৮১ বছৰীয়া অজিত ডোভালে মিজোৰাম, ছিকিম, পঞ্জাব আৰু জম্মু-কাশ্মীৰৰ দৰে স্পৰ্শকাতৰ অঞ্চলত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ লগতে ইছলামাবাদ আৰু লণ্ডনত অৱস্থিত ভাৰতীয় দূতাবাসতো কূটনৈতিক দায়িত্ব পালন কৰিছে। তেওঁ ভাৰতৰ আটাইতকৈ দীঘলীয়া সময় ধৰি দায়িত্ব পালন কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা। ভাৰত-চীন সীমা আলোচনা ক্ষেত্ৰতো তেওঁ বিশেষ প্ৰতিনিধি হিচাপে দায়িত্ব পালন কৰিছিল আৰু ডোকলাম সংকট সমাধানত তেওঁৰ কূটনৈতিক ভূমিকাক বিশেষভাৱে গুৰুত্ব দিয়া হয়।
১৯৮৩ চনত আৰম্ভ হোৱা লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰতি বছৰে ১ আগষ্টত স্বাধীনতা সংগ্ৰামী লোকমান্য বাল গংগাধৰ তিলকৰ মৃত্যু বাৰ্ষিকীত দেশৰ উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰদান কৰা হয়। এই বঁটাৰ প্ৰথম প্ৰাপক আছিল সমাজবাদী নেতা এছ এম যোশী।
বঁটা গ্ৰহণ কৰি ভাষণ প্ৰদান কৰাৰ সময়ত অজিত ডোভালে পুণেৰ সৈতে জড়িত নিজৰ শৈশৱৰ বহু স্মৃতি ভাগ-বতৰা কৰে। তেওঁ কয়, "পুণেৰ সৈতে মোৰ এটা সৰু কিন্তু গভীৰ সম্পৰ্ক আছে। প্ৰায় ৭৬ বছৰ আগতে, মোৰ দেউতা সেনাবাহিনীত কৰ্মৰত থকাৰ সময়ত মই এই চহৰলৈ আহিছিলোঁ। হয়তো এই অনুষ্ঠানত উপস্থিত বহুত কম লোকেই সেই সময়ত পুণেত আছিল।”
মই ইয়ালৈ অহাৰ সময়ত মোৰ প্ৰাথমিক শিক্ষাও ইয়াৰ পৰাই আৰম্ভ হৈছিল। প্ৰায় ডেৰ বছৰ ধৰি পুনেত আছিলো। ইয়াৰ পিছত দেউতা দিল্লীৰ সেনা মুখ্য কাৰ্যালয়লৈ বদলি হ’ল। সেই সময়ৰ বহু কথা মনত নাই যদিও আজিও দুটা স্মৃতি অতি সতেজ হৈ আছে। প্ৰথম স্মৃতিটো হ’ল প্ৰতি মঙলবাৰে মায়ে মোক চতুৰ্শ্ৰঙী মন্দিৰলৈ লৈ গৈছিল। তাত আন নৈবেদ্যৰ লগতে দেৱীক প্ৰসাদ হিচাপে এখন ডাঠ আৰু মিঠা ৰুটি আগবঢ়োৱা হৈছিল। ঘৰলৈ উভতি অহাৰ পিছত আমি বৰ ভাল পোৱা সেই প্ৰসাদবিধ খাইছিলো। মাৰ এই মন্দিৰৰ প্ৰতি গভীৰ ভক্তি আছিল।
দ্বিতীয় স্মৃতিটো তেওঁৰ বিদ্যালয়ক লৈ। তেওঁ কয়, "প্ৰতিদিনে প্ৰাৰ্থনাৰ পিছত বিদ্যালয়ত এক সমাৱেশ অনুষ্ঠিত হৈছিল, য'ত জ্যেষ্ঠ শিক্ষকসকলে নৈতিক শিক্ষা, মহান ব্যক্তিসকলৰ জীৱন আৰু শিক্ষাৰ্থীৰ দায়িত্ব আদি বিষয়ৰ ওপৰত ১০ৰ পৰা ১৫ মিনিট সময় বক্তব্য ৰাখিছিল। এদিন আমাৰ হিন্দী শিক্ষকে লোকমান্য বাল গংগাধৰ তিলকৰ জীৱন আৰু আদৰ্শৰ ওপৰত বক্তব্য ৰাখিছিল। তেতিয়াই প্ৰায় পাঁচ বছৰ বয়সত প্ৰথমবাৰৰ বাবে মই লোকমান্য তিলকৰ বিষয়ে জানিবলৈ পাইছিলোঁ। সেইদিনাৰ পৰাই তেওঁৰ জীৱন আৰু পুণেৰ সৈতে জড়িত ইতিহাসৰ প্ৰতি মোৰ আগ্ৰহ জন্মিছিল। মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে ৭৬ বছৰৰ পিছত একেই চহৰলৈ উভতি আহি তেওঁৰ স্মৃতিত প্ৰতিষ্ঠিত এই সন্মান লাভ কৰাৰ সৌভাগ্য মোৰ হ'ব। এই সন্মান মোৰ বাবে এক বিশেষ সৌভাগ্য।”
লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত অজিত ডোভাল
ইফালে, অমিত শ্বাহে পুনে ভ্ৰমণৰ সময়ত প্ৰখ্যাত মাৰাঠী কবি তথা সমাজ সংস্কাৰক লোকচাহৰ আন্না ভাউ ছঠেৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱীছ, উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দে আৰু সুনীত্ৰা পাৱাৰো উপস্থিত থাকে। সৰসবাগ অঞ্চলত অৱস্থিত আন্না ভাউ ছাঠেৰ প্ৰতিমূৰ্তিত তেওঁলোকে পুষ্প অৰ্পণ কৰে। এই উপলক্ষে স্থানীয় কেইবাগৰাকীও নেতা আৰু গণ্যমান্য ব্যক্তিও উপস্থিত থাকে। ১৯২০ চনৰ ১ আগষ্টত জন্মগ্ৰহণ কৰা আন্না ভাউ ছাঠে এগৰাকী বিশিষ্ট সমাজ সংস্কাৰক, জনকবি আৰু মহাৰাষ্ট্ৰৰ দলিত সাহিত্যৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়।
লোকমান্য তিলক কোন আছিল?
লোকমান্য বাল গংগাধৰ তিলক ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম অগ্ৰণী নেতা, সমাজ সংস্কাৰক, শিক্ষাবিদ আৰু প্ৰখৰ ৰাষ্ট্ৰীয়তাবাদী চিন্তাবিদ আছিল। ১৮৫৬ চনৰ ২৩ জুলাইত মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিত তেওঁৰ জন্ম হৈছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁ নতুন উদ্যম সঞ্চাৰ কৰিছিল আৰু দেশবাসীৰ মাজত স্বৰাজৰ চেতনা জাগ্ৰত কৰিছিল। তেওঁৰ বিখ্যাত আহ্বান হৈছে, "স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লাভ কৰিমেই"। যি আজিও ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম অনুপ্ৰেৰণাদায়ক শ্লোগান হিচাপে স্মৰণীয়। সাংবাদিক হিচাপেও তিলকৰ অৱদান অনন্য। তেওঁ ‘কেছৰী’ (মাৰাঠী) আৰু ‘মাৰাঠা’ (ইংৰাজী) নামৰ সংবাদপত্ৰৰ জৰিয়তে ব্ৰিটিছ শাসনৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু দেশবাসীৰ মাজত ৰাষ্ট্ৰীয়তাবাদৰ বাৰ্তা প্ৰচাৰ কৰিছিল।
লোকমান্য তিলক বঁটাৰ সূচনা কেতিয়া হৈছিল?
১৯৮৩ চনত পুনেস্থিত তিলক স্মাৰক ট্ৰাষ্টে এই বঁটাৰ প্ৰৱৰ্তন কৰিছিল। লোকমান্য তিলকৰ আদৰ্শক আগুৱাই নিয়া আৰু দেশ তথা সমাজলৈ অসাধাৰণ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মান জনোৱা হৈছে এই বঁটাৰ মূল উদ্দেশ্য। প্ৰতি বছৰে ১ আগষ্ট অৰ্থাৎ লোকমান্য তিলকৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত এই বঁটা প্ৰদান কৰা হয়। বঁটাৰ সৈতে মানপত্ৰ, স্মাৰক আৰু নগদ ধনৰাশিও প্ৰদান কৰা হয়।
কিহৰ ভিত্তিত এই বঁটা প্ৰদান কৰা হয়?
লোকমান্য তিলক বঁটা কোনো এটা বিশেষ ক্ষেত্ৰত সীমাবদ্ধ নহয়। দেশৰ উন্নয়ন, গণতন্ত্ৰ, সামাজিক উন্নয়ন, ৰাষ্ট্ৰীয় ঐক্য, বিজ্ঞান, শিক্ষা, অৰ্থনীতি, সংস্কৃতি, প্ৰশাসন অথবা ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক এই সন্মান প্ৰদান কৰা হয়। বঁটা নিৰ্বাচনৰ সময়ত ব্যক্তিজনৰ দীৰ্ঘম্যাদী অৱদান, জনজীৱনত তেওঁৰ ভূমিকা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থত কৰা কামক বিশেষ গুৰুত্ব দিয়া হয়।
পূৰ্বে এই বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকল
যোৱা চাৰি দশকত এই সন্মান দেশৰ বহু বিশিষ্ট ব্যক্তিয়ে লাভ কৰিছে। তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য হৈছে,
এছ এম যোশী – প্ৰথম বঁটা প্ৰাপক (১৯৮৩)
অটল বিহাৰী বাজপেয়ী – প্ৰাক্তন প্ৰধানমন্ত্ৰী
ড° মনমোহন সিং – প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু অৰ্থনীতিবিদ
নৰেন্দ্ৰ মোডী – প্ৰধানমন্ত্ৰী
ছোনিয়া গান্ধী – কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী
প্ৰণৱ মুখাৰ্জী – প্ৰাক্তন ৰাষ্ট্ৰপতি
শৰদ পাৱাৰ – জ্যেষ্ঠ ৰাজনীতিবিদ
ড° ৰঘুনাথ মাছেলকাৰ – প্ৰখ্যাত বিজ্ঞানী
ড০ বিজয় ভাটকাৰ – ছুপাৰ কম্পিউটাৰ ‘পাৰম’ৰ পিতৃ।
এন আৰ নাৰায়ণ মূৰ্তি – ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক
চাইৰাছ পুনাৱালা – উদ্যোগপতি
ড০ ই শ্ৰীধৰণ – ‘মেট্ৰ’ মেন’ নামেৰে পৰিচিত অভিযন্তা।
অজিত ডোভাল – ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (২০২৬)
ইয়াৰ উপৰিও বহু শিক্ষাবিদ, বিজ্ঞানী, উদ্যোগপতি, সমাজসেৱী আৰু ৰাজহুৱা জীৱনৰ বিশিষ্ট ব্যক্তিক এই সন্মানেৰে বিভূষিত কৰা হৈছে।
এই বঁটাৰ গুৰুত্ব
লোকমান্য তিলক বঁটা কেৱল এক সন্মানেই নহয়; ই দেশ গঢ়াত অসামান্য ভূমিকা পালন কৰা ব্যক্তিসকলৰ প্ৰতি সমাজৰ কৃতজ্ঞতাৰ প্ৰতীক। এই বঁটাই লোকমান্য তিলকৰ জীৱনৰ মূল আদৰ্শ স্বৰাজ, ৰাষ্ট্ৰীয়তাবাদ, শিক্ষা, সামাজিক সজাগতা আৰু জনঅংশগ্ৰহণ আজিও নতুন প্ৰজন্মৰ আগত স্মৰণ কৰাই দিয়ে।
প্ৰতি বছৰে এই সন্মানৰ জৰিয়তে নিজ নিজ ক্ষেত্ৰত উৎকৃষ্ট কৰ্মৰে দেশৰ সন্মান আৰু উন্নয়নক নতুন উচ্চতালৈ লৈ যোৱা ব্যক্তিসকলক স্বীকৃতি জনোৱা হয়। ভাৰতৰ অন্যতম সন্মানীয় নাগৰিক বঁটা হিচাপে পৰিগণিত লোকমান্য তিলক বঁটা ৰাষ্ট্ৰীয় স্বাৰ্থত অসাধাৰণ অৱদান আগবঢ়োৱা ব্যক্তিসকলক উৎসাহিত আৰু সন্মানিত কৰাৰ এক গৌৰৱময় পৰম্পৰা।
২০২৬ চনত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাললৈ এই বঁটা আগবঢ়োৱাটো এই কথাৰেই স্বীকৃতি যে, বিজ্ঞান, শিক্ষা, ৰাজনীতি বা সমাজসেৱাৰ দৰেই ৰাষ্ট্ৰীয় সুৰক্ষা আৰু কৌশলগত নেতৃত্বও এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়াৰ অন্যতম ভেটি।