আৰিফুল ইছলাম/গুৱাহাটী
অহা ১৯ ছেপ্টেম্বৰ তাৰিখে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ অগণন গুণমুগ্ধৰ সোঁত ব’ব বুলি ধাৰণা কৰা হৈছে। এই সম্ভাব্য বিশাল জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি আৰু অনুষ্ঠানত উপস্থিত থাকিবলগীয়া লোকসকলৰ যাতায়ত সুচল কৰাৰ উদ্দেশ্যৰে 'অসম ৰাজ্যিক ড্ৰাইভাৰ্ছ ইউনিয়নে এক প্ৰশংসনীয় তথা বিশেষ যাতায়ত ব্যৱস্থাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এই বিশেষ পদক্ষেপৰ অধীনত ইউনিয়নৰ অন্তৰ্গত পঞ্জীয়নভুক্ত চালকসকলে ৰাইজৰ সুবিধাৰ্থে একেবাৰে নূন্যতম ভাড়াত কেব সেৱা আগবঢ়াব।
এই মহানুভৱতাৰ অংশ স্বৰূপে, 'অসম কমাৰ্চিয়েল ড্ৰাইভাৰ্ছ এছ'চিয়েচন'ৰ সদস্যসকলৰ লগতে ৰাজ্যখনৰ অন্যান্য পঞ্জীয়নভুক্ত কেব চালকসকলেও একগোট হৈ স্মৃতিচাৰণ থলীলৈ যোৱা দৰ্শনাৰ্থীসকলক সুকলমে অনুষ্ঠানস্থলীত উপস্থিত কৰোৱাৰ দায়িত্ব গ্ৰহণ কৰিব। অনুষ্ঠানৰ দিনা পুৱাৰে পৰা তেওঁলোকে যাত্ৰীসকলক এই যাতায়ত সেৱা প্ৰদান কৰিব।
ড্ৰাইভাৰ্ছ ইউনিয়নৰ সদস্য তথা কেব চালক ৰাজু আলীয়ে কয়; "আমি জুবিন দেশৰ মানুহ। আমি জুবিন যুগৰ মানুহ। গতিকে আমি জুবিন দাৰ কাৰণে এইখিনি কৰিব পাৰোঁ। তেওঁ সদায় আমাৰ দৰে মানুহৰ বাবে কাম কৰি গৈছিল। এইবোৰ কামেৰেই আমি জুবিন দাক জীয়াই ৰাখিব লাগিব।"
আৰ্তজনৰ সহায়ত সদায় আগত আছিল জুবিন
ড্ৰাইভাৰ্ছ ইউনিয়নৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰাৰ মানসৰেই এই ব্যৱস্থা হাতত লোৱা হৈছে। শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ জুবিন ক্ষেত্ৰত সমৱেত হ’বলগীয়া লোকসকলৰ যাতায়ত যাতে বাধাগ্ৰস্ত নহয়, তাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰথম মৃত্যু বাৰ্ষিকীত হ'বলগীয়া সম্ভাব্য জনসমাগমৰ বাবে তেওঁৰ অনুৰাগী আৰু অন্যান্য দৰ্শনাৰ্থীসকলে যাতে অনুষ্ঠানস্থলী পোৱাত কোনো ধৰণৰ অসুবিধা বা হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া নহয়, সেয়াই হৈছে ড্ৰাইভাৰ্ছ ইউনিয়নৰ এই পদক্ষেপৰ অন্যতম প্ৰধান উদ্দেশ্য।
সেয়েহে, অহা ১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ গৈ প্ৰিয় শিল্পীগৰাকীক স্মৰণ কৰাৰ পৰিকল্পনা কৰা সমূহ ৰাইজলৈ ইউনিয়নে এক বিশেষ আহ্বান জনাইছে। যাতায়তৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সুকলমে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ইউনিয়নৰ সদস্যসকলে আগবঢ়োৱা এই বিশেষ আৰু নূন্যতম ভাড়াযুক্ত কেব সেৱাৰ সুবিধা গ্ৰহণ কৰিবলৈ ৰাইজক অনুৰোধ জনোৱা হৈছে।
আনহাতে জুবিন গাৰ্গলৈ এক অনন্য শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এগৰাকী ই-ৰিক্সা চালকে অহা ১৯ ছেপ্টেম্বৰত শিল্পীগৰাকীৰ মৃত্যুবাৰ্ষিকীত যাত্ৰীসকলৰ বাবে বিনামূলীয়া যাত্ৰাৰ কথা ঘোষণা কৰিছে।
নলবাৰীৰ ই-ৰিক্সা চালক মণ্টু কলিতা
নলবাৰীৰ ই-ৰিক্সা চালক মণ্টু কলিতাই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে তেওঁ সকলোৰে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিক নিজৰ ধৰণেৰে সন্মান জনাব বিচাৰিছিল। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ ই-ৰিক্সাত আঁৰি থোৱা এখন পোষ্টাৰত ১৯ ছেপ্টেম্বৰৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে যাত্ৰীসকলক বিনামূলীয়াকৈ সেৱা আগবঢ়োৱাৰ কথা উল্লেখ কৰা হৈছে।
উল্লেখযোগ্য যে, চালকগৰাকীৰ এই পদক্ষেপে অনুৰাগী আৰু গুণমুগ্ধসকলৰ বিপুল প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। অসম তথা অসমৰ বাহিৰতো মানুহৰ হৃদয়ত যাৰ সংগীতে আজিও এক বিশেষ স্থান অধিকাৰ কৰি আছে, সেইগৰাকী প্ৰসিদ্ধ শিল্পীৰ প্ৰতি ই-ৰিক্সা চালকগৰাকীৰ এই আন্তৰিক শ্ৰদ্ধাঞ্জলিক সকলোৱে শলাগ লৈছে।