ভাৰতৰ অৱসৰ জীৱনৰ নতুন অংক: জীৱন শেষ হোৱাৰ আগতেই ধন শেষ হোৱাৰ ভয়

Story by  atv | Posted by  Munni Begum • 19 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
  ৰাজীৱ নাৰায়ণ
 
ভাৰতত মানুহৰ জীৱনকাল বৃদ্ধি পাইছে, কিন্তু সেই অতিৰিক্ত বছৰবোৰৰ বাবে আৰ্থিক সুৰক্ষা একে অনুপাতে বৃদ্ধি পোৱা নাই। মানুহে আগতকৈ অধিক দিন জীয়াই থাকিবলৈ ধৰাৰ লগে লগে অৱসৰ জীৱন ভাৰতৰ অন্যতম ডাঙৰ আৰ্থিক আৰু সামাজিক প্ৰত্যাহ্বান হিচাপে নীৰৱে আত্মপ্ৰকাশ কৰিছে। এসময়ত অৱসৰক কৰ্মজীৱনৰ শেষ অধ্যায় বুলি ভবা হৈছিল। কিন্তু আজি অৱসৰেই হয়তো জীৱনৰ আটাইতকৈ দীঘলীয়া অধ্যায় আৰু একে সময়তে ই আটাইতকৈ অনিশ্চিত অধ্যায় হৈ পৰিছে।
 
প্ৰতিমাহৰ প্ৰথমটো কৰ্মদিনত কোটি কোটি ভাৰতীয় পিতৃ-মাতৃয়ে প্ৰায় একে ধৰণৰ এক নীৰৱ অভ্যাস পালন কৰে। বাতৰিকাকত মেলাৰ আগতেই বা ৰাতিপুৱাৰ চাহ ঠাণ্ডা হোৱাৰ আগতেই তেওঁলোকে বেংকিং এপ খোলে, পাছবুক আপডেট কৰে আৰু এটা পৰিচিত এণ্ট্ৰি বিচাৰে: সুতৰ ক্ৰেডিট(Interest Credit)।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সেই সৰু অংকটোৱে কেৱল বেংক একাউণ্টৰ বেলেঞ্চ নিৰ্ধাৰণ নকৰে। সেই টকাৰে ঔষধ, বজাৰ-সমাৰ, বিদ্যুতৰ বিল, ৰক্ত পৰীক্ষাৰ খৰচ, আনকি চিকিৎসকৰ পৰামৰ্শ মাচুলৰ কথা প্ৰথমে চিন্তা নকৰাকৈ চিকিৎসকৰ ওচৰলৈ যাব পৰা আত্মবিশ্বাসটোও নিৰ্ভৰ কৰে। পুৰণি ফ্ৰিজটো আৰু এটা গ্ৰীষ্মকাল চলিব পাৰিবনে নাই, অথবা নাতি-নাতিনীৰ হাতত কোনো চিন্তা নকৰাকৈ ৫০০ টকা দি দিব পৰা অৱস্থা থাকিবনে নাই এই সকলো কথাৰ সৈতে সেই সৰু অংকটোৰ গভীৰ সম্পৰ্ক আছে।
 
এই লোকসকল কোনো অপব্যয়ী মানুহ নহয়। তেওঁলোক সেই প্ৰজন্মৰ, যিসকলে জীৱনে যি কৰিবলৈ কৈছিল, প্ৰায় সকলোবোৰেই নিষ্ঠাৰে কৰিছিল। কঠোৰ পৰিশ্ৰম কৰিছিল, নিয়মিতভাৱে সঞ্চয় কৰিছিল, ঋণৰ পৰা আঁতৰি চলিছিল, জল্পনা-কল্পনামূলক বিনিয়োগৰ পিছত নুঘূৰি ফিক্সড ডিপ'জিটত ধন জমা কৰিছিল আৰু অৱসৰৰ সময়ত এই বিশ্বাসেৰে জীৱনৰ নতুন অধ্যায়ত প্ৰৱেশ কৰিছিল যে, সাৱধানতাৰে কৰা সঞ্চয়ে তেওঁলোকক নিৰাপত্তা প্ৰদান কৰিব। কিন্তু তেওঁলোকক কোনেও কোৱা নাছিল যে, অৱসৰৰ জীৱনটো নিজেই সলনি হৈ যাব।
 
এটা সলনি হোৱা সমীকৰণ
 
এসময়ত অৱসৰ জীৱন সাধাৰণতে মাত্ৰ প্ৰায় এটা দশকৰ ভিতৰতে সীমাবদ্ধ আছিল। মানুহৰ গড় আয়ুস কম আছিল, পেঞ্চনৰ ব্যৱস্থা অধিক প্ৰচলিত আছিল, চিকিৎসা ব্যয় তুলনামূলকভাৱে কম আছিল আৰু পৰিয়ালৰ সদস্যসকল একেখন ঘৰৰ তলতে একেলগে বাস কৰিছিল। অৱসৰক ‘Golden Years’ অৰ্থাৎ জীৱনৰ সোণালী সময়ৰ আৰম্ভণি হিচাপে দেখা হৈছিল; দীঘলীয়া আৰ্থিক হিচাপ-নিকাচৰ আৰম্ভণি হিচাপে নহয়।
 
কিন্তু সেই পৃথিৱীখন এতিয়া নীৰৱে সলনি হৈ গৈছে। ১৯৬০ৰ দশকত ভাৰতৰ গড় আয়ুস প্ৰায় ৪১ বছৰ আছিল। আজি সেয়া প্ৰায় ৭০ বছৰত উপনীত হৈছে। ৰাষ্ট্ৰসংঘৰ প্ৰক্ষেপণ অনুসৰি ২০৫০ চনৰ ভিতৰত ভাৰতত ৬০ বছৰৰ ঊৰ্ধ্বৰ লোকৰ সংখ্যা প্ৰায় ৩৫ কোটি হ'ব পাৰে অৰ্থাৎ দেশৰ প্ৰায় প্ৰতি পাঁচজন নাগৰিকৰ ভিতৰত এজন হ'ব জ্যেষ্ঠ নাগৰিক। এয়া স্বাধীন ভাৰতৰ অন্যতম বৃহৎ জনস্বাস্থ্য সফলতা। কিন্তু একে সময়তে ই দেশৰ বাবে এক বৃহৎ অৰ্থনৈতিক পৰীক্ষাতো পৰিণত হৈ পৰিছে।
 
সমস্যাটো এইটো নহয় যে, ভাৰতীয়সকলে অধিক দিন জীয়াই আছে। সমস্যাটো হৈছে অৱসৰৰ বাবে গঢ়ি তোলা আৰ্থিক ব্যৱস্থাটোৱে দীৰ্ঘায়ুৰ সৈতে খোজ মিলাব পৰা নাই। ভাৰতৰ ১০ জন শ্ৰমিকৰ ভিতৰত প্ৰায় ৯ জনেই সংগঠিত খণ্ডৰ বাহিৰত দীৰ্ঘদিন ধৰি কাম কৰে, য'ত পেঞ্চনৰ সুবিধা নাথাকে। অৱসৰপ্ৰাপ্ত লোকসকলৰ পছন্দৰ বিনিয়োগ হিচাপে পৰিচিত ফিক্সড ডিপ'জিটৰ পৰা এতিয়া আগৰ তুলনাত কম লাভ পোৱা যায়। আনহাতে, চিকিৎসা আৰু দৈনন্দিন জীৱনৰ খৰচ দ্ৰুতগতিত বৃদ্ধি পাইছে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
ভাৰত হয়তো নিজৰ নাগৰিকসকলক অধিক দিন জীয়াই থাকিবলৈ প্ৰস্তুত কৰিছে, কিন্তু সেই অতিৰিক্ত বছৰবোৰৰ খৰচ বহন কৰিবলৈ তেওঁলোকক পৰ্যাপ্তভাৱে প্ৰস্তুত কৰা নাই। ইয়াৰ ফলত সৃষ্টি হৈছে এক কৰুণ বিপৰীত ছবি। কৰ্মজীৱনত আয় বৃদ্ধি পাই থাকে, কিন্তু সময় সীমিত যেন লাগে। অৱসৰ জীৱনত সময় বৃদ্ধি পায়, কিন্তু আয় প্ৰায়ে সেই অনুপাতে নাবাঢ়ে। ৬০ বছৰত আয় অৱসৰ লয়, কিন্তু খৰচে কেতিয়াও অৱসৰ নলয়।
 
অৱসৰৰ অংক
 
৬০ বছৰ বয়সত অৱসৰ লোৱা এহাল দম্পতীৰ কথা ভাবক। জীৱনজোৰা সঞ্চয় হিচাপে তেওঁলোকৰ হাতত আছে ১ কোটি টকা, কোনো পেঞ্চন নাই, কিন্তু নিজৰ এখন ঘৰ আছে। বেছিভাগ ভাৰতীয়ৰ বাবে ১ কোটি টকা এতিয়াও আৰ্থিকভাৱে যথেষ্ট নিৰাপদ অৱস্থাৰ প্ৰতীক যেন লাগে। কিন্তু অংকটোৱে আন এটা ছবিহে দেখুৱায়। বৰ্তমানৰ প্ৰায় ৬.৫–৭ শতাংশ এফ ডি সুদৰ হাৰত এই ১ কোটি টকাৰ পৰা বছৰি প্ৰায় ৬.৫–৭ লাখ টকা, অৰ্থাৎ কৰ দিয়াৰ আগতে মাহে প্ৰায় ৫৫,০০০–৬০,০০০ টকা উপাৰ্জন হ'ব।  
 
এতিয়া ইয়াক দৈনন্দিন খৰচৰ সৈতে তুলনা কৰক। মধ্যবিত্ত পৰিয়াল এটাৰ ঘৰুৱা খৰচতে মাহে প্ৰায় ৪০,০০০–৫০,০০০ টকা ব্যয় হয়। ইয়াৰ সৈতে ডায়েবেটিছ বা উচ্চ ৰক্তচাপৰ ঔষধ, স্বাস্থ্য বীমাৰ প্ৰিমিয়াম, বিভিন্ন পৰীক্ষা-নিৰীক্ষা, ঘৰুৱা সহায়কৰ খৰচ, বিদ্যুতৰ বিল, ঘৰ মেৰামতি বা ৰক্ষণাবেক্ষণৰ খৰচ আৰু মাজে-সময়ে পৰিয়ালৰ বিভিন্ন দায়িত্বৰ খৰচ যোগ হ'লে মাহিলী ব্যয় ৭০,০০০ টকা বা তাতকৈ অধিক হ'ব পাৰে। প্ৰথম বছৰত এই ব্যৱধানটো হয়তো বৰ ডাঙৰ যেন নালাগিব। কিন্তু সময় বাগৰাৰ লগে লগে এই ব্যৱধান দ্ৰুতগতিত বৃদ্ধি পাব। 
 
যদি বছৰি মুদ্ৰাস্ফীতিৰ হাৰ ৬ শতাংশ হয়, তেন্তে আজি মাহে ৭০,০০০ টকা হোৱা খৰচ ২০ বছৰৰ পিছত একে জীৱন-যাপনৰ মান বজাই ৰাখিবলৈ মাহে ২ লাখ টকাতকৈও অধিক হ'ব লাগিব। সেয়ে অৱসৰৰ পৰিকল্পনা এতিয়া কেৱল এটা ডাঙৰ সঞ্চয়ৰ পুঁজি গঢ়ি তোলাৰ বিষয় হৈ থকা নাই। প্ৰকৃত প্ৰশ্নটো হৈছে এই পুঁজিয়ে মুদ্ৰাস্ফীতি, অনিশ্চয়তা আৰু ক্ৰমাৎ বৃদ্ধি পোৱা চিকিৎসা ব্যয়ৰ মাজেৰে তিনিটা দশক টিকি থাকিব পাৰিবনে?
 
আৰু অৱসৰৰ কোনো হিচাপ-নিকাচে কেতিয়াও ভাল নোপোৱা সেই হঠাৎ অহা পৰিস্থিতিবোৰৰ কথা? যেনে, হঠাৎ কোনো গুৰুতৰ অসুস্থতা আৰু ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ বাবে কেইবা লাখ টকাৰ প্ৰয়োজন হোৱা। মাত্ৰ কেইদিনমানৰ চিকিৎসাই বহু বছৰৰ সুতৰ পৰা পোৱা উপাৰ্জন শেষ কৰি দিব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে, অৱসৰপ্ৰাপ্ত লোকজনে ভুল পৰিকল্পনা কৰিছিল; বৰং আধুনিক চিকিৎসা ব্যৱস্থা যেনেকৈ উন্নত হৈছে, তেনেকৈ ইয়াৰ খৰচো যথেষ্ট বৃদ্ধি পাইছে। বয়স বৃদ্ধিৰ এইটোৱেই হৈছে নতুন অংক। অধিক দিন জীয়াই থকাটো এতিয়া সহজ হৈছে, কিন্তু সেই অতিৰিক্ত বছৰবোৰৰ খৰচ বহন কৰাটো সহজ হৈ উঠা নাই।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সলনি হোৱা নিয়ম
 
দশকৰ পিছত দশক ধৰি ভাৰতীয়সকলৰ বাবে আৰ্থিক জীৱনৰ এটা সহজ সূত্ৰ আছিল কঠোৰ পৰিশ্ৰম কৰা, বুদ্ধিমত্তাৰে সঞ্চয় কৰা আৰু নিৰাপদ স্থানত বিনিয়োগ কৰা। কিন্তু অৱসৰৰ নিয়ম এতিয়া সলনি হৈছে। এটা প্ৰজন্ম আগতে অৱসৰপ্ৰাপ্ত লোকসকলৰ পেঞ্চন আছিল, গড় আয়ুস তুলনামূলকভাৱে কম আছিল আৰু পৰিয়ালৰ সদস্যসকলে একেখন ঘৰৰ তলতে বাস কৰি ঘৰ আৰু খৰচ দুয়োটাই ভাগ-বতৰা কৰিছিল। এতিয়া কোটি কোটি লোক পেঞ্চন অবিহনে অৱসৰ গ্ৰহণ কৰে, ৮০ বছৰ বা তাতকৈ অধিক সময়লৈকে জীয়াই থাকে আৰু প্ৰায়ে এনে একক পৰিয়ালত বাস কৰে, য'ত সন্তানসকলে আন এখন চহৰ, আনকি আন এখন দেশত কৰ্মৰত হৈ থাকে।
 
অৱসৰ এতিয়া জীৱনৰ এনে এক পৰ্যায়, য'ত আয় সীমিত হৈ পৰে, কিন্তু অনিশ্চয়তাৰ কোনো সীমা নাথাকে। ১০ বছৰৰ পিছত সুদৰ হাৰ কিমান হ'ব, কোনেও নিশ্চিতভাৱে ক'ব নোৱাৰে। ২০৪৬ চনত ঔষধৰ দাম কিমান হ'ব, মুদ্ৰাস্ফীতিয়ে সঞ্চয়ক অতিক্ৰম কৰিব নেকি, অথবা অৱসৰ জীৱন নিজেই কিমান দীঘলীয়া হ'ব এই প্ৰশ্নবোৰৰ কোনো নিশ্চিত উত্তৰ কাৰো হাতত নাই।
 
অৱসৰ এতিয়া কেৱল সম্পদ জমা কৰাৰ বিষয় হৈ থকা নাই; বৰং অনিশ্চয়তাক কেনেদৰে সামলাব পাৰি, সেইটোৱেই হৈ পৰিছে মূল কথা। এই পৰিস্থিতিয়ে বহু অৱসৰপ্ৰাপ্ত লোকক এনে কিছুমান সিদ্ধান্ত ল'বলৈ বাধ্য কৰিছে, যিবোৰ তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিল-- জৰুৰী নহোৱা চিকিৎসা পিছুৱাই দিয়া, ঘৰৰ মেৰামতি পলম কৰা, নিজৰ ইচ্ছামতে কৰা খৰচ কমাই দিয়া অথবা বহুদিন ধৰি হাত নলগোৱাকৈ ৰাখিব বিচৰা মূল সঞ্চয়ৰ ধনৰ পৰাই খৰচ কৰিবলৈ বাধ্য হোৱা। প্ৰকৃত ভয় অপব্যয় নহয়; ভয়টো হৈছে সঞ্চয় লাহে লাহে ক্ষয় হৈ যোৱাৰ।
 
সলনি হৈছে বৃদ্ধাৱস্থাৰ ছবিও
 
ভাৰতত ছিনিয়ৰ লিভিং কমিউনিটি বা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষভাৱে গঢ়ি তোলা বাসস্থানৰ সংখ্যা বৃদ্ধি পোৱাটোৱেই এই পৰিৱৰ্তনৰ এক নীৰৱ প্ৰতিফলন। এসময়ত এনে ব্যৱস্থা ব্যতিক্ৰম হিচাপে দেখা হৈছিল। যদিও এতিয়া ক্ৰমাৎ ই চহৰীয়া জীৱনৰ এক অংশ হৈ পৰিছে। কিছুমান এনে আবাসস্থলত সংগ, পেছাদাৰী যত্ন আৰু নিজৰ মতে জীৱন-যাপন কৰাৰ স্বাধীনতা প্ৰদান কৰা হয়। আন কিছুমানৰ প্ৰয়োজন হৈছে এই কাৰণেই যে, পৰিয়ালৰ সদস্যসকলে আন্তৰিকভাৱে বিচাৰিলেও বিভিন্ন চহৰ বা দেশত থাকি প্ৰতিদিনে জ্যেষ্ঠ সদস্যসকলক প্ৰয়োজনীয় সহায় আগবঢ়াব নোৱাৰে। সেয়ে আজিৰ দিনত অৱসৰ কেৱল এটা আৰ্থিক মাইলষ্টোন নহয়। ই এক গুৰুত্বপূৰ্ণ সামাজিক পৰিৱৰ্তনো।
 
সেইবাবেই এই আলোচনা কেৱল ব্যক্তিগত সঞ্চয়ৰ মাজতে সীমাবদ্ধ থাকিব নোৱাৰে। পেঞ্চন ব্যৱস্থাৰ সংস্কাৰ, সুলভ চিকিৎসা, আৰ্থিক জ্ঞান, জ্যেষ্ঠ নাগৰিকৰ উপযোগী বাসস্থান, দীৰ্ঘম্যাদী যত্ন, অৱসৰৰ আয়ৰ ওপৰত কৰ ব্যৱস্থা আৰু শক্তিশালী সামাজিক সহায় ইত্যাদিবোৰক পৃথক পৃথক নীতিৰ বিষয় হিচাপে চাব নোৱাৰি। এই সকলোবোৰ একেলগে মিলিয়েই ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা জ্যেষ্ঠ নাগৰিক জনসংখ্যাৰ জীৱনৰ মান নিৰ্ধাৰণ কৰিব।
 
প্ৰতিনিধিত্বমূলক ছবি
 
শেষ প্ৰতিশ্ৰুতি
 
‘Golden Years’ বা ‘সোণালী সময়’ এই শব্দযুগলে আজিও এক উমাল অনুভূতি কঢ়িয়াই আনে। কিন্তু কোটি কোটি অৱসৰপ্ৰাপ্ত লোকৰ বাবে সেই সোণালী বছৰবোৰৰ সৈতে এতিয়া কিছুমান নীৰৱ প্ৰশ্নও আহি পৰে। সঞ্চয়খিনি শেষ নোহোৱাকৈ চলিবনে?, চিকিৎসাৰ খৰচ ভৱিষ্যতেও বহন কৰিব পৰা যাবনে?, মুদ্ৰাস্ফীতিৰ মাজতো নিজৰ স্বাধীনতা অটুট থাকিবনে?, এটা গুৰুতৰ চিকিৎসাজনিত জৰুৰীকালীন পৰিস্থিতিৰ পিছতো হাতত পৰ্যাপ্ত ধন থাকিবনে? এইবোৰ কেৱল ব্যক্তিগত চিন্তা নহয়। এই প্ৰশ্নবোৰে আচলতে ভাৰত কেনে এখন সমাজলৈ পৰিৱৰ্তিত হৈ আছে, সেই কথাৰ সৈতে জড়িত।
 
প্ৰতিটো প্ৰজন্মই নিজৰ সময়ৰ এক বিশেষ আৰ্থিক প্ৰত্যাহ্বান উত্তৰাধিকাৰ হিচাপে লাভ কৰে। আমাৰ পিতৃ-মাতৃৰ প্ৰজন্মৰ বাবে সেয়া আছিল 'পৰ্যাপ্ত উপাৰ্জন কৰা'। যুৱ পৰিয়ালসমূহৰ বাবে সেয়া হৈছে 'নিজৰ ঘৰ কিনা'। আৰু অৱসৰৰ দুৱাৰমুখত থিয় দিয়া প্ৰজন্মৰ বাবে হয়তো আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল 'নিজৰ সঞ্চয়খিনি যাতে নিজৰ জীৱনতকৈ আগতেই শেষ হৈ নাযায়, সেইটো নিশ্চিত কৰা'।
 
সৰলকৈ ক'বলৈ গ'লে, অৱসৰ জীৱনৰ আটাইতকৈ ডাঙৰ আশংকা এতিয়া 'জীৱন শেষ হৈ যোৱাটো নহয়, জীৱন শেষ হোৱাৰ আগতেই ধন শেষ হৈ যোৱাটোহে'।