ভাৰতীয় মুছলমান বুদ্ধিজীৱীৰ প্ৰকৃত দায়িত্ব কি হোৱা উচিত?

Story by   Atir Khan | Posted by  Munni Begum • 21 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
  আতিৰ খান
 
শেহতীয়াকৈ এটা নিউজ ৱেবছাইটত প্ৰকাশিত এটা প্ৰবন্ধত যুক্তি দিয়া হৈছিল যে ভাৰতীয় মুছলমান সমাজত বুদ্ধিজীৱীৰ অভাৱ৷ প্ৰবন্ধটোৰ মূল যুক্তিটো আছিল যে এই সম্প্ৰদায়টোৱে নিজাকৈ এক শক্তিশালী বৌদ্ধিক শ্ৰেণী গঢ়ি তোলাত ব্যৰ্থ হৈছে আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ সমস্যা আৰু চিন্তাবোৰ দাঙি ধৰিবলৈ আজিও হিন্দু বা বাওঁপন্থী-উদাৰতাবাদী বুদ্ধিজীৱীসকলৰ ওপৰতেই আংশিকভাৱে নিৰ্ভৰশীল।
 
যুক্তিটো গুৰুত্বসহকাৰে বিবেচনাৰ যোগ্য। প্ৰায় ২০ কোটি জনসংখ্যা আৰু ৭৯.৫ শতাংশ সাক্ষৰতাৰ হাৰ থকা এটা সম্প্ৰদায়ৰ অৱস্থাৰ বিশ্লেষণ কৰিবলৈ, ইয়াৰ ধাৰণাসমূহক প্ৰশ্ন কৰিবলৈ আৰু এক সুদূৰপ্ৰসাৰী বৌদ্ধিক দৃষ্টিভংগী আগবঢ়াবলৈ এক বৃহৎ চিন্তাবিদৰ গোট থকাটো বাঞ্ছনীয়। কিন্তু ভাৰতীয় মুছলমানসকলৰ মাজত বুদ্ধিজীৱীৰ অভাৱ বুলি ক’লেই সমস্যাটোৰ সম্পূৰ্ণ সমাধান নহয়, ই তাতকৈ বহুগুণে বেছি জটিল।
 
এই সম্প্ৰদায়টোৱে আমোলা, প্ৰতিৰক্ষা বিষয়া, শিক্ষাবিদ, লেখক, শিল্পী আৰু বহু ৰাজহুৱা ব্যক্তিৰ জন্ম দিছে, যিসকলে ৰাষ্ট্ৰীয় জীৱনত মুছলমানসকলৰ উদ্বেগ আৰু সমস্যাবোৰ প্ৰতিনিধিত্ব কৰি আহিছে। ইয়াৰ লগতে বিভিন্ন মতাদৰ্শ আৰু আৰ্থ-সামাজিক-ধাৰ্মিক সংগঠনৰ সৈতে জড়িত ধৰ্মীয় পণ্ডিতৰ এক বৃহৎ দল আছে। কিন্তু প্ৰকৃত শূন্যতা লুকাই আছে আন এঠাইত।
 
ৰাজনৈতিক অধিকাৰৰ দাবী আৰু ধৰ্মীয় পাণ্ডিত্যৰ মাজত যিটো বৌদ্ধিক স্থান থাকিব লাগিছিল, সেয়া আজিও তুলনামূলকভাৱে অৱহেলিত হৈ আছে। এয়া এনে এক স্থান য’ত সমাজ সংস্কাৰ, আধুনিকতা, শিক্ষা, প্ৰতিষ্ঠান গঢ়ি তোলাৰ প্ৰক্ৰিয়া, গণতন্ত্ৰ, নাগৰিকত্ব আৰু সমসাময়িক ইছলামিক চিন্তা-চৰ্চাক একেলগে বিশ্লেষণ কৰিব পৰা যায়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সেয়েহে, প্ৰশ্নটো কেৱল 'মুছলমান বুদ্ধিজীৱীসকল ক’ত?' বুলি সুধিলে নহ’ব, প্ৰশ্নটো হ’ব লাগে- 'ভাৰতীয় মুছলমান বুদ্ধিজীৱীসকলে কি বিষয়ৰ ওপৰত চিন্তা কৰা উচিত?' এয়া বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন। যি ৰাজনৈতিক প্ৰতিনিধিত্বৰ ঊৰ্ধ্বত৷
 
বৰ্তমান মুছলমানসকলক লৈ হোৱা ৰাজহুৱা আলোচনাৰ সৰহভাগেই ৰাজনীতি আৰু সংঘাতৰ দ্বাৰা প্ৰভাৱিত। আছাদুদ্দিন ওৱেইছিৰ দৰে ৰাজনৈতিক নেতাসকলে মুছলমানসকলৰ ৰাজনৈতিক স্বাৰ্থ ৰক্ষাক তেওঁলোকৰ কাৰ্যসূচীৰ মূল কেন্দ্ৰবিন্দু কৰি তুলিছে। 
 
আনহাতে, নিজকে নাস্তিক বুলি পৰিচয় দিয়া জাভেদ আখতাৰৰ দৰে লেখকসকলে ইছলাম, ধৰ্ম আৰু সমাজ সম্পৰ্কীয় প্ৰশ্নবোৰক এক তীক্ষ্ণ সমালোচনাত্মক দৃষ্টিকোণৰ পৰা বিচাৰ কৰিছে। দুয়োটা দিশেই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে, কিন্তু ইয়াৰ এটাও আজিৰ তাৰিখত ভাৰতীয় মুছলমান সমাজক প্ৰয়োজন হোৱা ধাৰাবাহিক বৌদ্ধিক প্ৰকল্পক প্ৰতিনিধিত্ব নকৰে।
 
এই একেই কথা প্ৰযোজ্য হয় অৱসৰপ্ৰাপ্ত আমোলা, জ্যেষ্ঠ প্ৰতিৰক্ষা বিষয়া, ৰাজনীতিবিদ আৰু ধৰ্মীয় পণ্ডিতসকলৰ ক্ষেত্ৰতো, যিসকলে সঘনাই মুছলমানসকলৰ হৈ মাত মাতে। সমস্যাটো এয়া নহয় যে এই মাতবোৰ স্তব্ধ হৈ যাব লাগে, কথাটো হ'ল যে কেৱল মাত মাতিলেই এখন সমাজ সলনি হ'ব নোৱাৰে।
 
ৰাজনৈতিক প্ৰতিনিধিত্ব গুৰুত্বপূৰ্ণ। ন্যায্য অধিকাৰ ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। ধৰ্মীয় সংস্কাৰো গুৰুত্বপূৰ্ণ। এই তিনিওটা ইটোৰ সিটোৰ সৈতে জড়িত। এটা বৌদ্ধিক শ্ৰেণী কেৱল ৰাষ্ট্ৰ বা বহল সমাজখনকেই নহয়, নিজৰ সম্প্ৰদায়কো অস্বস্তিকৰ প্ৰশ্ন সুধিবলৈ সক্ষম হ'ব লাগিব। 
 
কিছুমান সমস্যা কিয় আজিও বৰ্তি আছে, কিহৰ ভিত্তিত সেইবোৰ চলি আছে আৰু কেনেধৰণৰ প্ৰতিষ্ঠানগত পৰিৱৰ্তনে এইবোৰৰ সমাধান কৰিব পাৰে, সেই সম্পৰ্কে বিশ্লেষণ কৰিবলৈ তেওঁলোক ইচ্ছুক হ'ব লাগিব।
 
ভাৰতীয় মুছলমান বুদ্ধিজীৱীসকলে সন্মুখীন হ’বলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ ভিতৰত এটা হ'ল- ধৰ্মীয় চিন্তা আৰু সম্প্ৰদায়টোৰ সামাজিক তথা ৰাজনৈতিক সৱলীকৰণৰ মাজৰ সম্পৰ্ক। এই দুয়োটাকে কেতিয়াও পৃথককৈ চাব নোৱাৰি।
 
সমগ্ৰ মুছলমান বিশ্বতে সমসাময়িক পৰিস্থিতিৰ লগত ইছলামিক চিন্তাধাৰাই কেনেদৰে খাপ খাব লাগে, তাক লৈ গুৰুত্বপূৰ্ণ বিতৰ্কৰ সৃষ্টি হৈছে। এসময়ত যিবোৰ প্ৰশ্ন মুকলিকৈ আলোচনা কৰাটো অতি স্পৰ্শকাতৰ বুলি ভবা হৈছিল, সেইবোৰ এতিয়া পণ্ডিত আৰু বুদ্ধিজীৱীসকলে ক্ৰমান্বয়ে বিশ্লেষণ কৰিবলৈ লৈছে। 
 
ভাৰতীয় মুছলমান বুদ্ধিজীৱীসকলৰ কৰ্তব্য হৈছে নিজৰ সমাজখনক এই পৰিৱৰ্তনবোৰৰ সৈতে একত্ৰিত কৰা আৰু মন্থনৰ বাবে তেওঁলোকক প্ৰস্তুত কৰা।
 
এই বিতৰ্কসমূহৰ মূলতে এটা মৌলিক প্ৰশ্ন নিহিত হৈ আছেঃ পৰিৱৰ্তিত পৰিস্থিতি, নতুন জ্ঞান আৰু আধুনিক সমাজৰ বাস্তৱতাৰ প্ৰতি বৌদ্ধিকভাৱে সঁহাৰি জনোৱাৰ লগতে মুছলমানসকলে কেনেদৰে ঐশ্বৰিক বাণীৰ প্ৰতি আনুগত্য বজাই ৰাখিব পাৰে?
 
প্ৰতিনিধিত্বমূলক ছবি
 
'ইলম-ই-কালাম' বা ইছলামিক ধৰ্মতত্ত্বৰ পুনৰ্গঠন আৰু 'ফিকহ' বা ইছলামিক ন্যায়শাস্ত্ৰৰ পুনৰ্নিৰ্ধাৰণৰ বিষয়ে নতুনকৈ আলোচনা আৰম্ভ হৈছে। প্ৰত্যাহ্বানটো পৰম্পৰা ত্যাগ কৰা নহয়, 'নকল' (হস্তান্তৰিত জ্ঞান) আৰু 'আকল' (যুক্তি) - দুয়োটাৰ জৰিয়তে পৰম্পৰাৰ সৈতে সংযুক্ত হোৱাটোহে মূল লক্ষ্য।
 
সমসাময়িক মুছলমান বুদ্ধিজীৱীসকলে এনে কিছুমান প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে যিবোৰৰ সৈতে পূৰ্বৰ প্ৰজন্মই একে ৰূপত মুখামুখি হোৱা নাছিল। কৃত্ৰিম বুদ্ধিমত্তা (AI), জৈৱ-প্ৰযুক্তি, পৰিৱৰ্তিত পাৰিবাৰিক গাঁথনি, লিংগ সম্পৰ্ক, সাংবিধানিক গণতন্ত্ৰ, ব্যক্তিগত অধিকাৰ, ধৰ্মনিৰপেক্ষ নাগৰিকত্ব আৰু বৈজ্ঞানিক জ্ঞান - এই সকলোবোৰৰ বাবে এক গভীৰ বৌদ্ধিক বিশ্লেষণৰ প্ৰয়োজন।
 
মূল কামটো হ'ল এনে এক গাঁথনি প্ৰস্তুত কৰা যাৰ জৰিয়তে মুছলমান বিশ্বাসীসকলে 'অহী' (ঐশ্বৰিক বাণী)ৰ মূল ভেটিৰ সৈতে আপোচ নকৰাকৈ ইছলামিক চিন্তাধাৰাৰ দ্বাৰা এই আধুনিক বাস্তৱতাসমূহৰ সঁহাৰি জনাব পাৰে। এয়া ধৰ্মৰ ঠাইত আধুনিকতাক প্ৰতিষ্ঠা কৰাৰ যুক্তি নহয়। এয়া হৈছে ধৰ্ম আৰু আধুনিকতা দুয়োটাকে সমানেই গুৰুত্বসহকাৰে গ্ৰহণ কৰাৰ যুক্তি। মুছলমান মহিলাৰ স্থান হৈছে আন এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ য'ত গভীৰ বৌদ্ধিক চিন্তা-চৰ্চাৰ প্ৰয়োজন।
 
ঐতিহাসিকভাৱে মুছলমান সমাজসমূহ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত বিকশিত হৈছে আৰু মহিলাৰ ভূমিকাৰ ব্যাখ্যামূহ প্ৰায়েই সেই পৰিস্থিতিসমূহৰ দ্বাৰাই প্ৰভাৱিত হৈছে। পৰৱৰ্তী সময়ৰ ন্যায়শাস্ত্ৰীয় পৰম্পৰাত অন্তৰ্ভুক্ত কিছুমান ব্যাখ্যাই সেই সময়ৰ বৌদ্ধিক আৰু সামাজিক পৰিৱেশৰ প্ৰতিফলন ঘটাইছিল। আজিৰ প্ৰত্যাহ্বান হৈছে বিশ্বাসৰ চিৰন্তন নীতিসমূহ আৰু মহিলাৰ সন্দৰ্ভত নিৰ্দিষ্ট ঐতিহাসিক পৰিস্থিতিৰ মাজত গঢ় লৈ উঠা ব্যাখ্যামূহৰ মাজত পাৰ্থক্য বিচাৰি উলিওৱা।
 
ধৰ্ম বা বিশ্বাস চিৰন্তন হ'ব পাৰে; কিন্তু পৰিয়াল আৰু সমাজ পৰিচালনা কৰা আইনী আৰু সামাজিক ব্যৱস্থাসমূহ ঐতিহাসিকভাৱে সলনি হৈ আহিছে।
 
এই পাৰ্থক্য বুজিবলৈ আৱেগিক শ্ল’গানৰ সলনি পাণ্ডিত্যৰ প্ৰয়োজন। ইয়াৰ উদ্দেশ্য কেৱল আইন সলনি কৰা বা আন এখন সমাজক অনুকৰণ কৰাই হ'ব নালাগে। ইয়াৰ উদ্দেশ্য হ'ব লাগে এনে এক বৌদ্ধিক আন্তঃগাঁথনি গঢ়ি তোলা য'ত মুছলমান মহিলাসকলে নিজৰ ধৰ্মীয় শিপাডাল অক্ষুণ্ণ ৰাখিও শিক্ষা, সংস্থাপন, ৰাজহুৱা জীৱন আৰু নেতৃত্বত পূৰ্ণ পৰ্যায়ত অংশগ্ৰহণ কৰিব পাৰে। 
 
নিজৰ জনসংখ্যাৰ আধা অংশক বৌদ্ধিক আৰু প্ৰতিষ্ঠানগত জীৱনৰ কেন্দ্ৰবিন্দুৰ পৰা বাহিৰত ৰাখি কোনো এটা সম্প্ৰদায়েই সৱলীকৰণৰ কথা বিশ্বাসযোগ্যভাৱে ক'ব নোৱাৰে।
 
আধুনিকতাৰ সৈতে মুছলমান বৌদ্ধিক সংযোগৰ ক্ষেত্ৰত ভাৰতৰ নিজৰে এক চহকী ইতিহাস আছে। ছাৰ ছৈয়দ আহমদ খানে আধুনিক শিক্ষাৰ পৰিৱৰ্তনশীল গুৰুত্ব উপলব্ধি কৰিছিল আৰু নিজৰ সময়ৰ বৌদ্ধিক প্ৰত্যাহ্বানসমূহৰ সৈতে ইছলামিক চিন্তাধাৰাক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল। আল্লামা ইকবালে মুছলমান চিন্তাধাৰাৰ স্থবিৰতাক প্ৰশ্ন কৰি ধৰ্মীয় চিন্তাধাৰাৰ পুনৰ্গঠনৰ আহ্বান জনাইছিল। ছৈয়দ আমিৰ আলীয়ে ইছলামিক ইতিহাস, আইন আৰু আধুনিক ৰাজনৈতিক চিন্তাধাৰাৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰিছিল। মৌলানা আবুল কালাম আজাদ আছিল ধৰ্মীয় পাণ্ডিত্য, বৌদ্ধিক সক্ৰিয়তা আৰু ৰাজনৈতিক নেতৃত্বৰ আন এক অসাধাৰণ সমন্বয়।
 
এই মহান ব্যক্তিসকলক একত্ৰিত কৰা কাৰকটো এয়া নাছিল যে তেওঁলোকে প্ৰতিটো প্ৰশ্নতে ইজনে সিজনৰ সৈতে একমত আছিল। বৰং কাৰকটো আছিল এয়ে যে তেওঁলোকে নিজৰ সময়ৰ বৌদ্ধিক প্ৰত্যাহ্বানসমূহৰ সৈতে অতি গুৰুত্বসহকাৰে মোকাবিলা কৰিছিল। তেওঁলোকে কেৱল বাহ্যিক সমালোচনাৰ পৰা মুছলমানসকলক ৰক্ষা কৰাৰ উদ্দেশ্যৰে আধুনিকতাক গ্ৰহণ কৰা নাছিল। তেওঁলোকে মুছলমানসকলক পৰিৱৰ্তিত পৃথিৱীখনৰ সন্মুখীন হ'বলৈ বৌদ্ধিকভাৱে সজ্জিত কৰাৰ প্ৰয়াস কৰিছিল। সেই পৰম্পৰাক আজি পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজন।
 
মতানৈক্য শত্ৰু নহয়, বৌদ্ধিক বিকাশৰ আধাৰ
 
ঐশ্বৰিক বাণী আৰু যুক্তিৰ মাজৰ সম্পৰ্কক লৈ মুছলমান পণ্ডিত আৰু দাৰ্শনিকসকলৰ মাজত সদায়েই মতানৈক্য চলি আহিছে। আল-গাজালি আৰু ইবনে টাইমিয়াহৰ দৰে চিন্তাবিদসকলৰ মাজৰ বিতৰ্কই প্ৰমাণ কৰে যে মুছলমান বৌদ্ধিক ইতিহাস কেতিয়াও মতানৈক্যৰ পৰা মুক্ত নাছিল। ছাৰ ছৈয়দ আহমদ খান নিজেই পৰম্পৰাগত উলেমাসকলৰ একাংশৰ তীব্ৰ মতানৈক্যৰ সন্মুখীন হৈছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সেয়েহে, বৌদ্ধিক মতানৈক্য কেতিয়াও ইছলামৰ বাবে ভাবুকি নহয়। ই সদায় মুছলমান বৌদ্ধিক ইতিহাসৰ এক অবিচ্ছেদ্য অংশ হৈ আহিছে। প্ৰকৃত প্ৰত্যাহ্বানটো হৈছে এনে এক পৰিৱেশ গঢ়ি তোলা য'ত গভীৰ, সন্মানজনক আৰু বৌদ্ধিকভাৱে মতানৈক্য প্ৰকাশ কৰিব পাৰি।
 
সমসাময়িক মুছলমান চিন্তাধাৰাই বহলভাৱে বিভিন্ন দৃষ্টিভংগীক সামৰি লয়। একাংশই যুক্তি দৰ্শায় যে মুছলমানসকলে পৰম্পৰাগত ধৰ্মীয় আচাৰ-ব্যৱহাৰৰ পৰা আঁতৰি আহিছে আৰু নৱজাগৰণৰ বাবে তেওঁলোক পুনৰ তালৈ উভতি যোৱা প্ৰয়োজন। আনহাতে, আন একাংশই মত পোষণ কৰে যে সমসাময়িক পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ ইছলামিক চিন্তাধাৰাটোকেই পুনৰ্গঠন কৰা প্ৰয়োজন।
 
গুৰুত্বপূৰ্ণ প্ৰশ্নটো এয়া নহয় যে মুছলমানসকলে অন্ধভাৱে পৰম্পৰা আৰু আধুনিকতাৰ মাজৰ পৰা যিকোনো এটাক বাছি ল'ব লাগে নেকি? প্ৰশ্নটো হ'ল তেওঁলোকে এনে এক গাঁথনি গঢ়ি তুলিব পাৰিবনে য'ত ঐশ্বৰিক বাণী, যুক্তি আৰু সমসাময়িক জ্ঞানে ইটোৱে সিটোৰ লগত সুস্থভাৱে সংযুক্ত হ'ব পাৰে। ইছলামৰ বৌদ্ধিক নৱজাগৰণৰ অৰ্থ ইয়াৰ মূল প্ৰমূল্যসমূহ ত্যাগ কৰা নহয়।
 
দুৰ্ভাগ্যজনকভাৱে, ইছলামৰ মূল উদ্দেশ্যৰ পৰিৱৰ্তে ৰাজনীতি ক্ৰমান্বয়ে ইয়াৰ কেন্দ্ৰীয় বিষয় হৈ পৰিছে। ভাৰতীয় মুছলমানসকলৰ বাবে ই এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এক সংখ্যালঘু সম্প্ৰদায় হিচাপে, তেওঁলোকৰ ভৱিষ্যত অনিবাৰ্যভাৱে তেওঁলোকে বাস কৰা বৃহত্তৰ সমাজখনৰ সৈতে জড়িত। ইয়াৰ বাবে কেৱল নিজৰ অধিকাৰ ৰক্ষা কৰাই যথেষ্ট নহয়, আন সম্প্ৰদায়ৰ উদ্বেগ, সংবেদনশীলতা আৰু ধাৰণাসমূহ বুজি পোৱাটোও সমানেই প্ৰয়োজন।
 
কোনো এটা সম্প্ৰদায় চিৰকাল নিজৰ চৌপাশৰ সৈতে সংঘাতত লিপ্ত থাকিব নোৱাৰে আৰু কেৱল সংঘাতেই যে প্ৰগতিৰ পথ প্ৰশস্ত কৰিব, তেনে আশা কৰাটোও ভুল। 
 
সমন্বয়ৰ অৰ্থ নিজৰ বিশ্বাসক বিসৰ্জন দিয়া নহয়। ইয়াৰ অৰ্থ হ'ল প্ৰতিটো মতানৈক্যক সংঘাত বুলি গণ্য নকৰাকৈ পাৰ্থক্যৰ সৈতে মোকাবিলা কৰাৰ আত্মবিশ্বাস গঢ়ি তোলা। ঠিক ইয়াতেই ভাৰতীয় মুছলমান বুদ্ধিজীৱীসকলৰ আটাইতকৈ ডাঙৰ দায়িত্ব নিহিত হৈ আছে। তেওঁলোকে হ্ৰস্বম্যাদী ৰাজনৈতিক হিচাপ-নিকাচৰ পৰা ওলাই আহি প্ৰতিষ্ঠান গঢ়ি তোলাৰ ক্ষেত্ৰত এক অনুঘটক হিচাপে কাম কৰিব লাগিব।
 
দুৰ্ভাগ্যৱশত, ভাৰতত যিসকলে মেৰুকৰণৰ আৱেগক লৈ আটাইতকৈ জোৰদাৰভাৱে কথা কয়, তেওঁলোককেই সঘনাই মুছলমান বুদ্ধিজীৱী বুলি চিনাক্ত কৰা হয়। বৌদ্ধিক নেতৃত্বৰ বাবে এয়া এক অতি সংকীৰ্ণ সংজ্ঞা। একবিংশ শতিকাৰ মুছলমান বুদ্ধিজীৱী সমাজখনৰ চিৰস্থায়ী ৰক্ষক বা চিৰস্থায়ী সমালোচক কোনোটোৱেই হ'ব নালাগে। তেওঁ আধুনিকতাবাদী পৰম্পৰাৰ হওক বা উলেমাৰ অন্তৰ্গত হওক, এনে বুদ্ধিজীৱী নবীকৰণৰ অনুঘটক হোৱা উচিত।
 
আজি যিটোৰ প্ৰয়োজন সেয়া হৈছে এক নতুন বৌদ্ধিক সমন্বয়- যি বিশ্বাসত শিপাই থাকিব কিন্তু যুক্তিৰ বাবে মুকলি হ'ব; যি ইতিহাসৰ প্ৰতি সচেতন হ'ব কিন্তু বৰ্তমানৰ প্ৰতিও সমানেই সঁহাৰি জনাব; যি ধৰ্মীয় পৰিচয়ৰ প্ৰতি দায়বদ্ধ হ'ব কিন্তু একে সময়তে সাংবিধানিক নাগৰিকত্বৰ প্ৰতিও সমানেই দায়বদ্ধ হ'ব।
 
সেয়েহে, ভাৰতীয় মুছলমানসকলৰ পৰ্যাপ্ত বুদ্ধিজীৱী আছে নে নাই, সেই বিতৰ্কৰ পৰা আমি আগবাঢ়ি যোৱা উচিত। আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে- একবিংশ শতিকাৰ বাবে প্ৰয়োজনীয় বৌদ্ধিক নেতৃত্ব এই সম্প্ৰদায়টোৱে গঢ়ি তুলিব পাৰিছেনে নাই?
 
ভাৰতীয় মুছলমান বুদ্ধিজীৱীসকলে কেৱল প্ৰতিক্ৰিয়া প্ৰকাশ আৰু সাময়িক ৰাজনৈতিক মুহূৰ্তৰ গণ্ডীৰ পৰা ওলাই আহি এক সুদূৰপ্ৰসাৰী ভৱিষ্যতৰ কথা চিন্তা কৰাৰ সময় আহি পৰিছে। 
 
(লেখক আৱাজ- দ্য ভইচৰ মুখ্য সম্পাদক)