মুন্নী বেগম / গুৱাহাটী
জীৱনত কেতিয়াবা এনে সময় আহে, যেতিয়া পৰিকল্পনা কৰা পথ এৰি সম্পূৰ্ণ নতুন এটা পথ বাছি ল'বলগীয়া হয়। বহুতে সেই পৰিৱৰ্তনৰ ওচৰত হাৰ মানে, আনহাতে, কিছুমানে সেই বাধাকেই নতুন সম্ভাৱনাৰ দুৱাৰ হিচাপে গ্ৰহণ কৰে। গুৱাহাটীৰ উদ্যোগী তথা প্ৰাক্তন ইংৰাজী সাহিত্যৰ শিক্ষয়িত্ৰী ছামিমা ৰহমানৰ জীৱনেও তেনে এক পৰিৱৰ্তনৰ সাক্ষী হৈছে। কিয়নো শিক্ষকতাৰ সফল কেৰিয়াৰৰ মাজতে তেওঁ স্বাস্থ্যজনিত সমস্যাৰ বাবে নিয়মীয়া চাকৰি এৰিবলগীয়া হৈছিল। কিন্তু সেই বাধাই তেওঁৰ সৃষ্টিশীল মনক বান্ধি ৰাখিব নোৱাৰিলে। গছ-গছনিৰ প্ৰতি থকা আজীৱন ভালপোৱা, শিল্পকলাৰ প্ৰতি আগ্ৰহ আৰু নতুন কিবা এটা কৰাৰ ইচ্ছাশক্তিক সাৰথি কৰি গুৱাহাটীৰ বাসিন্দা ছামিমাই গঢ়ি তুলিলে ‘Tiny Planters – A Gift That Grows’। আজি এই সৰু উদ্যোগটোৱে কেৱল ব্যৱসায় হিচাপেই নহয়, এক সেউজীয়া জীৱনদৰ্শন আৰু অৰ্থৱহ উপহাৰৰ পৰিচয় হিচাপেও বহু মানুহৰ হৃদয় জয় কৰিছে।
২০০৯ চনত আলিগড় মুছলিম ইউনিভাৰ্চিটীৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত ছামিমাই শ্বিলঙৰ ইংলিছ এণ্ড ফ'ৰেইন লেংগুৱেজ ইউনিভাৰ্চিটি (EFLU), শ্বিলং কেম্পাছৰ পৰা এমফিল আৰু পিএইচডি সম্পূৰ্ণ কৰিছিল। গৱেষণাৰ সময়তেই তেওঁৰ শিক্ষকতা জীৱনৰ আৰম্ভণি হৈছিল। ২০১১ চনৰ পৰা ২০১৩ চনলৈ নগাঁৱৰ এডিপি কলেজৰ ইংৰাজী বিভাগত অধ্যাপনা কৰাৰ পিছত ২০১৩ চনত বিয়াৰ পাছত গুৱাহাটীত আহি চানমাৰিস্থিত অসম ইঞ্জিনীয়াৰিং ইনষ্টিটিউটৰ ইংৰাজী বিভাগত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত ২০১৮ চনত এনইএফ (NEF) কলেজৰ ইংৰাজী বিভাগৰ বিভাগীয় মুৰব্বী (HOD) হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।
শিক্ষকতা, গৱেষণা আৰু একাডেমিক জীৱন সকলো মিলি তেওঁৰ কেৰিয়াৰ সুন্দৰভাৱে আগবাঢ়ি আছিল। কিন্তু ২০১৯ চনৰ জানুৱাৰীত যমজ কন্যা সন্তানৰ জন্ম হোৱাৰ মাত্ৰ কেইমাহমান পিছতেই গুৰুতৰ স্বাস্থ্যজনিত সমস্যাই তেওঁৰ জীৱনত নতুন প্ৰত্যাহ্বান কঢ়িয়াই আনিছিল। চিকিৎসকৰ পৰামৰ্শমতে দীঘলীয়া সময় বিশ্ৰাম ল'ব লগা হৈছিল। তেওঁৰ প্ৰায় দুই-তিনিবছৰ চিকিৎসা চলি থকাৰ লগতে সন্তানৰ যত্ন ল'ব লগা হোৱাত নিয়মীয়া শিক্ষকতাৰ পৰা আঁতৰি থাকিবলগীয়া হয়।
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত ‘Tiny Planters – A Gift That Grows’ৰ প্ৰতিস্থাপক ছামিমা ৰহমানে সেই সময়ৰ কথা স্মৰণ কৰি কয়, "শিক্ষকতা মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় পেছা আছিল। স্বাস্থ্যজনিত সমস্যাৰ বাবে চাকৰি এৰিবলগীয়া হোৱাটো মোৰ বাবে সহজ নাছিল। আৰম্ভণিতে মোৰ বহুত মানসিক কষ্ট হৈছিল। কিন্তু মই বিশ্বাস কৰিছিলোঁ যে, জীৱনে নিশ্চয় মোক নতুন কিবা এটা কৰাৰ সুযোগ দিব। সেই বিশ্বাসেই মোক আগুৱাই লৈ গৈছিল।"
ছামিমা ৰহমানে প্ৰস্তুত কৰা সামগ্ৰী
ঘৰত থকা এই সময়ছোৱাই ছামিমাৰ জীৱনৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। বহুদিন ধৰি অন্তৰত সাঁচি ৰখা গছ-গছনিৰ প্ৰতি থকা ভালপোৱা আৰু সৃষ্টিশীল শিল্পকৰ্মৰ প্ৰতি থকা আগ্ৰহক তেওঁ বাস্তৱ ৰূপ দিয়াৰ সিদ্ধান্ত লয়। প্ৰথমতে নিজৰ ঘৰ, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ আৰু সহকৰ্মীসকলৰ বাবে সৰু সৰু ইনড'ৰ প্লাণ্ট ধুনীয়াকৈ সজাই উপহাৰ হিচাপে প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। জন্মদিন, বিশেষ অনুষ্ঠান অথবা কলেজৰ সহকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা এই সেউজীয়া উপহাৰবোৰে সকলোৰে বিশেষ মনোযোগ আকৰ্ষণ কৰিছিল। লাহে লাহে মানুহৰ মুখে মুখে তেওঁৰ কামৰ বিষয়ে চৰ্চা আৰম্ভ হয় আৰু বিভিন্ন শিক্ষানুষ্ঠান, অনুষ্ঠান তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক কাৰ্যসূচীৰ বাবেও তেওঁ সৰহ সংখ্যক অৰ্ডাৰ লাভ কৰিবলৈ আৰম্ভ কৰে।
Tiny Planters-ৰ আৰম্ভণিৰ কথা উল্লেখ কৰি ছামিমাই কয়, "প্ৰথমতে মই ব্যৱসায় কৰাৰ কথা একেবাৰেই ভবা নাছিলোঁ। কেৱল নিজৰ ভাল লগা কামটো কৰি গৈছিলোঁ। মানুহে যেতিয়া মোৰ গছৰবোৰ উপহাৰ হিচাপে লৈ বহুত ভাল পোৱা আৰম্ভ কৰিলে, তেতিয়াই অনুভৱ কৰিলোঁ যে মোৰ এই চখটোৱেই মোৰ নতুন পৰিচয় হ'ব পাৰে।"
ছামিমা ৰহমান তেওঁৰ স্বামী আৰু দুই কন্যা সন্তানৰ সৈতে
বৰ্তমান ছামিমাই মূলতঃ জেড প্লাণ্ট, স্নেক প্লাণ্ট, স্পাইডাৰ প্লাণ্ট আৰু জেব্ৰা প্লাণ্ট (Zebra Haworthia) ইত্যাদি ঘৰৰ ভিতৰত ৰাখিব পৰা (ইনড'ৰ প্লাণ্ট) সুন্দৰকৈ সজাই গ্ৰাহকৰ হাতত তুলি দিয়ে। কম যত্নতে দীৰ্ঘদিন ধৰি জীয়াই থকা এই গছবোৰে ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে বায়ু বিশুদ্ধ কৰাতো সহায় কৰে। বিশেষকৈ জেড প্লাণ্ট আৰু স্নেক প্লাণ্ট উপহাৰ আৰু গৃহ সজ্জাৰ বাবে আটাইতকৈ জনপ্ৰিয়। তেওঁৰ গছবোৰৰ মূল্য সাধাৰণতে ₹২৫০ৰ পৰা আৰম্ভ হয়। আনহাতে, সৰহ সংখ্যক অৰ্ডাৰৰ ক্ষেত্ৰত ₹১৭০– ₹১৮০ মূল্যতো উপলব্ধ হয়, যাতে অধিক সংখ্যক মানুহে এই সেউজীয়া উপহাৰ সহজে ক্ৰয় কৰিব পাৰে।
তেওঁৰ প্ৰতিটো প্লাণ্টাৰত একো একোটা সুকীয়া শিল্পকৰ্ম দেখিবলৈ পোৱা যায়। তেওঁ কোনো নিৰ্দিষ্ট টেমপ্লেট অনুসৰণ নকৰি নিজৰ কল্পনা আৰু সৃষ্টিশীলতাৰ ওপৰত ভিত্তিত প্ৰতিটো ডিজাইন তৈয়াৰ কৰি আহিছে। তেওঁৰ প্ৰতিটো ডিজাইনত গামোচা, জাপি, জুট, মিৰ'ৰ ৱৰ্ক, ৰং, ৰিবন, ফুল আদি বিভিন্ন উপাদান ব্যৱহাৰ কৰি অসমীয়া ঐতিহ্য আৰু আধুনিক সজ্জাৰ এক মনোমোহা সংমিশ্ৰণ ঘটে। তেওঁ গ্ৰাহকৰ প্ৰয়োজন অনুসৰি কাষ্টমাইজড ডিজাইনো প্ৰস্তুত কৰে। এবাৰ এখন কলেজৰ পৰা মাত্ৰ দুদিনৰ ভিতৰত গামোচা-থিমৰ প্লাণ্টাৰ তৈয়াৰ কৰাৰ অৰ্ডাৰ পাই সীমিত সময়ৰ মাজতো সফলতাৰে তেওঁ সেই কাম সম্পূৰ্ণ কৰিছিল। তাৰ পিছৰে পৰা একে ধৰণৰ বহু নতুন অৰ্ডাৰ লাভ কৰিছে।
ডিজাইনৰ প্ৰসংগত ছামিমাই কয়, "মই কোনো ডিজাইন কাৰো পৰাই কপি নকৰোঁ। অধিকাংশ ডিজাইন মই নিজে প্ৰস্তুত কৰোঁ, যিবোৰ হঠাতে মোৰ মনলৈ অহা এটা চিন্তাৰ পৰাই সৃষ্টি হয়। প্ৰতিটো প্লাণ্টাৰ মোৰ বাবে একো একোটা শিল্পকৰ্ম। গামোচা, জাপি, জুট বা অসমৰ সংস্কৃতিৰ বিভিন্ন উপাদান ব্যৱহাৰ কৰি প্ৰতিটো টাবক একেবাৰে সুকীয়া ৰূপ দিবলৈ চেষ্টা কৰোঁ।"
প্লাণ্টাৰ তৈয়াৰ কৰাৰ প্ৰতিটো পৰ্যায় ছামিমাই নিজ হাতে সম্পন্ন কৰে। টাব ধোৱা, ৰং কৰা, ডেক'ৰেচন, কোকোপিটত গছ ৰোপণ কৰা, পেকেজিং কৰা আদি সকলোবোৰ কাম তেওঁ নিজেই কৰে। তেওঁ প্ৰতিটো প্লাণ্টাৰৰ লগত "Write Your Wish Note" শীৰ্ষক এখন বিশেষ বাৰ্তা-কাৰ্ড সংলগ্ন কৰি দিয়ে, যাতে গ্ৰাহকে নিজৰ শুভেচ্ছা বা ব্যক্তিগত বাৰ্তা লিখি উপহাৰটোক আৰু অধিক স্মৰণীয় কৰি তুলিব পাৰে। ছামিমাই ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ জৰিয়তে অৰ্ডাৰ গ্ৰহণ কৰাৰ লগতে ঘৰলৈ ডেলিভাৰী দিয়াৰ সুবিধাও আগবঢ়ায়।
ছামিমাই কয়, "এই কামত যথেষ্ট কষ্ট হয়, যদিও লাভো সন্তোষজনক হয়। ভাল ডেক'ৰেচনযুক্ত এটা গছপুলিৰ টাব (প্লাণ্টাৰ) সম্পূৰ্ণ কৰিবলৈ কেতিয়াবা দুদিনপৰ্যন্ত সময়ৰ প্ৰয়োজন হয়। বেছি অৰ্ডাৰ থাকিলে দিনটোত প্ৰায় ১০ টা টাবহে প্ৰস্তুত কৰিব পৰা যায়। উন্নত মানৰ পেকেজিং, নিজৰ ব্ৰেণ্ডৰ ল'গ' আৰু গুণগত সামগ্ৰীৰ বাবে খৰচ কিছু বেছি হয় যদিও গ্ৰাহকৰ সন্তুষ্টিয়ে সেই পৰিশ্ৰমৰ মূল্য ঘূৰাই দিয়ে। নতুন ব্যৱসায় হিচাপে আৰম্ভণিতে মই লাভৰ পৰিমাণ ইচ্ছাকৃতভাৱে কম ৰাখি আহিছো। কেতিয়াবা এটা টাবত মাত্ৰ ₹৭০মান লাভ ৰাখিও তেওঁ কাম আগবঢ়াই নিছিলো, কাৰণ মোৰ লক্ষ্য হৈছে গ্ৰাহকৰ বিশ্বাস জয় কৰা।"
তেওঁ লগতে কয়, "বহুতে মোক কয় যে, আপুনি প্ৰস্তুত কৰা টাববোৰ বৰ ধুনীয়া হয়, আপুনি বিচাৰিলে ইয়াৰ মূল্য অলপ বঢ়াব পাৰিলেহেঁতেন। কিন্তু মোৰ বাবে আৰম্ভণিতে লাভতকৈ বিশ্বাস জয় কৰাটো বেছি গুৰুত্বপূৰ্ণ আছিল। আজিও মই চেষ্টা কৰোঁ যাতে কম মূল্যত উন্নত মানৰ আৰু সৃষ্টিশীল সামগ্ৰী গ্ৰাহকৰ হাতত তুলি দিব পাৰোঁ।"
কেৱল গছবোৰ বিক্ৰী কৰিয়েই ছামিমাই দায়িত্ব শেষ নকৰে। প্ৰতিজোপা গছৰ লগত যত্নৰ পৰামৰ্শও আগবঢ়ায় আৰু প্ৰয়োজন হ'লে ফোনযোগেও গ্ৰাহকক পৰামৰ্শ দিয়ে। বহু গ্ৰাহকে মৰমেৰে তেওঁক "Plant Doctor" বুলিও সম্বোধন কৰে।
এই সন্দৰ্ভত ছামিমাই কয়, "মই কেৱল গছ বিক্ৰী নকৰোঁ। গছজোপা বহু বছৰ সুস্থভাৱে থাকক, সেইটোৱেই মোৰ ইচ্ছা। সেইবাবেই প্ৰতিজন গ্ৰাহকক গছজোপাৰ যত্ন লোৱাৰ নিয়ম বুজাই দিওঁ। বহুতে মৰমেৰে মোক 'Plant Doctor' বুলি মাতে আৰু সেই নামটোৱেই মোৰ বাবে আটাইতকৈ ডাঙৰ প্ৰেৰণা।"
ছামিমাই ব্যৱসায়ৰ দিশৰ লগতে সামাজিক দিশতও কাম কৰাৰ বাবে সমানে আগ্ৰহী। শেহতীয়াকৈ এগৰাকী চিনাকি ক্ষুদ্ৰ উদ্যোগীয়ে নিজ হাতেৰে বনোৱা ৰাখী ছামিমাই নিজৰ গিফ্ট বক্সৰ সৈতে উপহাৰ হিচাপে সংলগ্ন কৰিছে। ইয়াৰ জৰিয়তে নিজ ব্যৱসায়ৰ লগতে আন এগৰাকী ক্ষুদ্ৰ উদ্যোগীকো আৰ্থিকভাৱে সহায় কৰাৰ প্ৰয়াস কৰিছে। তেওঁ কয়, "মই বিশ্বাস কৰোঁ ব্যৱসায় কেৱল নিজৰ লাভৰ বাবে হ'ব নালাগে। যদি মোৰ কামৰ জৰিয়তে আন এজন ক্ষুদ্ৰ উদ্যোগীকো সহায় কৰিব পাৰোঁ, তেন্তে সেইটোৱেই মোৰ বাবে প্ৰকৃত সফলতা।"
ছামিমাৰ ভৱিষ্যত পৰিকল্পনাও যথেষ্ট বিস্তৃত। তেওঁ আগষ্ট মাহত অনুষ্ঠিত হ'বলগীয়া এখন প্ৰদৰ্শনী আৰু অক্টোবৰ মাহৰ পূজাক কেন্দ্ৰ কৰি অনুষ্ঠিত হবলগীয়া আন এখন প্ৰদৰ্শনীত অংশগ্ৰহণৰ প্ৰস্তুতি চলাই আছে। তেওঁ পূজাৰ বাবে বিশেষ থিমৰ 'Tiny Planters' তৈয়াৰ কৰাৰ লগতে ডাঙৰ আকাৰৰ প্লাণ্টাৰ, ইনড'ৰ প্লাণ্ট, বেলক'নি গাৰ্ডেন, ইন্দোৰ গাৰ্ডেন আৰু ডেকোৰটিভ গ্ৰীণ স্পেচ ডিজাইনিঙৰ ক্ষেত্ৰতো সেৱা সম্প্ৰসাৰণৰ লক্ষ্য লৈছে। ইতিমধ্যে কেইবাজনো গ্ৰাহকে নিজৰ নতুন ফ্লেটৰ বেলকনি আৰু সৰু বাগিচা সজাবলৈ তেওঁৰ সৈতে যোগাযোগ কৰিছে।
ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে ছামিমাই কয়, "মোৰ লক্ষ্য কেৱল Tiny Planters-তেই সীমাবদ্ধ নহয়। মই আগলৈ গ্ৰীন ডেকোৰ ছাৰ্ভিচ (Green Decor Service) গঢ়ি তুলিব বিচাৰোঁ, য'ত মানুহে কেৱল গছেই নহয়, সম্পূৰ্ণ সেউজীয়া পৰিৱেশ সৃষ্টিৰ সুবিধাও পাব।"
শিক্ষয়িত্ৰী, গৱেষক, মাতৃ আৰু উদ্যোগী এই সকলো পৰিচয়ক একেলগে সাৰ্থকভাৱে বহন কৰি অহা এই মহিলাগৰাকীৰ যাত্ৰাই এটা কথাই প্ৰমাণ কৰে যে, জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানৰ মাজতেই লুকাই থাকে নতুন সম্ভাৱনা। "Tiny Planters – A Gift That Grows" আজিৰ দিনত কেৱল এটা ব্ৰেণ্ড নহয়; ই সাহস, অধ্যৱসায়, সৃষ্টিশীলতা আৰু সেউজীয়া জীৱনশৈলীৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী।