মালদাত প্ৰতিৱেশী হিন্দু বৃদ্ধাৰ শেষকৃত্য সম্পন্ন কৰি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে মৌলানা মনছুৰ ৰহমানে

Story by  atv | Posted by  Munni Begum • 36 m ago
মালদাত প্ৰতিৱেশী হিন্দু বৃদ্ধাৰ শেষকৃত্য সম্পন্ন কৰি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে মৌলানা মনছুৰ ৰহমানে
মালদাত প্ৰতিৱেশী হিন্দু বৃদ্ধাৰ শেষকৃত্য সম্পন্ন কৰি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে মৌলানা মনছুৰ ৰহমানে
 
তৰুণ নন্দী / কলকাতা
 
ধৰ্মৰ দেৱালতকৈ মানৱতাৰ বান্ধোন যে বহুগুণে শক্তিশালী, তাৰেই এক জীৱন্ত নিদৰ্শন দেখা গ'ল মালদা জিলাত। ধৰ্মীয় বিভেদক নেওচি মানৱীয়তাৰ জয়গান গোৱা এই খবৰটোৱে এতিয়া সকলোৰে হৃদয় স্পৰ্শ কৰিছে।
 
হিন্দু বৃদ্ধাৰ শেষকৃত্যত কাষত থিয় দিলে এগৰাকী মুছলমান মৌলানাই। সকলো ধৰ্মীয় ভেদাভেদ পাহৰি সম্প্ৰীতিৰ এক অনন্য ছবি দেখিবলৈ পোৱা গ'ল মালদা জিলাৰ ছামছিৰ ভগৱানপুৰ গাঁৱত। ধৰ্মীয় পৰিচয় সুকীয়া হ'লেও সংকটৰ সময়ত মানুহৰ কাষত থিয় দিয়াটোৱেই যে মানুহৰ আটাইতকৈ ডাঙৰ পৰিচয়, তাকেই বাস্তৱত কৰি দেখুৱালে এইগৰাকী মুছলমান মৌলানাই। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মালদা জিলাৰ ৰতুৱা-১ নং ব্লকৰ ভগৱানপুৰ গাঁৱৰ ৮৫ বছৰীয়া মংগলা প্ৰামাণিকে বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। বহুদিন পূৰ্বেই স্বামীহাৰা হৈছিল মংগলা দেৱী। ইহসংসাৰত এৰি থৈ গৈছে সন্তানসকলক। মঙলবাৰে দুপৰীয়া ছামছিৰ সাপাহাৰা শ্মশানত বৃদ্ধাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিবলৈ আগবাঢ়ি আহে প্ৰতিৱেশী মনছুৰ ৰহমান আৰু ছাদ্দাম হুছেইন।
মনছুৰ ৰহমান পেছাত মছজিদৰ এজন ইমাম হোৱাৰ লগতে তেওঁ এগৰাকী শিক্ষকো। আৰৱী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰীত সোণৰ পদকপ্ৰাপ্ত এইগৰাকী যুৱকে কোনো দ্বিধা নোহোৱাকৈ মংগলা দেৱীৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে শ্মশানলৈ ঢাপলি মেলে। নিজ হাতেৰে খান্দি উলিয়ায় বৃদ্ধাগৰাকীৰ অন্তিম শয়নৰ স্থান আৰু মাটি অৰ্পণ কৰে। ইয়াৰ সমান্তৰালকৈ স্থানীয় আন এজন যুৱক ছাদ্দাম হুছেইনেও হিন্দু বৃদ্ধাগৰাকীৰ মৃতদেহ শ্মশানলৈ লৈ যোৱাত সহায় কৰি মানৱীয়তাৰ হাত আগবঢ়ায়। সঁচা অৰ্থত, শোকত ম্ৰিয়মাণ হৈ পৰা পৰিয়ালটোৰ কাষত এই দুই যুৱকৰ উপস্থিতি আছিল নিভাঁজ মৰমৰ বহিৰ্প্ৰকাশ।
 
মৌলানা মনছুৰ ৰহমানে জনায়, "প্ৰকৃততে মানুহৰ বিপদত কাষত থিয় দিয়াটোৱেই হৈছে আচল ধৰ্ম। সকলো কথা পাহৰি এজন প্ৰতিৱেশী হিচাপে মই কেৱল মোৰ দায়িত্ব পালন কৰিছোঁ। আপোনালোকে ক'ব পাৰে, মানৱীয়তাৰ ক্ষেত্ৰত আমাৰ মাজত কোনো বিভেদ নাই।" বৃদ্ধাগৰাকীৰ পৰিয়ালেও এই দুই মুছলমান যুৱকৰ উপস্থিতিক লৈ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে, সম্প্ৰীতিৰ এই বান্ধোন তেওঁলোকৰ হৃদয়ত চিৰকাল অব্যাহত থাকিব।
 
হিন্দু বৃদ্ধাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সম্পন্ন মুছলমান মৌলানাৰ
 
মংগলা দেৱীৰ দেওৰেকৰ ল'ৰা বাবলু প্ৰামাণিকে কয়, "মনছুৰ আৰু ছাদ্দামে যিদৰে আমাৰ পৰিয়ালটোৰ কাষত থিয় দিলে, সেয়া কোনো দিনে পাহৰিব নোৱাৰি। এনে সম্পৰ্কই হৈছে আমাৰ গাঁৱৰ সম্প্ৰীতিৰ পৰিচয়। আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ।" স্থানীয় লোকসকলৰ মতে, ভগৱানপুৰৰ এই ঘটনা ধৰ্মীয় সম্প্ৰীতি আৰু পাৰস্পৰিক সৌহাৰ্দ্যৰ এক সুন্দৰ নিদৰ্শন হৈ পৰিছে। প্ৰকৃত ভালপোৱাই হৈছে প্ৰতিগৰাকী মানুহৰ পৰম আশ্ৰয় আৰু সম্প্ৰীতিয়েই হৈছে এখন সুন্দৰ সমাজৰ মূল আধাৰ।