নৱৰাত্ৰি উপলক্ষে দেৱী শৈলপুত্ৰীক প্ৰণাম জনাই দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ
নতুন দিল্লী
শৰতৰ স্নিগ্ধ পৰিৱেশ আৰু দেৱী বন্দনাৰ পবিত্ৰ মন্ত্ৰোচ্চাৰণৰ মাজতে সমগ্ৰ দেশজুৰি আৰম্ভ হৈছে শক্তি উপাসনাৰ মহাপৰ্ব নৱৰাত্ৰি। আধ্যাত্মিকতা আৰু ভক্তিৰ এই পৱিত্ৰ ক্ষণত দেশবাসীক উদ্দেশ্যি বিশেষ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
দেওবাৰে নৱৰাত্ৰি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। দেৱী দুৰ্গাৰ ঐশ্বৰিক কৃপাত সকলোৰে জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্য অটুট থাকিব বুলি তেওঁ কামনা কৰে।
শক্তি সাধনাৰ এই পৱিত্ৰ উৎসৱ নৱৰাত্ৰি উপলক্ষে সামাজিক মাধ্যম ‘এক্স’ (X)-ত হিন্দীত এটা পোষ্ট কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখে, "শক্তি সাধনাৰ মহাপৰ্ব নৱৰাত্ৰি উপলক্ষে সকলো দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। মা জগদম্বাৰ কৃপাত প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্য বিৰাজ কৰক। ইয়াৰ সমান্তৰালভাৱে দেশৰ ঐক্য আৰু অগ্ৰগতিৰ সংকল্প অধিক দৃঢ় হওক।"
নৱৰাত্ৰিৰ সূচনাৰ দিনাই শান্তিৰ অধিষ্ঠাত্ৰী দেৱী শৈলপুত্ৰীৰ প্ৰতিও প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধা নিবেদন কৰে। আন এটা পোষ্টত তেওঁ লিখে, "দেৱীৰ দিব্য কৃপাত সকলোৰে হৃদয়ত ধৈৰ্য আৰু আত্মবিশ্বাসৰ বন্তি প্ৰজ্বলিত হওক। মাতৃৰ আশীৰ্বাদ যাতে সদায় দেশবাসীৰ ওপৰত বৰ্তি থাকে, তাৰেই প্ৰাৰ্থনা কৰিছোঁ।"
উল্লেখ্য যে, নৱৰাত্ৰি হৈছে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ এক ন-দিনীয়া ধৰ্মীয় উৎসৱ। এই উৎসৱত দেৱী দুৰ্গা আৰু তেওঁৰ নটা ৰূপৰ আৰাধনা কৰা হয়। দেৱীৰ প্ৰতিটো ৰূপকেই শক্তি, প্ৰজ্ঞা, সাহস, ভক্তি আৰু সুৰক্ষাৰ দৰে বিভিন্ন গুণৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ জয়ৰ প্ৰতীক হৈছে এই উৎসৱ। সমগ্ৰ দেশজুৰি ভক্তি আৰু ধৰ্মীয় নিষ্ঠাৰে নৱৰাত্ৰি উদযাপন কৰা হয়।