আশা খোছা / নতুন দিল্লী
ডিকেলাচিফাইড (গোপনীয়তা মুক্ত): ২০২৫ চনৰ ২২ এপ্ৰিলত পহলগামত মহিলাসকলৰ সন্মুখতে ২৬ জন ভাৰতীয় পুৰুষক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। এই জঘন্য হত্যাকাণ্ডৰ প্ৰত্যুত্তৰ স্বৰূপে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰ (PoJK)ৰ সন্ত্ৰাসবাদী শিবিৰসমূহত ভাৰতে চলোৱা আক্ৰমণৰ প্ৰথমখন তথ্যচিত্ৰ (ডকুমেণ্টৰী) হৈছে 'অপাৰেচন সিন্দূৰ'। ৭ মে’ৰ পুৱতি নিশা আৰম্ভ হোৱা এই চাৰিদিনীয়া অভিযানৰ জৰিয়তে ইছলামাবাদক ভাৰতে এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছিল যে, ইয়াৰ পিছৰ পৰা প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণক যুদ্ধৰ দৰে গণ্য কৰা হ’ব আৰু সেই অনুসৰিয়েই ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব।
ডিস্কভাৰী প্লাছ (Discovery Plus) ত উপলব্ধ এই দুটা খণ্ডৰ ডকুচিৰিজটো হৈছে এক বিশেষ মাইলৰ খুঁটি, যিয়ে অপাৰেচন সিন্দূৰৰ পৰিকল্পনা কৰা, নেতৃত্ব দিয়া আৰু ইয়াক নিপুণতাৰে কাৰ্যকৰী কৰা লোকসকলৰ ভাষ্যৰ জৰিয়তে এই অভিযানৰ অকথিত কাহিনী উন্মোচন কৰিছে।
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল হৈছে এই অভিযানৰ আনুষ্ঠানিক বিৱৰণ প্ৰদান কৰা সৰ্বোচ্চ ভাৰতীয় কৰ্তৃপক্ষ। তেওঁ এই সমগ্ৰ কাহিনীৰ কেন্দ্ৰবিন্দুত আছে, আনহাতে অভিযানটোৰ সৈতে জড়িত অন্যান্য সামৰিক নেতা আৰু কমাণ্ডাৰসকলেও এই বিষয়ে নিজৰ মতামত প্ৰকাশ কৰিছে। যিহেতু এয়া অভিযানটোৰ প্ৰথমটো চৰকাৰী বিৱৰণ, সেয়েহে এই তথ্যচিত্ৰখনে বহু নতুন আৰু আমোদজনক তথ্য পোহৰলৈ আনিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ড'ভাল
অপাৰেচন সেন্দূৰৰ দহটা বিশেষ আৰু অদ্বিতীয় তথ্য তলত উল্লেখ কৰা হ’লঃ
১. অভিযানটোৰ নামাকৰণঃ
তেতিয়াৰ সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক সুধিছিল যে তেওঁ এই প্ৰস্তাৱিত অভিযানটোৰ কি নাম দিছে। জেনেৰেল দ্বিবেদীয়ে তেওঁক জনাইছিল যে ইয়াৰ অস্থায়ী নাম ৰখা হৈছে "অপাৰেচন টিউলিপ গাৰ্ডেন"। তেওঁ বুজাইছিল যে যিহেতু পহলগামৰ আক্ৰমণটো কাশ্মীৰত সংঘটিত হৈছিল, সেয়েহে "টিউলিপ গাৰ্ডেন নামটো ইয়াৰ সৈতে সম্পৰ্কযুক্ত হ'ব।"
ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আপোনালোকে ইয়াক অপাৰেচন সিন্দূৰ বুলি কিয় নাম নিদিয়ে?" সেনাধ্যক্ষগৰাকীয়ে প্ৰথমে ভাবিছিল যে প্ৰধানমন্ত্ৰীয়ে সিন্ধু নদীৰ কথা কৈছে আৰু ভাৰতে পাকিস্তানলৈ সিন্ধুৰ পানীৰ প্ৰবাহ বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ প্ৰেক্ষাপটত এই নামটো উপযুক্ত বুলিয়েই তেওঁ সন্মতি জনাইছিল। তেতিয়া মোদীয়ে কথাটো স্পষ্ট কৰি দি কয়, "উনহোনে হমাৰী মহিলায়োঁ কা সিন্দূৰ উজাৰ দিয়া" (অৰ্থাৎ, সিহঁতে আমাৰ মহিলাসকলৰ সেন্দূৰ মচি পেলালে)। সেনাধ্যক্ষগৰাকীয়ে কয় যে তেতিয়াহে তেওঁ উপলব্ধি কৰিব পাৰিলে যে এইটো কিমান এক শক্তিশালী নাম আৰু ই কেনেকৈ সমগ্ৰ দেশক একত্ৰিত কৰিব পাৰে।
২. প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়াঃ
পহলগাম আক্ৰমণৰ পিছদিনা পুৱাৰ পৰাই অপাৰেচন সিন্দূৰৰ প্ৰস্তুতি আৰম্ভ হৈছিল। ছৌদি আৰৱৰ ভ্ৰমণ আধাতে সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উভতি অহাৰ লগে লগেই দিল্লী বিমানবন্দৰতে শীৰ্ষ নিৰাপত্তা বিষয়াসকলৰ সৈতে প্ৰথমখন বৈঠকত মিলিত হৈছিল। এন এছ এ ডোভালে কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দলটোক নিৰ্দিষ্ট কিছুমান প্ৰশ্ন সুধিছিলঃ "কোনে এই কাণ্ড সংঘটিত কৰিছে? আমি অপৰাধীসকলৰ বিষয়ে নিশ্চিত নে?" প্ৰধানমন্ত্ৰীয়ে ডোভালক নিৰ্দেশ দিছিল, "সিহঁতক বিচাৰি উলিয়াওক – সিহঁত য'তেই নাথাকক কিয় – মাটিত হওক, আকাশত হওক বা পাতালতেই হওক।"
৩. স্পষ্ট আৰু দ্ব্যৰ্থহীন নিৰ্দেশঃ
প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাত কোনো ধৰণৰ অস্পষ্টতা নাছিল। বিমানবন্দৰৰ বৈঠকৰ ১২ ঘণ্টাৰ ভিতৰতে সামৰিক নেতাসকলে অপাৰেচন সিন্দূৰৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ বহিছিল। এই অতিৰিক্ত গোপনীয় ৱাৰ ৰুমে পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ লগতে পাকিস্তানৰ মূল ভূখণ্ডৰ ভিতৰৰ লক্ষ্যস্থানসমূহ চিনাক্ত কৰাৰ কাম কৰিছিল। ই পাকিস্তানৰ সম্ভাৱ্য প্ৰতিক্ৰিয়া আৰু পৰমাণু অস্ত্ৰৰ ব্যৱহাৰৰ সম্ভাৱনাকো মূল্যায়ন কৰিছিল। সেই সময়ত ডোভালে প্ৰধানমন্ত্ৰীক এই সম্ভাৱনাৰ বিষয়ে অৱগত কৰিছিল আৰু প্ৰধানমন্ত্ৰীয়ে সেউজ সংকেত দিয়াৰ আগতে ইয়াৰ বিষয়ে চিন্তা কৰিবলৈ কিছু সময় বিচাৰিছিল।
৪. লক্ষ্যস্থান নিৰ্ধাৰণঃ
ভাৰতীয় সেনা বাহিনীয়ে চোৰাংচোৱা সংস্থা আৰু মিলিটাৰী অপাৰেচন সঞ্চালকালয়ৰ সৈতে মিলি আক্ৰমণ কৰিবলগীয়া ৩৬ টা সন্ত্ৰাসবাদীৰ ঘাটি চিনাক্ত কৰিছিল। এই আশ্ৰয়স্থলবোৰত আক্ৰমণ কৰাৰ মূল চৰ্তটো আছিল পাকিস্তানলৈ এই কঠোৰ বাৰ্তা প্ৰেৰণ কৰা যে ভাৰতে নিজৰ মাটিত হোৱা প্ৰতিটো সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধৰ সমকক্ষ বুলি গণ্য কৰিব আৰু তাৰ সমপৰিমাণৰ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিব। দলটোৱে শেষত ৯ টা লক্ষ্য নিৰ্ধাৰণ কৰিছিল – তাৰে ৭ টা আছিল পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰ (POJK)ৰ ভিতৰত আৰু দুটা আছিল পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত – ক্ৰমে লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয় মুৰিদকে আৰু জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় ভৱালপুৰ।
৫. ৰণনীতিৰ কৌশলঃ
পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰ (POJK)ৰ সন্ত্ৰাসবাদীৰ আশ্ৰয়স্থলসমূহত আক্ৰমণৰ দায়িত্ব ভাৰতীয় সেনাৰ নৰ্দাৰ্ন কমাণ্ডক দিয়া হৈছিল, আনহাতে পঞ্জাৱৰ গভীৰতাত থকা মুৰিদকে আৰু ভৱালপুৰত আক্ৰমণৰ দায়িত্ব ভাৰতীয় বায়ুসেনাক অৰ্পণ কৰা হৈছিল। প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ স্পষ্ট আছিল - এয়া পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ নাছিল আৰু অনাকাংক্ষিত ক্ষয়ক্ষতি ৰোধ কৰিবলৈ সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব – অৰ্থাৎ সন্ত্ৰাসবাদীৰ ঘাটিবোৰত আক্ৰমণ কৰাৰ সময়ত সাধাৰণ নাগৰিকৰ জীৱন ৰক্ষা কৰিব লাগিব। আনপিনে, আৰৱ সাগৰত নৌসেনাই আধিপত্য বিস্তাৰ কৰিছিল আৰু পাকিস্তানে যেতিয়াই উপলব্ধি কৰিলে যে নৌসেনাই গুলীচালনা কৰিব পাৰে, তেতিয়াই তেওঁলোকে যুদ্ধবিৰতিৰ সিদ্ধান্ত লৈছিল।
৬. চূড়ান্ত গোপনীয়তাঃ
পৰিকল্পনাটোৰ বিষয়ে সৰ্বোচ্চ পৰ্যায়ৰ গোপনীয়তা বজাই ৰাখি সামৰিক নেতাসকলে আক্ৰমণৰ দিনটোৰ আগৰ কেইঘণ্টামানত নিজৰ গতিবিধি লুকুৱাই ৰাখিছিল। DGMO ঘায়ে কয় যে তেওঁ তেওঁৰ ব্যক্তিগত সচিবক নিশা পলমকৈ ছাউথ ব্লকৰ পিছফালৰ প্ৰৱেশদ্বাৰৰ পৰা তেওঁক লৈ যাবলৈ নিৰ্দেশ দিছিল; সেনা প্ৰধানক তেওঁৰ আলহীৰ দ্বাৰা ৱাৰ ৰুমত নমাই দিয়া হৈছিল; বায়ুসেনা প্ৰধান ফিল্ড মাৰ্শ্বাল এ পি সিঙে ভূপাললৈ যোৱাৰ কথা ঘোষণা কৰিছিল, তথাপি তেওঁ এটা স্থানীয় চৰ্টিৰ পৰা আন এক পথেৰে গৈ ৱাৰ ৰুমত উপস্থিত হৈছিলগৈ।
৭. অপাৰেচন সেন্দূৰৰ প্ৰতীকী তাৎপৰ্যঃ
মহিলাসকলৰ সন্মুখতে স্বামীক হত্যা কৰাৰ প্ৰতিশোধ লোৱাৰ এই ৰণনীতি অন্যান্য ক্ষেত্ৰলৈকো সম্প্ৰসাৰিত কৰা হৈছিল। উদাহৰণস্বৰূপে, ভাৰত-পাকিস্তান সীমান্তৰ পৰা ৫০ কিলোমিটাৰ দূৰৈৰ মুৰিদকেত আক্ৰমণ কৰা মিগ (MIG) বিমানখনৰ পাইলটগৰাকী আছিল এগৰাকী মহিলা। কৰ্নেল ছফিয়া কুৰেশ্বী, উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ লগতে আন কেইবাগৰাকীকো যুদ্ধ অভিযানৰ মুখপাত্ৰ হিচাপে নিৰ্বাচন কৰাটোৱে সমগ্ৰ বিশ্বৰ আগত ভাৰতৰ দৃঢ়তাক প্ৰতীকী ৰূপত তুলি ধৰাৰ এক প্ৰয়াস আছিল।
৮. আক্ৰমণঃ
৭ মে’ৰ নিশা ১:০৫ বজাত এই আক্ৰমণ চলোৱা হৈছিল। "সকলো আমাৰ পৰিকল্পনা অনুসৰিয়েই সম্পন্ন হৈছিল," নেতাসকলৰ ভিতৰৰ এজনে বুজাই কৈছিল। বেছিভাগ নেতাই কৈছিল যে তেওঁলোকৰ পেছাদাৰী জীৱনৰ এয়া আছিল আটাইতকৈ সন্তোষজনক মুহূৰ্ত। আক্ৰমণৰ ঠিক পিছতেই ডি জি এম অ’ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘায়ে তেওঁৰ পাকিস্তানী সমকক্ষ মেজৰ জেনেৰেল কাছিফ আব্দুল্লাহক এই অভিযান আৰু ইয়াৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰিছিল। আব্দুল্লাহে উত্তৰ দিছিল, "এতিয়া মোক এইবোৰ কৈ কি লাভ?"
অপাৰেচন সেন্দুৰৰ সময়ত সংবাদমেল সম্বোধন কৰাৰ সময়ত চফীয়া কোৰেইশ্বী
৯. উত্তপ্ত নিয়ন্ত্ৰণ ৰেখা (LOC):
নৰ্দাৰ্ন আৰ্মিৰ কমাণ্ডাৰে জানিবলৈ দিয়া মতে, সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখা (LOC)ত পাকিস্তানৰ প্ৰতিক্ৰিয়াৰ বাবে সেনাবাহিনী সম্পূৰ্ণ সাজু আছিল। কেইঘণ্টামানৰ ভিতৰতে পাকিস্তানে সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাত গুলীচালনা আৰম্ভ কৰে; ভাৰতীয় সেনাই তাৰ দুগুণ শক্তিয়েৰে প্ৰত্যুত্তৰ দিয়ে। ভাৰতে ড্ৰোনৰ আক্ৰমণৰ প্ৰতীক্ষাত আছিল, যাতে বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ জৰিয়তে সেইবোৰক নিস্কাৰণ কৰিব পৰা যায়। হতাশ হৈ পাকিস্তানে গুৰুদ্বাৰ, মন্দিৰ আৰু সাধাৰণ নাগৰিকৰ ঘৰত আক্ৰমণ কৰিছিল। "আমি সন্ত্ৰাসবাদীক আক্ৰমণ কৰিছিলো আৰু তেওঁলোকে সাধাৰণ নাগৰিকক আক্ৰমণ কৰিছিল।"
১০. যুদ্ধবিৰতিঃ
ভাৰতে পাকিস্তানৰ ১১ টা সামৰিক ঘাটি আৰু কমাণ্ড চেণ্টাৰত প্ৰচণ্ড আক্ৰমণ চলোৱাৰ পাছত, পাকিস্তানৰ সেনাপ্ৰধান অসীম মুনিৰে আক্ৰমণ বন্ধ কৰিবলৈ আমেৰিকাৰ সহায় বিচাৰিছিল। আমেৰিকাৰ ছেক্ৰেটেৰী অৱ ষ্টেট মাৰ্ক ৰুবিঅ'ই পাকিস্তানৰ অনুৰোধ জনোৱাৰ বাবে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰলৈ ফোন কৰিছিল। কিন্তু তেওঁক স্পষ্টভাৱে জনাই দিয়া হৈছিল যে ভাৰতে কোনো মধ্যস্থতাকাৰীক গুৰুত্ব নিদিয়ে। অৱশেষত, নিৰুপায় হৈ আব্দুল্লাহে জেনেৰেল ঘাইৰ সৈতে যোগাযোগ কৰি যুদ্ধবিৰতিৰ আহ্বান জনাইছিল। আব্দুল্লাহে ঘাইক ফোন কৰি কৈছিল, "ছাৰ, আপোনালোকে যথেষ্ট ব্ৰহ্মোছ মিছাইল নিক্ষেপ কৰিলে। অনুগ্ৰহ কৰি এতিয়া বন্ধ কৰক।" সন্ধিয়া ৫:৩০ বজাৰ পৰা এই যুদ্ধবিৰতি কাৰ্যকৰী হয়।
আচৰিত কথাটো হ'ল, তথ্যচিত্ৰখনত সাক্ষাৎকাৰ লোৱা বেছিভাগ নেতাই এইবুলি কয় যে, "(পাকিস্তানৰ সৈতে) অস্বস্তি এতিয়াও অব্যাহত আছে, যিহেতু অপাৰেচন সেন্দূৰ এতিয়াও চলি আছে।"
'অপাৰেচন সেন্দূৰ' কেৱল এক সামৰিক প্ৰত্যুত্তৰ নাছিল, ই আছিল নতুন ভাৰতৰ এক শক্তিশালী হুংকাৰ। দেশৰ নিৰাপত্তা আৰু সন্মানৰ ক্ষেত্ৰত যে ভাৰতে কোনো ধৰণৰ আপোচ নকৰে, সেয়া এই নিৰ্ভীক অভিযানৰ জৰিয়তে সমগ্ৰ বিশ্বৰ আগত প্ৰমাণ হ'ল।