্যাণমূলক আঁচনিৰ পৰিৱৰ্তন বা প্ৰত্যাহাৰ আৰু আগবাঢ়ি যোৱাৰ পথবোৰ পূৰ্বতকৈ সংকুচিত হৈ অহা বুলি সৃষ্টি হোৱা ব্যাপক ধাৰণাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে।
এই সকলোবোৰ ধাৰণা বস্তুনিষ্ঠভাৱে যুক্তিসংগত হয় নে নহয়, সেয়া বেলেগ কথা। কিন্তু এই অনুভৱসমূহ একেবাৰেই সঁচা। ই এক শংকা আৰু নীৰৱ প্ৰত্যাহাৰৰ পৰিৱেশ সৃষ্টি কৰিছে। পৰিয়ালবোৰে এতিয়া উচ্চাকাংক্ষাৰ পৰিৱৰ্তে নিৰাপত্তাৰ কথাহে বেছিকৈ পাতে। পিতৃ-মাতৃসকল নিজৰ সন্তানক নেতৃত্বৰ বাবে প্ৰস্তুত কৰাতকৈ তেওঁলোকৰ সুৰক্ষাক লৈহে অধিক চিন্তিত।
ড্ৰয়িং ৰুমেই হওক, মছজিদেই হওক বা ছ’চিয়েল মিডিয়াই হওক- সম্প্ৰদায়টোৰ মাজত হোৱা আলোচনাসমূহ কেৱল শেহতীয়া বিতৰ্ক, শেহতীয়া বিদ্বেষমূলক ভাষণ, শেহতীয়া গ্ৰেপ্তাৰ, শেহতীয়া উচ্ছেদ বা শেহতীয়া ৰাজনৈতিক বিপৰ্যয়ৰ আশে-পাশে ঘূৰি থাকে।
এই উদ্বেগবোৰ কাল্পনিকো নহয় বা তুচ্ছও নহয়। ইয়াক অতি সততাৰে স্বীকাৰ কৰা উচিত। একেদৰে মই এই প্ৰবন্ধটো আচলতে কি নহয়, সেই বিষয়েও স্পষ্ট কৰিব বিচাৰোঁ। এইটো এনে কোনো যুক্তি নহয় যে ভাৰতীয় মুছলমানসকলে ৰাষ্ট্ৰক কঠোৰ প্ৰশ্ন সোধা বন্ধ কৰিব লাগে, বা ক্ষোভৰ ঠাইত কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে। সাংবিধানিক অধিকাৰসমূহ সজ আচৰণৰ বিনিময়ত পোৱা কোনো অনুগ্ৰহ নহয়; এইবোৰ হৈছে নিশ্চিত অধিকাৰ আৰু ইয়াক ন্যায়ালয়ত, সংসদত আৰু ৰাজহুৱা আলোচনাত দৃঢ়তাৰে, শান্তিপূৰ্ণভাৱে আৰু গণতান্ত্ৰিকভাৱে ৰক্ষা কৰি যাব লাগিব।
তলত উল্লেখ কৰা কোনো কথাৰ অৰ্থ এইটো নহয় যে সেই দাবীসমূহক দুৰ্বল কৰা হৈছে বা পৰিৱৰ্তনৰ দায়িত্ব কেৱল সম্প্ৰদায়টোৰ ওপৰতেই জাপি দিয়া হৈছে। তেনে একেবাৰেই নহয়।
প্ৰতিনিধিত্বমূলক ছবি
তথাপিও, বৈষম্য আৰু অৱহেলাৰ বিপদৰ বাহিৰেও আন এক ভয়ংকৰ বিপদ আহি পৰিছে। সেয়া হ'ল- আমাৰ সামূহিক কল্পনাশক্তি সংকুচিত হৈ আহিছে। যেতিয়া এটা সম্প্ৰদায়ে কেৱল তেওঁলোকৰ লগত কি ঘটি আছে তাৰ ওপৰত ভিত্তি কৰি নিজৰ পৰিচয় গঢ়িবলৈ লয়, তেতিয়া তেওঁলোকে ভৱিষ্যতে কি হ'ব বিচাৰে সেই বিষয়ে চিন্তা কৰাৰ ক্ষমতা লাহে লাহে হেৰুৱাই পেলায়।
তেওঁলোকে এটা খবৰৰ পৰা আন এটা খবৰলৈ জীয়াই থাকিবলৈ আৰম্ভ কৰে। তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, প্ৰতিবাদ কৰে, চিন্তা কৰে আৰু কেৱল বৰ্তি থাকে- কিন্তু সপোন দেখিবলৈ এৰি দিয়ে। আকৌ থিয় দিয়াৰ নিজা যি সামৰ্থ্য আছে, তাক তেওঁলোকে পাহৰি পেলায়।
ৰাষ্ট্ৰক জবাবদিহি কৰা আৰু নিজৰ ভৱিষ্যত গঢ়ি তোলা- এই দুটা পৰস্পৰবিৰোধী কাম নহয়। যিটো সম্প্ৰদায়ে কেৱল প্ৰথমটো কৰি দ্বিতীয়টোক অৱহেলা কৰে, তেওঁলোকে কোনো একক চৰকাৰী নীতিয়ে কাঢ়ি নিব পৰাতকৈয়ো অধিক নিজৰ ভৱিষ্যত আনৰ হাতত তুলি দিয়ে।
নিৰাপত্তাহীনতাৰ সময়ছোৱাই সাধাৰণতে দুটা প্ৰৱণতাৰ জন্ম দিয়ে। প্ৰথমটো হৈছে প্ৰত্যাহাৰ: ক্ষোভত ডুব যোৱা, অতীতৰ স্মৃতি ৰোমন্থন কৰা আৰু এটা বিতৰ্কৰ পৰা আনটোলৈ জীয়াই থকা। দ্বিতীয়টো হৈছে নৱজাগৰণ: নিজৰ অধিকাৰ বা আশা বিসৰ্জন নিদিয়াকৈ এটা সম্প্ৰদায়ে নিজকে ভিতৰৰ পৰা কেনেকৈ শক্তিশালী কৰিব পাৰে সেই প্ৰশ্নৰ উত্তৰ বিচৰা। এই দুটা এটা আনটোৰ বিকল্প নহয়। এটা সম্প্ৰদায়ে ন্যায়ৰ বাবে দাবী জনাই থাকিব পাৰে আৰু একে সময়তে কেৱল ন্যায়ৰ অভাৱৰ দ্বাৰাই নিজৰ পৰিচয় গঢ়াৰ পৰাও বিৰত থাকিব পাৰে।
ভৱিষ্যত গঢ়াৰ আত্মবিশ্বাস কেৱল ৰাজনৈতিক প্ৰতিশ্ৰুতি বা ন্যায়ালয়ৰ বিজয়ৰ পৰাই নাহে, যদিওবা সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ। এই বিশ্বাস সমাজৰ ভিতৰৰ পৰাই- পৰিয়াল, চুবুৰীয়া, মছজিদ, পেছাদাৰী নেটৱৰ্ক আৰু জনকল্যাণমূলক প্ৰতিষ্ঠানসমূহৰ পৰা জাগ্ৰত হ'ব লাগিব। যুগ যুগ ধৰি 'জাকাত' আৰু 'ৱাকফ'ক কৰুণা আৰু সহায়ৰ আহিলা হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। হয়তো এতিয়া এইবোৰক অধিক উচ্চাকাংক্ষাৰে কল্পনা কৰাৰ সময় আহি পৰিছে: কেৱল দুৰ্দশাগ্ৰস্তসকলৰ সহায়ৰ মাধ্যম হিচাপে নহয়, ভৱিষ্যতৰ বাবে এক বিনিয়োগ হিচাপে।
এই উচ্চাকাংক্ষা কেৱল সফলতাৰ পৰম্পৰাগত ধাৰণাৰ বাহিৰলৈ যাব লাগিব। ভৱিষ্যত সেই সমাজবোৰৰেই হ'ব যিয়ে নতুন প্ৰযুক্তিক আঁকোৱালি ল'ব পাৰে, প্ৰতিষ্ঠান গঢ়ি তুলিব পাৰে আৰু প্ৰতিটো ক্ষেত্ৰতে প্ৰতিভাৰ বিকাশ ঘটাব পাৰে। ভাৰতীয় মুছলমানসকলৰ পাণ্ডিত্য, উদ্যোগ আৰু সমাজ সেৱাৰ এক সুদীৰ্ঘ গৌৰৱময় ইতিহাস আছে। তেওঁলোকৰ সন্মুখৰ কামটো অতীতক পুনৰ সৃষ্টি কৰা নহয়, বৰং এক নতুন প্ৰজন্মক এখন একেবাৰে সুকীয়া ভাৰতত বিকশিত হ'বলৈ সাজু কৰাটোহে।
উৎসাহজনক লক্ষণসমূহ ইতিমধ্যেই দৃশ্যমান হৈছে, যদিও কোনো এটা নিৰ্দিষ্ট উদাহৰণ ব্যাপক ধাৰণাৰ প্ৰমাণতকৈ কেৱল এক দৃষ্টান্তহে। শেহতীয়াকৈ দিল্লীৰ এটা অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত স্থানীয় মুছলমান দোকানীসকলে ভিতৰত আৱদ্ধ হৈ থকাসকলক বচাবলৈ গাদী আৰু কম্বল পাৰি সহায়ৰ হাত আগবঢ়াইছিল।
প্ৰতিনিধিত্বমূলক ছবি
সমগ্ৰ দেশজুৰি মাজে মাজে এনে আৱেগিক কাহিনী দেখিবলৈ পোৱা যায় য'ত মুছলমানসকলে দুৰ্ঘটনা, প্ৰাকৃতিক দুৰ্যোগ বা ব্যক্তিগত সংকটৰ সময়ত হিন্দু চুবুৰীয়াসকলক সহায় কৰে আৰু বিনিময়ত কৃতজ্ঞতা আৰু সদিচ্ছা লাভ কৰে।
এনে মুহূৰ্তবোৰে ভাৰতৰ সাম্প্ৰদায়িক সম্পৰ্কৰ অৱস্থাক লৈ চলা বৃহৎ বিতৰ্কবোৰৰ অৱসান নঘটায়। কিন্তু এইবোৰে মনত পেলাই দিয়ে যে ৰাজনীতি আৰু ছ’চিয়েল মিডিয়াৰ কোলাহলৰ মাজতো মানৱতা সম্ভৱ, আৰু প্ৰতিটো খবৰৰ আঁৰত ভাৰতীয় মুছলমানসকলে তিল তিলকৈ কেনেধৰণৰ এখন সমাজ গঢ়িব পাৰে তাৰ উমান দিয়ে।