গুৱাহাটী
নেপালৰ প্ৰাকৃতিক দুৰ্যোগৰ পিছত এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত সংঘটিত হৈছে এক ভয়ংকৰ পৰিঘটনা। ভূটানৰ অতি উচ্চতাত অৱস্থিত ছিন্টাফু হ্ৰদত এক প্ৰচণ্ড হিমবাহ হ্ৰদ বিস্ফোৰণ হোৱা পৰিলক্ষিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত এই অঘটনটো সংঘটিত হয়। নিশাৰ অন্ধকাৰ ফালি হ্ৰদটোৰ পৰা তীব্ৰ বেগেৰে নামি অহা জলৰাশিয়ে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত এক হাহাকাৰ আৰু ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰাণৰ মমতাত গভীৰভাৱে শংকিত হৈ পৰিছে নৈপৰীয়া আৰু দাঁতিকাষৰীয়া অঞ্চলৰ নিবাসীসকল।
পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে চাইৰেন বজাই স্থানীয় ৰাইজক সতৰ্ক কৰি দিছে। সম্ভাব্য বিপদৰ আশংকাত ভাৰত চৰকাৰে ততাতৈয়াকৈ পশ্চিম বংগ আৰু অসমৰ নিৰ্দিষ্ট কিছু অংশৰ বাবে বিশেষ পৰামৰ্শৱলী জাৰি কৰিছে। সমান্তৰালভাৱে ভূটান চৰকাৰেও জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত জৰুৰী সতৰ্কবাণী জাৰি কৰিছে যাতে সম্ভাব্য ক্ষয়-ক্ষতিৰ পৰা হাত সাৰিব পৰা যায়।
প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি, এই হিমবাহ বিস্ফোৰণৰ ফলত ভূটান আৰু ভাৰতৰ মাজেৰে বৈ যোৱা এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় নদী সোণকোষৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ তীব্ৰ আশংকা আছে। ভূটানত ম’ চু নদী নামেৰে পৰিচিত এই সোণকোষ নদীৰ তলৰ অৱবাহিকা অঞ্চলসমূহত ইতিমধ্যে 'হাই এলাৰ্ট' জাৰি কৰা হৈছে। ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ধুবুৰী জিলাৰ লগতে পশ্চিমবংগৰ উত্তৰ বংগৰ দাৰ্জিলিং পাহাৰ, আলিপুৰদুৱাৰ, জলপাইগুৰি আৰু কুচবিহাৰ জিলাৰ কেইবাটাও অঞ্চলত প্ৰশাসনে কঠোৰ সতৰ্কতা অৱলম্বন কৰিছে।
উল্লেখ্য যে, ভূটানত থকা ১৭ টা সম্ভাব্য বিপজ্জনক হিমবাহ হ্ৰদৰ ভিতৰত ছিন্টাফু হ্ৰদো অন্যতম হিচাপে পৰিগণিত হৈ আহিছে। ছিন্টাফু হ্ৰদৰ পৰা বৈ অহা এই বৃহৎ পৰিমাণৰ জলৰাশিয়ে সোণকোষ নদীৰ বুকু ওফন্দাই তোলাৰ লগতে, এই নদী গৈ শেষত ব্ৰহ্মপুত্ৰ নদীত মিলিত হোৱাৰ বাবে ব্ৰহ্মপুত্ৰৰ অৱবাহিকাতো ইয়াৰ প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ফলত ভূটানৰ এই প্ৰাকৃতিক দুৰ্যোগে অসম আৰু পশ্চিমবংগৰ নদীপৰীয়া অঞ্চলসমূহত কিমান দূৰ বিৰূপ প্ৰভাৱ পেলাব, তাক লৈ দুয়োখন দেশৰ প্ৰশাসন আৰু জনসাধাৰণ বৰ্তমান গভীৰ চিন্তাত পৰিছে।