শতাধিক শৈক্ষিক এপ নিৰ্মাণেৰ ইতিহাস ৰচনা কৰিছে ৰাজস্থানৰ শিক্ষক ইমৰান খানে

Story by  atv | Posted by  Munni Begum • 1 h ago
ইমৰান খান
ইমৰান খান
 
অৰ্ছলা খান / নতুন দিল্লী
 
পৰিৱৰ্তন আনিবলৈ যে সদায় বৃহৎ ধন-সম্পত্তি বা আধুনিক সা-সুবিধাৰ প্ৰয়োজন নহয়, তাৰেই এক উৎকৃষ্ট নিদৰ্শন হ'ল মহম্মদ ইমৰান খান মেৱাতী। ৰাজস্থানৰ এখন ভিতৰুৱা গাঁৱৰ এজন সাধাৰণ কৃষকৰ সন্তানৰ পৰা ১০০ৰো অধিক শৈক্ষিক এপ নিৰ্মাণ কৰালৈকে তেওঁৰ এই যাত্ৰা সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। এয়া কেৱল এজন শিক্ষকৰ সফলতাৰ কাহিনী নহয়, এয়া হৈছে এনে এটি শিশুৰ কাহিনী, যিয়ে নিজৰ গাঁৱৰ বিদ্যালয়খনত সম্পদৰ অভাৱ দেখি এদিন দৃঢ় সংকল্প লৈছিল যে যিবোৰ শিশুৰ ওচৰত ভাল বিদ্যালয়, কিতাপ আৰু আধুনিক সুবিধা নাই, তেওঁলোকৰ কাষলৈ তেওঁ শিক্ষা কঢ়িয়াই নিব।
 
যোৱা দুটা দশকতকৈও অধিক সময়ৰ শৈক্ষিক যাত্ৰাত ইমৰান খানে শিক্ষাক কেৱল কিতাপ আৰু ব্লেকবোৰ্ডৰ মাজতে আৱদ্ধ কৰি ৰখা নাই। তেওঁ প্ৰযুক্তিক গাঁৱৰ শিশুসকলৰ কাষলৈ লৈ গৈছে, ১০০ৰো অধিক শৈক্ষিক এপ বিকশিত কৰিছে, হাজাৰ হাজাৰ শিক্ষকক প্ৰশিক্ষণ দিছে আৰু লাখ লাখ শিশুৰ বাবে শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াটো সহজ কৰি তোলাৰ প্ৰয়াস কৰিছে। 
 
 
বৰ্তমান ৰাজস্থানৰ সংস্কৃত শিক্ষা বিভাগত শিক্ষক হিচাপে কৰ্মৰত মহম্মদ ইমৰান খান মেৱাতীৰ যাত্ৰাই প্ৰমাণ কৰে যে, যদি ইচ্ছা শক্তি প্ৰবল হয়, তেন্তে সীমিত সম্পদে কেতিয়াও পৰিৱৰ্তনৰ পথত হেঙাৰ হ'ব নোৱাৰে।

নৱম শ্ৰেণীৰ পৰাই আৰম্ভ হৈছিল শিক্ষকতাৰ যাত্ৰা
 
ইমৰান খান এটি সাধাৰণ কৃষক পৰিয়ালৰ পৰা আহিছে। পৰিয়ালটোৰ আৰ্থিক অৱস্থা বৰ টনকিয়াল নাছিল। সেয়েহে অতি কম বয়সতে তেওঁ নিজৰ দায়িত্ব বুজি উঠিছিল। নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে তেওঁ সৰু ল'ৰা-ছোৱালীক টিউচন কৰিবলৈ আৰম্ভ কৰিছিল, যাতে পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰিব পাৰে।
 
ইয়াৰ পৰাই তেওঁৰ মনত শিক্ষক হোৱাৰ ইচ্ছা প্ৰবল হৈ উঠে। প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতেই তেওঁ শিক্ষা ব্যৱস্থাটোৰ বহুতো ত্ৰুটি প্ৰত্যক্ষ কৰিছিল। সম্পদৰ অভাৱ, দুৰ্বল আন্তঃগাঁথনি আৰু আধুনিক শৈক্ষিক সুবিধাৰ অনুপস্থিতিয়ে তেওঁক সদায় অশান্তি দিছিল। তেতিয়াই তেওঁ সিদ্ধান্ত লৈছিল যে যদি কেতিয়াবা সুযোগ পায়, তেন্তে তেওঁ শিক্ষাৰ এই প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ কাম কৰিব।
 
১৯৯৯ চনৰ পৰা আৰম্ভ হৈছিল পৰিৱৰ্তনৰ ধাৰা
 
১৯৯৯ চনৰ পৰা ইমৰান খানে ইংৰাজী, গণিত আৰু বিজ্ঞানৰ দৰে বিষয়সমূহ পঢ়াবলৈ আৰম্ভ কৰে। কিন্তু তেওঁৰ বাবে শিক্ষকতা মানে কেৱল পাঠ্যক্ৰম শেষ কৰাই নাছিল। শিশুসকলৰ বাবে পঢ়া-শুনাক কেনেদৰে সহজ, আকৰ্ষণীয় আৰু উপযোগী কৰি তুলিব পাৰি, সেই বিষয়ে তেওঁ অহৰহ চিন্তা কৰিছিল।
 
গ্ৰাম্যাঞ্চলৰ শিশুসকলৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আছিল উন্নত শৈক্ষিক সামগ্ৰী আৰু আধুনিক সম্পদৰ অভাৱ। ইমৰান খানে এই প্ৰত্যাহ্বানটোক নিজৰ শক্তিলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লয়।
 
প্ৰথমবাৰ কম্পিউটাৰ দেখাৰ পিছতেই আৰম্ভ হৈছিল প্ৰযুক্তিৰ যাত্ৰা
 
২০০৮ চনত ইমৰান খানে জীৱনত প্ৰথমবাৰৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰে। ইয়াৰ পৰাই তেওঁৰ জীৱনৰ এক নতুন অধ্যায়ৰ সূচনা হয়। তেওঁ নিজে নিজে প্ৰযুক্তিৰ ব্যৱহাৰ শিকিবলৈ আৰম্ভ কৰে। ৱেব ডেভেলপমেণ্ট শিকি তেওঁ হিন্দী ভাষাত অফলাইন শৈক্ষিক সামগ্ৰী প্ৰস্তুত কৰিবলৈ লয়, যাতে ইণ্টাৰনেটৰ সুবিধা নথকা গ্ৰাম্যাঞ্চলৰ শিশুসকলেও পঢ়া-শুনা কৰিব পাৰে।
 
ইমৰান খান
 
লাহে লাহে তেওঁৰ এই সৰু প্ৰচেষ্টাই এক বৃহৎ ডিজিটেল মিছনৰ ৰূপ লয়। তেওঁ ১০০ৰো অধিক শৈক্ষিক এপ বিকশিত কৰে, যিবোৰ গুগল প্লে' ষ্ট'ৰত বিনামূলীয়াকৈ উপলব্ধ কৰোৱা হৈছে। বিশ্বৰ প্ৰায় ৫০খন দেশত এই এপসমূহ লাখ লাখ বাৰ ডাউনলোড কৰা হৈছে।

শিক্ষাৰ পৰা স্বাস্থ্য আৰু সমাজ উন্নয়নলৈ
 
ইমৰান খানৰ এপসমূহ কেৱল বিদ্যালয়ৰ পাঠ্যক্ৰমতে সীমাবদ্ধ নাছিল। তেওঁ প্ৰাথমিক শ্ৰেণীৰ শিক্ষাৰ লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবেও ডিজিটেল সামগ্ৰী প্ৰস্তুত কৰিছিল। তেওঁৰ প্ৰকল্পসমূহৰ ভিতৰত 'Project Dishari', সাধাৰণ বিজ্ঞান, গণিত, বুৰঞ্জী আৰু ভূগোলৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত আছিল।
 
তেওঁ গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি 'Maternal Care App'-ও নিৰ্মাণ কৰে। ইয়াৰ উপৰি যুৱপ্ৰজন্ম আৰু সামাজিক সজাগতাৰ বাবে 'Yuva Shakti App' আৰু 'Digital Mewat App'ৰ দৰে পদক্ষেপ গ্ৰহণ কৰে। তেওঁ বিশ্বাস কৰে যে, প্ৰযুক্তিৰ প্ৰকৃত লাভালাভ তেতিয়াহে হয় যেতিয়া ই সমাজৰ সেইজন ব্যক্তিৰ কাষ পায়গৈ যাৰ হাতত সম্পদৰ অভাৱ।
 
প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা আৰু ৰাষ্ট্ৰীয় স্বীকৃতি
 
ইমৰান খানৰ এই মহৎ কাৰ্যই ৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰে। তেওঁৰ শৈক্ষিক এপসমূহ আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লণ্ডনৰ ৱেম্বলী ষ্টেডিয়ামত তেওঁৰ অৱদানক উচ্চ প্ৰশংসা কৰে। ইমৰান খানে তেওঁৰ শৈক্ষিক এপসমূহ ভাৰতৰ শিক্ষা মন্ত্ৰ্যালয়ৰ বাবেও উপলব্ধ কৰোৱায়। সম্পদৰ অভাৱ থকা এখন গ্ৰাম্য বিদ্যালয়ৰ পৰা পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰা এজন শিক্ষকৰ বাবে এয়া এক বৃহৎ সাফল্য।
 
পুৰস্কাৰ তেওঁৰ বাবে চূড়ান্ত লক্ষ্য নাছিল
 
শিক্ষা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ইমৰান খানক কেইবাটাও সন্মানীয় পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় শিক্ষক বঁটা, ৰাষ্ট্ৰীয় ICT বঁটা আৰু শিক্ষা তথা গ্ৰামোন্নয়নত প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে যমুনালাল বাজাজ বঁটা উল্লেখযোগ্য।
 
কিন্তু পুৰস্কাৰ কেতিয়াও তেওঁৰ বাবে চূড়ান্ত লক্ষ্য নাছিল। তেওঁৰ প্ৰকৃত লক্ষ্য সদায় এটাই আছিল- গাঁৱৰ কোনো এটি শিশুৱেই যাতে সম্পদৰ অভাৱত উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়।
 
বিদ্যালয়ৰ সমস্যাসমূহক শিপাৰ পৰা বুজি পোৱা এজন শিক্ষক
 
ইমৰান খানৰ কাম কেৱল এপ নিৰ্মাণ কৰাতে সীমাবদ্ধ নাছিল। তেওঁ গ্ৰাম্য বিদ্যালয়সমূহৰ সেইবোৰ সমস্যাৰ ওপৰতো কাম কৰিছিল, যাৰ বাবে শিশুসকলৰ শিক্ষাগ্ৰহণ বাধাপ্ৰাপ্ত হৈছিল। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি, ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত থকা বৈষম্য, দুৰ্বল আন্তঃগাঁথনি আৰু সম্পদৰ অভাৱৰ দৰে প্ৰত্যাহ্বানসমূহ তেওঁ অতি ওচৰৰ পৰা অনুভৱ কৰিছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
Multi-grade শ্ৰেণীকোঠাত তেওঁ 'Peer Teaching' অৰ্থাৎ শিশুৱে শিশুক পঢ়োৱা পদ্ধতিৰ প্ৰয়োগ কৰিছিল। গোট-ভিত্তিক প্ৰজেক্ট লাৰ্নিঙৰ জৰিয়তে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কেৱল শ্ৰোতা হৈ থকাৰ পৰিৱৰ্তে শিকাৰ প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে গঢ়ি তুলিছিল।
 
ক'ভিড মহামাৰীত হাজাৰ হাজাৰ শিক্ষকক সহায়
 
ক'ভিড-১৯ মহামাৰীৰ সময়ত যেতিয়া বিদ্যালয়সমূহ বন্ধ হৈ গ'ল আৰু শিক্ষা ব্যৱস্থাটোৱে হঠাতে অনলাইন জগতত প্ৰৱেশ কৰিলে, তেতিয়া লাখ লাখ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেই সময়ত ইমৰান খানে 'LetUsTalkEducation'ৰ দৰে পদক্ষেপৰ জৰিয়তে হাজাৰ হাজাৰ শিক্ষকক অনলাইন শিক্ষাদান আৰু ডিজিটেল সঁজুলি ব্যৱহাৰৰ প্ৰশিক্ষণ দিয়াত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।
 
তেওঁ সংস্কৃতৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে 'Devvani App' বিকশিত কৰে। ভিডিঅ', ই-বুক আৰু ইণ্টাৰেক্টিভ সামগ্ৰীৰে সমৃদ্ধ এই এপটো বৰ্তমান ৬০ হাজাৰতকৈও অধিক ব্যৱহাৰকাৰীৰ ওচৰ পাইছেগৈ।

বিদ্যালয়ক গঢ়ি তুলিলে পৰীক্ষাগাৰ
 
ইমৰান খানে বিশ্বাস কৰে যে শিশুৱে কেৱল কিতাপৰ পৰাই নিশিকে। এই চিন্তাৰে তেওঁ বিদ্যালয়ত বিজ্ঞানৰ আৰ্হি প্ৰস্তুত কৰোৱায়, শিশুসকলক জলবায়ু পৰিৱৰ্তনৰ বিষয়ে জ্ঞান দিয়ে আৰু পৰিৱেশ সংৰক্ষণৰ সৈতে জড়িত প্ৰকল্প আৰম্ভ কৰে।
 
বিদ্যালয় চৌহদত প্ৰায় ২০০ জোপা গছপুলিৰে এখন 'মিয়াৱাকী বাগিচা' গঢ়ি তোলা হয়। বিদ্যালয়ৰ গ্ৰন্থাগাৰটো টনকিয়াল কৰাৰ লগতে তেওঁ জল সংৰক্ষণৰ ধাৰণাটোক গণিতৰ কাৰ্যকলাপৰ লগত সংযোগ কৰাৰ দৰে পৰীক্ষাও চলাইছিল। অৰ্থাৎ তেওঁৰ বাবে শিক্ষাৰ অৰ্থ কেৱল পৰীক্ষাত ভাল নম্বৰ পোৱাই নহয়, শিশুসকলক বাস্তৱ জগতৰ সমস্যাসমূহ বুজিবলৈ প্ৰস্তুত কৰাটোহে আছিল।
 
সমাজক একগোট কৰি বিদ্যালয়ৰ ৰূপ সলনি
 
ইমৰান খানে অনুভৱ কৰিছিল যে এজন শিক্ষকে অকলে সকলো সমস্যাৰ সমাধান কৰিব নোৱাৰে। সেয়েহে তেওঁ বিদ্যালয়ৰ উন্নয়নৰ লগত স্থানীয় সমাজখনক জড়িত কৰিলে। স্থানীয় সংগঠন আৰু ৰাইজক উৎসাহিত কৰি তেওঁ বিদ্যালয়ৰ সংস্কাৰ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে সহায় কৰিবলৈ সংগঠিত কৰিলে।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইমৰান খান
 
ইয়াৰ প্ৰভাৱ বিদ্যালয়ৰ সা-সুবিধা আৰু নামভৰ্তি- দুয়োটাতে পৰিল। তেওঁ 'মস্তি কী পাঠশালা'ৰ দৰে কাৰ্যসূচীও আৰম্ভ কৰিলে, য'ত শিশুসকলক কেৱল পুথিগত শিক্ষাই নহয়, ব্যক্তিত্ব বিকাশ আৰু কেৰিয়াৰ সম্পৰ্কীয় মাৰ্গদৰ্শনো প্ৰদান কৰা হৈছিল।
 
আমেৰিকাৰ পৰা লাভ কৰা গোলকীয় অভিজ্ঞতা
 
ইমৰান খানে 'Fulbright Distinguished Award Fellow' হিচাপে আমেৰিকাত আয়োজিত এটা ছেমিষ্টাৰৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। এই কাৰ্যসূচীত ১৬খন দেশৰ ৫১গৰাকী শিক্ষকে অংশগ্ৰহণ কৰিছিল।
 
তাত লাভ কৰা গোলকীয় অভিজ্ঞতাক তেওঁ নিজৰ শিক্ষাদান পদ্ধতিত অন্তৰ্ভুক্ত কৰিলে। তেওঁ একবিংশ শতিকাৰ দক্ষতা, গোলকীয় নাগৰিকত্ব আৰু পৰিৱেশ সংৰক্ষণক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ কৰি তুলিলে। ইয়াৰ লগতে তেওঁ শিক্ষকসকলৰ বাবে আই চি টি প্ৰশিক্ষণৰ সৈতে জড়িত এপ বিকশিত কৰাৰ বিষয়তো গৱেষণা কৰে।
 
লাখ লাখ শিশুৰ কাষ পালেগৈ সৰ্বাংগীন শিক্ষাৰ প্ৰয়াস
 
ইমৰান খানে শিক্ষকসকলৰ বাবে ICT Integration আৰু Content Creation-ৰ ক্ষেত্ৰত মাষ্টাৰ ট্ৰেইনাৰ হিচাপে হাজাৰ হাজাৰ শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰিছে। বিদ্যালয়সমূহত বিশেষভাৱে সক্ষম শিশুসকলক চিনাক্ত কৰিবলৈ আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহ বুজিবলৈ বিকশিত কৰা 'PRASHAST App'ৰ ক্ষেত্ৰতো তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান আছে। এই প্ৰদক্ষেপে লাখ লাখ শিশুৰ মাজত সৰ্বাংগীন শিক্ষা (Inclusive Education) প্ৰসাৰৰ প্ৰয়াসক মজবুত কৰাত সহায় কৰিছে।
 
প্ৰযুক্তি আৰু প্ৰেৰণাৰ এক জীৱন্ত নিদৰ্শন
 
মহম্মদ ইমৰান খান মেৱাতীৰ জীৱন গাঁথাই আমাক শিকায় যে পৰিৱৰ্তন আনিবলৈ সদায় বৃহৎ অট্টালিকা, কোটি কোটি টকা বা বিশাল সম্পদৰ প্ৰয়োজন নাই। কেতিয়াবা পৰিৱৰ্তনৰ সূচনা হয় এজন শিক্ষকৰ পৰা... এনে এজন শিক্ষক, যিয়ে নৱম শ্ৰেণীত থাকোঁতেই আনক পঢ়াবলৈ লৈছিল; যিয়ে প্ৰথমবাৰ কম্পিউটাৰ চলোৱা শিকি তাৰ পিছত নিজে নিজেই প্ৰযুক্তিৰ জ্ঞান অৰ্জন কৰি লাখ লাখ মানুহৰ বাবে শৈক্ষিক সম্পদ গঢ়ি তুলিছিল। গাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ সমস্যাবোৰ দেখি তেওঁ নিৰৱে থকা নাছিল, বৰং তাক নিজৰ জীৱনৰ লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল।
 
আজি তেওঁৰ কাহিনী কেৱল এজন শিক্ষকৰ সাফল্যৰ কাহিনী হৈ থকা নাই। এয়া হৈছে সেই মানসিকতাৰ জয়গান, যিয়ে প্ৰমাণ কৰে- যদি শিক্ষাক সঠিক প্ৰযুক্তি, সঠিক চিন্তা আৰু সঁচা উদ্দেশ্যৰ সৈতে সংযোগ কৰা হয়, তেন্তে এখন গাঁৱৰ সৰু শ্ৰেণীকোঠাৰ পৰাও সমগ্ৰ বিশ্বলৈ পৰিৱৰ্তনৰ ঢৌ বোৱাই নিব পাৰি। মহম্মদ ইমৰান খান মেৱাতীয়ে প্ৰমাণ কৰি দেখুৱালে যে এজন শিক্ষকে কেৱল ছাত্ৰ-ছাত্ৰীক পঢ়োৱাই নহয়... তেওঁ নতুন সম্ভাৱনাৰ জন্ম দিয়ে, সমাজক একত্ৰিত কৰে আৰু আহিবলগীয়া প্ৰজন্মৰ ভৱিষ্যত সলনি কৰে।