সলনি হৈছে বতৰৰ চৰিত্ৰঃ ভাৰতৰ সন্মুখত নতুন প্ৰত্যাহ্বান

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
  ৰাজীৱ নাৰায়ণ 
 
ভাৰতে এতিয়া কেৱল কম বৰষুণ, বেছি বৰষুণ বা অকাল বৰষুণৰ সৈতেই মোকাবিলা কৰিবলগীয়া হোৱা নাই। এতিয়া যিটো আটাইতকৈ বেলেগ অনুভৱ হৈছে, সেয়া হ’ল বতৰৰ গতি-গোত্ৰ বুজি পোৱাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে আৰু আনকি ‘অত্যধিক বতৰ’ৰ পৰিঘটনাসমূহৰ প্ৰভাৱ আমাৰ ঘৰৰ একেবাৰে কাষতে পৰিলক্ষিত হ'বলৈ ধৰিছে। ভাৰতৰ মৌচুমী বতাহে এতিয়া এটা মাত্ৰ বতৰৰ পৰিঘটনাৰ দৰে আচৰণ কৰা এৰি দিছে, ই একেলগে কেইবাটাও বেলেগ বেলেগ পৰিঘটনাৰ দৰে আচৰণ কৰিবলৈ লৈছে...
 
অসমৰ উত্তৰ প্ৰান্তৰ ওদালগুৰিত, আগষ্টৰ আৰম্ভণিতে এখন দলং ভাঙি পৰাৰ ফলত কাঠপুৰী নামৰ গাঁওখন সমগ্ৰ ৰাজ্যৰ পৰাই সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল। ভৰ বাৰিষাৰ সময়ত গাঁওখনলৈ সোমাবলৈ বা ওলাই আহিবলৈ কোনো পথ নাছিল। চলিত বৰ্ষৰ সামগ্ৰিক বানপানীৰ তুলনাত এই ঘটনাক হয়তো এক সাধাৰণ ঘটনা বুলিয়েই গণ্য কৰিব পাৰি। কিন্তু এই ঘটনাই পৰিসংখ্যাই ক’ব নোৱাৰা কথা এটা দাঙি ধৰিছে: এখন গাঁৱৰ ভিতৰৰ পৰা চালে ‘অত্যধিক বতৰ’ আচলতে কেনেকুৱা দেখি।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এইবাৰৰ বৰষুণৰ পৰিসংখ্যাই এক কৌতূহলপূৰ্ণ কাহিনী কয়। সাধাৰণতে আটাইতকৈ বেছি বৰষুণ হোৱা আগষ্ট মাহটো স্বাভাৱিকতকৈ ১৬ শতাংশ কম বৰষুণৰ সৈতে শেষ হৈছিল, আনহাতে ছেপ্টেম্বৰ মাহত গড়ৰ ৯১ শতাংশতকৈ কম বৰষুণ হোৱাৰ পূৰ্বানুমান কৰা হৈছে। মাহৰ শেষলৈকে এখন দেশ হিচাপে ভাৰতত স্বাভাৱিক সামগ্ৰিক বৰষুণ মাত্ৰ ৮৪ শতাংশহে হৈছিলগৈ। তথাপি, সংবাদ মাধ্যমৰ শিৰোনামবোৰলৈ লক্ষ্য কৰা কোনো ব্যক্তিয়েই এইবাৰৰ বাৰিষাক 'সাধাৰণ' বা 'ঘটনাবিহীন' বুলি ক'ব নোৱাৰে।
 
অসমত এই ঋতুৰ বেছিভাগ সময় পানীৰ তলতেই পাৰ হৈছে। বানপানী আৰু ভূমিস্খলনৰ ফলত ইয়াত শ শ লোকৰ মৃত্যু হৈছে, লাখ লাখ লোক স্থানচ্যুত হৈছে আৰু ৪৫,০০০ হেক্টৰতকৈও অধিক কৃষিভূমি জলমগ্ন হৈছে। বিহাৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ- প্ৰতিখন ৰাজ্যতেই ওফন্দি উঠা নদী, ভূমিস্খলন আৰু স্থানচ্যুতিৰ নিজা নিজা ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে।
 
হিমালয়ৰ ভয়াৱহ সতৰ্কবাণী
 
আনহাতে, আগষ্টৰ শেষৰ ফালে হিমালয়ে এক অতি ভয়াৱহ সতৰ্কবাণী প্ৰদান কৰে। নেপাল-চীন সীমান্তৰ সমীপত হিমবাহ আৰু পাহাৰৰ শিল খহি পৰাৰ ফলত হোৱা আকস্মিক বানত শ শ লোকৰ মৃত্যু হয় আৰু হাজাৰ হাজাৰ লোক নিৰুদ্দেশ হয়। ফৰকাল আকাশৰ তলত, কতো কোনো ধুমুহাৰ চিনমোকাম নথকাকৈয়ে এই বানে এক গুৰুত্বপূৰ্ণ বাণিজ্যিক আৰু তীৰ্থযাত্ৰাৰ পথ উটুৱাই লৈ যায়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এয়া ভাৰতৰ লগত কোনো সম্পৰ্ক নথকা কোনো বিদেশী দুৰ্যোগ নহয়- একে ধৰণৰ হিমবাহৰ হ্ৰদ ছিকিম, হিমাচল আৰু উত্তৰাখণ্ডৰ ওপৰতো অৱস্থিত, য'ত ২০২৩ চনত দক্ষিণ লোনাক হ্ৰদত হোৱা প্ৰায় অনুৰূপ খহনীয়াৰ ফলত ছিকিমৰ আটাইতকৈ ডাঙৰ জলবিদ্যুৎ বান্ধটো ধ্বংস হৈছিল আৰু কেইবাজনো লোকৰ প্ৰাণহানি হৈছিল। নদীৰ বানপানীৰ বাবে নিৰ্মাণ কৰা সতৰ্কবাণী ব্যৱস্থাতকৈ এই পাহাৰীয়া ঢল বহুত বেছি দ্ৰুতগতিত নামি আহে, যাৰ বাবে এই অঞ্চলটোত কেৱল নিজৰ সীমাৰ ভিতৰতে নহয়, সীমান্ত অতিক্ৰম কৰি হিমবাহৰ হ্ৰদসমূহৰ অংশীদাৰিত্বমূলক আৰু বাস্তৱ-সময়ৰ নিৰীক্ষণৰ প্ৰয়োজন।
 
এয়াই হৈছে এক ডাঙৰ বিৰোধাভাস। ভাৰতত বৰষুণৰ অভাৱ হোৱাৰ লগতে সমান্তৰালভাৱে অত্যধিক বৰষুণো হ'ব পাৰে। আচলতে সমস্যাটো পানীৰ পৰিমাণৰ লগত জড়িত নহয়। ইয়াৰ মূল সমস্যা হৈছে পানীৰ সময়, তীব্ৰতা আৰু স্থান।
 
সময় আৰু পৰিমাণৰ খেলিমেলি
 
এজন কৃষকে ঋতুভিত্তিক গড় বৰষুণৰ হিচাপত খেতি নকৰে; তেওঁক শস্য চক্ৰৰ নিৰ্দিষ্ট পৰ্যায়ত পানীৰ প্ৰয়োজন হয়। এটা দীঘলীয়া খৰাং বতৰৰ পিছত হোৱা প্ৰবল ডাৱৰ বিস্ফোৰণ কেতিয়াও সমতা স্থাপনকাৰী হ'ব নোৱাৰে। সেইবাবেই এই বছৰ অসমৰ দহ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমিৰ শস্য নষ্ট হ'ল। ইয়াৰ কাৰণ এইটো নহয় যে এই ঋতুত মুঠ বৰষুণৰ পৰিমাণ অত্যধিক আছিল, বৰং ইয়াৰ কাৰণ হ'ল- অতি কম সময়ৰ ভিতৰতে প্ৰচণ্ড গতিত অত্যধিক বৰষুণ হোৱা।
 
প্ৰতিনিধিত্বমূলক ছবি
 
চহৰসমূহেও একেই ফান্দত পৰে। কেইদিনমানৰ মূৰে মূৰে বৰষুণ হ'লে নলা-নৰ্দমাবোৰে যিদৰে সহজে পানী কঢ়িয়াব পাৰে, মাত্ৰ কেইঘণ্টামানৰ ভিতৰত হোৱা এমাহৰ সমপৰিমাণৰ বৰষুণে সেই ব্যৱস্থাক সম্পূৰ্ণৰূপে বিকল কৰি পেলায়। মাহিলী পৰিসংখ্যা চালে বৰষুণ সাধাৰণ যেনেই লাগে; কিন্তু পানীৰে উপচি পৰা আণ্ডাৰপাছবোৰে সেই কথা নকয়। ‘স্বাভাৱিক বৰষুণ’ হৈছে এক বিভ্ৰান্তিকৰ গড় হিচাপ; পৰিসংখ্যাৰ ফালৰ পৰা এটা বছৰ সাধাৰণ হ'ব পাৰে, কিন্তু একে সময়তে ই কোনো নিৰ্দিষ্ট জিলা, শস্য বা চহৰৰ বাবে বিপৰ্যয় কঢ়িয়াই আনিব পাৰে।
 
জিলা পৰ্যায়ৰ তথ্যই এই অসমান বিতৰণক নিশ্চিত কৰে: নিৰীক্ষণ কৰা ৭৪১ খন জিলাৰ ভিতৰত ৪২ শতাংশ জিলাত আগষ্ট মাহলৈকে বৰষুণৰ অভাৱ আছিল, আৰু ইয়াৰে ৫ শতাংশত এই অভাৱ আছিল অতি গুৰুতৰ। তথাপি, একে সময়ছোৱাতে ৯৪ খন জিলাত অতিৰিক্ত বৰষুণ দেখিবলৈ পোৱা গৈছে। এয়া মাত্ৰ এটা বাৰিষা নহয়; এয়া হৈছে একেলগে ঘটি থকা কেইবাটাও বাৰিষা, য'ত কৃষি, খাদ্যৰ দাম, বিদ্যুৎ উৎপাদন, বীমা আৰু চহৰৰ আন্তঃগাঁথনি- এই সকলোবোৰ বতৰৰ এই প্ৰতিকূলতাৰ বলি হৈছে।
 
চৰম পৰিস্থিতি আৰু জলবায়ু পৰিৱৰ্তন
 
প্ৰতিটো বানপানী বা ভূমিস্খলনক "জলবায়ু পৰিৱৰ্তনৰ প্ৰমাণ" বুলি ক’বলৈ মন যোৱাটো স্বাভাৱিক। কিন্তু সেয়া অতি সহজ আৰু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা সেয়া ভুল। বানপানী, খৰাং আৰু ভূমিস্খলন কোনো নতুন কথা নহয় আৰু প্ৰতি বছৰে নদীৰ তলত পলস জমা হোৱা, মথাউৰি ভাঙি যোৱা আৰু বানপানী হোৱা অঞ্চললৈ মানুহৰ বসতি সম্প্ৰসাৰণ হোৱাৰ ফলত ভাৰতৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
কিন্তু জলবায়ুৰ এই বৃহৎ সংকেতটো একেবাৰে বাস্তৱিক। বিশ্ব বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰা অনুসৰি এছিয়া মহাদেশত গোলকীয় গড়ৰ প্ৰায় দুগুণ হাৰত উষ্ণতা বৃদ্ধি পাইছে, যাৰ লগত ভয়ংকৰ উত্তাপ, বিধ্বংসী বৰষুণ আৰু উচ্চ পৰ্বতৰ হিমবাহসমূহৰ সংকোচন ঘটিছে। জলবায়ু পৰিৱৰ্তনে প্ৰতিটো চৰম পৰিঘটনাৰ সৃষ্টি নকৰে, কিন্তু ই মাটিৰ অৱস্থা সলনি কৰে: গৰম বতাহে অধিক আৰ্দ্ৰতা ধৰি ৰাখে আৰু সলনি হোৱা তাপমাত্ৰাই বৰফ, হিমবাহ আৰু তাৰ ওপৰত থকা পাহাৰৰ ঢালবোৰত প্ৰভাৱ পেলায় (যিদৰে নেপালে সমগ্ৰ বিশ্বক দেখুৱাইছে)। ইয়াৰ ফলস্বৰূপে ভাৰত স্থায়ীভাৱে অধিক সিক্ত বা অধিক শুষ্ক হৈ পৰা নাই, ইয়াৰ বতৰৰ পূৰ্বানুমান কৰাটো ক্ৰমান্বয়ে অসম্ভৱ হৈ পৰিছে।
 
অনিশ্চয়তাৰ মূল্য আৰু আমাৰ আন্তঃগাঁথনি
 
সেই অনিশ্চয়তাৰ এক বাস্তৱিক মূল্য আছে। এই বছৰৰ বানপানীৰ ফলত নষ্ট হোৱা শস্য, ভঙা মথাউৰি আৰু ক্ষতিগ্ৰস্ত ৰাস্তা-ঘাটৰ মেৰামতিৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ লোকচান হৈছে। এটা বেয়া ৰাস্তাই সামগ্ৰী সৰবৰাহ পলম কৰে; বজাৰত পানী সোমালে ব্যৱসায় আৰু সামগ্ৰীৰ লোকচান হয়; ভুল সময়ত খেতি নষ্ট হ'লে মাহৰ পিছত মাহ ধৰি খাদ্যৰ দাম বৃদ্ধি পায়; বন্ধ হৈ পৰা পাহাৰীয়া ঘাইপথে একেলগে পৰ্যটন আৰু উদ্ধাৰ অভিযানত ব্যাঘাত জন্মায়। ঠিক যিদৰে নেপাল-চীন সীমান্তৰ পথটো ধ্বংস হোৱাৰ পিছত দেখা গৈছে, যাৰ পুনৰ নিৰ্মাণৰ ব্যয় বিলিয়ন ডলাৰলৈ বৃদ্ধি পাব।
 
ভাৰতৰ উন্নয়নৰ যাত্ৰা- যি ৰাস্তা, সুৰংগ, কাৰখানা আৰু চহৰ নিৰ্মাণ কৰিবলৈ ওলাইছে, ই এই সমগ্ৰ প্ৰক্ৰিয়াটোক অধিক কঠিনহে কৰি তুলিছে। কালিৰ বতৰৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা আন্তঃগাঁথনি কাইলৈৰ পৰিস্থিতিত হয়তো টিকি থাকিব নোৱাৰিব। ইয়াৰ সমাধান সৰ্বাধিক ভয়াৱহ ধুমুহাৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰাটো নহয়; বৰং বিপদাশংকাৰ বিষয়ে অধিক চতুৰ হোৱাটোহে প্ৰয়োজন... যাৰ বাবে প্ৰয়োজন উন্নত স্থানীয় বতৰৰ পূৰ্বানুমান, কেৱল নদীৰ বাবেই নহয় বৰং হিমবাহ-হ্ৰদৰ বাবে আগতীয়া সতৰ্কবাণী, ঐতিহাসিক গড়ৰ পৰিৱৰ্তে বৰষুণৰ তীব্ৰতাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা নলা, বানপানী প্ৰৱণ অঞ্চল আৰু অস্থিৰ পাহাৰৰ ঢালক সন্মান জনোৱা ভূমি-ব্যৱহাৰ পৰিকল্পনা আৰু বতৰৰ বিপদাশংকাক স্বীকৃতি দিয়া বীমা ব্যৱস্থা।
 
আগতীয়া সতৰ্কবাণী প্ৰদানৰ ক্ষেত্ৰত ভাৰতে যথেষ্ট অগ্ৰগতি লাভ কৰিছে; ইয়াৰ পৰৱৰ্তী পদক্ষেপটো হ'ব লাগিব তীব্ৰতা-ভিত্তিক জলনিষ্কাশন ব্যৱস্থা আৰু বানপানী প্ৰৱণ অঞ্চলক সন্মান জনোৱা ভূমি ব্যৱহাৰক পথ আৰু বিদ্যুৎ লাইনৰ দৰেই উন্নয়নৰ এক নিয়মীয়া অংশ কৰি তোলা।
 

প্ৰতিনিধিত্বমূলক ছবি
 
বতৰক বুজি উঠাৰ প্ৰয়োজনীয়তা
 
সম্ভৱতঃ আমাক প্ৰয়োজন হোৱা আটাইতকৈ ডাঙৰ পৰিৱৰ্তনটো হ'ল মানসিক পৰিৱৰ্তন। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি, ভাৰতীয়সকলে মৌচুমী বতাহক এক নিৰ্ভৰযোগ্য বাৰ্ষিক পৰিঘটনা হিচাপে গণ্য কৰি আহিছিল- পলমকৈ বা আগতীয়াকৈ আহক, বেছিকৈ বা কমকৈ আহক, কিন্তু ইয়াৰ এক বিস্তৃত লয় আছিল। সেই বিশ্বাস বৰ্তমান বজাই ৰখাটো অতি কঠিন হৈ পৰিছে।
 
অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে আকাশ ক'লা হ'লেই আমি আতংকিত হ'ব লাগে বা পানীৰে উপচি পৰা প্ৰতিটো ৰাস্তাৰ বাবে জলবায়ু পৰিৱৰ্তনক জগৰীয়া কৰিব লাগে। কিন্তু আমি সঘনাই ঘটি থকা চৰম পৰিঘটনাসমূহক কেৱল ‘দুৰ্ভাগ্য’ বুলি গণ্য কৰা উচিত নহয়। পৃথিৱীখন উত্তপ্ত হৈ আছে, এছিয়া মহাদেশ আন ঠাইতকৈ দ্ৰুতগতিত উত্তপ্ত হৈছে আৰু কোটি কোটি ভাৰতীয়ই এনে ঠাইত বসবাস আৰু নিৰ্মাণকাৰ্য কৰি আছে য'ত বতৰৰ চৰম অৱস্থাই গুৰুতৰ প্ৰভাৱ পেলাব পাৰে।
 
আমি মৌচুমী বতাহক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। কিন্তু ই কি কৰিব পাৰে তাৰ পূৰ্বানুমান কৰাত আমি অধিক দক্ষ হ'ব পাৰোঁ। তাতোকৈ ডাঙৰ কথা, এদিন আবেলিৰ বেয়া বতৰে যাতে এক ৰাষ্ট্ৰীয় দুৰ্যোগৰ ৰূপ ল'ব নোৱাৰে, সেয়া নিশ্চিত কৰাত আমি অধিক পাৰ্গত হ'ব লাগিব। ভাৰতৰ সমস্যা হয়তো অত্যধিক বৰষুণ বা অতি কম বৰষুণ নহয়; ইয়াৰ সমস্যা হৈছে কেৱল অত্যধিক বতৰৰ প্ৰতিকূলতা।
 
(লেখক এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু যোগাযোগ বিশেষজ্ঞ)