মহাৰজত জয়ন্তীত ভৰি দিয়া এইখন পূজাৰ এইবাৰৰ বাজেট হৈছে প্ৰায় ৮০ লাখ টকা। পূজাখনৰ মূল আকৰ্ষণ হৈছে নাগলোক আৰু এই নাগলোকৰ বাবে মুঠ বাজেটৰ আধা প্ৰায় ৪০ লাখ টকা ব্যয় কৰা হৈছে। পূজাৰ দিনকেইটাত লাখ লাখ লোকৰ সমাগম ঘটা এইখন পূজাস্থলীত এইবাৰ দৰ্শনৰ বাবে প্ৰথমবাৰৰ বাবে টিকটৰ ব্যৱস্থা কৰা হৈছে। পূজাপ্ৰেমী ৰাইজৰ অভাৱনীয় সমাগম হোৱা বিষ্ণুপুৰৰ এইখন পূজাস্থলীত এইবাৰ দৰ্শনৰ বিশেষ ব্যৱস্থা কৰা হৈছে। দৰ্শনৰ বাবে সাধাৰণ শাৰীৰ লগতে টিকট লোৱাসকলৰ বাবে বিশেষ শাৰী থাকিব। ইতিমধ্যে বুক মাই শ্ব'ৰ যোগেদি টিকটকৰ ব্যৱস্থা কৰা হৈছে আৰু যথেষ্ট পৰিমাণে টিকটো বিক্ৰী হৈছে। এই টিকটৰ মূল্য হৈছে ১৯৯ টকা। টিকট থকাসকলৰ বাবে পৃথক শাৰীৰ ব্যৱস্থা থাকিব।
'আৱাজ- দ্য ভইচ’ৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত বিষ্ণুপুৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটীৰ সাধাৰণ সম্পাদক দেৱাশীষ দাসে কয়; "আমাৰ পূজা সমিতিখনে bookmyshow ৰ জৰিয়তে যি টিকটৰ ব্যবস্থা কৰিছোঁ, সেয়া বাধ্যতামূলক নহয়, ইচ্ছা অনুযায়ী কোনোবাই ল'ব বিচাৰিলে ল'ব পাৰে। মানুহৰ সুবিধাৰ্থে এইটো কৰিবলগীয়া হৈছে। যিসকল লোকে ভিৰত যাবলৈ নিবিচাৰে, বয়সস্থ লোক বা মহিলা আৰু কিছুমান মানুহ বহু দূৰৰ পৰা আহে, হাতত সময় নাথাকে। সেইসকল লোকৰ বাবে আমি এইটো ব্যৱস্থা কৰিছোঁ। ইয়াত আমাৰ বাণিজ্যিকীকৰণ কৰাৰ কোনো উদ্দেশ্য নাই।"
ভাস্কৰ্য শিল্পী দ্বীপ আহমেদ আৰু বিষ্ণুপুৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটীৰ সাধাৰণ সম্পাদক দেৱাশীষ দাস
৭৬ বছৰ গৰকা বিষ্ণুপুৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে এইবাৰ মহাৰজত জয়ন্তী উপলক্ষে বিশেষ কেইবাটাও পদক্ষেপ হাতত লৈছে। পূজাৰ মাজতে তেওঁলোকে দৰিদ্ৰ লোকক কাপোৰ বিতৰণ কৰিব। লগতে গুৱাহাটীৰ বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰিব বুলিও জানিবলৈ দিয়ে। "বৃহস্পতিবাৰে সন্ধিয়া আমাৰ মণ্ডপ মুকলি কৰা হ'ব। তাৰপিছৰে পৰাই আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব আৰু নৱমীলৈকে চলি থাকিব। প্ৰতিদিনেই আমাৰ দৰ্শনাৰ্থীসকলৰ বাবে ভোগৰ ব্যৱস্থা কৰা হৈছে। সপ্তমীৰ দিনা আমি দৰিদ্ৰ লোকসকলক কাপোৰ বিতৰণ কৰিম। অষ্টমীৰ দিনা কুমাৰী পূজা কৰা হ'ব। লগতে পূজা সমাপ্ত হোৱাৰ পিছত আমি বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰিম", দেৱাশীষ দাসে কয়।
দৰ্শনাৰ্থীৰ জনসমাগৰ প্ৰসংগত দেৱশীষ দাসে কয়; "আগৰ বছৰসমূহত আমাৰ ইয়াত দৈনিক প্ৰায় ডেৰ লাখ লোকে দৰ্শন কৰিছিল। এইবাৰ আমাৰ ইয়াত দৈনিক দুই লাখ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। অনলাইনযোগে দৈনিক সহস্ৰাধিক লোকে দৰ্শন কৰিব। ইয়াত নাগলোক দৰ্শনৰ বাবে পানীত ৭-৮ খন নাও চলিব আৰু এখন নাৱত ১০ ৰ পৰা ১২ জন লোক উঠিব পাৰিব।’’
গুৱাহাটীৰ বিষ্ণুপুৰৰ ব্যতিক্ৰমী নাগলোক
‘‘নাৱত উঠি পাঁচ-ছয় মিনিটৰ ভিতৰত নাগলোকৰ পৰিৱেশটো উপভোগ কৰিব পাৰিব। ভিৰ যিহেতু বহুত হয় তাৰ বাবে নাৱত উঠি চাবলৈ হ'লে কিছু অপেক্ষা কৰিব লাগিব। টিকট নকটা লোকেও নাৱত উঠি চাব পাৰিব। ভিৰৰ ওপৰত সকলো নিৰ্ভৰ কৰিব। আনহাতে, দুৰ্গাৰ প্ৰতিমা মাটিৰে নিৰ্মাণ কৰা হ'ব। নাগলোকৰ গুহাৰ চাৰিওফালে দুইৰ পৰা আঢ়ৈ ফুট পানী থাকিব । তাতে নাও চলিব। নাওবোৰ আইৰণ ষ্ট্ৰাকচাৰত বনোৱা হ'ব আৰু সম্পূৰ্ণ ইলেক্ট্ৰনিক হ'ব। সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব। একোখন নাৱৰ বাবে এক লাখ টকাৰো অধিক ব্যয় হৈছে", দেৱাশীষ দাসে কয়।
আনহাতে, নাগলোক নিৰ্মাণৰ প্ৰসংগত দ্বীপ আহমেদে কয়, "নাগলোকৰ বিষয়ে আমি সকলোৱে জানো যদিও এনেদৰে দাঙি ধৰা হোৱা নাছিল। ধৰিত্রী যেতিয়াৰ পৰা আৰম্ভ হৈছিল তেতিয়াৰ পৰাই নাগলোক আছিল। এই পূজাস্থলীত আমি নাগলোকৰ এটা অংশ দেখুৱাব বিচাৰিছো। বাসুকী, শেষনাগ, কালিয়া আদি কাহিনীৰ অংশসমূহ অলপ অলপকৈ আমি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছো। গুহাটোত আমি সাধাৰণতে মানুহে নেদেখা পৰিৱেশ এটা দেখুৱাবলৈ চেষ্টা কৰি আছো। সমুদ্ৰ মন্থন, কালিয়া দমনৰ কাহিনী আমি ইয়াত দাঙি ধৰিম। বাহিৰৰ পৰা নাগলোকৰ এটা ভিউ থাকিব। নাগলোকৰ চৌদিশে পানী থাকিব আৰু নাৱত উঠি ভিতৰত প্ৰৱেশ কৰি উপভোগ কৰিব পাৰিব।’’
গুৱাহাটীৰ বিষ্ণুপুৰৰ ব্যতিক্ৰমী নাগলোক
‘‘প্ৰায় ৫ হাজাৰ বৰ্গ ফুট পানী থাকিব। নাৱৰ উপৰি দলঙৰেও দৰ্শন কৰিব পাৰিব। গুহাৰ ভিতৰত মণি-মুকুতা সম্বৃদ্ধ নাগলোকৰ এটা পৰিৱেশ দিয়াৰ প্ৰয়াস কৰা হৈছে। ইয়াত পানীৰ মাজত পাতাল লোকৰ এটা সুন্দৰ পৰিৱেশ দৰ্শকে দেখিবলৈ পাব বুলি আমি আশা কৰিছো। ইয়াৰ ভিতৰ ভাগত দিনৰ পৰিৱেশ আৰু নিশাৰ পৰিৱেশ যথেষ্ট পৃথক হ'ব। চালেহে সেইটো উপলব্ধি কৰিব পাৰিব।"
মহাৰজত জয়ন্তী উপলক্ষে পূজা সমিতিখনে সকলো বস্তু ব্যতিক্ৰম কৰাৰ কথা চিন্তা কৰিছিল। আৰু সেইবাবেই নাগলোকৰ ভিতৰত দৰ্শনাৰ্থীসকলৰ বাবে খোজকঢ়াৰ পৰিবৰ্তে নাৱেৰে যোৱাৰ ব্যৱস্থা কৰা হৈছে। "প্ৰায় দুমাহৰ পৰা আমি ইয়াত লাগি আছোঁ। এতিয়া প্ৰায় ৯০ শতাংশ কাম ইতিমধ্যে সমাপ্ত হৈছেই", দ্বীপ আহমেদে কয়।
গুৱাহাটীৰ বিষ্ণুপুৰৰ ব্যতিক্ৰমী নাগলোক
যিকোনো এটা থিম লৈ এটা বিশাল পূজা মণ্ডপ প্ৰস্তুত হোৱালৈ শিল্পীসকলৰ যথেষ্ট কষ্ট হয়। তদুপৰি বিষয়টোৰ ওপৰত গভীৰ অধ্যয়নৰ প্ৰয়োজন হয়। "বহুত গৱেষণা কৰিবলগীয়া হয়। যিকোনো এটা বস্তু আমি ইয়াত ভৰাই দিব নোৱাৰো। আমাতকৈ বহু জনা মানুহ পূজালৈ আহে, যদি আমি মণ্ডপত কিবা ভুল কৰোঁ, তেতিয়া তেওঁলোকে বস্তুটোত চকু দিব। গতিকে যিমান পাৰোঁ আমি অধ্যয়ন কৰি সঠিক ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ। নাগলোক যিহেতু পাতালত আছিল, গতিকে পাতালৰ ভিতৰত লেতেৰা মাটি-বোকা এইবোৰ আমি দেখুওৱা নাই। আমাৰ মণ্ডপটোত সোমালে দেখিব ইয়াত মণি-মুকুতাৰে ভৰপূৰ এখন ৰাজ্য দেখুওৱাৰ চেষ্টা কৰা হৈছে। যিহেতু তেওঁলোকে নাগলোকত মণি-মুকুতাবোৰ সুৰক্ষিত কৰি ৰাখিছিল", দ্বীপ আহমেদে কয়।
প্ৰতিবাৰেই বিষ্ণুপুৰ সাৰ্বজনীন দুৰ্গাপূজা বিষ্ণুপুৰ বিদ্যানিকেতন হাইস্কুলৰ চৌহদত অনুষ্ঠিত কৰা হয়। প্ৰায় দুমাহৰ পৰা ৬০-৭০ গৰাকী কৰ্মচাৰীয়ে এই পূজাৰ বিশাল মণ্ডপটো সাজি উলিওৱাৰ বাবে কাম কৰি আছে। "বহু বস্তু আমি ইয়াত কিনিবলৈ পোৱা নাই, যেনেকৈ নাওৰ মটৰটো ইয়াত উপলব্ধ নহয়, গতিকে আমি সেইটো বাহিৰৰ পৰা আনিবলগীয়া হৈছে। আমাৰ ইয়াতে ঢাৰি, পাটী, প্লাষ্টাৰ, চিমেণ্ট, লোহ আদি সামগ্ৰীৰ ব্যৱহাৰ হৈছে। আৰু ৱাটাৰপ্ৰুফ কৰিবৰ বাবে বহুত কেমিকেল ব্যৱহাৰ কৰিবলগীয়া হৈছে", দ্বীপ আহমেদে কয়।
গুৱাহাটীৰ বিষ্ণুপুৰৰ ব্যতিক্ৰমী নাগলোক
মানুহে প্ৰশংসা কৰাটোৱে এগৰাকী শিল্পীৰ বাবে ডাঙৰ বঁটা। "আমাৰ আটাইতকৈ ভাল লগা মুহূৰ্তটো সেইটোৱেই হয়। মানুহে ভাল বুলি প্ৰশংসা কৰিলে বা শলাগ লোৱাটোৱে এগৰাকী শিল্পীৰ সফলতা বুলি মই ভাবো। দুমাহ ধৰি এখোজ এখোজকে কৰা কাম এটা সম্পূৰ্ণ হৈ উঠে আৰু জনসাধাৰণে যেতিয়া শলাগ লয়, সেইটোতেই আমি আমাৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবো", দ্বীপ আহমেদে কয়।
উল্লেখ্য যে, বিশিষ্ট ভাস্কৰ্য শিল্পী পদ্মশ্ৰী নুৰুদ্দিন আহমেদ আৰু তেওঁৰ পুত্ৰ দ্বীপ আহমেদে এইবাৰ দুৰ্গাপূজাৰ দুখনকৈ বিশাল মণ্ডপৰ কাম কৰি আছে। সমান্তৰালভাৱে তেওঁলোকৰ অন্য কাম-কাজ অব্যাহত আছে। গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰৰ কাম, দুৰ্গা মন্দিৰ আৰু বটদ্ৰৱা থানৰ কামো তেওঁলোকে কৰি আছে।