নতুন দিল্লী
কেন্সাৰৰ দৰে দুৰাৰোগ্য ব্যাধিয়ে কেৱল ৰোগীৰ স্বাস্থ্যকেই নহয়, বৰঞ্চ এটা পৰিয়ালৰ আৰ্থিক ভেটিও থানবান কৰি পেলায়। কিন্তু এইবাৰ দেশৰ লাখ লাখ কেন্সাৰ ৰোগীৰ বাবে এক অতি আশাৰ বতৰা কঢ়িয়াই আনিছে ‘নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি’য়ে। উচ্চতম ন্যায়ালয়ৰ তীব্ৰ অসন্তুষ্টি আৰু কঠোৰ নিৰ্দেশনাৰ পাছতেই এই কৰ্তৃপক্ষই কেন্সাৰৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ এক নতুন আৰু সংশোধিত মূল্য তালিকা প্ৰকাশ কৰিছে। এই নতুন নিৰ্দেশনাৱলী অনুসৰি, কেন্সাৰ চিকিৎসাত ব্যৱহৃত ১৩৭ বিধ গোত্ৰৰ অন্তৰ্গত মুঠ ৫৪৩ বিধ ঔষধ আৰু প্ৰকাৰৰ মূল্য সৰ্বাধিক ৯০ ৰ পৰা ৯৩ শতাংশ পৰ্যন্ত হ্ৰাস কৰা হৈছে। অহা ৯ নৱেম্বৰৰ পৰা সমগ্ৰ দেশজুৰি কাৰ্যকৰী হ’বলগীয়া এই পদক্ষেপে ৰোগীসকলৰ চিকিৎসাৰ ব্যয় অভাৱনীয়ভাৱে হ্ৰাস কৰিব।
এনপিপিএ-ৰ এই নতুন নিৰ্দেশনাৰ ফলত জীৱনদায়িনী ঔষধৰ মূল্য সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ ভিতৰলৈ আহিছে। উদাহৰণস্বৰূপে, স্তন কেন্সাৰৰ চিকিৎসাত বহুলভাৱে ব্যৱহৃত ‘Palbociclib’ ঔষধবিধৰ এটা পেকৰ পূৰ্বৰ এম.আৰ.পি আছিল ৪০,৪২১ টকা। কিন্তু এতিয়া ৯৩.৩% মূল্য হ্ৰাস পোৱাৰ পাছত এই ঔষধবিধ মাত্ৰ ২,৭২০ টকাত উপলব্ধ হ’ব। একেদৰে, কেন্সাৰ চিকিৎসাত ব্যৱহৃত আন এবিধ অতি গুৰুত্বপূৰ্ণ বেজী ‘Thiotepa’ ৰ মূল্য আছিল ৮০,০৭১ টকা। এতিয়া ৯১% মূল্য হ্ৰাস হৈ এই বেজীটো মাত্ৰ ৭,১৫০ টকাত পোৱা যাব।
এই যুগান্তকাৰী সিদ্ধান্তৰ আঁৰত আছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এক কঠোৰ স্থিতি আৰু সক্ৰিয় হস্তক্ষেপ। জীৱনদায়িনী ঔষধৰ অত্যধিক মূল্য আৰু এম.আৰ.পি সন্দৰ্ভত চলি থকা এক গোচৰৰ শুনানিত ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ খণ্ডপীঠে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল। ঔষধ উৎপাদনকাৰী সংস্থাসমূহে খুচুৰা বিক্ৰেতাক মাত্ৰ ২,৭০০ টকাত যোগান ধৰা ঔষধৰ এম.আৰ.পি ২৭,০০০ টকা নিৰ্ধাৰণ কৰা কাৰ্যক ন্যায়ালয়ে কঠোৰ ভাষাৰে “দিনডকাইতি” বুলি অভিহিত কৰিছিল।
ঔষধৰ এই অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ ওপৰত চৰকাৰী নিৰীক্ষণৰ অভাৱক লৈ ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰাৰ পাছতেই এনপিপিএ তৎপৰ হৈ পৰে। কৰ্তৃপক্ষই লগে লগে ১৩৭ বিধ নন-চিডিউলড কেন্সাৰ ঔষধৰ ক্ষেত্ৰত ব্যৱসায়িক লাভৰ সীমা সৰ্বাধিক ৩০ শতাংশ নিৰ্ধাৰণ কৰি দিয়ে আৰু এই সংশোধিত মূল্যৰ তালিকা প্ৰকাশ কৰে।
চৰকাৰী পৰিসংখ্যা আৰু তথ্য অনুসৰি, এই ‘বাণিজ্যিক মুনাফাৰ সীমা নিৰ্ধাৰণ’ প্ৰক্ৰিয়াৰ ফলত সমগ্ৰ দেশৰ কেন্সাৰ ৰোগীসকলে অভূতপূৰ্ব আৰ্থিক সকাহ লাভ কৰিব। এই ব্যৱস্থাৰ জৰিয়তে চিকিৎসাৰ পোনপটীয়া খৰচৰ পৰা ৰোগীসকলে প্ৰতি বছৰে প্ৰায় ২,৫০০ কোটিৰ পৰা ৩,৫০০ কোটি টকা পৰ্যন্ত ৰাহি কৰিবলৈ সক্ষম হ’ব, যি স্বাস্থ্য খণ্ডৰ বাবে এক অতি যোগাত্মক দিশ।