বংগৰ ইতিহাসত মানৱতা, সমন্বয় আৰু আধ্যাত্মিকতাৰ এক অনন্য অধ্যায়ৰ ৰচনা কৰিছে গৌড়ৰ খানকাহে

Story by  atv | Posted by  Munni Begum • 8 h ago
গৌড়ৰ খানকাহ
গৌড়ৰ খানকাহ
 
শম্পী চক্ৰৱৰ্তী পুৰকায়স্থ
 
পশ্চিমবংগৰ মালদা জিলাত অৱস্থিত প্ৰাচীন নগৰ গৌড় কেৱল বংগৰ প্ৰাক্তন ৰাজধানীয়ে নহয়, ই ভাৰতীয় উপমহাদেশৰ অন্যতম গুৰুত্বপূৰ্ণ চুফী আধ্যাত্মিকতা আৰু ইছলামিক সংস্কৃতিৰ কেন্দ্ৰ হিচাপেও জনপ্ৰিয়।  
 
মধ্যযুগত গৌড় আৰু চুবুৰীয়া পাণ্ডুৱা অঞ্চলত বিকশিত হোৱা চুফী পৰম্পৰাই কেৱল বংগৰ ধৰ্মীয় ইতিহাসকেই নহয়, সমাজ, সংস্কৃতি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ ধাৰাকো গভীৰভাৱে প্ৰভাৱিত কৰিছিল। আজিও গৌড়ৰ ধ্বংসাৱশেষৰ মাজত সিঁচৰিত হৈ থকা খানকাহ, দৰগাহ আৰু প্ৰাচীন স্থাপত্যসমূহে সেই গৌৰৱোজ্জ্বল অতীতৰ নীৰৱ সাক্ষ্য বহন কৰি আছে।  
 
গৌড়ৰ বহু ঐতিহাসিক দৰগাহ
 
বংগত চুফী সাধকসকলৰ আগমন ত্ৰয়োদশ শতিকাৰ পৰাই আৰম্ভ হৈছিল। ইছলামৰ বাণী প্ৰচাৰৰ লগতে তেওঁলোকে বংগৰ বিভিন্ন স্থানত খানকাহ স্থাপন কৰি মানৱসেৱা, শিক্ষা, দৰিদ্ৰসকলক সহায় আৰু সামাজিক সম্প্ৰীতিৰ আদৰ্শ প্ৰচাৰ কৰিছিল। অতি দ্ৰুতভাৱে গৌড় আৰু পাণ্ডুৱা এই কাৰ্যকলাপৰ মুখ্য কেন্দ্ৰ হিচাপে পৰিগণিত হয়। ইতিহাসবিদসকলৰ মতে, এই অঞ্চলতেই চুফী সাধকসকলে ধৰ্মীয় শিক্ষা, আধ্যাত্মিক সাধনা আৰু মানৱকল্যাণমূলক কামক একেলগে মিলাই সমাজৰ বাবে এক নতুন আদৰ্শ গঢ়ি তুলিছিল।  
 
গৌড়ৰ চুফী পৰম্পৰাৰ আৰম্ভণিতে সৰ্বপ্ৰথম স্মৰণ কৰা হয় শ্বেখ জালালউদ্দীন তাব্ৰিজীৰ নাম। ইৰানৰ তাব্ৰিজৰ পৰা অহা এই চুফী সাধকগৰাকী ত্ৰয়োদশ শতিকাত বংগত উপস্থিত হৈ পাণ্ডুৱাত নিজৰ খানকাহ স্থাপন কৰিছিল। ধৰ্মীয় শিক্ষাৰ লগতে তেওঁ দৰিদ্ৰ লোকৰ বাবে আশ্ৰয়, বিনামূলীয়া আহাৰৰ ব্যৱস্থা আৰু বিভিন্ন মানৱীয় কল্যাণমূলক কাৰ্যসূচী আৰম্ভ কৰিছিল। তেওঁৰ প্ৰতিষ্ঠিত বড়ো দৰগাহ আজিও পূব ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ চুফী তীৰ্থস্থান হিচাপে পৰিচিত।   
 
পৰৱৰ্তী সময়ত আখী চিৰাজুদ্দীন উছমানে গৌড়ত চিষ্টীয়া শৃংখলাৰ বিকাশত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ দিল্লীৰ প্ৰখ্যাত চুফী সাধক নিজামউদ্দীন আউলিয়াৰ শিষ্য আছিল। বংগলৈ উভতি আহি তেওঁ গৌড় আৰু পাণ্ডুৱাত চুফীবাদৰ আদৰ্শ প্ৰচাৰ কৰে আৰু চিষ্টীয়া শৃংখলাৰ ভেটি অধিক সুদৃঢ় কৰি তোলে। গৌড়ৰ সাগৰদীঘিৰ ওচৰত অৱস্থিত তেওঁৰ মাজাৰ আজিও অগণন ভক্তৰ আকৰ্ষণৰ কেন্দ্ৰ। স্থানীয় লোকসকলে তেওঁক শ্ৰদ্ধাৰে ‘পীৰাণ-ই-পীৰ’ বা ‘পুৰণ পীৰ’ নামেৰে সম্বোধন কৰে। প্ৰতিবছৰে তেওঁৰ উৰুছ উপলক্ষে অসংখ্য ভক্ত ইয়াত সমবেত হয়। 
 
গৌড়ৰ বহু ঐতিহাসিক দৰগাহ
 
আখী চিৰাজউদ্দীনৰ অন্যতম বিশিষ্ট শিষ্য আছিল মাখদুম শ্বেখ আলাউল হক। তেওঁ পাণ্ডুৱাত খানকাহ স্থাপন কৰি শিক্ষা, সমাজ সংস্কাৰ আৰু মানৱসেৱামূলক কাৰ্যসূচীক অধিক সংগঠিত ৰূপ দিয়ে। তেওঁৰ পুত্ৰ নূৰ কুতুবুল আলমে এই পৰম্পৰাক আৰু অধিক বিস্তৃত কৰি তোলে। মধ্যযুগীয় বংগৰ চুলতানসকলেও তেওঁলোকক গভীৰ সন্মান কৰিছিল আৰু বিভিন্ন সামাজিক আৰু ধৰ্মীয় বিষয়ত তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। 
 
গৌড়ৰ খানকাহসমূহৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য আছিল মানৱসেৱাৰ প্ৰতি ইয়াৰ অকৃত্ৰিম অংগীকাৰ। এই প্ৰতিষ্ঠানসমূহত ধৰ্ম, জাতি বা বংশ-পৰিচয়তকৈ মানৱতাকেই সৰ্বোচ্চ পৰিচয় হিচাপে গণ্য কৰা হৈছিল। ভ্ৰমণকাৰীক আশ্ৰয় দিয়া, ক্ষুধাৰ্তক আহাৰ যোগান ধৰা, দৰিদ্ৰক সহায় কৰা আৰু নৈতিক শিক্ষাৰ প্ৰসাৰ আদিবোৰেই আছিল খানকাহসমূহৰ মূল ভিত্তি। চুফী সাধকসকলৰ দৃষ্টিত ধৰ্মীয় উপাসনাৰ দৰেই মানৱকল্যাণো আছিল উপাসনাৰ এক মহান ৰূপ। এই মানৱতাবাদী দৃষ্টিভংগীৰ বাবেই তেওঁলোকে বংগৰ সাধাৰণ মানুহৰ মাজত গভীৰ জনপ্ৰিয়তা লাভ কৰিছিল।
 
গৌড়ৰ চুফী ঐতিহ্যক কেন্দ্ৰ কৰি বহু লোকবিশ্বাস আৰু জনশ্ৰুতি আজিও প্ৰচলিত। স্থানীয় লোকসকলৰ বিশ্বাস অনুসৰি বহু মানুহে বিভিন্ন দৰগাহত গৈ মান্নত কৰে আৰু মনোবাঞ্ছা পূৰণ হ'লে পুনৰ আহি কৃতজ্ঞতা জ্ঞাপন কৰে। যদিও এই ধৰণৰ সকলো বিশ্বাস ইতিহাসসন্মত প্ৰমাণেৰে প্ৰতিষ্ঠিত নহয়, তথাপিও ই বংগৰ লোকসংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে বিবেচিত।  
 
গৌড়ৰ বহু ঐতিহাসিক দৰগাহ
 
বৰ্তমান গৌড়ৰ বহু ঐতিহাসিক দৰগাহ আৰু খানকাহে বিশেষ প্ৰত্নতাত্ত্বিক গুৰুত্ব বহন কৰি আহিছে। আখী চিৰাজউদ্দীনৰ দৰগাহ, শ্বাহ জালালউদ্দীন তাব্ৰিজীৰ বড়ো দৰগাহ, একলাখী সমাধি, আদিনা মছজিদ আৰু অন্যান্য মধ্যযুগীয় স্থাপত্যসমূহ একে ঐতিহাসিক পৰিসৰৰ অংশ। এই অঞ্চল আজিও দেশ-বিদেশৰ গৱেষক, ইতিহাসবিদ আৰু পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে। 
 
অৱশ্যে ইতিহাসবিদসকলৰ মতে, গৌড়ৰ চুফী ঐতিহ্যৰ সৈতে জড়িত বহু মূল্যৱান নথি-পত্ৰ, পাণ্ডুলিপি আৰু মৌখিক পৰম্পৰা এতিয়াও যথাযথভাৱে সংৰক্ষণ কৰা হোৱা নাই। আধুনিক গৱেষণা, ডিজিটেল নথিভুক্তকৰণ আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন আছে। কিয়নো গৌড়ৰ চুফী ঐতিহ্য কেৱল ধৰ্মীয় ইতিহাসৰ অংশই নহয়; ই বংগৰ বহুত্ববাদ, মানৱতা আৰু সামাজিক সম্প্ৰীতিৰ এক অমূল্য ঐতিহাসিক দলিল।  
 
আজিও গৌড়ৰ নীৰৱ ধ্বংসাৱশেষ যেন এক গভীৰ সত্য বিয়পাই আহিছে যে, ৰাজপ্ৰাসাদ ভাঙি যাব পাৰে, সাম্ৰাজ্য পতন হ'ব পাৰে, কিন্তু চুফী সাধকসকলে এৰি যোৱা প্ৰেম, মানৱসেৱা আৰু সম্প্ৰীতিৰ বাণী কেতিয়াও বিলীন হৈ নাযায়। সেইবাবেই গৌড় আজিও বংগৰ ইতিহাসত আধ্যাত্মিক পোহৰৰ এক অনন্য পথপ্ৰদৰ্শক হিচাপে থৈ হৈ আছে।


শেহতীয়া খবৰ