দুমাহৰ অন্তত আজি পুনৰ মুকলি হ’ব পুৰণি শৰাইঘাট দলং

Story by  atv | Posted by  [email protected] • 51 m ago
পুৰণি শৰাইঘাট দলং
পুৰণি শৰাইঘাট দলং
 
গুৱাহাটী
 
গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিতৌ যাতায়াত কৰা যাত্ৰীসকলৰ বাবে আহিছে এক অতি  সুখৰ খবৰ। দীৰ্ঘদিনীয়া যানজঁটৰ যন্ত্ৰণাৰ অন্তত আজিৰে পৰা পুনৰ কাৰ্যক্ষম হৈ উঠিব ঐতিহ্যমণ্ডিত পুৰণি শৰাইঘাট দলং। আজি এক আনুষ্ঠানিক কাৰ্যসূচীৰ মাজেৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধকগৰাকীয়ে মেৰামতি কৰা দলংখন ৰাইজৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিব।
 
উল্লেখ্য যে, দলংখনৰ জৰুৰী মেৰামতিৰ বাবে যোৱা ১৩ জুলাইৰ পৰা পুৰণি শৰাইঘাট দলঙেৰে সকলো ধৰণৰ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছিল। বিগত প্ৰায় দুমাহ ধৰি গুৱাহাটী-আমিনগাঁও আৰু আমিনগাঁও-গুৱাহাটী— এই দুয়োটা দিশৰ সমগ্ৰ যাতায়াত ব্যৱস্থাটো কেৱল নতুন শৰাইঘাট দলংখনৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিছিল। মাত্ৰ এখন দলঙেৰে দুয়োফালৰ বৃহৎসংখ্যক যান-বাহন চলাচল কৰিবলগীয়া হোৱাত শৰাইঘাটৰ দুয়োকাষে আৰু ইয়াৰ বিকল্প পথসমূহত এক ভয়াৱহ যানজঁটৰ সৃষ্টি হৈছিল।
 
এই দুৰ্বিষহ যানজঁটৰ ফলত মাত্ৰ কেইটামান মিনিটৰ পথ অতিক্ৰম কৰিবলৈ যাত্ৰীসকলে ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছিল, যাৰ বাবে সাধাৰণ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্দশাৰ সন্মুখীন হৈছিল।
 
অৱশেষত মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত আজি পুৰণি দলংখন মুকলি হোৱাৰ লগে লগে এই পৰিস্থিতিৰ অন্ত পৰিব। দুয়োখন দলং সমান্তৰালভাৱে চলিলে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যান-বাহনৰ চলাচল পুনৰ স্বাভাৱিক হৈ পৰিব আৰু মহানগৰীৰ প্ৰৱেশদ্বাৰত সৃষ্টি হোৱা ব্যাপক যানজঁটৰ সমস্যা বহু পৰিমাণে লাঘৱ হ’ব।