ৰিতিকা দাস
ঔপনিৱেশিক শাসনৰ পৰা ভাৰতক মুক্ত কৰিবলৈ চলোৱা স্বাধীনতা সংগ্ৰাম আছিল এক দীঘলীয়া আৰু কঠিন যুঁজ। হাজাৰ হাজাৰ স্বাধীনতা সংগ্ৰামীয়ে নিজৰ প্ৰাণ আহুতি দিছিল, কিন্তু সাম্ৰাজ্যবাদী শাসনৰ আগত কেতিয়াও মূৰ দোৱা নাছিল। ইয়াৰে বহুতেই জনপ্ৰিয় কাহিনী, পাঠ্যপুথি আৰু সংবাদ মাধ্যমৰ জৰিয়তে স্বীকৃতি লাভ কৰিলে যদিও, এনে বহু সংগ্ৰামী আছে যাৰ বীৰত্বৰ গাঁথা আৰু অৱদান সময়ৰ সোঁতত হেৰাই গৈছে। বৰ্তমানৰ প্ৰজন্মই জানিব পৰাকৈ তেওঁলোকৰ অৱদান সগৌৰৱে আৰু দীৰ্ঘকাললৈ স্মৰণ কৰা নহয়।
এই অখ্যাত বীৰসকলৰ মাজত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বহু স্বাধীনতা সংগ্ৰামী আছিল। যিসকলে নাজানে তেওঁলোকৰ জ্ঞাতাৰ্থে, বৰ্তমানৰ উত্তৰ-পূৰ্বাঞ্চল সাতখন ৰাজ্যক লৈ গঠিতঃ অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা। আমি যেতিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ কথা পাতিবলৈ লওঁ, তেতিয়া আমাৰ জ্ঞান প্ৰায়ে কেইগৰাকীমান জনপ্ৰিয় নেতা আৰু শ্বহীদৰ মাজতেই আৱদ্ধ থাকে। তেওঁলোকৰ বাহিৰে উত্তৰ-পূবৰ স্বাধীনতা সংগ্ৰামীৰ নাম ল'বলৈ গ'লে আমি আঙুলিমূৰত লেখিব পৰা অৱস্থাতহে থাকোঁ।
আমি হয়তো তেওঁলোকৰ কিছুমানৰ নাম এবাৰ বা দুবাৰ শুনিবলৈ পাওঁ, কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তেওঁলোকে খুব কমেইহে স্থান লাভ কৰে। তেওঁলোকৰ অৱদান মূলতঃ স্থানীয় স্মৃতি আৰু লোককথাৰ মাজতেই সীমাবদ্ধ হৈ ৰৈছে।
১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ৰ পৰাই আমি প্ৰায়ে মংগল পাণ্ডে, ৰাণী লক্ষ্মীবাই আৰু অসমৰ মণিৰাম দেৱানৰ দৰে মহান নেতাসকলৰ কথা শুনিবলৈ পাওঁ আৰু সংগ্ৰামৰ সময়ত তেওঁলোকে কেনেকৈ প্ৰাণ আহুতি দিছিল সেই বিষয়ে জানো। এই নেতাসকলৰ সমান্তৰালভাৱে আমি মেঘালয়ৰ এজন বীৰযোদ্ধা, উ কিয়াং নাংবাহৰ নামো উল্লেখ কৰিব পাৰোঁ। ব্ৰিটিছ শাসনক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পিছলৈ এই অঞ্চলত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব বিচৰা আন লোকসকললৈ এক সকীয়নি স্বৰূপে ব্ৰিটিছে তেওঁক পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ জোৱাই চহৰৰ ইয়াওমুছিয়াঙত ৰাজহুৱাভাৱে ফাঁচী দিছিল।
অখ্যাত স্বাধীনতা সংগ্ৰামীসকলৰ বিষয়ে ক’বলৈ গ'লে অত্যাচাৰী শাসনৰ বিৰুদ্ধে সাহসেৰে থিয় দিয়া নাৰী নেত্ৰীসকলৰ কথা উল্লেখ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। মহিলাসকলৰ অৱদান আৰু তেওঁলোকৰ ত্যাগ প্ৰায়ে আওকাণ কৰা হয়।
এনে এক অনুপ্ৰেৰণাদায়ক কাহিনী হৈছে ১৩ বছৰীয়া ৰাণী গাইডিনলিউৰ। নাগালেণ্ডৰ ৰংমেই জনজাতিৰ এইগৰাকী নেত্ৰীয়ে খ্ৰীষ্টান মিছনেৰীসকলৰ পৰা নগা সংস্কৃতিক ৰক্ষা কৰিবলৈ ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনত যোগদান কৰিছিল। ১৯৩২ চনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁ সুদীৰ্ঘ ১৪ বছৰ কাৰাগাৰত কটাইছিল, যিটো আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামীয়ে ভোগ কৰা সৰ্বাধিক সময়ৰ কাৰাবাসৰ ভিতৰত অন্যতম। ১৯৩৭ চনত জৱাহৰলাল নেহৰুৱেই তেওঁক ‘ৰাণী’ উপাধি প্ৰদান কৰিছিল। পিছলৈ, ১৯৮২ চনত তেওঁক সন্মানীয় পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হয়।
ৰাণী গাইডিনলিউ
ৰাণী গাইডিনলিউৰ দৰেই মিজোৰামৰ এগৰাকী সাহসী মহিলা দলপতিৰ আন এটি কাহিনীও উল্লেখযোগ্য। লুছাই পাহাৰত ব্ৰিটিছৰ আগ্ৰাসন নীতিৰ বিৰোধিতা কৰিবলৈ আন দলপতিসকলক একত্ৰিত কৰাত লালনু ৰোপুইলিয়ানিয়ে এক প্ৰধান ভূমিকা পালন কৰিছিল। ব্ৰিটিছৰ পৰিকল্পনা অনুসৰি ৰাস্তা আৰু দলং নিৰ্মাণৰ বাবে স্থানীয় লোকক যোগান ধৰিবলৈও তেওঁ অস্বীকাৰ কৰিছিল।
আনকি ৮৬ বছৰ বয়সতো কাৰাগাৰত বন্দী হৈ থকাৰ পিছতো তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিছিল। কাৰাগাৰৰ ভিতৰতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে আৰু মিজোৰামৰ জনসাধাৰণৰ বাবে প্ৰতিৰোধ আৰু বিপ্লৱৰ প্ৰতীক হৈ পৰে।
১৯৪০-ৰ দশকটো ভাৰতৰ বহু প্ৰান্তত এক বৈপ্লৱিক সময় আছিল। এইটো সেই সময় আছিল যেতিয়া স্বাধীনতা সংগ্ৰামৰ চূড়ান্ত পৰ্যায় শিখৰত আছিল আৰু দেশখনে বহু বিশিষ্ট ব্যক্তিৰ নেতৃত্ব আৰু ত্যাগৰ সাক্ষী হৈছিল।
সেই সময়ছোৱাত অসমীয়া নেতাসকলৰ মাজতো একেধৰণৰ এক পৰিৱেশ গঢ় লৈ উঠিছিল। ১৯৪২ চনত ১৭ বছৰীয়া কনকলতা বৰুৱাই গহপুৰ আৰক্ষী থানাত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ চেষ্টা কৰোঁতে গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰিছিল।
কনকলতা বৰুৱা
তেওঁৰ এই বীৰত্বপূৰ্ণ কাহিনীৰ সমান্তৰালভাৱে আছে আন এগৰাকী স্বাধীনতা সংগ্ৰামী ছহিদ কুশল কোঁৱৰৰ কাহিনী। ১৯৪২-৪৩ চনৰ ভাৰত ত্যাগ আন্দোলনৰ শেষৰ পৰ্যায়ত ফাঁচীকাঠত ওলমা তেওঁৱেই আছিল ভাৰতৰ একমাত্ৰ শ্বহীদ।
গোলাঘাট জিলাৰ সৰুপথাৰৰ ওচৰত একাংশ কৰ্মীয়ে ৰে’লৰ শ্লিপাৰ আঁতৰোৱাৰ ফলত কেইবাজনো মিত্ৰবাহিনীৰ সৈন্যৰ মৃত্যু হোৱা এক ঘটনাত তেওঁক অভিযুক্ত কৰা হৈছিল। কোঁৱৰ আচলতে এই ঘটনাৰ লগত জড়িত নাছিল। তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নথকা সত্ত্বেও ব্ৰিটিছ আদালতে তেওঁক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড বিহিছিল।
কোঁৱৰে অৱশ্যে অত্যন্ত সাহসেৰে এই অন্যায় ৰায়গ্ৰহণ কৰিছিল। কোৱা হয় যে যেতিয়া তেওঁক ফাঁচী দিবলৈ নিয়া হৈছিল, তেতিয়া তেওঁ গুণগুণাই আছিল, "পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰ" - ভগৱানক সংসাৰৰ এই জীৱন-সাগৰ পাৰ কৰাবলৈ কৰা এক প্ৰাৰ্থনা।
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অংশগ্ৰহণ কেৱল সাধাৰণ জনতাৰ মাজতেই সীমাবদ্ধ নাছিল, ৰজা আৰু ৰাজকুমাৰসকলো ইয়াৰ অংশীদাৰ আছিল। এনে এক কাহিনী হৈছে ‘মণিপুৰৰ সিংহ’ নামেৰে মৰমেৰে জনাজাত বীৰ টিকেন্দ্ৰজিৎ সিঙৰ।
‘মণিপুৰৰ সিংহ’ নামেৰে মৰমেৰে জনাজাত বীৰ টিকেন্দ্ৰজিৎ সিঙ
মণিপুৰক নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ ব্ৰিটিছে চলোৱা প্ৰচেষ্টাৰ প্ৰতিৰোধ কৰি তেওঁ এংলো-মণিপুৰ যুদ্ধত সাহসেৰে যুঁজিছিল। দুৰ্ভাগ্যৱশতঃ তেওঁক বন্দী কৰা হয় আৰু থাংগাল জেনেৰেলৰ সৈতে ইম্ফলৰ প'ল' গ্ৰাউণ্ডত ৰাজহুৱাভাৱে ফাঁচী দিয়া হয়।
জাতীয়তাবাদী আন্দোলনৰ সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আঞ্চলিক নেতাসকলৰ উত্থানত ভাৰতীয় জাতীয় কংগ্ৰেছে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁলোকৰ বহুতেই পৰৱৰ্তী সময়ত স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
তেওঁলোকৰ ভিতৰত অন্যতম আছিল অৰুণাচল প্ৰদেশৰ মোজে ৰিবা। বৰ্তমানৰ পশ্চিম ছিয়াং জিলাৰ বাছাৰ মহকুমাত জন্মগ্ৰহণ কৰা মোজে ৰিবাক মৰমতে ‘আবো ন্যান্জি’ বুলি কোৱা হৈছিল, যাৰ অৰ্থ হৈছে ‘সকলোৰে বৃদ্ধ পিতৃ’। তেওঁ সেই সময়ত গঢ় লৈ উঠা ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল আৰু গোপীনাথ বৰদলৈ আৰু ললিত হাজৰিকাৰ দৰে নেতাসকলৰ সৈতে লগ হৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল। তেওঁ অৰুণাচল প্ৰদেশৰ পৰা প্ৰথমজন কংগ্ৰেছ সভাপতিও আছিল। পিছলৈ, জাতীয়তাবাদী সংগ্ৰামলৈ আগবঢ়োৱা তেওঁৰ বীৰত্ব আৰু অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁক ‘তাম্ৰ পত্ৰ’ বঁটা প্ৰদান কৰিছিল।
আন এক একেধৰণৰ কাহিনী হৈছে ত্ৰিপুৰাৰ উমেশ লাল সিং আৰু শচীন্দ্ৰ লাল সিঙৰ। এই দুই ভাতৃয়ে স্বাধীনতা সংগ্ৰামলৈ উল্লেখনীয় অৱদান আগবঢ়াইছিল। স্বাধীনতাৰ পিছত উমেশ লাল সিঙক ১৯৬৭ চনত বিধানসভালৈ নিৰ্বাচিত কৰা হয়, আনহাতে তেওঁৰ ভাতৃ শচীন্দ্ৰ লাল সিং স্বাধীন ত্ৰিপুৰাৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়।
মোজে ৰিবা
ওপৰত উল্লেখ কৰা নামবোৰ উত্তৰ-পূবৰ বহু স্বাধীনতা সংগ্ৰামীৰ ভিতৰত মাত্ৰ কেইটামানহে। প্ৰতি বছৰে যেতিয়া আমি স্বাধীনতা দিৱস উদযাপন কৰোঁ, আমি সেই সকলো স্বাধীনতা সংগ্ৰামীৰ দৃষ্টিভংগী, নেতৃত্ব আৰু ত্যাগকো স্মৰণ কৰোঁ আৰু সন্মান জনাওঁ যিসকলে এখন স্বাধীন ভাৰতৰ সপোন দেখিছিল আৰু নিজৰ সৰ্বস্ব দি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজিছিল।
সেয়েহে, যিসকল জাতীয়তাবাদী নেতাৰ নাম এতিয়া কেৱল মাত্ৰ স্থানীয় লোককথাৰ মাজতেই জীয়াই আছে, তেওঁলোকৰ বিষয়ে আমাৰ জ্ঞান বৃদ্ধি কৰাৰ এয়াই উপযুক্ত সময়। শিক্ষা ব্যৱস্থাক অধিক সমৃদ্ধ আৰু প্ৰাসংগিক কৰি তুলিবলৈ NCERT-এ এক পৰিৱৰ্তনৰ মাজেৰে গৈ আছে। এই প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি, ই উত্তৰ-পূব ভাৰতৰ অধিক নেতাক অন্তৰ্ভুক্ত কৰি জাতীয়তাবাদী সংগ্ৰামৰ পাঠ্যক্ৰম সম্প্ৰসাৰিত কৰিব পাৰে।
ইয়াৰ উপৰি, ৰাজ্য আৰু কেন্দ্ৰীয় দুয়োখন চৰকাৰেই চলচ্চিত্ৰ, ৱেব চিৰিজ আৰু তথ্যচিত্ৰৰ দৰে মাধ্যম ব্যৱহাৰ কৰি এনে বীৰত্বৰ কাহিনীবোৰ প্ৰকাশ কৰিব পাৰে যিবোৰে এতিয়াও মূলসুঁতিৰ সংবাদ মাধ্যমত স্থান পোৱা নাই। প্ৰকৃততে, শেহতীয়া অসম বাজেট ২০২৬-২৭-ত শ্বহীদ কুশল কোঁৱৰৰ নামত এখন চলচ্চিত্ৰ নিৰ্মাণৰ বাবে এক বিত্তীয় প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰা হৈছে।
অৱশেষত, কেৱল এইটোৱেই আশা কৰিব পাৰি যে যিসকল স্বাধীনতা সংগ্ৰামীৰ নাম আজিও বহুলভাৱে পৰিচিত নহয়, তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য স্বীকৃতি আৰু সন্মান লাভ কৰিব।
২০২৬ চনত দেশে স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত, উত্তৰ-পূবৰ এই অখ্যাত বীৰসকলক সুঁৱৰিবলৈ যোৱাটো কেৱল এক স্মৃতিচাৰণৰ কাৰ্য নহয়। ই লগতে এই কথাও সোঁৱৰাই দিয়ে যে ভাৰতৰ স্বাধীনতা দেশৰ চুকে-কোণে থকা অগণন পুৰুষ-মহিলাৰ ত্যাগৰ ভেটিত গঢ়ি উঠিছিল।
(লেখিকা দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী অসমীয়া ছাত্ৰী)