নতুন দিল্লী
বিত্ত মন্ত্ৰণালয়ে সোমবাৰে ইউপিআই পেমেণ্ট সন্দৰ্ভত কেন্দ্ৰৰ স্থিতি স্পষ্ট কৰিছে৷ বেংক আৰু চিষ্টেম প্ৰদানকাৰীয়ে ইউপিআই লেনদেন আৰু ৰুপে ডেবিট কাৰ্ডৰ পেমেণ্টৰ ওপৰত ২০০০ টকা পৰ্যন্ত কোনো ধৰণৰ মাচুল আৰোপ কৰিব নোৱাৰিব বুলি মন্ত্ৰণালয়ে স্পষ্ট কৰি দিয়ে৷
সোমবাৰে জাৰি কৰা ভাৰতীয় ৰাজপত্ৰিত অধিসূচনাত মন্ত্ৰণালয়ে উল্লেখ কৰে যে, পেমেণ্ট এণ্ড ছেটেলমেণ্ট চিষ্টেমছ এক্ট, ২০০৭ (২০০৭ ৰ ৫১) ধাৰা ১০এৰ অধীনত কেন্দ্ৰীয় চৰকাৰে বেংক আৰু চিষ্টেম প্ৰদানকাৰীক ৰুপে ডেবিট কাৰ্ড আৰু ইউপিআই লেনদেনৰ জৰিয়তে পেমেণ্ট কৰা বা লাভ কৰা ব্যক্তিজনৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ২০০০ টকা পৰ্যন্ত কোনো ধৰণৰ মাচুল আৰোপ কৰাত বাধা আৰোপ কৰিছে৷
অধিসূচনা জাৰি হোৱাৰ কিছু সময়ৰ পাছতে এটা বিত্তীয় সংবাদ মাধ্যমে সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে, অহা সপ্তাহৰ ভিতৰত ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেশ্যনে ২০০০ টকাৰ ওপৰৰ ইউপিআই লেনদেনৰ মাচুল সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিব পাৰে৷
আগষ্ট মাহত চৰকাৰে এটা নিৰ্দিষ্ট সীমাৰ ওপৰৰ কিছুমান ইউপিআই ব্যৱসায়ী লেনদেনত নামমাত্ৰ মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (এমডিআৰ) আৰোপ কৰাৰ পথ মুকলি কৰিছিল, লগতে গ্ৰাহক আৰু ব্যক্তিৰ পৰা ব্যক্তিলৈ পেমেণ্ট বিনামূলীয়া থাকিব বুলিও আশ্বাস দিছিল৷
চৰকাৰে কয় যে, এই পৰিৱৰ্তনক ভাৰতৰ ডিজিটেল পেমেণ্ট আন্তঃগাঁথনি বহনক্ষম, প্ৰতিযোগিতামূলক আৰু দেশৰ ক্ৰমবৰ্ধমান ডিজিটেল অৰ্থনীতিক সহায় কৰিব পৰাকৈ সক্ষম কৰাৰ বাবে কৰা বৃহত্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে চাব লাগে৷
প্ৰস্তাৱিত নীতি পৰিৱৰ্তনৰ আঁৰত বাহ্যিক প্ৰভাৱ থকাৰ বাতৰিও মন্ত্ৰণালয়ে খাৰিজ কৰে আৰু এনে দাবীক ‘ভিত্তিহীন, সম্পূৰ্ণ মিছা আৰু বিভ্ৰান্তিকৰ’ বুলি অভিহিত কৰিছে৷