আশ্বাৰ আলম / নতুন দিল্লী
পুৰণি দিল্লীৰ জামা মছজিদৰ আশে-পাশে থকা সৰু সৰু গলিবিলাকে আজিও অতীতৰ অলেখ স্মৃতি কঢ়িয়াই ফুৰে। সেই ইতিহাসৰেই এক নীৰৱ সাক্ষী হৈছে ৭০ বছৰীয়া শিল্পী কাফিল, যিয়ে আজিও হাতে অঁকা বলিউডৰ পষ্টাৰ আৰু হৰ্ডিং নিৰ্মাণৰ প্ৰায় লুপ্তপ্ৰায় শিল্পটোক জীয়াই ৰাখিছে। ডিজিটেল প্ৰযুক্তিৰ কৱলত আজি এই ঐতিহ্য প্ৰায় হেৰাই গৈছে, যদিও তেওঁৰ তুলিকাৰ প্ৰতিটো আঁচোৰে যেন ভাৰতীয় চিনেমাৰ সোণালী দিনৰ স্মৃতি ঘূৰাই আনে।
মাটিয়া মহলৰ এটা সাধাৰণ ষ্টুডিঅ'তেই তেওঁৰ কৰ্মক্ষেত্ৰ। পিছে এইখন যেন কোনো সাধাৰণ দোকান নহয়, বৰং এক জীৱন্ত সংগ্ৰহালয়হে। ৰং উৱলি যোৱা পষ্টাৰ, আধা অঁকা হৰ্ডিং, ৰঙৰ দাগ লগা বেৰ আৰু বহু ব্যৱহাৰৰ ফলত জৰাজীৰ্ণ হোৱা তুলিকাবোৰে যেন লাহে লাহে হেৰাই যাব ধৰা এক যুগৰ সাধুকথা কয়।
নিজৰ কাৰ্মস্থলীত চিত্ৰশিল্পী কাফিল আহমেদ আনছাৰী
ডিজিটেল স্ক্ৰীন আৰু ফ্লেক্স বেনাৰে চহৰখনৰ ৰূপ সলনি কৰাৰ বহু আগতেই কাফিল আহমেদ আনছাৰীৰ তুলিকাৰ পৰশত বিশাল হৰ্ডিঙত জীৱন্ত হৈ উঠিছিল বলিউডৰ কিংবদন্তিসকল। তেওঁ 'দীৱাৰ', 'পাকীজা', 'মোগল-ই-আজম' আৰু 'ৰাম ঔৰ শ্যাম'ৰ দৰে কালজয়ী চলচ্চিত্ৰৰ পষ্টাৰ আঁকিছিল। তেওঁৰ শিল্পই চহৰৰ ৰাস্তাবোৰক মুকলি আকাশৰ তলৰ চিনেমা হললৈ ৰূপান্তৰিত কৰিছিল আৰু দেৱালবোৰ হৈ পৰিছিল আৱেগিক কাহিনী বৰ্ণনা কৰা একোখন কেনভাছ।
উত্তৰ প্ৰদেশৰ বেৰেইলী জিলাৰ আওনলাত জন্মগ্ৰহণ কৰিছিল কাফিলে। 'পেইণ্টাৰ কাফিল' নামেই তেওঁ অধিক পৰিচিত। স্কুলীয়া জীৱনতেই শিল্পকলাৰ প্ৰতি তেওঁৰ অনুৰাগ গঢ়ি উঠিছিল। তাত তেওঁ শিক্ষক নিয়ামতুল্লাহ আনছাৰীৰ পৰা কেলিগ্ৰাফী (সুন্দৰ হাতৰ আখৰৰ কলা) শিকে। পৰৱৰ্তী সময়ত স্থানীয় শিল্পী ছবিৰ ৰজা খানৰ নিখুঁত আৰু শান্তভাৱে ছবি অঁকাৰ কাম ঘণ্টাধৰি নিৰীক্ষণ কৰি তেওঁ নিজৰ দক্ষতা আৰু অধিক শাণিত কৰে। তেতিয়াৰ পৰাই তেওঁ কেৱল ছবি অঁকাৰ প্ৰতিয়েই নহয়, বৰং ৰঙৰ জৰিয়তে কাহিনী কোৱাৰ শিল্পৰ প্ৰতিও গভীৰভাৱে আকৃষ্ট হৈ পৰে।
তেওঁৰ জীৱনৰ পথ একেবাৰে সহজ নাছিল। ১৯৮০ চনত পিতৃৰ মৃত্যু আৰু পাৰিবাৰিক ব্যৱসায় খহি পৰাৰ পিছত জীৱনে এক কঠিন মোৰ লয়। পকেটত মাত্ৰ এহেজাৰ টকা আৰু সন্মুখত অনিশ্চিত ভৱিষ্যত লৈ জীৱিকা আৰু নতুন সম্ভাৱনাৰ সন্ধানত তেওঁ নিজৰ চহৰ এৰি দিল্লীলৈ গুচি আহে।
দিল্লী চহৰখন যিমান ভয়ানক আছিল, সিমানেই সম্ভাৱনাৰে ভৰপূৰো আছিল। পূব দিল্লীত আত্মীয়ৰ ঘৰত থাকি তেওঁ এখন চাইকেলৰে চহৰখনৰ বিভিন্ন প্ৰান্তলৈ ঘূৰি ফুৰিছিল। লগত আছিল তুলিকা, ৰঙৰ টেমা আৰু নিজৰ সামৰ্থ্যতকৈও ডাঙৰ এক সপোন। কামৰ সন্ধানত তেওঁ ইখনৰ পিছত সিখন দুৱাৰত টোকৰ দিছিল আৰু লাহে লাহে ৰাজধানীৰ শিল্পজগতৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছিল। প্ৰখ্যাত শিল্পী ফৈজ ছিদ্দিকীৰ ওচৰত তেওঁ প্ৰকৃত শিক্ষা লাভ কৰিছিল। প্ৰায় ১৯ বছৰ ধৰি তেওঁৰ তত্ত্বাৱধানত কাম কৰি কাফিলে অনুশাসন, কৌশল আৰু সৰু স্কেচক কেনেকৈ বিশাল চিনেমাৰ দৃশ্যলৈ ৰূপান্তৰিত কৰিব লাগে, সেয়া আয়ত্ত কৰে।
বিদেশী ক্ৰেতাৰ সৈতে কথা পাতি থকা অৱস্থাত চিত্ৰশিল্পী কাফিল আহমেদ আনছাৰী
অৱশেষত ১৯৯৯ চনত জামা মছজিদৰ সমীপৰ মাটিয়া মহলত তেওঁ নিজৰ ষ্টুডিঅ' প্ৰতিষ্ঠা কৰে। অতি সোনকালেই তেওঁৰ কাম দিল্লীৰ দৃশ্যমান সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে। চলচ্চিত্ৰৰ প্ৰচাৰ, বাণিজ্যিক চাইনবৰ্ড, থিয়েটাৰৰ হৰ্ডিং আৰু হাতে অঁকা বিজ্ঞাপন- সকলো ক্ষেত্ৰতেই তেওঁৰ শিল্পই ৰাজধানীৰ ব্যস্ত ৰাস্তাত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।
তাৰ পিছতেই আহে এক বৃহৎ পৰিৱৰ্তন। ২০০০ চনৰ আৰম্ভণিতে প্ৰযুক্তিৰ ঢৌৱে সকলো সলনি কৰি পেলায়। ফ্লেক্স প্ৰিণ্টিং মেচিন, ডিজিটেল ইংকজেট বেনাৰ আৰু কম্পিউটাৰ-নিৰ্ভৰ ডিজাইনে দ্ৰুতগতিত হাতে অঁকা পষ্টাৰৰ স্থান দখল কৰে। ইজনৰ পিছত সিজনকৈ অলেখ শিল্পীয়ে এই পেছা এৰি দিয়ে। বন্ধ হৈ যায় বহুতো ষ্টুডিঅ'। ভাৰতীয় চিনেমাৰ জনপৰিসৰৰ পৰিচয়ৰ অন্যতম প্ৰতীক এই শিল্পধাৰা লাহে লাহে স্মৃতিৰ পাতত আৱদ্ধ হৈ পৰে।
সেই সময়ৰ কথা সুঁৱৰি কাফিলে শান্ত মাতেৰে কয়, "বহুতো শিল্পীয়ে চহৰ এৰি গুচি গৈছিল। বহুতে কাম এৰি দিছিল। মেচিনৰ আগমনত তুলিকাৰ মূল্য কমি গৈছিল। যিসকলে নিজক সলনি কৰিব পাৰিলে, কেৱল তেওঁলোকেই টিকি থাকিল।" তেওঁৰ প্ৰজন্মৰ বহু শিল্পীৰ বাবে এয়া কেৱল পেছাগত পৰিৱৰ্তনেই নাছিল, আজীৱন গঢ়ি তোলা পৰিচয়ৰো অৱসান আছিল।
পৰিৱৰ্তিত সময়ৰ সৈতে তাল মিলাবলৈ কাফিলেও কিছুদিন ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰিছিল। কিন্তু তেওঁৰ অনুভৱ হৈছিল যেন তাত আটাইতকৈ গুৰুত্বপূৰ্ণ কিবা এটা অনুপস্থিত। তুলিকাৰ স্পৰ্শ, ক্যানভাছত লাহে লাহে এখন ছবিৰ জন্ম হোৱাৰ অনুভৱ- এইবোৰ ডিজিটেল মাধ্যমত পোৱা নাযায়। শেষত তেওঁ পুনৰ ঘূৰি আহে তেওঁৰ আটাইতকৈ প্ৰিয় পৰিচয়, হাতে অঁকা শিল্পলৈ।
চিত্ৰশিল্পী কাফিলে আহমেদ আনছাৰীি
আজিও তেওঁ প্ৰতিটো তুলিকাৰ আঁচোৰত নতুন অৰ্থ বিচাৰি পায়। তেওঁ বিশ্বাস কৰে যে হাতে অঁকা বলিউডৰ শিল্পৰ এনে এক আত্মা আছে, যিটো কোনো যন্ত্ৰই কেতিয়াও সৃষ্টি কৰিব নোৱাৰে। তেওঁৰ মতে, বিশেষকৈ বিদেশৰ মানুহে এই শিল্পৰ স্বকীয়তাক আটাইতকৈ বেছি মূল্য দিয়ে। কাফিলে কয়, "বিদেশৰ মানুহে হাতে অঁকা কামৰ গভীৰতা অনুভৱ কৰে। তেওঁলোকৰ বাবে এয়া জীৱন্ত। ইয়াৰ নিজস্ব এক টেক্সচাৰ আছে, নিজস্ব উপস্থিতি আছে।"
কাফিলৰ বাবে এই শিল্প কেৱল অতীতৰ স্মৃতি নহয়, এয়া এক দৰ্শন। তেওঁৰ মতে, উজ্জ্বল আৰু নাটকীয় ৰং ভাৰতৰ বৈচিত্ৰ্যৰ প্ৰতীক। বহুস্তৰীয় আখৰৰ শৈলীয়ে দেশৰ জটিলতাক দাঙি ধৰে। আৰু তেওঁৰ বিশাল ক্যানভাছসমূহে সেইবোৰ চলচ্চিত্ৰৰ মহিমাকেই প্ৰতিফলিত কৰে, যিবোৰৰ প্ৰচাৰৰ বাবে এদিন এই হৰ্ডিংবোৰ নিৰ্মাণ কৰা হৈছিল। আজিও ট্ৰাকৰ গাত, কিছুমান পুৰণি চিনেমা হলৰ বৰ্ডত বা মাজে-সময়ে ৰাজহুৱা দেৱালচিত্ৰত এই ঐতিহ্যৰ কিছু চিন দেখিবলৈ পোৱা যায়, অৱশ্যে অতীতৰ ক্ষীণ প্ৰতিধ্বনিৰ দৰে ই ক্ৰমান্বয়ে বিৰল হৈ পৰিছে।
যথেষ্ট সন্মান আৰু স্বীকৃতি পালেও তেওঁৰ এটা ইচ্ছা আজিও অপূৰ্ণ হৈ আছে। কাফিলে এনে এজন তৰুণ শিকাৰু বিচাৰে, যিয়ে এই লুপ্তপ্ৰায় শিল্পটোক আগন্তুক প্ৰজন্মৰ মাজলৈ লৈ যাব, ধৈৰ্যৰে শিকিব আৰু নিজৰ কল্পনাশক্তিৰ জৰিয়তে এই ঐতিহ্যক জীয়াই ৰাখিব।
আজিও পুৰণি দিল্লীৰ সেই ব্যস্ত অথচ নিস্তব্ধ গলিটোত পেইণ্টাৰ কাফিলৰ ষ্টুডিঅ'টো নিয়ন লাইট বা ডিজিটেল স্ক্ৰীনৰ পোহৰত নহয়, ৰঙৰ টেমা, জৰাজীৰ্ণ তুলিকা আৰু তেওঁৰ অটল একাগ্ৰতাৰ পোহৰত জিলিকি থাকে। আধুনিকতাৰ ধামখুমীয়াত সকলো সলনি হ'লেও, তেওঁৰ তুলিকাত আজিও বৈ আছে সেই সোণালী যুগৰ জীৱন্ত স্পন্দন। যেতিয়ালৈকে তেওঁৰ হাতত তুলিকা চলি থাকিব, তেতিয়ালৈকে বলীউডৰ হাতে অঁকা পষ্টাৰৰ সেই সোণালী যুগ সম্পূৰ্ণৰূপে হেৰাই নাযায়; বৰং প্ৰতিটো ৰঙৰ আঁচোৰত ই নীৰৱে উশাহ লৈ থাকিব। প্ৰযুক্তি যিমানেই আগ নাবাঢ়ক কিয়, কাফিলৰ দৰে শিল্পীসকলৰ তুলিকাৰ এই যাদুৱে সদায় সোঁৱৰাই থাকিব যে প্ৰকৃত শিল্পৰ স্থান কোনো যন্ত্ৰই ল'ব নোৱাৰে।