স্বপ্না দাস
অসমীয়া সমাজ জীৱনৰ আত্মাস্বৰূপ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰাজিয়ে অতীতৰ গৌৰৱোজ্জ্বল ইতিহাস সোঁৱৰাই দিয়াৰ সমানেই অসমীয়া জাতিৰ স্বাভিমান আৰু অস্তিত্বৰ এক চিৰপ্ৰৱাহমান প্ৰাণস্পন্দন। শংকৰদেৱ আছিল এগৰাকী অনন্য দূৰদৰ্শী যুগদ্ৰষ্টা, যিগৰাকী ব্যক্তিয়ে সাহিত্য, সংস্কৃতি আৰু ধৰ্মীয় আৱেগৰ নিৰ্মল সুবাসেৰে সমগ্ৰ এটি জাতিক ন-ৰূপত জাগ্ৰত কৰি তুলিছিল। পাঁচশ বছৰৰো অধিক সময়ৰ পূৰ্বে তেখেতে যি শংকৰী কলা-কৃষ্টিৰ মহীয়সী ভেটি স্থাপন কৰিছিল সেয়া আছিল এক অতি সূক্ষ্ম, ভাৰসাম্যপূৰ্ণ আৰু বিজ্ঞানসন্মত জীৱনশৈলীৰ নিদৰ্শন। গভীৰ ঈশ্বৰ ভক্তিৰ উপৰি এই সংস্কৃতিৰ অন্তৰালত সোমাই আছিল মানুহৰ দেহ আৰু মনক সমান্তৰালভাৱে সুস্থ আৰু শক্তিশালী কৰি ৰখাৰ এক অসাধাৰণ সাধনা।
মানৱ শৰীৰৰ গুৰুত্ব আৰু ইয়াৰ সদৱহাৰৰ কথা অনুধাৱন কৰি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ অমৰ সৃষ্টি ‘কীৰ্তন ঘোষা’ত লিখিছিল—
"নৰ তনু কায়িবাৰ নপায় সংসাৰে।
অনায়াসে তৰে নৰে মোক পাই পৰে।।"
অৰ্থাৎ, দেৱতাসকলেও আকাংক্ষা কৰা এই দুৰ্লভ মানৱ দেহা কেৱল ক্ষণভঙ্গুৰ ভোগ-বিলাসৰ বাবে নহয়। ঈশ্বৰ সাধনা আৰু জীৱনৰ চৰম লক্ষ্য প্ৰাপ্তিৰ প্ৰধান মাধ্যমেই হ'ল এই মানৱ দেহ। "শৰীৰমাদ্যং খলু ধৰ্মসাধনম" মহাকবি কালিদাসে তেখেতৰ অন্যতম কাব্য 'কুমাৰসম্ভৱম'ত শৰীৰ সম্পৰ্কে এনেদৰেই উল্লেখ কৰি গৈছে। যাৰ অৰ্থ সুস্থ আৰু সবল শৰীৰেই হ’ল ধৰ্ম বা যিকোনো মহৎ কৰ্ম সম্পাদন কৰাৰ মূল ভেটি। এই সত্যকে যেন গুৰুজনাই অত্যন্ত ব্যৱহাৰিকভাৱে অসমীয়া সমাজত ৰূপায়ণ কৰিছিল। আধ্যাত্মিক সাধনাই হওক বা সামাজিক কৰ্তব্যই হওক, দেহ ৰোগগ্ৰস্ত হ’লে কোনো সাধনাই পূৰ্ণতা নাপায়। সেয়েহে, শৰীৰটোক কৰ্মক্ষম আৰু সতেজ কৰি ৰখাৰ প্ৰয়োজনীয়তা বুজি গুৰুজনাই গায়ন-বায়ন, নৃত্য আৰু নাট্য-সংস্কৃতিৰ জৰিয়তে অসমীয়া সমাজখনক দেহা-সাধনাৰ এক সুন্দৰ মাৰ্গ দেখুৱাই গৈছে।
এক গভীৰ পৰ্যবেক্ষণেৰে লক্ষ্য কৰিলে দেখা যায় যে, শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মীয় আৰু সাংস্কৃতিক মাধ্যমসমূহ কেৱল আধ্যাত্মিকভাৱত বিভোৰ হৈ থকাৰ ৰীতি নাছিল, তেখেতে সৃষ্টি কৰা প্ৰতিটো কৃষ্টিৰে এটা সূক্ষ্ম দৈহিক দিশো আছে। আপাতদৃষ্টিত ভক্তিমূলক ৰীতি-নীতি যেন লাগিলেও ইয়াৰ প্ৰতিটো বাদ্যযন্ত্ৰ আৰু অংগসঞ্চালনাৰ মাজতেই নিহিত হৈ আছে মানৱ শৰীৰৰ নিৰোগী সাধনা। চিকিৎসা আৰু ক্ৰীড়াবিজ্ঞানৰ আধুনিক জোখ-মাপত পৰীক্ষা কৰিলে এই পৰম্পৰাগত শংকৰী কৃষ্টিসমূহৰ মাজতেই শৰীৰ চৰ্চাৰ এক অনন্য বৈজ্ঞানিক ভেটি স্পষ্ট হৈ পৰে।

সাধাৰণ দৃষ্টিৰে চালে খোল, তাল, সত্ৰীয়া নৃত্য বা ভাওনা কেৱল পৰম্পৰাগত ৰীতি-নীতি। কিন্তু চিকিৎসা বিজ্ঞান আৰু ক্ৰীড়াতত্ত্বৰ দৃষ্টিৰে চালে দেখা যায়, প্ৰতিটো অংগ সঞ্চালন আৰু বাদ্যৰ প্ৰতিটো চাপৰ পিছফালে এক গভীৰ শৰীৰ চৰ্চাৰ ৰহস্য লুকাই আছে। খোল বজোৱাৰ দৃশ্যটো চালেই বুজা যায় যে, খোল-বাদন সমগ্ৰ শৰীৰৰ বাবে কিমান ডাঙৰ ব্যায়াম। ডাইনা আৰু বাওঁ ছালত সঘনে আঘাত কৰোঁতে হাতৰ আঙুলিৰ পৰা আৰম্ভ কৰি মণিবন্ধ, কিলাকুটি আৰু কান্ধৰ পেশীসমূহ যথেষ্ট সক্ৰিয় হৈ পৰে। থিয় হৈ বা গতিশীল ভংগীত খোল বজায় থাকোঁতে শৰীৰৰ মেৰুদণ্ড পোন কৰি ৰাখিব লাগে, যিয়ে মেৰুদণ্ডৰ শক্তি বৃদ্ধি কৰে। খোলত যেতিয়া ‘গুৰুঘাত’ বা দ্ৰুত তাল পৰে, তেতিয়া বাদ্যকৰৰ হৃদস্পন্দন বৃদ্ধি পায় আৰু শৰীৰত এক প্ৰাকৃতিক 'কাৰ্ডিও' ব্যায়াম কৰাৰ দৰেই হয়। ঠিক তেনেকৈ ভোৰতাল বা বৰতাল গধুৰ কাঁহৰ পাট দুখন বতাহত উৰুৱাই, জাঁপ মাৰি বজাওঁতে বুকু, কান্ধ আৰু পিঠিৰ পেশী অত্যন্ত শক্তিশালী হয়। ই মগজু, হাত আৰু চকুৰ দ্ৰুত সমন্বয় বজাই ৰখাতো সহায় কৰে।
আনহাতে, মহাপুৰুষজনাৰ অন্যতম সৃষ্টি সত্ৰীয়া নৃত্য হৈছে শৰীৰৰ বাবে এক সম্পূৰ্ণ ব্যায়াম। সত্ৰীয়া নৃত্যৰ আটাইতকৈ মৌলিক অৱস্থান— ওৰা, ছালি বা বাহা আদিৰ অংগসংস্থান লক্ষ্য কৰিলে দেখা যায় ইয়াৰ ভংগীসমূহ আধুনিক জিমত 'স্কোৱাট' আৰু 'লাঞ্জেস' নামৰ ব্যায়ামৰ সৈতে একে। আঠু ভাঁজ কৰি শৰীৰৰ ভৰ সমভাৱে নমাই নাচোতে উৰু, কঁকাল আৰু ভৰিৰ পেশী বহুগুণে সবল হৈ পৰে। এই নৃত্যত ব্যৱহৃত জটিল হস্তমুদ্ৰাসমূহে হাতৰ সূক্ষ্ম স্নায়ুবোৰ সক্ৰিয় কৰি ৰক্তসঞ্চালন প্ৰক্ৰিয়া নিয়মীয়া কৰি ৰাখে।
অসমৰ লোকপ্ৰিয় নাট্যৰূপ ভাওনাৰ মঞ্চত এজন ভাৱৰীয়াই দেখুওৱা দৈহিক ক্ষিপ্ৰতা তুলনাহীন। গধুৰ সাজ-পোছাক আৰু মুখা পিন্ধি, ৰাতিটো উজাগৰে থাকি অভিনয় কৰাটো সহজ কথা নহয়। গায়ন-বায়নৰ সময়ত বৰগীতৰ সুৰ ধৰা, দীঘলকৈ ৰাগ টনা আৰু স্পষ্ট স্বৰত ব্ৰজাৱলী ভাষাত বচন মতাৰ যি অভ্যাস, সেয়া হাওঁফাওঁৰ বাবে এক সুন্দৰ 'প্ৰাণায়াম'। ইয়াৰ উপৰি ভাওনাত থকা গদা-যুঁজ, শৰ-যুঁজ বা অসি-যুঁজৰ নাট্য শৈলীয়ে ভাৱৰীয়াৰ দেহ অধিক নমনীয় আৰু দুৰন্ত গতিশীল কৰি তোলে।
প্ৰতিনিধিত্বমুলক ফটো
আজিৰ ব্যস্ততাপূৰ্ণ আধুনিক জীৱনত সুস্বাস্থ্যৰ বাবে শৰীৰ চৰ্চাৰ গুৰুত্বপূৰ্ণতাক উপলব্ধি কৰি অলেখেই জিম, যোগ বা জুম্বা আদিৰ দৰে বিভিন্ন বৈজ্ঞানিক পদ্ধতিক গ্ৰহণ কৰিছে। এয়া এক আদৰণীয় বিষয়। কিন্তু বিজ্ঞানে প্ৰমাণিত কৰাৰ পাঁচশ বছৰৰো অধিক কাল আগতেই শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা শংকৰী সংস্কৃতিৰ মাধ্যমেৰে দেহ আৰু মনৰ সুস্থতাৰ এক সুন্দৰ আৰু আনন্দদায়ক ব্যৱস্থা গঢ়ি গৈছে সেই কথাও প্ৰত্যেকেই অনুভৱ কৰাটো অত্যন্ত আৱশ্যক। গুৰুজনাই দি যোৱা প্ৰতিটো কৃষ্টি, সংস্কৃতিয়ে দেহ আৰু মনৰ সুস্থ সমন্বয়ৰ এক অনন্য নিদৰ্শন। তেওঁৰ কালজয়ী সৃষ্টিৰাজীক কেৱল ধৰ্মীয় পৰম্পৰা বা সংস্কৃতিৰ মাজতে আৱদ্ধ নাৰাখি, ইয়াৰ প্ৰাক-আধুনিক বিজ্ঞানসন্মত দেহ-সাধনা আৰু স্বাস্হ্যৰ প্ৰাসংগিকতাক অনুধাৱন কৰি জীয়াই ৰখাটো নিশ্চিতভাৱে হ’ব এই ঐতিহ্যৰ প্ৰতি এক প্ৰকৃত মূল্যায়ন।
(লেখক এগৰাকী স্বতন্ত্ৰ লেখক। আজি শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে এই লেখাটি প্ৰকাশ কৰা হৈছে)