আছহাৰ আলম / নতুন দিল্লী
আজি কাশ্মীৰৰ উপত্যকাত যি শান্তিৰ বতাহ বলি আছে, ইয়াৰ আঁৰত লুকাই আছে অসংখ্য বীৰ সন্তানৰ ত্যাগ, সাহস আৰু আত্মবলিদানৰ অম্লান ইতিহাস। সেই বীৰসকলৰ ভিতৰত এক অন্যতম নাম হৈছে লেন্স নায়ক নাজিৰ আহমদ ৱানী। দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ চেকী আছমুজি গাঁৱৰ এই সাহসী বীৰগৰাকীয়ে হৈছে জম্মু-কাশ্মীৰৰ প্ৰথমজন সৈনিক, যিগৰাকীক দেশৰ সৰ্বোচ্চ শান্তিকালীন বীৰত্ব সন্মান 'অশোক চক্ৰ' মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে।
অদম্য সাহসৰ এক অনন্য অধ্যায়
২০১৮ চনৰ ২৫ নৱেম্বৰত দক্ষিণ কাশ্মীৰৰ এখন গাঁৱত আত্মগোপন কৰি থকা ৬ জন সশস্ত্ৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই এক বিশেষ অভিযান আৰম্ভ কৰিছিল। ৬২ সংখ্যক টেৰিট'ৰিয়েল আৰ্মিৰ ইনফেণ্ট্ৰি বেটেলিয়ন (জে এণ্ড কে এল আই)ৰ সদস্য লেন্স নায়ক নাজিৰ আহমদ ৱানীক সন্ত্ৰাসবাদীসকলৰ পলায়নৰ সকলো পথ অৱৰোধ কৰাৰ দায়িত্ব দিয়া হৈছিল।
শ্ৰীনগৰত নাজিৰ আহমেদ ৱানীক বিদায় দিয়া মুহূৰ্তত
নিজৰ দলটোক কৌশলগতভাৱে মোতায়েন কৰাৰ পিছত তেওঁ সন্ত্ৰাসবাদীসকল লুকাই থকা ঘৰটোৰ অতি ওচৰত স্থান গ্ৰহণ কৰিছিল। কিছু সময়ৰ পিছতে সন্ত্ৰাসবাদীসকলে গ্ৰেনেড নিক্ষেপ আৰু অবিৰাম গুলীচালনাৰে নিৰাপত্তা বলয় ভাঙি পলাই যাবলৈ চেষ্টা কৰিছিল। কিন্তু মৃত্যুকো উপেক্ষা কৰি নাজিৰ আহমদ ৱানীয়ে নিজৰ স্থান এৰি নগৈ অটল হৈ আছিল। তীব্ৰ সংঘৰ্ষত তেওঁ এজন কুখ্যাত সন্ত্ৰাসবাদীক হত্যা কৰিছিল।
ইয়াৰ পিছতো তেওঁ অভিযান থমকাই ৰখা নাছিল। প্ৰচণ্ড গুলীচালনাৰ মাজেৰে আগবাঢ়ি তেওঁ সন্ত্ৰাসবাদী লুকাই থকা এটা কোঠালৈ গ্ৰেনেড নিক্ষেপ কৰিছিল। ঠিক সেই সময়তে এজন বিদেশী সন্ত্ৰাসবাদীয়ে খিৰিকীৰে পলাই যাবলৈ চেষ্টা কৰিছিল। নাজিৰ আহমদ ৱানীয়ে লগে লগে আগবাঢ়ি গৈ তেওঁৰ সৈতে হতাহতি সংঘৰ্ষত লিপ্ত হয়। ইতিমধ্যে তেওঁ গুৰুতৰভাৱে আহত হৈছিল, তথাপিও অদম্য সাহস আৰু অটল মনোবলেৰে সেই সন্ত্ৰাসবাদীজনকো হত্যা কৰিবলৈ সক্ষম হয়।
শ্বহীদ স্বামী নাজিৰ আহমেদ ৱানীৰ বাবে অশোক চক্ৰ গ্ৰহণ কৰি থকা মুহূৰ্তত মাহজাবিন
গুৰুতৰভাৱে আহত হোৱাৰ পিছতো তেওঁ পিছুৱাই যোৱাৰ কথা ভবা নাছিল। আহত শৰীৰেৰেই তেওঁ বাকী থকা সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল। আন এক সন্মুখীন সংঘৰ্ষত তেওঁ তৃতীয়জন সন্ত্ৰাসবাদীকো গুৰুতৰভাৱে আহত কৰিছিল। কিন্তু শত্ৰুপক্ষৰ গুলীত পুনৰ আহত হৈ অৱশেষত মাতৃভূমিৰ সেৱাত তেওঁ বীৰগতি লাভ কৰে।
এই সমগ্ৰ অভিযানত নাজিৰ আহমদ ৱানীয়ে প্ৰদৰ্শন কৰা অসীম সাহস, সামৰিক দক্ষতা আৰু কৰ্তব্যৰ প্ৰতি নিঃস্বাৰ্থ নিষ্ঠাই অভিযানটোক সফল কৰি তুলিছিল। তেওঁৰ বীৰত্বৰ ফলত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়, আন এজন গুৰুতৰভাৱে আহত হয় আৰু আহত সেনা-সতীৰ্থসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাটো সম্ভৱ হয়।
দেশৰ প্ৰতি অসাধাৰণ বীৰত্ব, অদম্য সাহস আৰু সৰ্বোচ্চ আত্মবলিদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে লেন্স নায়ক নাজিৰ আহমদ ৱানীক মৰণোত্তৰভাৱে ‘অশোক চক্ৰ’ প্ৰদান কৰে। তেওঁৰ বীৰত্ব আজিও ভাৰতীয় সেনাৰ আদৰ্শ, আত্মত্যাগ আৰু দেশপ্ৰেমৰ এক অনন্য প্ৰতীক হৈয়ে আছে।
নিজৰ গাঁৱৰ বিদ্যালয়ত এল/এন নাজিৰ আহমেদ ৱানীৰ আৱক্ষ মূৰ্তি
লেন্স নায়ক নাজিৰ আহমদ ৱানীয়ে তেওঁৰ মৃত্যুৰ পিছত পত্নী মেহজাবীন আখতাৰ আৰু তেওঁলোকৰ দুই পুত্ৰ আথাৰ আৰু শ্বাহিদক এৰি থৈ যায়।
মাত্ৰ ২৮ বছৰ বয়সতে দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গ কৰা নাজিৰ আহমদ ৱানীৰ জীৱনৰ আন এটা বিশেষ দিশ আছিল। যৌৱনকালৰ এটা সময়ত তেওঁ কিছুসময়ৰ বাবে উগ্ৰপন্থাৰ দিশে আগবাঢ়িছিল। কিন্তু তেওঁৰ জীৱনৰ সেইটো ভুল উপলব্ধি কৰি নিজৰ জীৱনৰ দিশ সম্পূৰ্ণ সলনি কৰি পেলাইছিল। কাশ্মীৰৰ অশান্ত বাস্তৱক ওচৰৰ পৰা দেখা এই যুৱকজনে অস্ত্ৰৰ পথ ত্যাগ কৰি দেশসেৱাৰ পথ বাছি লৈছিল। যি ভূমিৰ বিৰুদ্ধে কেতিয়াবা থিয় দিছিল, সেই মাতৃভূমিৰ সুৰক্ষাৰ বাবেই শেষত নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
স্বামীৰ আৱক্ষ মূৰ্তিত ফুলৰে শ্ৰদ্ধাঞ্জলি জনাই পত্নী মাহজাবিনে
দক্ষিণ কাশ্মীৰত সন্ত্ৰাসবাদৰ শীৰ্ষ সময়ত তেওঁ ১৭টা গুৰুত্বপূৰ্ণ সন্ত্ৰাসবাদ বিৰোধী অভিযানত অংশগ্ৰহণ কৰিছিল। তেওঁৰ অসামান্য কৰ্তব্যনিষ্ঠাৰ বাবে তেওঁ দুবাৰ সেনা পদক আৰু সেনাবাহিনীৰ বিশেষ প্ৰশংসাপত্ৰ লাভ কৰিছিল। আজিও তেওঁৰ জন্মভূমি চেকী আছমুজি গাঁৱে এই বীৰ সন্তানগৰাকীক গৌৰৱেৰে স্মৰণ কৰে। তেওঁৰ ত্যাগৰ সন্মান স্বৰূপে জম্মু-কাশ্মীৰ চৰকাৰে তেওঁৰ নিজ গাঁৱৰ এখন বিদ্যালয়ৰ নাম লেন্স নায়ক নাজিৰ আহমদ ৱানীৰ নামেৰে নামকৰণ কৰিছে।
নাজিৰ আহমদ ৱানীৰ জীৱন কেৱল এগৰাকী বীৰ সৈনিকৰ কাহিনী নহয়; বৰং ই হৈছে ভুল পথ এৰি সঠিক পথ বাছি লোৱা, মাতৃভূমিৰ প্ৰতি অকৃত্ৰিম ভালপোৱা আৰু দেশৰ বাবে সৰ্বোচ্চ আত্মত্যাগৰ এক চিৰন্তন অনুপ্ৰেৰণাৰ নাম।