জিলা আয়ুক্তসকলক ঔপনিৱেশিক প্ৰশাসনিক মানসিকতা ত্যাগ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Story by  atv | Posted by  [email protected] • 38 m ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলক ঔপনিৱেশিক প্ৰশাসনিক মানসিকতা ত্যাগ কৰি ৰাজহুৱা সেৱাত অনুশাসন আৰু দক্ষতা আনিবলৈ নিৰ্দেশ দিছে।
 
সোমবাৰে মাজনিশাৰ পাছত অন্ত পৰা দুদিনীয়া জিলা আয়ুক্তসকলৰ সন্মিলনত পৌৰোহিত্য কৰি তেওঁ কয় যে প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা  যিহেতু দৈনন্দিন প্ৰশাসনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে, সেয়েহে বিষয়াসকলে প্ৰশাসনৰ কাম-কাজতো ব্যক্তিগত খণ্ডৰ দৰে পেছাদাৰিত্ব আনিব লাগিব।
 
এক্সত কৰা এক পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "মাজনিশাৰ কিছু সময়ৰ পাছতেই আমি যোৰহাটত অনুষ্ঠিত দুদিনীয়া জিলা আয়ুক্তসকলৰ সন্মিলনৰ সামৰণি মাৰোঁ: য'ত মন্ত্ৰী, জিলা আয়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ১৫টা বিভাগ সামৰি ২৭ ঘণ্টাতকৈও অধিক সময় ধৰি গভীৰ আলোচনা কৰা হয়।"
 
তেওঁ কয়, "মোৰ বাৰ্তা স্পষ্ট আছিল: আমাৰ জিলা আয়ুক্তসকলে ঔপনিৱেশিক প্ৰশাসনিক মানসিকতা ত্যাগ কৰিব লাগিব আৰু ৰাজহুৱা সেৱালৈ ব্যক্তিগত খণ্ডৰ দৰে অনুশাসন, দক্ষতা আৰু পেছাদাৰিত্ব আনিব লাগিব। প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা দৈনন্দিন প্ৰশাসনৰ অবিচ্ছেদ্য অংগ হৈ পৰিব লাগিব।"
 
প্ৰতিটো নিৰ্দেশ যাতে পলম নকৰাকৈ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলৰ ওচৰ পায় আৰু সেয়া যাতে কাৰ্যত ৰূপায়িত হয়, সেয়া নিশ্চিত কৰিবলৈ প্ৰতিগৰাকী জিলা আয়ুক্তক বিভাগসমূহৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।
 
শৰ্মাই কয়, "শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ অসমৰ জিলাসমূহৰ মাজত প্ৰতিযোগিতা হ'ব লাগিব। প্ৰতিগৰাকী জিলা আয়ুক্তই নিজৰ জিলাখনক দেশৰ ভিতৰতে শ্ৰেষ্ঠ কৰি তুলিবলৈ কাম কৰাটো মই আশা কৰোঁ।"
 
চৰকাৰে গ্ৰহণ কৰা সংস্কাৰমূলক পদক্ষেপসমূহৰ সৈতে দৈনন্দিন প্ৰশাসনীয় কাম-কাজসমূহেও সমানে খোজ মিলাই চলিব লাগিব বুলি তেওঁ উল্লেখ কৰে।
 
"এই আলোচনাৰ সমান্তৰালভাৱে, মই ৮৫ খনতকৈও অধিক ফাইলৰ অনুমোদন দিছোঁ আৰু বিশিষ্ট ব্যক্তিসকললৈ ৩৪ খনতকৈও অধিক টোকা আৰু পত্ৰ লিখিছোঁ," শৰ্মাই কয়।
 
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আলোচনাসমূহে তৃণমূল পৰ্যায়ত বাস্তৱিক পৰিৱৰ্তন আনিব আৰু "আমি যোৰহাটৰ পৰা এই প্ৰতিশ্ৰুতিৰেই উভতিছোঁ"।
 
এই দায়িত্বৰ ভাৰ এতিয়া প্ৰশাসনৰ ওপৰত, আৰু তেওঁলোকে সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিজৰ দায়িত্ব পালন কৰিব লাগিব বুলিও শৰ্মাই লগতে কয়।