ধৰ্মৰ ঊৰ্দ্ধত জুবিন গাৰ্গ: গুৱাহাটীত ৪৫ ফুট উচ্চতাৰ বিশাল গণেশ প্ৰতিমাৰে শিল্পীগৰাকীলৈ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি

Story by  Ariful Islam | Posted by  [email protected] • 44 m ago
গুৱাহাটীত ৪৫ ফুট উচ্চতাৰ বিশাল গণেশ প্ৰতিমাৰে শিল্পীগৰাকীলৈ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি
গুৱাহাটীত ৪৫ ফুট উচ্চতাৰ বিশাল গণেশ প্ৰতিমাৰে শিল্পীগৰাকীলৈ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি
 
আৰিফুল ইছলাম/গুৱাহাটী
 
হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি মানুহৰ ভালপোৱা যে ধৰ্মৰো ঊৰ্দ্ধত, সেই কথা পুনৰবাৰ প্ৰমাণিত হ'ল। গুৱাহাটীৰ এখন আগশাৰীৰ গণেশ পূজা কমিটীয়ে এইবাৰ তেওঁলোকৰ পূজা মণ্ডপৰ মূল থিম হিচাপে বাছি লৈছে মৰমৰ জুবিন গাৰ্গক। ড° বি আৰ আম্বেদকাৰ যুৱক সংঘ আৰু তেলেগু এছ'চিয়েছন অসমৰ যুটীয়া উদ্যোগত আয়োজিত এইবেলিৰ গণেশ পূজাত স্থাপন কৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ, ৪৫ ফুট উচ্চতাৰ এক বিশালকায় গণেশৰ মূৰ্তি। ১৪ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈকে ৭ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা এই বৰ্ষৰ পূজাৰ সমগ্ৰ অনুষ্ঠানটো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে।
 
বিশিষ্ট মৃৎশিল্পী সঞ্জীৱ পালৰ সুনিপুণ নিৰ্দেশনা আৰু তত্ত্বাৱধানত এই অনন্য আৰু বিশাল মূৰ্তিটোৱে প্ৰাণ পাই উঠিছে। লক্ষণীয়ভাৱে, বিগত বৰ্ষত এই একেখন পূজা সমিতিয়েই ৪১ ফুট উচ্চতাৰ গণেশৰ মূৰ্তি নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছিল। কিন্তু এইবাৰ নিজৰেই অভিলেখ ভংগ কৰি খেৰ, কাঠ, বাঁহ আৰু মাটিৰ দৰে পৰিৱেশ অনুকূল সামগ্ৰীৰে ৪৫ ফুট উচ্চতাৰ এই অতিকায় মূৰ্তিটো সজাই তোলা হৈছে। কেৱল মূৰ্তিটো নিৰ্মাণৰ বাবেই সমিতিখনে প্ৰায় ২ লাখ ৮০ হাজাৰ টকা ব্যয় কৰিছে।
 

পূজাৰ প্ৰস্তুতি সন্দৰ্ভত ড° বি আৰ আম্বেদকাৰ য়ুথ ক্লাবৰ উপদেষ্টা গোবিন্দ ৰাওৱে 'আৱাজ-দ্য ভইচ'ৰ আগত নিজৰ মত প্ৰকাশ কৰি কয়, "যোৱা ৪০ বছৰ ধৰি আমি একেৰাহে দক্ষিণ ভাৰতৰ পৰম্পৰাগত বিধি-বিধান অনুসৰি গণেশ পূজা উদযাপন কৰি আহিছোঁ। প্ৰতিবছৰেই উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ওখ প্ৰতিমা নিৰ্মাণ কৰাটো আমাৰ এক বিশেষত্ব। যোৱাবাৰ আমাৰ প্ৰতিমাৰ উচ্চতা আছিল ৪১ ফুট, আৰু এইবাৰ আমি ৪৫ ফুট উচ্চতাৰ প্ৰতিমা নিৰ্মাণ কৰি উলিয়াইছোঁ। বিগত এটা মাহ ধৰি শিল্পীসকলে দিনে-ৰাতিয়ে এই প্ৰতিমা নিৰ্মাণৰ কামত ব্যস্ত আছিল। মাজতে প্ৰতিকূল বতৰে আমাক কিছু অসুবিধা দিছিল যদিও, বাপ্পাৰ অশেষ আশীৰ্বাদত আমি সুকলমে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'লোঁ।"
 
 
উপদেষ্টা গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে প্ৰতিবছৰে পূজাৰ পেণ্ডেল বেলেগ বেলেগ আকৰ্ষণীয় আৰ্হিত নিৰ্মাণ কৰা হয়। এইবাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়েই তেওঁলোকৰ মণ্ডপৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। এইবেলি পূজাৰ সৰ্বমুঠ বাজেট নিৰ্ধাৰণ কৰা হৈছে প্ৰায় ১৭ লাখ টকা। অনুষ্ঠানৰ আন এক অন্যতম আকৰ্ষণ হৈছে গণেশলৈ প্ৰসাদ হিচাপে আগবঢ়োৱা ৩০ কিলোগ্ৰাম ওজনৰ এটি বিশাল লাড়ু, যিটো পূজাৰ অন্তত পৰম্পৰা অনুসৰি নিলাম কৰা হ'ব।
 
উল্লেখ্য যে, কেৱল এই পূজা মণ্ডপেই নহয়, সমগ্ৰ গুৱাহাটী মহানগৰীতে এতিয়া গণেশ চতুৰ্থীৰ ব্যাপক উচাহ পৰিলক্ষিত হৈছে। লতাশিল গণেশ মন্দিৰ, গণেশগুৰি, খানাপাৰা আৰু হাতীশিলা গণেশ মন্দিৰৰ দৰে মহানগৰীৰ স্থায়ী তথা প্ৰাচীন মন্দিৰসমূহৰ লগতে ফটাশিল, কালাপাহাৰ, পাণ্ডু, মালিগাঁও, আঠগাঁও আদি বিভিন্ন ৰাজহুৱা স্থানত আৰু ব্যক্তিগতভাৱেও ভক্তিপূৰ্ণ পৰিৱেশত গণেশ পূজাৰ ব্যাপক আয়োজন চলিছে।